AHSEC Class 11 Geography Chapter 5 মনিক আৰু শিলা পাঠটোৰ উত্তৰ

মানিক আৰু শিলা

প্ৰশ্নাৱলী

১। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(i) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?

(ক) লৌহ আৰু নিকেল ।

(খ) চিলিকা আৰু এলুমিনিয়াম ।

(গ) লৌহ আৰু ৰূপ ।

(ঘ) লৌহ আৰু অয়স্ক আৰু প’টাছিয়াম ।

উত্তৰঃ (খ) চিলিকা আৰু এলুমিনিয়াম ।

(ii) তলত উল্লেখ কৰা – কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?

(ক) পৰিৱৰ্তনশীল ।

(খ) স্ফটিকযুক্ত ।

(গ) ফ’লিয়েচন ।

(ঘ) স্থিৰতা ।

উত্তৰঃ (গ) ফ’লিয়েচন ।

(iii) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?

(ক) সোণ, ।

(খ) অভ্ৰ ।

(গ) ৰূপ ।

(ঘ) গ্ৰাফাইট/খনিজ ক’লা মাটি ।

উত্তৰঃ (খ) অভ্ৰ ।

(iv) আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?

(ক) ট’পাজ ।

(খ) কোৱাৰ্জ ।

(গ) হীৰা ।

(ঘ) ফেলছপাৰ ।

উত্তৰঃ হীৰা।

(v) তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?

(ক) টিলাইট

(খ) ব্ৰেচিয়া

(গ) বোৰাক্স

(ঘ) মাৰ্বল

উত্তৰঃ (ঘ) মাৰ্বল ।

২) উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত)

(i) শিলা বুলিলে কি বুজা ? তিনিপ্ৰকাৰৰ শিলা কি কি ?

উত্তৰঃ পৃথিৱীৰ ভূত্বক যিবোৰ কঠিন আৰু গোটা পদাৰ্থেৰে গঠিত, সেইবোৰক সামগ্ৰিকভাৱে শিলা বুলি কোৱা হয়। শিলাই পৃথিৱীৰ উপৰিভাগ গঠন কৰে আৰু ই বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থেৰে গঠিত।

শিলাৰ প্ৰধান তিনিটা প্ৰকাৰ হ’ল—

১) আগ্নেয় বা প্ৰাথমিক শিলা

২) গেদীয় বা স্তৰীভূত শিলা

৩) ৰূপান্তৰিত শিলা

(ii) আগ্নেয় শিলা কি? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলাৰ বৈশিষ্ট্য কি ?

উত্তৰঃ যিবিধ শিলা আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত সৃষ্টি হয়, তাক আগ্নেয় শিলা বুলি কোৱা হয়। পৃথিৱীৰ ভূত্বক সৃষ্টিৰ আদিতে যিবোৰ শিলা গঠিত হৈছিল, সেইবোৰকো প্ৰাথমিক শিলা বুলিও কোৱা হয়।

পৃথিৱীৰ উপৰিভাগ কঠিন আৰু গোটা হলেও ইয়াৰ অন্তৰভাগ অত্যন্ত গৰম। এই গৰম অৱস্থাৰ ফলত অন্তৰভাগত থকা পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। এই গলিত পদাৰ্থবোৰ সুবিধা পালেই আগ্নেয়গিৰিৰ মাধ্যমেৰে বাহিৰলৈ ওলাই আহে। এই গলিত পদাৰ্থ ঠাণ্ডা হৈ কঠিন হোৱাৰ ফলতেই আগ্নেয় শিলাৰ গঠন হয়।

আগ্নেয় শিলাৰ বৈশিষ্ট্যসমূহ হ’ল—
১) আগ্নেয় শিলা অত্যন্ত ক্ষয়-প্ৰতিৰোধী।
২) ই স্ফটিকীয় প্ৰকৃতিৰ।
৩) ই স্তৰবিহীন শিলা।

(iii) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?

উত্তৰঃ পৃথিৱীৰ ভূত্বকত যিবোৰ শিলা তৰপে তৰপে পোৱা যায় বা বিভিন্ন গেদ জমা হোৱাৰ ফলত যিবোৰ শিলা সৃষ্টি হয়, তেনেবিধ শিলাক গেদীয় শিলা বুলি কোৱা হয়।

আগ্নেয় শিলা বা ৰূপান্তৰিত শিলা শীত, তাপ, বায়ুৰ চাপ, বৰষুণ আদিৰ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত ক্ষয়প্ৰাপ্ত হৈ ভাঙি যায়। ইয়াৰ ফলত সৰু সৰু শিলৰ টুকুৰা, বালি, ধূলি আদি সৃষ্টি হয়। এই গেদসমূহ বোৱতী পানী, বতাহ আৰু হিমবাহে বহন কৰি সাগৰৰ তলিত, হ্ৰদত বা ভূ-অবনমিত ঠাইত স্তৰে স্তৰে জমা কৰে। দীঘলীয়া সময়, অৰ্থাৎ কোটি কোটি বছৰৰ পাছত এই গেদবোৰ চাপ আৰু সংযোজনৰ ফলত কঠিন হৈ শিলাত পৰিণত হয়। এই প্ৰক্ৰিয়াতেই গেদীয় শিলাৰ গঠন হয়।

(iv) শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ।

উত্তৰঃ পৃথিৱীত পোৱা শিলাবোৰ সদায় একে ৰূপত নাথাকে। বিভিন্ন প্ৰাকৃতিক কাৰক যেনে— তাপ, চাপ, বতাহ, পানী, বৰষুণ, আগ্নেয় উদ্গীৰণ আদি কাৰকৰ প্ৰভাৱত শিলাবোৰ সময়ৰ লগে লগে ৰূপান্তৰিত হয়। পুৰণি শিলা ভাঙি, গলি বা পৰিৱৰ্তিত হৈ নতুন ধৰণৰ শিলালৈ পৰিণত হয়।

আগ্নেয় শিলা হ’ল প্ৰাথমিক শিলা। এই আগ্নেয় শিলাৰ পৰা গেদীয় আৰু ৰূপান্তৰিত শিলাৰ সৃষ্টি হয়। ঠিক তেনেদৰে, গেদীয় আৰু ৰূপান্তৰিত শিলাবোৰো পুনৰ ভাঙি গেদলৈ পৰিণত হৈ নতুন গেদীয় শিলাৰ সৃষ্টি কৰিব পাৰে বা গলি পুনৰ আগ্নেয় শিলালৈ পৰিণত হ’ব পাৰে। এইদৰে শিলাবোৰ এক প্ৰকাৰৰ পৰা আন প্ৰকাৰলৈ পৰিৱৰ্তিত হৈ থাকে।

সেয়ে, যি নিৰবিচ্ছিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে শিলাবোৰ পুৰণি অৱস্থাৰ পৰা নতুন ৰূপলৈ পৰিৱৰ্তিত হয়, তাকেই শৈল চক্ৰ বুলি কোৱা হয়। শৈল চক্ৰ এটা অবিৰত চলি থকা প্ৰক্ৰিয়া।

৩) উত্তৰ লিখা (১৫০ টা শব্দৰ ভিতৰত)

(i) খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ পৃথিৱীৰ গঠনত বিভিন্ন প্ৰকাৰৰ পদাৰ্থ পোৱা যায়। ইয়াৰ ভিতৰত অক্সিজেন, চিলিকন, এলুমিনিয়াম, লৌহ, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, হাইড্ৰজেন, ফচফৰাছ, মেংগানিজ, গন্ধক, কাৰ্বন আদি উপাদানসমূহ প্ৰধান। এই উপাদানসমূহ সাধাৰণতে শুদ্ধ অৱস্থাত নাথাকে; ইহঁত অন্য উপাদানৰ সৈতে মিলি যৌগ গঠন কৰি থাকে। এইদৰে গঠিত প্ৰাকৃতিক কঠিন পদাৰ্থসমূহক খনিজ দ্ৰব্য বুলি কোৱা হয়।

পৃথিৱীৰ ভূত্বকত বৰ্তমানলৈকে হাজাৰ হাজাৰ খনিজ দ্ৰব্য চিনাক্ত কৰা হৈছে যদিও ইয়াৰ ভিতৰত কেইবিধমান খনিজ দ্ৰব্য অত্যন্ত গুৰুত্বপূৰ্ণ। তলত কেইবিধ প্ৰধান খনিজ দ্ৰব্যৰ নাম আৰু বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) ফেলচপাৰঃ পৃথিৱীৰ ভূত্বকৰ প্ৰায় আধা অংশ ফেলচপাৰেৰে গঠিত। ই মূলত চিলিকন আৰু অক্সিজেনৰে গঠিত যদিও ইয়াত ছডিয়াম, পটাছিয়াম আৰু কেলছিয়ামো পোৱা যায়। ইয়াৰ ৰং সাধাৰণতে পাতল ক্ৰীম বৰ্ণৰ হয় আৰু কেতিয়াবা গুলপীয়া ৰঙৰো দেখা যায়।

(খ) কোৱাৰ্জঃ কোৱাৰ্জ বালি আৰু গ্ৰেনাইটৰ এক গুৰুত্বপূৰ্ণ উপাদান। ই এবিধ কঠিন খনিজ দ্ৰব্য আৰু পানীত দ্ৰৱীভূত নহয়। সাধাৰণতে ই শ্বেত বা বৰ্ণহীন অৱস্থাত পোৱা যায়।

(গ) পাইৰক্সিনঃ পাইৰক্সিন কেলছিয়াম, এলুমিনিয়াম, লৌহ, মেগনেছিয়াম আৰু চিলিকাৰে গঠিত। ভূত্বক গঠনত ইয়াৰ অৱদান প্ৰায় ১০ শতাংশ। ইয়াৰ ৰং সাধাৰণতে সেউজীয়া বা কৃষ্ণবৰ্ণ।

(ঘ) এমফিবলঃ এমফিবল কেলছিয়াম, চিলিকা, লৌহ, মেগনেছিয়াম আৰু এলুমিনিয়ামৰ সমষ্টিৰে গঠিত। ভূত্বক গঠনত ইয়াৰ অৱদান প্ৰায় ৭ শতাংশ। ইয়াৰ ৰং সেউজীয়া বা কৃষ্ণবৰ্ণ।

(ঙ) অভ্ৰ বা বালিচন্দাঃ অভ্ৰ পটাছিয়াম, এলুমিনিয়াম, মেংগানিজ, লৌহ আৰু চিলিকাৰে গঠিত। পৃথিৱীৰ ভূত্বকত প্ৰায় ৪ শতাংশ অভ্ৰ পোৱা যায়।

(চ) ওলিভিনঃ ওলিভিন মূলত মেগনেছিয়াম, লৌহ আৰু চিলিকাৰে গঠিত খনিজ দ্ৰব্য।

(ii) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত পোৱা সকলোবোৰ গোটা আৰু কঠিন পদাৰ্থকে সামগ্ৰিকভাৱে শিলা বুলি কোৱা হয়। এই শিলাবোৰ একে ধৰণে উৎপত্তি হোৱা নহয়। উৎপত্তিৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভূ-পৃষ্ঠত পোৱা শিলাবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল—
১) আগ্নেয় বা প্ৰাথমিক শিলা
২) গেদীয় বা স্তৰীভূত শিলা
৩) ৰূপান্তৰিত শিলা

শিলাসমূহৰ উৎপত্তি

(ক) আগ্নেয় বা প্ৰাথমিক শিলা: পৃথিৱীৰ সৃষ্টিৰ আৰম্ভণিতে গলিত পাৰ্থিব পদাৰ্থ (মেগ্মা) শীতল হৈ কঠিন হোৱাৰ ফলত যিবোৰ শিলাৰ সৃষ্টি হৈছিল, সেইবোৰক প্ৰাথমিক শিলা বুলি কোৱা হয়। তদুপৰি, আগ্নেয়গিৰিৰ পৰা নিৰ্গত গলিত পদাৰ্থ বাহিৰলৈ ওলাই আহি ঠাণ্ডা হৈ যি শিলা গঠন কৰে, তাকেই আগ্নেয় শিলা কোৱা হয়।

(খ) গেদীয় বা স্তৰীভূত শিলা: আগ্নেয় বা ৰূপান্তৰিত শিলাবোৰ শীত, তাপ, বৰষুণ, বতাহ আদি ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত ক্ষয়প্ৰাপ্ত হৈ সৰু সৰু টুকুৰাত পৰিণত হয়। এই টুকুৰাবোৰ বোৱতী পানী, বতাহ, হিমবাহ আৰু সাগৰৰ ঢৌৱে কঢ়িয়াই লৈ গৈ সাগৰৰ তলি, হ্ৰদৰ তলি বা ভূ-অবনমিত অঞ্চলত বছৰৰ পিছত বছৰ ধৰি স্তৰে স্তৰে জমা কৰে। দীঘলীয়া সময়ৰ পাছত এই গেদবোৰ চাপ আৰু তাপৰ প্ৰভাৱত কঠিন হৈ শিলাত পৰিণত হয়। এইদৰে গঠিত শিলাক গেদীয় শিলা বা স্তৰীভূত শিলা কোৱা হয়।

(গ) ৰূপান্তৰিত শিলা: ভূ-পৃষ্ঠত থকা আগ্নেয় বা গেদীয় শিলাবোৰ যদি ভূ-আন্দোলন বা আন কাৰণত দীঘলীয়া সময় ধৰি ভূ-ত্বকৰ ভিতৰত তীব্ৰ তাপ আৰু চাপৰ অধীনত থাকে, তেন্তে সেইবোৰৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটে। ইয়াৰ ফলত শিলাবোৰ এক নতুন প্ৰকাৰৰ শিলালৈ ৰূপান্তৰিত হয়। এইদৰে গঠিত শিলাক ৰূপান্তৰিত শিলা বুলি কোৱা হয়।

তিনিপ্ৰকাৰৰ শিলাৰ পাৰ্থক্য

১) আগ্নেয় শিলা:
(ক) আগ্নেয় শিলা অত্যন্ত কঠিন আৰু ক্ষয়-প্ৰতিৰোধী।
(খ) ই স্ফটিকীয় প্ৰকৃতিৰ।
(গ) এই শিলাত কোনো স্তৰ নাথাকে।

২) গেদীয় শিলা:

(ক) গেদীয় শিলা তৰপে তৰপে পোৱা যায়।
(খ) এই শিলাত বালি, শিল, কাঁইচ আদি গেদীয় পদাৰ্থ থাকে।
(গ) গেদীয় শিলাত জীৱাশ্ম পোৱা যায়।

৩) ৰূপান্তৰিত শিলা:

(ক) ৰূপান্তৰিত শিলা সাধাৰণতে চকচকীয়া।

উত্তৰঃ

(খ) কিছুমান ৰূপান্তৰিত শিলা তৰপে তৰপে পোৱা যায় আৰু কিছুমান কাচ-কাচ গঠনযুক্ত হয়।

উত্তৰঃ

(iii) ৰূপান্তৰিত শিলা কি ? বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলাৰ বৰ্ণনা দিয়া । সেইবোৰৰ সম্বন্ধে লিখা ।

উত্তৰঃ

Scroll to Top