AHSEC Class 11 Geography Chapter 5। প্ৰাকৃতিক উদ্ভিদ Question And Answer।

প্ৰাকৃতিক উদ্ভিদ

অনুশীলন

১। শুদ্ধ উত্তৰটো তলৰবোৰৰ পৰা বাছি উলিওৱা

(i) চন্দালউড্ এটা উদাহৰণ:

(ক) চিৰসেউজীয়া উদ্ভিদ

(খ) পর্ণপাতী উদ্ভিদ

(গ) ব-দ্বিপীয় হাবি

(ঘ) কাইটীয়া হাবি

উত্তৰঃ (খ) পর্ণপাতী উদ্ভিদ

(ii) তলৰবোৰৰ কোনটো ব্যঘ্র প্রকল্পৰ উদ্দেশ্য?

(ক) বাঘ হত্যা কৰা

(খ) বাঘবোৰক চিৰিয়াখানাত ৰখা

(গ) চোৰাং চিকাৰিৰ পৰা ৰক্ষা কৰা

(ঘ) বাঘৰ ওপৰত চিনেমা কৰা

উত্তৰঃ (গ) চোৰাং চিকাৰিৰ পৰা ৰক্ষা কৰা

(iii) নন্দাদেবী জৈৱ সংৰক্ষিত অঞ্চল তলৰ কোনখন ৰাজ্যত অৱস্থিত?

(ক) বিহাৰ

(খ) উত্তৰ প্ৰদেশ

(গ) উত্তৰাঞ্চল

(ঘ) উৰিষ্যা

উত্তৰঃ (গ) উত্তৰাঞ্চল

(iv) কিমান সংখ্যক জৈৱিক সংৰক্ষিত অঞ্চলক IUCN য়ে স্বীকৃতি দিছে?

(ক) এখন

(খ) দুখন

(গ) তিনিখন

(ঘ) চাৰিখন

উত্তৰঃ (ঘ) চাৰিখন

(v) ভাৰতবৰ্ষৰ অৰণ্য নীতি অনুসাৰে দেশৰ মুঠ কালিৰ কিমান শতাংশত অৰণ্য থাকিব লাগে?

(ক) ৩৩ শতাংশ

(গ) ৫৫ শতাংশ

(গ) ৪৪ শতাংশ

(ঘ) ২২ শতাংশ

উত্তৰঃ (ক) ৩৩ শতাংশ

২। ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ কৰা।

(i) প্রাকৃতিক উদ্ভিদ কাক বোলে? কেনে ধৰণৰ জলবায়ুত ক্রান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি আহে?

উত্তৰঃ যিবোৰ উদ্ভিদ প্ৰাকৃতিক পৰিবেশৰ প্ৰভাৱত, অৰ্থাৎ জলবায়ু, মাটি আদি প্ৰাকৃতিক উপাদানৰ সহায়ত, কোনো মানৱীয় হস্তক্ষেপ নোহোৱাকৈ কোনো অঞ্চলত বহু বছৰ ধৰি স্বাভাৱিকভাৱে বৃদ্ধি পাই থাকে আৰু নিজকে সুকলমে তথা পৰিপুষ্ট অৱস্থাত বৰ্তাই ৰাখে, সেইবোৰ উদ্ভিদক প্ৰাকৃতিক উদ্ভিদ বুলি কোৱা হয়।

যিসকল অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু গড় বাৰ্ষিক উষ্ণতা প্ৰায় ২২° চেলছিয়াছ বা তাতকৈ অধিক থাকে, তেনে উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি আহে।

(ii) সামাজিক বনানিকৰণ বুলিলে কি বুজা?

উত্তৰঃ সামাজিক বনানিকৰণ বুলিলে সেই প্ৰণালীক বুজায় যাৰ জৰিয়তে সমাজৰ সক্ৰিয় অংশগ্ৰহণেৰে অৰণ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নতুন নতুন আঁচনিৰ মাধ্যমে বৃক্ষৰোপণ কৰা হয়। এই প্ৰণালীৰ লক্ষ্য হৈছে পৰিৱেশৰ সমতুল্যতা ৰক্ষা কৰা আৰু একে সময়তে সামাজিক তথা গ্ৰাম্য অঞ্চলসমূহৰ উন্নতি সাধন কৰা।

(iii) জৈৱ সংৰক্ষিত অঞ্চল কাক বোলে?

উত্তৰঃ ইউনেস্কোৰ ‘মানৱ আৰু জীৱমণ্ডল আঁচনি’ (Man and Biosphere Programme)ৰ অধীনত আন্তৰ্জাতিক স্তৰত কিছুমান স্থলভাগীয় আৰু উপকূলীয় অঞ্চলক পৰিৱেশগতভাৱে অতি গুৰুত্বপূৰ্ণ আৰু অনুপম ৰূপত সুৰক্ষিত কৰা হয়। এইদৰে সংৰক্ষিত অঞ্চলসমূহক জৈৱ সংৰক্ষিত অঞ্চল বুলি কোৱা হয়।

(iv) অৰণ্য ভূমি (forest area) আৰু অৰণ্যৰ আবৰণৰ (forest cover) মাজত পার্থক্য কি?

উত্তৰঃ অৰণ্য ভূমি আৰু অৰণ্যৰ আবৰণৰ মাজত থকা প্ৰধান প্ৰাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

অৰণ্য ভূমি বুলিলে সেই সকলো মাটিৰ পৰিমাণক বুজায় যাক চৰকাৰী নথিত অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে, তাত গছ-গছনি থাকিলেও বা নাথাকিলেও। আনহাতে, অৰণ্যৰ আবৰণ বুলিলে গছ-গছনিৰে আচ্ছাদিত হৈ থকা বাস্তৱিক অঞ্চলক বুজায়।

অৰণ্য ভূমিৰ তথ্য ৰাজ্য চৰকাৰৰ ৰাজহ বা বন বিভাগে সংৰক্ষণ আৰু নথিভুক্ত কৰে। আনহাতে, অৰণ্যৰ আবৰণ উপগ্ৰহ চিত্ৰ আৰু ওপৰৰ পৰা তোলা আকাশী ফটোসমূহৰ সহায়ত নিৰ্ণয় কৰা হয়।

৩। ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) অৰণ্য সংৰক্ষণৰ কাৰণে কি কি ব্যৱস্থা লোৱা হৈছে?

উত্তৰঃ জীৱন আৰু পৰিৱেশৰ সৈতে বনাঞ্চলৰ (habitat/forest) গভীৰ সম্পৰ্ক আছে। বনাঞ্চলে আমাৰ সমাজ-অৰ্থনীতিক বহু দিশৰ সুবিধা প্ৰদান কৰে। সেয়ে বন সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ মানুহে আৰ্থিক উন্নতি লাভ কৰিবৰ বাবে, বন সংৰক্ষণ কৰিব লাগে।

অৰণ্য সংৰক্ষণৰ কাৰ্য্যসূচীসমূহ—

(ক) দেশৰ মুঠ ভূমিৰ প্ৰায় ৩৩% বনাঞ্চল হিচাপে সংৰক্ষণ কৰা।

(খ) পৰিৱেশিক স্থিতিশীলতা ৰক্ষা কৰা অঞ্চলসমূহৰ বনসংৰক্ষণ কৰা, য’ত পৰিৱেশৰ সমতা বিঘ্নিত হৈছে।

(গ) প্ৰাকৃতিক পৰম্পৰা, জৈৱ-বৈচিত্ৰ্য আৰু জেনেটিক সম্পদ সংৰক্ষণ কৰা।

(ঘ) মাটিৰ ক্ষয় ৰোধ, মরুভূমি বিস্তাৰ ৰোধ, বানপানী আৰু খৰাং ৰোধ কৰা।

(ঙ) সামাজিক বনানিকৰণৰ জৰিয়তে বনআৱৰণ বৃদ্ধি কৰা আৰু নষ্ট হোৱা ভূমিত নতুন বন সৃষ্টি কৰা।

(চ) বন উৎপাদন বৃদ্ধি কৰা—কাঠ, খৰি, ঘাঁহ, খাদ্য আদি—যাৰ জৰিয়তে গাঁওবাসী লাভবান হয় আৰু কাঠৰ বিকল্প ব্যৱহাৰ উৎসাহিত হয়।

জনসাধাৰণৰ অংশগ্ৰহণ আৰু আন্দোলন গঢ়ি তোলা—বিশেষকৈ তিৰোতা বা স্থানীয় লোকৰ মাজত গছ ৰোৱা কাৰ্য্যক উৎসাহিত কৰা আৰু বনক ক্ষয় কৰাৰ পৰা ৰক্ষা কৰা।

(ii) হাবি আৰু বনৰীয়া জন্তুৰ সংৰক্ষণৰ কাৰণে, মানুহৰ অংশগ্রহণে কেনেধৰণে সহায় কৰিব পাৰে বা কাৰ্য্যকাৰী হব পাৰে?

উত্তৰঃ জীৱন আৰু পৰিৱেশৰ লগত হাবিৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে। হাবিবোৰে আমাৰ সমাজ-অৰ্থনীতিত বহুত ধৰণৰ মুখ্য বা গৌণ সুবিধা প্ৰদান কৰে। গতিকে হাবি সংৰক্ষণ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাম, মানুহ বৰ্তি থকাৰ কাৰণে আৰু অৰ্থনৈতিক উন্নতি লাভ কৰাৰ কাৰণে।

হাবি আৰু বনৰীয়া জন্তুৰ সংৰক্ষণৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা দেখা পোৱা যায়। সামাজিক বনানিকৰণ ব্যৱস্থাৰ দ্বাৰা হাবিৰ ৰক্ষণ আৰু সুপৰিচালন আৰু লগতে পৰি থকা অসাৰুৱা মাটিত বৃক্ষৰোপন যাতে ইয়াৰ দ্বাৰা পৰিৱেশ, সমাজ আৰু গ্ৰাম্য় উন্নতিত সহায় হ’ব পাৰে। গ্ৰাম্য বনানিকৰণৰ জৰিয়তে বনাজ কৃষি আৰু জনগোষ্ঠীয় হাবিৰ বৃদ্ধি কৰা হৈছে। এই বিভিন্ন বনানিকৰণ জৰিয়তে দেশৰ হাবি বা অৰণ্য আৰু বনৰীয়া জীৱ-জন্তু সংৰক্ষণত যথেষ্ট কাৰ্যকাৰী হৈছে।

বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত হাবিবোৰ ধ্বংস হ’বলৈ ধৰিছে। হাবিবোৰ ধ্বংস কৰি তাত বসবাস কৰিবলৈ ধৰিছে। যাৰ ফলত হাবিত থকা বিভিন্ন ধৰণৰ জীৱ-জন্তু মৃত্যু মুখত পৰিবলগীয়া হৈছে বা বিলুপ্ত হ’বলৈ ধৰিছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰাসাম্য বিনষ্ট হৈছে আৰু মানুহৰ বসতিত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। গতিকে পৰিৱেশ সুস্থি অৱস্থালৈ ঘূৰাই আনিবলৈ সকলোৱে যত্ন পৰ হ’ব লাগে।

Scroll to Top