AHSEC Class 11 Geography Chapter 6। মাটি Question And Answer।

অনুশীলন

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(i) তলত দিয়াবোৰৰ ভিতৰত কোন প্ৰকাৰৰ মাটি বিস্তৃত ভাবে পোৱা যায় আৰু অধিক উৎপাদনক্ষম?

(ক) পলসুৱা মাটি।

(গ) ক’লা মাটি।

(খ) লেটেৰাইট মাটি।

(ঘ) হাবি মাটি।

উত্তৰঃ (ক) পলসুৱা মাটি।

(ii) কোনবিধক ৰেগুৰ মাটি নামেৰেও জনা যায়

(ক) লবনাক্ত মাটি।

(গ) ক’লা মাটি।

(খ) শুকান মাটি।

(ঘ) লেটেৰাইট মাটি।

উত্তৰঃ (গ) ক’লা মাটি।

iii) তলৰ কোনটোৰ দ্বাৰা ভাৰতৰ মাটিৰ ওপৰৰ অংশটো নোহোৱা হয়?

(ক) বতাহৰ খননকার্য।

(খ) পানীৰ খননকার্য।

(গ) অতিপাত ধূই নিয়া (leaching)।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বতাহৰ খননকার্য।

(iv) তলত উল্লেখ কৰা কোনটোৰ পানীযোগানৰ সহায়ত খেতি কৰা মাটিত লৱণতা বৃদ্ধি পায়?

(ক) জিপচাম যোগ দিয়া।

(খ) বেছিকৈ ঘাঁহ খোৱা।

(গ) অত্যাধিক পানী যোগান।

(ঘ) সাৰৰ প্ৰয়োগ।

উত্তৰঃ (গ) অত্যাধিক পানী যোগান।

২। ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) মাটি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত শিলৰ গুৰি বা খনিজ পদাৰ্থ আৰু জৈৱ পদাৰ্থৰ সংমিশ্ৰণৰ ফলত গঠন হোৱা নৰম স্তৰটোক মাটি বোলে। এই মাটিত গছ-গছনি গজি উঠে আৰু ই কৃষিকাৰ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।

(ii) মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰকবোৰ কি?

উত্তৰঃ মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰকসমূহ হ’ল— ভূ-অৱয়ব (Relief), মূল পদাৰ্থ (Parent Material), জলবায়ু, উদ্ভিদ আৰু অন্যান্য জীৱ (Biota) আৰু সময়। এই কাৰকসমূহে একেলগে কাম কৰি মাটিৰ গঠন আৰু স্বভাৱ নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও মানুহৰ বিভিন্ন কাৰ্যকলাপেও মাটিৰ গঠনত উল্লেখযোগ্য প্ৰভাৱ পেলায়।

(iii) মাটিৰ প্ৰফাইলৰ (profile) তিনিটা দিগন্ত বা মণ্ডলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ মাটিৰ প্ৰফাইল বুলিলে মাটিৰ ওপৰৰ পৰা তললৈ দেখা পোৱা বিভিন্ন স্তৰসমূহক বুজায়। মাটিৰ প্ৰফাইলৰ তিনিটা মুখ্য দিগন্ত বা মণ্ডল হ’ল—

(ক) দিগন্ত ‘A’: এই দিগন্তটো মাটিৰ একেবাৰে ওপৰৰ স্তৰ। ইয়াত জৈৱ পদাৰ্থ (হিউমাছ) আৰু খনিজ পদাৰ্থৰ মিশ্ৰণ থাকে। লগতে পানী আৰু পোষক দ্ৰব্য উপস্থিত থাকি উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে।

(খ) দিগন্ত ‘B‘: এইটো মধ্যবৰ্তী মণ্ডল, যি দিগন্ত ‘A’ আৰু দিগন্ত ‘C’ ৰ মাজত অৱস্থিত। এই দিগন্তত ওপৰৰ স্তৰ পৰা আহি জমা হোৱা খনিজ পদাৰ্থ অধিক থাকে। ইয়াত জৈৱ পদাৰ্থৰ পৰিমাণ তুলনামূলকভাৱে কম আৰু অজৈৱ পদাৰ্থ বেছি দেখা যায়।

(গ) দিগন্ত ‘C’: এই দিগন্তটো বিচূৰ্ণীভবিত মূল শিলৰ অংশৰে গঠিত। ইয়াত মাটিৰ গঠন সম্পূৰ্ণ নহয় আৰু জৈৱ পদাৰ্থ প্ৰায় নাথাকে।

(iv) মাটিৰ বিনষ্টকৰণ (degradation) মানে কি?

উত্তৰঃ বছৰ বছৰ ধৰি মাটি ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰা শক্তি কমি যায়। যাৰ ফলত মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হয়। এই মাটি নষ্ট হৈ যোৱা কাৰ্যক মাটিৰ বিনষ্টকৰণ বোলে।

(v) খাদৰ (khadar) আৰু ভাংগৰ (bhangar) ৰ মাজত পার্থক্য কি?

উত্তৰঃ খাদৰ আৰু ভাংগৰৰ মাজত পাৰ্থক্য হ’ল-

(ক) খাদৰ বিধ হ’ল নতুন পলসুৱা মাটি আৰু ই নদীৰ পাৰত বানপানীৰ দ্বাৰা প্ৰতি বছৰে জমা হয়। আনহাতে ভাংগৰ বোৰ হ’ল পুৰণি পলসুৱা মাটি, প্লাৱন অঞ্চলৰ পৰা বহু আতৰত পোৱা যায়।

(খ) খাদৰৰ মাটি বোৰ অধিক সাৰুৱা। আনহাতে ভাংগৰ মাটিবোৰ অতি কম সাৰুৱা।

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) ক’লা মাটি কি? ই কেনেকৈ গঠিত হয় আৰু তাৰ বৈশিষ্টবোৰ কি?

উত্তৰঃ যি মাটি সাধাৰণতে গভীৰ, আলটিয়া (sticky) আৰু অভেদ্য হয়, পানী পৰিলে ফুলি উঠে আৰু শুকান বতৰত ফাট মেলে বা কোচ খায়, তেনে গুণবিশিষ্ট মাটিক ক’লা মাটি বোলে। এই মাটিক ‘ৰেগুৰ মাটি’ বা ‘ক’লা কপাহ মাটি’ বুলিও কোৱা হয়।

গঠনঃ
ক’লা মাটি মূলতঃ বেচাল্টিক শিলৰ বিচূৰ্ণীভবনৰ ফলত গঠিত। এই মাটিয়ে পানী কমকৈ শুহি লয় আৰু সোনকালে এৰি নিদিয়ে। সেয়ে ইয়াত জলীয়ভাপ বহুদিন ধৰি থাকে, যিয়ে বৰষুণ-নির্ভৰশীল শস্যক খৰাং অৱস্থাতো বাচি থাকিবলৈ সহায় কৰে। ভাৰতত বিশেষকৈ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আদি অঞ্চলত ক’লা মাটি পোৱা যায়।

ক’লা মাটিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) ক’লা মাটিত চূণ, লোহা, মেগনেছিয়া আৰু এলুমিনাৰ পৰিমাণ অধিক থাকে।
(খ) এই মাটি যথেষ্ট উৰ্বৰা আৰু কৃষিকাৰ্যৰ বাবে উপযোগী।
(গ) ফসফৰাছ, নাইট্ৰোজেন আৰু জৈৱ পদাৰ্থৰ পৰিমাণ তুলনামূলকভাৱে কম।
(ঘ) কপাহ খেতিৰ বাবে অতি উপযোগী হোৱা বাবে ইয়াক ‘ক’লা কপাহ মাটি’ বুলিও কোৱা হয়।
(ঙ) এই মাটিয়ে বহুদিনলৈ জলীয়ভাপ ধৰি ৰাখিব পাৰে।
(চ) এই মাটিৰ ৰং সাধাৰণতে গভীৰ ক’লা পৰা ধূসৰ ক’লা পৰ্যন্ত হয়।

(ii) মাটি সংৰক্ষণ কাক বোলে? মাটি সংৰক্ষণ কৰা কেইটামান উপায়ৰ বিষয়ে লিখা।

উত্তৰঃ যিসকল ব্যৱস্থা বা পদ্ধতিৰ সহায়ত মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰি, মাটিৰ খনন (erosion) ৰোধ কৰিব পাৰি আৰু মাটিৰ অৱনতি অৱস্থাৰ উন্নতি সাধন কৰিব পাৰি, সেই সকলো ব্যৱস্থাক একেলগে মাটি সংৰক্ষণ বোলে।

বৰ্তমান মাটি সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা অৱলম্বন কৰা হয়। তাৰে কেইটামান গুৰুত্বপূৰ্ণ উপায় তলত উল্লেখ কৰা হ’ল—

(ক) সমোচ্চ বান্ধ নিৰ্মাণ: এঢলীয়া আৰু পাহাৰীয়া অঞ্চলত সমোচ্চ ৰেখা অনুসৰি বান্ধ নিৰ্মাণ কৰিলে পানীৰ গতি হ্ৰাস পায় আৰু মাটিৰ খনন ৰোধ হয়। ইয়াৰ ফলত মাটি সংৰক্ষিত হৈ থাকে।

(খ) সমোচ্চ বেদিকা (Terracing): পাহাৰীয়া অঞ্চলত সোপান আকাৰৰ খেতি ভূমি গঢ়ি তুলিলে পানীৰ প্ৰবাহ কমে আৰু মাটি খহন নঘটে।

(গ) বৃক্ষৰোপণ আৰু হাবি সংৰক্ষণ: হাবি-জংগল নাথাকিলে মাটি সহজে খহে। গছ-গছনিৰ মূলই মাটিক ধৰি ৰাখে, সেয়ে বৃক্ষৰোপণ মাটি সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ উপায়।

(ঘ) গৰু চৰা নিয়ন্ত্ৰণ: অধিক গৰু-ছাগলী চৰণে ঘাঁহ-বন নষ্ট হয় আৰু মাটি ঢিলা হয়। গৰু চৰা নিয়ন্ত্ৰণ কৰিলে মাটিৰ উৰ্বৰতা আৰু গঠন ৰক্ষা পায়।

(ঙ) শস্যাৱৰ্ত্তন আৰু মিশ্ৰিত কৃষি: একেধৰণৰ শস্য একে ঠাইত বাৰে বাৰে খেতি নকৰি শস্যাৱৰ্ত্তন আৰু মিশ্ৰিত কৃষি ব্যৱস্থা কৰিলে মাটিৰ পোষক দ্ৰব্য ৰক্ষা পায়।

(চ) আবৰণ শস্যৰ খেতি: মাটিৰ ওপৰত আবৰণ শস্য খেতি কৰিলে পানী আৰু বতাহৰ দ্বাৰা হোৱা খনন ৰোধ হয়।

(iii) কোনো এক প্ৰকাৰৰ মাটি সাৰুৱা হয় নে নহয় কেনেকৈ জানিবা? প্রাকৃতিক পদ্ধতিত সাৰুৱা হোৱা মাটি আৰু কৃত্রিমভাবে সাৰুৱা কৰা মাটিৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ প্ৰাকৃতিকভাৱে সাৰুৱা হোৱা মাটি আৰু কৃত্ৰিমভাৱে সৰুৱা হোৱা মাটিৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-

প্ৰাকৃতিকভাৱে সাৰুৱা হোৱা মাটিবোৰৰ উৰ্বৰা শক্তি প্ৰাকৃতিক ভাৱেে বৃদ্ধি হয়। সেইবাবে এই মাটিবোৰক প্ৰাকৃতিক সাৰুৱা মাটি বোলে। এই মাটি খেতিৰ বাবে বৰ উপযোগী। প্ৰাকৃতিক সাৰুৱা মাটিৰ গঠন, বৰন আৰু মাটিৰ গুণাগুণ বেলেগতকৈ বেলেগ। ইয়াৰ ওপৰিও এই হিউমাচ পোৱা যায়।

কৃত্ৰিমভাৱে সাৰুৱা হোৱা মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ হ’লে মাটিত নিদিষ্ট পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা উচিত। অৰ্থাৎ এই মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতহে উৰ্বৰা শক্তি বৃদ্ধি হয়। সেইবাবে এই মাটিক কৃত্ৰিমভাৱে সাৰুৱা হোৱা মাটি বোলে। এই মাটিত খেতি কৰিবৰ বাবে প্ৰতি বছৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। অন্যথা সাৰ প্ৰয়োগ নকৰিলে এই উৰ্বৰা শক্তি নাইকিয়া হ’ব। যাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। আদি।

Scroll to Top