AHSEC Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰভাগ পাঠটোৰ উত্তৰ

পৃথিৱীৰ অন্তৰভাগ

অনুশীলন

১। বিবিধ পচন্দৰ প্ৰশ্নাৱালী (Multiple Choice)

(i) তলত দিয়া ভূমিকম্পৰ তৰংগবোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী ?

(ক) P তৰংগ

(খ) S তৰংগ

(গ) পৃষ্ঠ তৰংগ

(ঘ) এটাও নহয়

উত্তৰঃ (গ) পৃষ্ঠ তৰংগ।

(ii) তলত দিয়াবোৰৰ কোনটোৱে পৃথিৱী অন্তৰভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে ?

(ক) ভূমিকম্পৰ তৰংগবোৰ

(খ) আগ্নেয়গিৰি

(গ) মাধ্যাকৰ্ষণ

(ঘ) পৃথিৱীৰ চুম্বকত্ব

উত্তৰঃ (খ) আগ্নেয়গিৰি।

(iii) কি ধৰণৰ আগ্নেয় উদ্গীৰণৰ ফলত দাক্ষিণাত্য ট্ৰেপ গঠন হৈছে?

(ক) শ্বিল্ড (Shield)

(খ) বান (Flood)

(গ) কম্পজিত (Composite)

(ঘ) কালডেৰা (Caldera)

উত্তৰঃ (খ) বান (Flood)

(iv) তলৰ কোনটোৱে লিথোস্ফিয়েৰৰ বিষয়ে বৰ্ণনা দিয়ে ?

(ক) উচ্চ আৰু নিস্ন মেন্টল (upper and lower mantle)

(খ) খোলা আৰু উচ্চ মেন্টল (crust and upper mantle)

(গ) খোলা আৰু কেন্দ্ৰ ভাগ (crust and core)

(ঘ) মেন্টল আৰু কেন্দ্ৰ ভাগ (mantle and core)

উত্তৰঃ (খ) খোলা আৰু উচ্চ মেন্টল (crust and upper mantle)

২। ৩০ টা শব্দ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) বডি (body) ঢৌবোৰ কি ?

উত্তৰঃ যেতিয়া পৃথিৱীৰ অন্তৰ্ভাগত কোনো স্থানত ভূমিকম্পৰ উৎপত্তি হয়, সেই উৎপত্তি স্থানৰ পৰা বিভিন্ন ঢৌৰ সৃষ্টি হয়। এই ঢৌবোৰ কেন্দ্ৰৰ পৰা সকলো দিশে প্ৰসাৰিত হয়। ভূমিকম্পত হোৱা তৰংগ বা ঢৌবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়—এবিধ হৈছে প্ৰাথমিক ঢৌ বা বডি ঢৌ, আৰু আনবিধ হৈছে পৃষ্ঠ ঢৌ। বডি ঢৌবোৰ পৃথিৱীৰ ভিতৰত সকলো দিশে গতিশীল হৈ কেন্দ্ৰৰ শক্তি বহন কৰে।

(ii) পৃথিৱীৰ আন্তৰভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম লিখা ।

উত্তৰঃ পৃথিৱীৰ অন্তৰভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসসমূহ হৈছে— পৃষ্ঠশিলা, খনিৰ পৰা সংগ্ৰহ কৰা শিলাসমূহ আৰু আগ্নেয়গিৰিৰ উদগিৰণ। পৃষ্ঠশিলা অধ্যয়ন কৰি দেখা গৈছে তললৈ শিলাসমূহৰ ঘনত্ব আৰু উত্তাপ বৃদ্ধি হয়। খনিৰ গভীৰ অংশলৈ সোমাই উত্তাপৰ প্ৰাৱল্য আৰু পদাৰ্থৰ ঘনত্ব বৃদ্ধি পৰিলক্ষিত হয়। আগ্নেয়গিৰিৰ উদগিৰণৰ পৰা বেছি তথ্য সংগ্ৰহ কৰি পৃথিৱীৰ অন্তৰভাগৰ বৈশিষ্ট্য বুজা যায়।

(iii) ভূমিকম্পৰ ঢৌবোৰে আন্ধাৰ মণ্ডল (shadow zone)ৰ উৎপত্তি ঘটায় কিয় ?

উত্তৰঃ ভূমিকম্পৰ ঢৌবোৰ দূৰদূৰণিত থকা ছিছম’গ্ৰাফত যন্ত্ৰবোৰত লিখা যায়। এই যন্ত্ৰবোৰ সকলো ঠাইতে পাতল পাতলকৈ সংস্থাপিত কৰাই আছে।পৃথিৱীৰ কোনো নিৰ্দিষ্ট অঞ্চলত ভূমিকম্পৰ ঢৌবোৰ যন্ত্ৰত ধৰা নপৰে। এনেকুৱা অঞ্চলকে আন্ধাৰ মণ্ডল বোলে। অধ্যয়নৰ পৰা ইয়াকে জানিব পাৰি যে প্ৰত্যেকটো ভূমিকম্পৰ কাৰণে একোটা বেলেগ আন্ধাৰ মণ্ডল আছে। এইটো ক’ব পৰা হৈছে যে উপকেন্দ্ৰৰ পৰা ১০৫॰ দূৰত্বৰ ভিতৰত স্থাপিত ছিছম’গ্ৰাফত P আৰু S তৰংগৰ উপস্থিতি ধৰা পৰে। কিন্তু উপকেন্দ্ৰৰ পৰা ১৪৫॰ৰ বাহিৰত থকা ছিছম’গ্ৰাফে P তৰংগৰ উপস্থিতি সূচায় যদিও S তৰংগ বাদ পৰি যায়। গতিকে ১০৫॰-১৪৫॰ ৰ মাজত মণ্ডলটোক আন্ধাৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে অৰ্থাৎ এই অঞ্চলটিত P আৰু S তৰংগই আন্ধাৰ মণ্ডলৰ উৎপত্তি কৰে।

(iv) ভূমিকম্পন কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তৰভাগত বিষয়ে খবৰ পৰা পৰোক্ষ উৎসবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ ভূমিকম্প কাৰ্যবোৰক বাদ দি অন্তৰভাগৰ বিষয়ে খবৰ পাব পৰা অন্য় কিছুমান পৰোক্ষ উৎস হ’ল ভূ-গৰ্ভৰ খনন কাৰ্য অধ্যয়ন, উল্কাপিণ্ড অধ্যয়ন, মাধ্যাকৰ্ষণ বল অধ্যয়ন আৰু চুম্বকীয় পথাৰ অধ্যয়ন।

পৃথিৱীৰ ভূ-গৰ্ভৰ খনন কাৰ্য যোগেদি এইটো কথা জানিব পৰা গৈছে যে পৃথিৱীৰ অন্তৰভাগলৈ যিমানেই যোৱা যায় উত্তাপ আৰু হেঁচা সিমানেই বাঢ়ি যায়। এইটোও জানিব পৰা হৈছে যে যিমানেই গভীৰতা বাঢ়ি যায় পদাৰ্থবোৰৰ ঘনত্বও বাঢ়ি যায়। উল্কাপিণ্ডৰ পৰা পোৱা পদাৰ্থবোৰৰ গঠন পৃথিৱীৰ পদাৰ্থবোৰৰ সৈতে একে। গোটা উল্কাপিণ্ডবোৰ পৃথিৱীৰ পদাৰ্থবোৰৰ সৈতে একে ধৰণৰ পদাৰ্থৰে নিৰ্মীত। সেয়েহে উল্কাপিণ্ড অধ্যয়ণ কৰিও পৃথিৱীখনৰ অন্তৰ্ভাগৰ বিষয়ে বহুতো খবৰ আমি পৰোক্ষ ভাৱে জানিব পাৰো।

৩। ১৫০ টা শব্দ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) যিবোৰ শিলাস্তৰৰ মাধ্যমেৰে ভূমিকম্পৰ ঢৌবোৰে গতি কৰে তাত ঢৌবোৰৰ গতি প্ৰভাৱবোৰ কি আলোচনা কৰা ।

উত্তৰঃ ভূমিকম্পৰ উৎপত্তি স্থলৰ পৰা ঢৌবোৰ শিলাস্তৰৰ মাজেৰে প্ৰসাৰিত হয়। এই ঢৌবোৰৰ গতি শিলাস্তৰৰ ঘনত্ব, সংহতি আৰু প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ভূমিকম্পৰ ঢৌ সাধাৰণতে প্ৰাথমিক (P-wave বা বডি ঢৌ), দ্বিতীয় (S-wave) আৰু পৃষ্ঠ ঢৌ (Surface wave) হিচাপে বৰ্গীকৃত। P-wave শিলাস্তৰৰ ভিতৰত সৰ্বাধিক দ্রুতগতিত প্ৰসাৰিত হয় আৰু অন্তৰ্ভাগৰ তথ্য উলিয়াব পাৰে।

প্ৰাথমিক ঢৌবোৰ শিলাস্তৰত চলাৰ সময় পদাৰ্থৰ ঘনত্ব আৰু স্থিতি প্ৰভাৱিত হয়। P-wave বা S-waveৰ গতি শিলাস্তৰৰ বৈশিষ্ট্য অনুসৰি সলনি হয়। অন্তঃস্থলৰ ঘনত্ব বেছি হলে ঢৌৰ গতি বেছি হয়। শিলাস্তৰৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ঢৌৰ প্ৰভাৱ আৰু ক্ষতি পৃথক হয়।

পৃষ্ঠ ঢৌ বা Surface wave পৃষ্ঠৰ ওপৰত চলি যথেষ্ট ক্ষতি সাধন কৰে। এই ঢৌবোৰে শিলাস্তৰৰ ওপৰত দমন সৃষ্টি কৰে, ভূমি চোকা কৰে আৰু পৃষ্ঠভূমিত প্ৰচণ্ড ক্ষতি কৰে। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে এই ঢৌবোৰ ভূ-পৃষ্ঠৰ সকলো পৰিৱৰ্তনৰ কাৰক। সেয়ে পৃষ্ঠ ঢৌবোৰক আটাইতকৈ ক্ষতিকাৰক বুলি গণ্য কৰা হয়।

(ii) অন্তৰ্গত গঠন (intrusive forms) মানে কি বুজা ? বিভিন্ন প্ৰকৃতিৰ অন্তৰগঠিত শিলৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ

(iii) তৰাৰ ধূলি গোটাবলৈ বৈজ্ঞানিসকল ইমান ইচ্ছুক কিয় ?

উত্তৰঃ

(iv) ক’ৰ পৰা তৰাৰ ধূলি সংগ্ৰহ কৰা হয় ?

উত্তৰঃ

Scroll to Top