পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
১। বিবিধ পচন্দৰ প্ৰশ্নাৱালী
(i) তলত দিয়াবোৰৰ কোনটো পৃথিৱীৰ সঠিক বয়স ?
(ক) ৪.৬ নিযুত বছৰ।
(খ) ১৩.৭ বিলিয়ন বছৰ।
(গ) ৪.৬ বিলিয়ন বছৰ।
(ঘ) ১৩.৭ ট্ৰাইলি।
উত্তৰঃ (ক) ৪.৬ নিযুত বছৰ।
(ii) তলত দিয়াকেইটাৰ কোনটো আটাইতকৈ য়ন বছৰ দীঘল সময়ৰ ?
(ক) ইয়নচ (Eons)
(খ) পেৰিয়দ (period)
(গ) ইৰা (Era)
(ঘ) এপোক (Epoch)
উত্তৰঃ (ক) ইয়নচ (Eons)।
(iii) তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডল গঠন বা সলনি হোৱাৰ লগত জড়িত নহয় ?
(ক) সৌৰ বতাহ।
(খ) পাৰ্থক্য বা পৃথকিকৰণ।
(গ) গেছহীন কৰা (Degassing)।
(ঘ) আলোক-সংশ্লেষণ।
উত্তৰঃ (খ) পাৰ্থক্য বা পৃথকিকৰণ।
(iv) তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা (inner) গ্ৰহ ?
(ক) সূৰ্য আৰু পৃথিৱীৰ মাজত থকা গ্ৰহবোৰ।
(খ) সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ।
(গ) গেছীয় অৱস্থাত থকা গ্ৰহবোৰ।
(ঘ) উপগ্ৰহ নথকা গ্ৰহবোৰ।
উত্তৰঃ (খ) সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ।
(v) আজিৰ পৰা কিমান বছৰ আগেয়ে পৃথিৱীত জীৱনৰ আৱিৰ্ভাৱ হৈাছিল ?
(ক) ১৩.৭ বিলিয়ন।
(খ) ৩.৮ নিযুত।
(গ) ৪.৬ বিলিয়ন।
(ঘ) ৩.৮ বিলিয়ন।
উত্তৰঃ (ঘ) ৩.৮ বিলিয়ন।
২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) পাৰ্থিৱ গ্ৰহবোৰ শিলাময় কিয় ?
উত্তৰঃ সৌৰজগতৰ ৪ টা গ্ৰহৰ ভিতৰত বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহক পাৰ্থিৱ গ্ৰহ বুলি জনা যায়। ইহঁতৰ গঠন পৃথিৱীৰ গঠনৰ লগত মিল দেখা যায় বাবে ইহঁতক পাৰ্থিৱ গ্ৰহ বুলি কোৱা হয়। আমি জানো যে আমাৰ পৃথিৱীখন শীল আৰু ধাতৱ পদাৰ্থৰে গঠিত আৰু বিভিন্ন পৰীক্ষাৰ পোৱা গম পোৱা গৈছে যে বাকি তিনিটা গ্ৰহৰ গঠলত শিল আৰু ধাতৱ পদাৰ্থ পোৱা যায়। এই গ্ৰহ কেইটা যিহেতু সূৰ্যৰ ওপৰত অৱস্থিত, সেয়ে অধিক উত্তাপ পায় যাৰ ফলত গেছবোৰ গোট মাৰিব নোৱাৰে। সৌৰবতাহৰ প্ৰবলতাও এই গ্ৰহ কেইটাত অধিক পৰিমাণৰ বাবে ইহঁতৰ পৃষ্টভাগৰ পৰা বহু পৰিমাণৰ গেছ আৰু ধূলি উৰুৱাই নিয়াৰ ফলত পৃষ্ঠ ভাগ উদং হৈ শিলাময় ৰূপ ওলাই পৰে বাবে আমি এই গ্ৰহ চাৰিটাক শিলাময় বুলি কোৱা হয়।
(ii) পৃথিৱী উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটাৰ মাজত পাৰ্থক্য কি ?
(ক) কেন্ট আৰু লেপলাচ (Kant and Laplace)
উত্তৰঃ পৃথিৱীৰ উৎপত্তি সম্পৰ্কে কেন্ট–লেপলাচৰ মতবাদ আৰু চেম্বাৰলেইন–মলটনৰ মতবাদৰ মাজত মূল পাৰ্থক্য দেখা যায়। দুয়োটা মতবাদেই গ্ৰহমণ্ডলীৰ উৎপত্তিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় যদিও সিহঁতৰ ধাৰণা আৰু প্ৰক্ৰিয়া বেলেগ।
ইমানুৱেল কেন্টে পৃথিৱীৰ উৎপত্তি সম্পৰ্কে যি ধাৰণা আগবঢ়াইছিল, তাক ১৭৯৭ চনত লেপলাচে সংশোধন কৰি “নীহাৰিকা মতবাদ” নামেৰে প্ৰচলিত কৰে। এই মতবাদ অনুসাৰে আদিতে বিশ্বব্ৰহ্মাণ্ডত এক বিশাল গেছ আৰু ধূলিকণাৰ মেঘ আছিল। এই নীহাৰিকাৰ কেন্দ্ৰত সূৰ্য গঠন হয় আৰু বাহিৰৰ অংশবোৰ ঘূৰ্ণনৰ ফলত সংকুচিত হৈ গ্ৰহসমূহৰ সৃষ্টি হয়।
আনহাতে চেম্বাৰলেইন আৰু মলটনৰ মতে সূৰ্যৰ ওচৰলৈ এটা বৃহৎ ভ্ৰমণৰত নক্ষত্ৰ আহিছিল। সেই নক্ষত্ৰটোৰ আকৰ্ষণত সূৰ্যৰ পৰা এটা দীঘল ফিলামেণ্ট বাহিৰ হৈ আহে। পিছত এই অংশবোৰ ঠাণ্ডা হৈ সূৰ্যৰ চাৰিওফালে ঘূৰি গ্ৰহৰ ৰূপ লয়। এইদৰে দুয়ো মতবাদৰ ব্যাখ্যাত মৌলিক পাৰ্থক্য দেখা যায়।
(iii) পৃথকীকৰণ পদ্ধতি (process of differentiation) মানে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উৎপত্তিৰ সময়ত ই অতি উত্তপ্ত অৱস্থাত আছিল। সময় আগবঢ়াৰ লগে লগে পৃথিৱী শীতল হ’ব ধৰাত বিভিন্ন পদাৰ্থৰ ঘনত্বৰ ভিত্তিত সিহঁতে বেলেগ বেলেগ স্তৰত অৱস্থান লয়। অধিক ঘনত্বৰ পদাৰ্থ ভিতৰলৈ গতি কৰে আৰু কম ঘনত্বৰ পদাৰ্থ বাহিৰফালে থাকে। এইদৰে ঘনত্ব অনুসাৰে পদাৰ্থসমূহৰ স্তৰবিন্যাস হোৱাকেই পৃথকীকৰণ পদ্ধতি (process of differentiation) বুলি কোৱা হয়।
(iv) আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃতি কেনেকুৱা আছিল ?
উত্তৰঃ আমাৰ পৃথিৱী গ্ৰহটো আৰম্ভণিতে খালী আৰু উদং, শিলাময় আৰু অত্যন্ত উতপ্ত গ্ৰহ আছিল। ইয়াৰ এখন হিলিময় আৰু আৰু হাইড্ৰজেন গেছৰ পাতল আৱৰণ আছিল। আজিৰ পৃথিৱীখনৰ লগত একেবাৰে অমিল।
(v) পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল ?
উত্তৰঃ পৃথিৱীৰ প্ৰাৰম্ভিক অৱস্থাত বায়ুমণ্ডল অতি পাতল আছিল। সূৰ্যৰ পৰা উৎপত্তি হোৱাৰ বাবে আৰম্ভণিতে পৃথিৱীৰ বায়ুমণ্ডলত মূলতঃ হাইড্ৰজেন আৰু হিলিয়াম গেছ উপস্থিত আছিল। এই গেছসমূহ অতি লঘু হোৱাৰ বাবে সৌৰ বতাহৰ প্ৰভাৱত ধীৰে ধীৰে উৰুৱাই নিয়া হৈছিল। বিভিন্ন বৈজ্ঞানিক অধ্যয়নৰ পৰা জানিব পৰা যায় যে বায়ুমণ্ডলে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি বৰ্তমান অৱস্থাত উপনীত হৈছে।
৩। ১৫০টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) ‘বিগ বেং মতবাদ’টো বহলাই লিখা ।
(ii) পৃথিৱীৰ ক্ৰমবিকাশত কি কি পৰ্যায় আছিল ? চমুকৈ প্ৰত্যেকটোৰে বৰ্ণনা দিয়া ।
উত্তৰঃ অতীতৰে পৰা বিজ্ঞানীসকলে পৃথিৱী আৰু বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে বিভিন্ন ধাৰণা আগবঢ়াই আহিছে। সময়ৰ সৈতে কিছুমান মতবাদ গুৰুত্ব লাভ কৰিছিল যদিও নতুন তথ্য আৰু গৱেষণাৰ ফলত নতুন মতবাদ উদ্ভৱ হৈ পুৰণি ধাৰণাসমূহক সলনি কৰি আহিছে।
আধুনিক যুগত বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি ব্যাখ্যা কৰা আটাইতকৈ গ্ৰহণযোগ্য আৰু জনপ্ৰিয় মতবাদটো হৈছে ‘বিগ বেং মতবাদ’। এই মতবাদটো ‘বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ’ বুলিও জনা যায়। ১৯২০ চনত প্ৰখ্যাত বিজ্ঞানী এডুইন হাবলে এই মতবাদটো আগবঢ়াইছিল।
এই মতবাদ অনুসাৰে আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ এটা অতি সৰু, অতি উত্তপ্ত আৰু অতি ঘন বলৰ ভিতৰত একেলগে সন্নিবিষ্ট আছিল। প্ৰায় ১৩.৭ বিলিয়ন বছৰৰ আগতে এই বলটোত এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত শক্তিৰ পৰা পদাৰ্থৰ সৃষ্টি হয় আৰু বিশ্বব্ৰহ্মাণ্ড দ্ৰুতগতিত বহলি যাবলৈ আৰম্ভ কৰে। প্ৰথম কেইমিনিটৰ ভিতৰতে মৌলিক কণাসমূহৰ গঠন হয়।
বিগ বেং মতবাদে এইটোও কয় যে বিশ্বব্ৰহ্মাণ্ড এতিয়াও বহলি আছে। তৰাসমূহৰ মাজৰ দূৰত্ব ক্ৰমে বৃদ্ধি পাইছে বুলি বৈজ্ঞানিক তথ্যৰ দ্বাৰা প্ৰমাণ পোৱা গৈছে। সেয়ে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি ব্যাখ্যাত বিগ বেং মতবাদ বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।