অৱবাহ তন্ত্ৰ
প্রশ্নাৱলী
১) তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা-
১) নিম্নোক্ত কোনখন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
(ক) গণ্ডক
(খ) সোণ
(গ) কুশি
(ঘ) দামোদৰ
উত্তৰঃ (ঘ) দামোদৰ
২) তলৰ কোনখন নদীৰ অৱবাহিকা (ভাৰতত) সর্ববৃহৎ?
(ক) সিন্ধু।
(খ) ব্রহ্মপুত্ৰ।
(গ) গংগা।
(ঘ) কৃষ্ণা।
উত্তৰঃ (গ) গংগা।
৩) ‘পঞ্চনাদ’ত কোনখন নদী অন্তর্ভূক্ত কৰা হৈছে?
(ক) ৰবি।
(গ) চেনাব।
(খ) সিন্ধু।
(ঘ) ঝিলাম।
উত্তৰঃ (খ) সিন্ধু।
8) তলৰ কোনখন নদী গ্রস্ত উপত্যকাইদি প্রবাহিত হৈছে?
(ক) সোণ।
(খ) নর্মদা।
(গ) যমুনা।
(ঘ) লুনী।
উত্তৰঃ (খ) নর্মদা।
৫) অলকানন্দা আৰু ভাগিৰথী নদীৰ মোহনা অঞ্চল কোনটো?
(ক) বিষ্ণু প্রয়াগ।
(গ) কৰণ প্রয়াগ।
(খ) ৰুদ্র প্রয়াগ।
(ঘ) দেৱ প্রয়াগ।
উত্তৰঃ (ঘ) দেৱ প্রয়াগ।
২। নিম্নোক্ত বিলাকৰ মাজৰ প্ৰাৰ্থক্য বিচাৰ কৰা।
(ক) নদী অৱবাহিকা আৰু জলচ্ছেদ।
নদী অৱবাহিকা —
(ক) এখন নদী আৰু ইয়াৰ সকলো উপনৈয়ে যি সুনিৰ্দিষ্ট অঞ্চলৰ পৰা পানী সংগ্ৰহ কৰি বহন কৰে, সেই অঞ্চলটোক নদী অৱবাহিকা বুলি কোৱা হয়।
(খ) সাধাৰণতে বৃহৎ নদীৰ পানী সংগ্ৰহ কৰা বিস্তৃত অঞ্চলক নদী অৱবাহিকা বোলা হয়।
(গ) নদী অৱবাহিকাই সাধাৰণতে বৃহৎ ভৌগোলিক অঞ্চল সামৰি লয়।
জলচ্ছেদ —
(ক) যি প্ৰাকৃতিক সীমাৰেখাই এটা নদী অৱবাহিকাক আন এটা নদী অৱবাহিকাৰ পৰা পৃথক কৰে, তাক জলচ্ছেদ বুলি কোৱা হয়।
(খ) সাধাৰণতে সৰু নৈ, জান-জুৰিৰ পানী সংগ্ৰহ কৰা অঞ্চলৰ সীমাক জলচ্ছেদ বোলা হয়।
(গ) জলচ্ছেদে সাধাৰণতে সৰু আৰু সীমিত অঞ্চল সামৰি লয়।
(খ) বৃক্ষৰূপী আৰু জালৰূপী অৱবাহ তন্ত্র।
উত্তৰঃ বৃক্ষৰূপী অৱবাহ তন্ত্ৰ —
(ক) এই ধৰণৰ অৱবাহ তন্ত্ৰৰ আকৃতি দেখাত গছ বা বৃক্ষৰ ডাল-পাতৰ দৰে হোৱা বাবে ইয়াক বৃক্ষৰূপী অৱবাহ তন্ত্ৰ বুলি কোৱা হয়।
(খ) ইয়াত প্ৰধান নদীৰ লগত উপনৈবোৰ ক্ৰমে বিভিন্ন কোণত মিলিত হয়।
(গ) উত্তৰ ভাৰতৰ বিশাল সমভূমি অঞ্চলত এই ধৰণৰ অৱবাহ তন্ত্ৰ দেখা যায়।
জালৰূপী অৱবাহ তন্ত্ৰ —
(ক) এই ধৰণৰ অৱবাহ তন্ত্ৰত প্ৰাথমিক নৈবোৰ সাধাৰণতে সমান্তৰালভাৱে বৈ যায় আৰু গৌণ নৈবোৰ প্ৰাথমিক নৈবোৰৰ লগত প্ৰায় সমকোণত মিলিত হয়।
(খ) ইয়াৰ আকৃতি দেখাত জাল বা গ্ৰীডৰ দৰে হয়।
(গ) এই ধৰণৰ অৱবাহ তন্ত্ৰ সাধাৰণতে হিমালয় পাৰ্বত্য অঞ্চলত দেখা পোৱা যায়।
(গ) বহিঃপ্রবাহী (Raial) আৰু অভিকেন্দ্রিক (Centripetal) অৱবাহ তন্ত্র।
উত্তৰঃ বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰ-
(ক) কোনো এক উচ্চ পৰ্বত বা মালভূমিৰ পৰা যেতিয়া বহু নৈ উৎপত্তি হয় চাৰিওফালে বৈ যায়। এনেধৰণৰ অৱবাহ তন্ত্ৰক বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰ বোলে।
(খ) বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰৰ এটা উদাহৰণ হ’ল- সোণ নদী।
অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ-
(ক) কোনো এক নিম্ন ভূমিলৈ যেতিয়া তাৰ চাৰিওকাষৰ পৰা বৈ আহে তাক অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ বুলি কোৱা হয়।
(খ) এই অৱবাহ তন্ত্ৰৰ এটা উদাহৰণ হ’ল – ৰাজস্থান ৰাজ্যত থকা সম্বৰ হ্ৰদ।
(ঘ) ব-দ্বীপ আৰু মোহনা।
উত্তৰঃ ব-দ্বীপ —
(ক) নদীয়ে সাগৰত পৰাৰ সময়ত বহন কৰি অনা পলি, বালি আদি জমা হৈ ত্ৰিভুজাকৃতি ভূমিখণ্ড গঠিত হলে তাক ব-দ্বীপ বুলি কোৱা হয়।
(খ) ব-দ্বীপ অঞ্চলত নদী বহুতো সৰু সৰু শাখালৈ বিভক্ত হয়।
(গ) গঙ্গা–ব্ৰহ্মপুত্ৰ নদীৰ ব-দ্বীপ বিশ্বৰ ভিতৰত বৃহত্তম ব-দ্বীপ।
মোহনা —
(ক) নদীয়ে সাগৰত পৰাৰ মুখত জোৱাৰ-ভাটাৰ প্ৰভাৱত পলি জমা নহৈ নদীমুখ বহল হলে তাক মোহনা বুলি কোৱা হয়।
(খ) মোহনাত নদী শাখালৈ বিভক্ত নহয়।
(গ) নৰ্মদা আৰু তাপ্তী নদীৰ মোহনা দেখা যায়।
৩। তলৰ প্ৰশ্নবোৰৰ উত্তৰ (প্রায় ৩০ টা শব্দৰ ভিতৰত) দিয়া।
(ক) ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধাবিলাক কি কি?
উত্তৰঃ ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধাবিলাক হ’ল —
(১) কোনো কোনো নদীত ৰাহি হোৱা পানী অভাৱগ্ৰস্ত অঞ্চললৈ স্থানান্তৰ কৰি পানীৰ সংকট দূৰ কৰিব পাৰি।
(২) জলসিঞ্চনৰ সুবিধা বৃদ্ধি হোৱাৰ ফলত কৃষি উৎপাদন বৃদ্ধি পায় আৰু কৃষকৰ আয় বৃদ্ধি পায়।
(৩) জলবিদ্যুৎ উৎপাদনৰ জৰিয়তে দেশৰ বিদ্যুৎ সংকট হ্ৰাস পায়।
(৪) বান আৰু খৰাং সমস্যাৰ প্ৰভাৱ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।
(৫) পৰিবহণ, উদ্যোগ আৰু নিয়োগৰ সুযোগ বৃদ্ধি হোৱাৰ ফলত সামাজিক আৰু আৰ্থিক উন্নয়ন ঘটে।
(খ) দাক্ষিণাত্য মালভূমিৰ তিনিটা বৈশিষ্ট লিখা।
উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ তিনিটা বৈশিষ্ট হ’ল-
(১) দাক্ষিণাত্য মালভূমিৰ ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত এক পুৰণি ভূ-খণ্ড।
(২) দাক্ষিণাত্য মালভূমিৰ শিল সমূহ পুৰণি আৰু বৰ কঠিন।
(৩) দাক্ষিণাত্য মালভূমিৰ আটাইতকৈ উচ্চতম পৰ্বতটোৰ নাম আনইমুদি। দাক্ষিণাত্য মালভূমিৰ চাৰিওফালে পাহাৰ পৰ্বতে আগুৰি আছে।
8। তলৰ প্ৰশ্নবোৰ (১২৫ টা শব্দৰ ভিতৰত) দিয়া।
(ক) উত্তৰ ভাৰতৰ নদীসমূহৰ উল্লেখযোগ্য বৈশিষ্টবোৰ কি কি? এই বৈশিষ্ট্যবোৰ দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্টৰ পৰা কেনেকৈ পৃথক?
(খ) ধৰা, তুমি হিমালয়ৰ পাদদেশ (foothills) অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিগুড়িলৈ ভ্ৰমন কৰি আছা। এই ক্ষেত্রত তুমি অতিক্রম কৰা প্ৰধান নদীবিলাকৰ নাম লিখা। এই নদীবিলাকৰ যিকোনো এখনৰ বৈশিষ্ট বর্ণনা কৰা।