১. তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা।
(i) হিমালয় পার্বত্য অঞ্চলৰ কোন অংশত আমি কাৰেৱা গঠন হোৱা দেখা পাঁও?
(ক) উত্তৰ-পুৱ হিমালয়
(খ) হিমাচল-উত্তৰাঞ্চল হিমালয়
(গ) পূৱ হিমালয়
(ঘ) কাশ্মীৰ হিমালয়।
উত্তৰঃ (ঘ) কাশ্মীৰ হিমালয়।
(ii) লোকটক হ্রদ কোনখন প্রদেশত অবস্থিত?
(ক) কেৰেলা
(খ) উত্তৰাঞ্চল
(গ) মণিপুৰ
(ঘ) ৰাজস্থান
উত্তৰঃ (গ) মণিপুৰ
(iii) তলত দিয়া কোনটো জলভাগে আন্দামানক নিকোবৰ দ্বীপৰ পৰা পৃথক কৰিছে?
(ক) ১১° ডিগ্রী প্রণালী
(গ) ১0° ডিগ্রী প্রণালী
(খ) মান্নাৰ উপসাগৰ
(ঘ) আন্দামান সাগৰ
উত্তৰঃ (গ) ১0° ডিগ্রী প্রণালী
(i) ডোডাবেট্টা শৃংগ কোনখন পর্বতত অৱস্থিত?
(ক) নীলগিৰি।
(খ) আনাইমালাই।
(গ) কার্ডামম পাহাৰ।
(ঘ) নাল্লামালা পাহাৰ।
উত্তৰঃ (ক) নীলগিৰি।
২. তলত দিয়া প্রশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।
(i) যদি এজন মানুহে লাক্ষাদ্বীপলৈ যাত্রা কবে তেন্তে, তেওঁ কোনটো উপকূলব পৰা যাত্ৰা কৰিব আৰু কিয়?
উত্তৰঃ এজন মানুহে লাক্ষাদ্বীপলৈ যাত্ৰা কৰিবলৈ পশ্চিম উপকূলৰ পৰা যাব। কিয়নো লাক্ষাদ্বীপ আৰব সাগৰত অৱস্থিত আৰু ই ভাৰতবৰ্ষৰ পশ্চিম উপকূলৰ ওচৰত অৱস্থিত।
(ii) ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায়? এই অঞ্চলত অৱস্থিত কেইশাৰীমান পৰ্বতৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত বৃহৎ হিমালয়ৰ লাডাখ অঞ্চলত শীতল মৰুভূমি পোৱা যায়। এই অঞ্চলত অৱস্থিত কেইশাৰী মান পৰ্বতৰ নাম হ’ল-
(ক) কাৰাকোৰম।
(খ) লাডাখ।
(গ) জাস্কৰ।
(ঘ) পিৰপাঞ্জল।
(iii) ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদীবোৰৰ মোহনাত ব-দ্বীপ দেখা নাযায় কিয়?
উত্তৰঃ ভাৰতৰ পশ্চিম উপকূল অঞ্চলতো বৰ ঠেক আৰু থিয় গৰা যুক্ত। তাৰোপৰি পশ্চিম উপকূলত অৱস্থিত নদীসমূহৰ প্লাৱনভূমি অতি সৰু। অৱবাহিকাবোৰ কঠিন পুৰণি শিলেৰে গঠিত হোৱাৰ বাবে আৱৰ্জনাৰ পৰিমাণ বৰ কম। এনেধৰণৰ কাৰণৰ বাবেই নদীবোৰৰ মোহনাত ব-দ্বীপ সহজে সৃষ্টি নহয় আৰু সহজে দেখা নাযায়।
৩. তলত দিয়া প্রশ্নবোৰৰ ১২৫ টা মান শব্দত উত্তৰ দিয়া-
(i) আৰৱ সাগৰ আৰু বংগ উপসাগৰত থকা দ্বীপবোৰৰ তুলনা কৰা।
উত্তৰঃ আৰৱ সাগৰৰ দ্বীপবোৰ-
(ক) আৰৱ সাগৰ স্থিত দ্বীপপুঞ্জৰ ভিতৰত লাক্ষাদ্বীপ আৰু মিনিকয় প্রধান।
(খ) এই দ্বীপবোৰ ৮° – ১২° উত্তৰ অক্ষাংশ আৰু ৭১° – ৭৪° পূৱ দ্ৰাঘিমাৰ মাজত সিঁচৰতি হৈ আছে।
(গ) দ্বীপসমূহ কেৰেলা উপকূলৰ পৰা ২৮০ – ৪৮০ কি. মি. দুৰত্বত অৱস্থিত।
(ঘ) ইয়াত প্রায় ৩৬ টা দ্বীপ আছে আৰু ইয়াৰ ১১ টা জনবসতিপূর্ণ।
(ঙ) আৰৱ সাগৰত স্থিত দ্বীপপুঞ্জৰ ভিতৰত মিনিকয় আটাইতকৈ ডাঙৰ দ্বীপ আৰু ইয়াৰ আয়তন ৪৫৩ বর্গ কি. মি.।
(চ) এঘাৰ ডিগ্ৰী প্ৰণালীয়ে আৰৱ সাগৰৰ দ্বীপমালাক আমিনি দ্বীপ আৰু কানান্ন’ৰ দ্বীপত বিভক্ত কৰিছে।
বংগ উপসাগৰৰ দ্বীপবোৰ-
(ক) বংগ উপসাগৰত প্ৰায় ৫৭২ টা দ্বীপ আছে।
(খ) এইবোৰ ৬° উত্তৰ আৰু ১৪° উত্তৰ অক্ষৰেখা আৰু ৯২° পূৱ – ৯৪° পূৱ দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত।
(গ) বংগ উপসাগৰৰ দ্বীপমালাক উত্তৰৰ আন্দামান আৰু দক্ষিণৰ নিকোবৰ দ্বীপপুঞ্জ দুটা প্রধান ভাগত বিভক্ত কৰিছে।
(ঘ) এই দুয়োটা দ্বীপপুঞ্জক ‘দহ ডিগ্রী প্ৰণালীয়ে পৃথক কৰিছে।
(ঙ) নিমজ্জিত পৰ্বত উত্থিত হৈ এই দ্বীপমালাৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে।
(ii) নদী উপত্যকাবোৰত সততে দেখা পোৱা ভূ-আকৃতিক অৱয়ববোৰ কি কি?
উত্তৰঃ নদী উপত্যকাবোৰত নদীৰ খনন, বহন আৰু সঞ্চয় কাৰ্যৰ ফলত বিভিন্ন ধৰণৰ ভূ-আকৃতিক অৱয়বৰ সৃষ্টি হয়। নদী উপত্যকা নিজেই নদীৰ প্ৰৱাহিত পানীৰ খনন কাৰ্যৰ ফলত গঠিত হয়। পৰ্বতৰ নামনি অংশত নদীয়ে পলস জমা কৰি ভাৱৰ গঠন কৰে। ভাৱৰৰ পিছফালে পানী জমা হৈ টাৰাই অঞ্চল সৃষ্টি হয়। নদীৰ মধ্য আৰু নিম্ন প্ৰৱাহত পলস সঞ্চয় হোৱাৰ ফলত বলুকাৰোধিকা গঠিত হয়। নদীয়ে কোমল শিলা খনন কৰি কঠিন শিলাৰ বাবে বাধা পালে সৰ্পিল আকাৰে গতি কৰে, যাক বিসৰ্প বোলে। বিসৰ্প অধিক হ’লে নদীয়ে পুৰণি পথ ত্যাগ কৰি নতুন পথ লয় আৰু তাৰ ফলত অশ্বখুৰাকৃতিৰ হ্ৰদ সৃষ্টি হয়। এই সকলোবোৰ অৱয়ব নদী উপত্যকাৰ বৈশিষ্ট্য প্ৰকাশ কৰে।
(iii) যদি তুমি বাংলাদেশৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰবনলৈ যোৱা তেন্তে কোনবোৰ ভূ-আকৃতিক অবয়ব দেখা পাবা লিখা।
উত্তৰঃ বাংলাদেশৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰবনলৈ গৈ থাকিলে নদীৰ নিম্ন প্ৰৱাহৰ বিভিন্ন ভূ-আকৃতিক অৱয়ব দেখা পোৱা যায়। এই অঞ্চলত নদীৰ গতি ধীৰ হোৱাৰ বাবে পলস সঞ্চয় অধিক হয়। ফলস্বৰূপে বিস্তৃত বন্যা সমভূমি, নদীৰ বিসৰ্প আৰু বলুকাৰোধিকা দেখা যায়। নদীৰ সোঁত সলনি হোৱাৰ ফলত কিছুমান ঠাইত অশ্বখুৰাকৃতিৰ হ্ৰদো গঠিত হয়। সুন্দৰবন অঞ্চলত গঙ্গা নদীৰ উপনদীসমূহ মিলি বিস্তৃত বদ্বীপ অঞ্চল সৃষ্টি কৰিছে। ইয়াত অসংখ্য শাখা নদী, জোৱাৰ-ভাটাৰ প্ৰভাৱিত খাঁড়ি, জলাহ-পিতনি আৰু কাঁদলীয়া ভূমি দেখা যায়। পলসে গঠিত এই বদ্বীপ অঞ্চলতেই মেঙ্ৰোভ অৰণ্য বিস্তৃত হৈ আছে, যি এই অঞ্চলৰ বিশেষ ভূ-আকৃতিক বৈশিষ্ট্য।