AHSEC Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ পাঠটোৰ উত্তৰ

অনুশীলন

১। বহুপচন্দৰ (muttiple) প্ৰশ্নাৱালী ।

(i) তলৰ কেইজনৰ কোনে প্ৰথমে কৈছিল যে ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা লগলাগি আছিল ।

(ক) আলফ্ৰেড্ ওৱেগনাৰ (Alfred Wegener)

(খ) এন্টানিও পেলিগ্ৰিনি (Antonio Pellegrini)

(গ) আব্ৰাহাম অৰটিলিয়াচ (Abraham Ortelius)

(ঘ) এডমণ্ড হেছ (Edmond Hess)

উত্তৰঃ (গ) আব্ৰাহাম অৰটিলিয়াচ (Abraham Ortelius)

(ii) মেৰুৰ পৰা আঁতৰি অহা শক্তি জড়িত হৈ থাকে।

(ক) পৃথিৱীৰ পৰিভ্ৰমণ গতি

(খ) মাধ্যাকৰ্ষণ বল

(গ) পৃথিৱীৰ আৱৰ্তনিক গতি

(ঘ) জোৱাৰ বল

উত্তৰঃ (গ) পৃথিৱীৰ আৱৰ্তনিক গতি

(iii) তলৰ কোনখন গৌণ বা ক্ষুদ্ৰ ফলক নহয় ?

(ক) নাজকা (Nazca)

(খ) আৰবীয় (Arabia)

(গ) ফিলিপাইন

(ঘ) এন্টাৰ্কটিকা

উত্তৰঃ (ঘ) এন্টাৰ্কটিকা

(iv) সাগৰীয়তল বহলিকৰণ তত্ত্বটো আলোচনা কৰোতে, তলৰ উল্লেখ কৰা কোনটো কথা বিবেচনা কৰা হোৱা নাই ।

(ক) মধ্য সাগৰীয় শৈলশিৰাত থকা আগ্নেয় উদ্গীৰণৰ কাৰ্যসমূহ ।

(খ) সাগৰৰ তলত পোৱা শিলবোৰত থকা সাধাৰণ আৰু ওলোটা চুম্বকীয় পথাৰ (normal and reverse magnetic)

(গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।

(ঘ) সাগৰীয় তলৰ পৰা সংগ্ৰহকৰা শিলৰ বয়স ।

উত্তৰঃ (গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।

(v) তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে ।

(ক) সাগৰীয় মহাদেশীয় ফলকৰ মিলন (Convergence)

(খ) অপসাৰিত সীমা

(গ) সলনি বা ৰূপান্তৰিত (transform) সীমা

(ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন (Couvergence)

উত্তৰঃ (ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন (Couvergence)

২। ৩০ শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ দিয়া ।

(i) মহাদেশবোৰৰ গতি কাৰণে ওৱেগনাৰে উল্লেখ কৰা বলবোৰ কি কি আছিল ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত বহু তাপ উৎপন্ন কৰা পদাৰ্থ মজুত আছে। বিশেষকৈ মেণ্টল স্তৰৰ ভিতৰত থকা ৰেডিঅ’এক্টিভ পদাৰ্থসমূহৰ ক্ষয়ৰ ফলত অধিক তাপ সৃষ্টি হয়। এই তাপৰ বাবে মেণ্টলৰ গৰম পদাৰ্থ লঘু হৈ ওপৰলৈ উঠে আৰু ওপৰৰ ঠাণ্ডা পদাৰ্থ গধুৰ হৈ তললৈ নামি যায়।

এই ওপৰলৈ উঠা আৰু তললৈ নামি যোৱা প্ৰক্ৰিয়াৰ ফলতেই মেণ্টল স্তৰত পৰিচলন সোঁতৰ উৎপত্তি হয়। এই পৰিচলন সোঁতবোৰ অবিৰতভাৱে চলি থাকে আৰু ইয়াৰ দ্বাৰাই স্থলভাগৰ খণ্ড বা টেকটনিক প্লেটসমূহ এঠাইৰ পৰা আন ঠাইলৈ সৰকিবলৈ প্ৰয়োজনীয় শক্তি লাভ কৰে।

মেণ্টল স্তৰত পৰিচলন সোঁতৰ ধাৰণাটো প্ৰথমে ১৯৩০ চনত বৈজ্ঞানিক আৰ্থাৰ হোমে আগবঢ়াইছিল।

(ii) মেন্টল স্তৰত পৰিচলন সোঁতবোৰ কেনেদৰে উৎপত্তি হয় আৰু চলি থাকে ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত বহু তাপ উৎপন্ন কৰা পদাৰ্থ মজুত আছে। বিশেষকৈ মেণ্টল স্তৰৰ ভিতৰত থকা ৰেডিঅ’এক্টিভ পদাৰ্থসমূহৰ ক্ষয়ৰ ফলত অধিক তাপ সৃষ্টি হয়। এই তাপৰ বাবে মেণ্টলৰ গৰম পদাৰ্থ লঘু হৈ ওপৰলৈ উঠে আৰু ওপৰৰ ঠাণ্ডা পদাৰ্থ গধুৰ হৈ তললৈ নামি যায়।

এই ওপৰলৈ উঠা আৰু তললৈ নামি যোৱা প্ৰক্ৰিয়াৰ ফলতেই মেণ্টল স্তৰত পৰিচলন সোঁতৰ উৎপত্তি হয়। এই পৰিচলন সোঁতবোৰ অবিৰতভাৱে চলি থাকে আৰু ইয়াৰ দ্বাৰাই স্থলভাগৰ খণ্ড বা টেকটনিক প্লেটসমূহ এঠাইৰ পৰা আন ঠাইলৈ সৰকিবলৈ প্ৰয়োজনীয় শক্তি লাভ কৰে।

মেণ্টল স্তৰত পৰিচলন সোঁতৰ ধাৰণাটো প্ৰথমে ১৯৩০ চনত বৈজ্ঞানিক আৰ্থাৰ হোমে আগবঢ়াইছিল।

(iii) ফলকবোৰৰ সলনি সীমা (transform boundary) আৰু আগমন বা অপসাৰিত সীমাৰ মাজত প্ৰধান পাৰ্থক্যবোৰ কি কি ?

উত্তৰঃ সলনি সীমাঃ

(ক) সলনি সীমা হ’ল আগমন বা অপসাৰিত সীমাৰ এটা ভাগ।

(খ) যেতিয়া এখন মহাদেশীয় ফলক আহি আন এখন মহাদেশীয় ফলকৰ লগ লাগে তেনে ফলকৰ সীমাক সলনি সীমা বোলা হয়।

আগমন বা অপসাৰিত সীমাঃ

(ক) যিবোৰ ঠাইত, এখন ফলক আৰু আন এখন ফলকৰ মাত মুখা-মুখি, ঠেকা-খুণ্ডা লাগি ধ্বংসপ্ৰাপ্ত হয় তাকেই আগমন সীমাৰেখা বোলে।

(খ) যেতিয়া দুখন ফলকৰ মাজৰ অংশৰে অন্তৰ ভাগৰ পৰা পদাৰ্থ ওলাই আহি ফলক দুখনক অপসাৰিত কৰাকে অপসাৰিত সীমা বোলা হয়।

(iv) দক্ষিণাত্য ট্ৰেপ (Traps) সৃষ্টি হোৱাৰ সময়ত ভাৰতীয় ভূ-খণ্ডৰ অৱস্থান কেনেকুৱা আছিল ?

উত্তৰঃ আজিৰ পৰা প্ৰায় ২২৫ নিযুত বছৰ আগতে টেথিছ সাগৰে ভাৰতীয় ভূ-খণ্ডক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছিল। পেংগিয়াৰ বিভাজনৰ পিছত, অৰ্থাৎ প্ৰায় ২০০ নিযুত বছৰ আগৰ পৰা, ভাৰতীয় ভূ-খণ্ডই ধীৰে ধীৰে উত্তৰমুখী গতি আৰম্ভ কৰিছিল। প্ৰায় ১৪০ নিযুত বছৰ আগতে, ভাৰতীয় উপমহাদেশটো দক্ষিণ গোলাৰ্ধত প্ৰায় ৫০° দক্ষিণ অক্ষাংশত অৱস্থিত আছিল। সেই সময়ত ভাৰতীয় ফলক আৰু এছিয়া ফলকৰ মাজত টেথিছ সাগৰ বিস্তৃত আছিল আৰু তিব্বত খণ্ডটো এছিয়া ভূ-খণ্ডৰ একেবাৰে ওচৰত অৱস্থিত আছিল। ভাৰতীয় ফলকে এছিয়া ফলকৰ দিশে আগবাঢ়ি যোৱাৰ সময়তেই এটা গুৰুত্বপূৰ্ণ ভূ-গাঠনিক ঘটনা সংঘটিত হয়। সেই ঘটনাটো আছিল বৃহৎ পৰিমাণৰ লাভা বহিৰ্গমন, যাৰ ফলস্বৰূপে দক্ষিণাত্য ট্ৰেপ (Deccan Traps) অঞ্চলৰ সৃষ্টি হয়।

৩। ১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) মহাদেশীয় বিস্থাপন তত্ত্বৰ সমৰ্থনত উল্লেখ কৰা প্ৰমাণবোৰ কি ?

উত্তৰঃ জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ওৱেগনাৰে তেওঁৰ মহাদেশীয় বিস্থাপন তত্ত্বৰ সমৰ্থনত বহুতো বৈজ্ঞানিক আৰু বিশ্বাসযোগ্য প্ৰমাণ আগবঢ়াইছিল। এই প্ৰমাণসমূহে দেখুৱায় যে পৃথিৱীৰ মহাদেশসমূহ অতীতত একেলগে আছিল আৰু পিছলৈ ধীৰে ধীৰে আঁতৰি গৈছে। তলত উল্লেখ কৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰমাণ হ’ল—

(ক) মহাদেশসমূহৰ উপকূলৰেখাৰ খাপখোৱা ধৰণ: আফ্ৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মুখামুখি থকা উপকূলৰেখাবোৰ এটাই-আনটোৰ লগত জোৰা লগালে সুন্দৰভাৱে খাপ খায়। এই মিলই প্ৰমাণ কৰে যে এই মহাদেশ দুটা আগতে একেলগে আছিল।

(খ) শিলাৰ বয়স আৰু গঠনৰ সাদৃশ্য: আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত বৰ্তমান প্ৰায় ২৫০০ কিলোমিটাৰ বিস্তৃত আটলাণ্টিক মহাসাগৰ আছে। তথাপি, ৰেডিঅ’মেট্ৰিক পদ্ধতিত নিৰ্ণয় কৰা অনুসৰি মহাসাগৰৰ দুয়োপাৰৰ শিলাবোৰৰ বয়স আৰু গঠন একে ধৰণৰ। এই তথ্যই মহাদেশ দুটা অতীতত সংলগ্ন আছিল বুলি প্ৰমাণ কৰে।

(গ) টিলাইট অৱক্ষেপণৰ বিস্তৃতি: টিলাইট নামৰ গেদীয় শিলা দক্ষিণ গোলাৰ্ধৰ বহু ঠাইত পোৱা যায়— যেনে আফ্ৰিকা, ফকলেণ্ড দ্বীপপুঞ্জ, মালাগাছি দ্বীপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষ। এই টিলাইট অৱক্ষেপণসমূহৰ উপস্থিতিয়ে দেখুৱায় যে এই সকলোবোৰ ভূ-খণ্ড আগতে একেলগে আছিল আৰু একে ধৰণৰ জলবায়ুৰ অধীনত আছিল।

(ঘ) জীৱাশ্মৰ সাদৃশ্য: দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰভিন্স আৰু দক্ষিণ আমেৰিকাৰ ব্ৰাজিল অঞ্চলত একে ধৰণৰ জীৱাশ্ম পোৱা যায়। বৰ্তমান এই ঠাই দুটাৰ মাজত প্ৰায় ৪৮০০ কিলোমিটাৰ বিস্তৃত আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই সাদৃশ্যই স্পষ্ট কৰে যে অতীতত এই মহাদেশসমূহৰ মাজত মহাসাগৰ নাছিল আৰু সেইবোৰ একেলগে আছিল।

(ii) মহাদেশীয় বিস্থাপন তত্ত্ব আৰু ফলত বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ বিচাৰি উলিওৱা ।

উত্তৰঃ মহাদেশীয় বিস্থাপন তত্ত্ব আৰু ফলত বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ হল-

মহাদেশীয় বিস্থাপন তত্ত্বঃ

(ক) ১৯১২ চনত, জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ওৱেগনাৰ নামৰ বৈজ্ঞানীকজনে, মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্বন্ধে দাঙি ধৰা এক বিজ্ঞানভিত্তিক তত্ত্ব

(খ) এই তত্ত্বৰ মতে, আদিতে সকলো মহাদেশ লগ লাগি এক বিৰাট স্থলভাগ আছিল। এই স্থল খণ্ডৰ নাম পেংগিয়া আছিল।

ফলক বিৱৰ্তন তত্ত্বঃ

(ক) ১৯৬৯ চনত মেকেঞ্জী পাৰ্কৰ আৰু মৰগান নামৰ পণ্ডিত কেইজন নিজববীয়াকৈ তথ্যপাতি সংগ্ৰহ কৰি ফলক বিৱৰ্তন নামৰ তত্ত্বটো উপস্থাপন কৰিছিল।

(খ) ফলক বিৱৰ্তন তত্ত্বই অৱশ্যে পেংগিয়াৰ সমৰ্থন কৰি কয় যে ফলক বোৰ একবিন্দুগামী হোৱাত পেংগিয়া গঠিত হৈছিল।

(iii) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰবোৰ কি কি আছিল যিবোৰে বৈজ্ঞানিকসকলক মহাদেশ আৰু মহাসাৰবোৰৰ বিতৰণ সম্পৰ্কে অধিক অধ্যয়নৰ যোগেদি নতুন কথা জানিবলৈ নতুন আগ্ৰহৰ জন্ম দিছিল।

উত্তৰঃ মহাদেশীয় বিস্থাপন তত্ত্বই মহাদেশ আৰু মহাসাগৰৰ উৎপত্তি আৰু বিতৰণ সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ায়। এই তত্ত্বৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কালত হোৱা বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰে বৈজ্ঞানিকসকলক পৃথিৱীৰ ভৌগোলিক গঠন আৰু মহাদেশ–মহাসাগৰৰ বিতৰণ সম্পৰ্কে অধিক গভীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলে।

মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰসমূহ হ’ল—

(ক) সাগৰীয় তলৰ মানচিত্ৰ নিৰ্মাণ: সাগৰীয় তলৰ বিশদ মানচিত্ৰ প্ৰস্তুত কৰাৰ ফলত মহাসাগৰ আৰু মহাদেশীয় বিতৰণ সম্পৰ্কে বহু নতুন তথ্য লাভ কৰা যায়, যিয়ে অধ্যয়নৰ ক্ষেত্ৰত নতুন দিশ সূচনা কৰে।

(খ) মেণ্টল স্তৰত পৰিচলন সোঁতৰ আৱিষ্কাৰ: পৃথিৱীৰ অন্তৰ্ভাগত থকা মেণ্টল স্তৰত পৰিচলন সোঁতৰ অস্তিত্ব ধৰা পৰে। এই সোঁতসমূহেই মহাদেশ আৰু ফলকসমূহৰ গতিৰ বাবে প্ৰয়োজনীয় শক্তিৰ মূল উৎস বুলি ধৰা হয়।

(গ) মধ্য-সাগৰীয় শৈলশিৰাৰ আৱিষ্কাৰ: মধ্য-সাগৰীয় শৈলশিৰাসমূহৰ উৎপত্তি আৰু অৱস্থিতিৰ বিষয়ে জ্ঞান লাভে মহাসাগৰৰ তলৰ গঠন আৰু বিকাশ বুজিবলৈ সহায় কৰে।

(ঘ) সাগৰীয় তল বিস্তাৰণৰ ধাৰণা: সাগৰীয় তল ধীৰে ধীৰে বিস্তাৰিত হয় বুলি পোৱা সবিশেষ তথ্যই মহাদেশ আৰু মহাসাগৰৰ গতি সম্পৰ্কে অধিক স্পষ্ট ধাৰণা আগবঢ়ায়।

Scroll to Top