অনুশীলন
১। বহু পচন্দৰ প্ৰশ্নবোৰ:
(i) ভূ-গঠনৰ কোনটো পর্যায়ত নিম্নমুখী খনন কার্য অধিক?
(ক) তৰুণ অবস্থা ।
(খ) প্রৌঢ় অৱস্থাৰ শেষভাগত ।
(গ) প্রৌঢ় অৱস্থাৰ আগভাগত ।
(ঘ) বৃদ্ধ অৱস্থাত ।
উত্তৰঃ (ক) তৰুণ অৱস্থা।
(ii) বেদিকা বা স্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকাক কোৱা হয়
(ক) U- আকৃতিৰ উপত্যকা
(খ) খাত (Gorge)
(গ) অন্ধ উপত্যকা (Blind Valley)
(ঘ) কন্দৰ (Canyon)
উত্তৰঃ (ঘ) কন্দৰ (Canyon)
(iii) ভৌতিক বিচূর্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূর্ণীভৱন প্রক্রিয়া তলৰ কোনটো অঞ্চলত অধিক?
(ক) আর্দ্র অঞ্চলত (Humid region)
(খ) চুনশিল অঞ্চল (Limestone region)
(গ) মৰু অঞ্চল (Arid region)
(ঘ) তুষাৰ আবৃত অঞ্চল (Glacier region)
উত্তৰঃ (ক) আৰ্দ্ৰ অঞ্চলত।
(iv) তলৰ কোনটো বাক্যই ‘লেপি (Lapies)’ সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে?
(ক) সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ
(খ) এটা ভূ-অবয়ব যাৰ মুখখন ওপৰৰ ফালে কম বেছি পৰিমাণে বৃত্তাকাৰ আৰু তলৰ ফালে চুপি আকৃতিৰ
(গ) উপৰিভাগৰ পৰা পানী জিপ-জিপকৈ (dripping) সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ-অবয়ব
(ঘ) তীক্ষ্ণ পিনকোন (জোঙা ভূ-অবয়ব) (Pinnacles), গাত (grooves) আৰু শৈলশিৰা (ridges) থকা অসমান ভূ-পৃষ্ঠ।
উত্তৰঃ (ঘ) তীক্ষ্ণ পিনকোন (জোঙা ভূ-অবয়ব) (Pinnacles), গাত (grooves) আৰু শৈলশিৰা (ridges) থকা অসমান ভূ-পৃষ্ঠ।
(v) গভীৰ, দীঘল আৰু বহল গাত বা মূৰৰফালে আৰু দুই কাষে, থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্রোণীক কোৱা হয়
(ক) চার্ক (Cirque)
(খ) হিমবাহৰ উপত্যকা (Glacial valley)
(গ) পার্শ্ব গ্র
(ঘ) এস্কাৰ (esker)
উত্তৰঃ (ক) চার্ক (Cirque)
২। ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ লিখা।
(i) শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ (incised meanders) আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি সূচায়?
উত্তৰঃ নদীৰ গতি-পথৰ আৰম্ভণি অৱস্থাত ই সাধাৰণতে কঠিন শিলাময় আৰু পাৰ্বত্য অঞ্চলৰ মাজেৰে প্ৰবাহিত হয়। এই অঞ্চলত ভূমিৰ ঢাল বেছি আৰু শিলাবোৰ অতি কঠিন হোৱাৰ বাবে নদীৰ প্ৰধান কাম হয় অৱতল খনন। এই সময়ছোৱাত নদীয়ে নিজৰ পাৰ কাটি ভিতৰলৈ গভীৰভাৱে খনন কৰে আৰু ইয়াৰ ফলতেই ভিতৰমুখী ভাঁজ (Incised Meanders)ৰ সৃষ্টি হয়। সেয়েহে শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজে অঞ্চলটোৰ শিলাৰ কঠিনতা আৰু ভূমিৰ ঢাল অধিক থকা কথা সূচায়।
আনহাতে, নদী যেতিয়া পলসুৱা সমভূমিত প্ৰৱেশ কৰে, তেতিয়া ভূমিৰ ঢাল কম আৰু মাটি কোমল হয়। এই অৱস্থাত নদীৰ গতি ধীৰ হয় আৰু পাৰ্শ্বীয় খনন অধিক হয়। ফলস্বৰূপে নদীয়ে বিস্তৃত ভাঁজ সৃষ্টি কৰে। সেয়েহে পলসুৱা সমভূমিত হোৱা ভাঁজে অঞ্চলটোৰ মাটিৰ কোমলতা আৰু ভূমিৰ ঢাল কম থকা কথা সূচায়।
(ii) অন্তর্নিহীত উপত্যকা বা উভালাচ (Valley Sinks বা Uvalas) ব ক্রমবিকাশৰ সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ ভূমিগত জলৰ ক্ৰিয়াৰ ফলত বিশেষকৈ চূনশিল (Limestone) আৰু ডলমাইট প্ৰধান অঞ্চলত বিভিন্ন প্ৰকাৰৰ কাৰ্স্ট ভূ-অৱয়বৰ সৃষ্টি হয়। তেনে এক গুৰুত্বপূৰ্ণ ভূ-অৱয়বৰ নাম হৈছে অন্তৰ্নিহীত উপত্যকা বা উভালাচ (Uvala)।
ভূ-পৃষ্ঠত প্ৰৱাহিত পানী যেতিয়া নিপাত বা দ্ৰবণ গৰ্ত (sink hole)ৰ জৰিয়তে ভূ-ত্বকৰ ভিতৰলৈ সোমাই ভূমিগত জল হিচাপে কিছুদূৰ প্ৰৱাহিত হয় আৰু পিছলৈ কোনো খোলা গুহা বা প্ৰাকৃতিক দ্বাৰৰ মাধ্যমেৰে পুনৰ ভূ-পৃষ্ঠলৈ ওলাই আহে। এই ভূমিগত জল প্ৰৱাহিত হোৱা অংশটো কেতিয়াবা চূনশিলৰ দ্ৰবণ, গুহাৰ ছাদ খহি পৰা বা পদাৰ্থৰ স্খলনৰ ফলত বিস্তৃত হয়।
এইদৰে বহু সৰু সৰু নিপাত বা গৰ্ত একেলগে মিলি গৈ দীঘল আৰু ঠেক খাত সদৃশ ভূমিৰ সৃষ্টি কৰে। এই দীঘল, অবতল আৰু সংকীৰ্ণ উপত্যকাসমূহক অন্তৰ্নিহীত উপত্যকা বা উভালাচ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তেই উভালাচৰ ক্ৰমবিকাশ ঘটে।
(iii) চুনশিল অঞ্চলত পানীৰ ভূমিতল গতি, পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয়, কিয়?
উত্তৰঃ চূনশিল প্ৰধান অঞ্চলত পানীৰ গলন প্ৰক্ৰিয়া অতি দ্ৰুতগতিত ঘটে। চূনশিল পানীত সহজে দ্ৰৱীভূত হোৱা বাবে ভূ-ত্বকৰ ভিতৰত বহু গুহা, ৰন্ধ্ৰ আৰু পথৰ সৃষ্টি হয়। এইবোৰ পথৰ জৰিয়তে পানী সহজে আৰু দ্ৰুতগতিত ভূমিতলৰ ভিতৰেৰে প্ৰবাহিত হয়। সেয়েহে চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি পৃষ্ঠ গতিতকৈ অধিক হয়।
তদুপৰি, চূনশিল অঞ্চলত সাধাৰণতে ভূমিতলৰ ঢাল তুলনামূলকভাৱে বেছি থাকে, যাৰ ফলত ভূমিগত জলৰ গতি অধিক হয়। ইয়াৰ বিপৰীতে, পৃষ্ঠ জল প্ৰৱাহিত হোৱা অঞ্চলত মাটিৰ ঢাল সাধাৰণতে কম থাকে আৰু পানী মাটিৰ উপৰত বোৱাত বিভিন্ন জাৱৰ, গছ-গছনি আৰু মাটিৰ বাধাৰ সন্মুখীন হয়। এইবোৰে পানীৰ গতি বাধাগ্ৰস্ত কৰে।
এইদৰে, গলন প্ৰক্ৰিয়াই সৃষ্টি কৰা ভূগৰ্ভস্থ পথসমূহে ভূমিগত জলৰ গতি বঢ়োৱাৰ বিপৰীতে পৃষ্ঠত থকা বাধাসমূহে পৃষ্ঠ জলৰ গতি কম কৰি তোলে। সেইকাৰণেই চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি পৃষ্ঠ গতিতকৈ অধিক হয়।
(iv) হিমবাহৰ উপত্যকাবোৰত বহুতো দীঘলভাবে গঠিত হোৱা অৱক্ষেপিত গঠন (linear depositional forms) দেখা যায়। সিহঁতৰ অৱস্থানিক নামবোৰ লিখা।
উত্তৰঃ হিমবাহে ইয়াৰ গতি পথত বা উপত্যাকাবোৰত অনেক ধৰনৰ ভূ-অৱয়বৰ সৃষ্টি কৰে। সেই অৱয়ববোৰৰ ভিতৰত দীঘলভাৱে গঠিত হোৱা অৱক্ষেপিত গঠন বোৰৰ নাম আৰু সেইবোৰৰ অৱস্থান তলত উল্লেখ কৰা হল-
(ক) প্ৰান্ত গ্ৰাৱঃ এই অৱক্ষেপিত গঠনবোৰ হিমবাহৰ অন্তিম অৱস্থাত দেখিবলৈ পোৱা যায়।
(খ) পাৰ্শ্বীয় গ্ৰাৱঃ হিমবাহৰ লগত থকা আৱৰ্জনা বা গেদবোৰ যেতিয়া ইয়াৰ গতিপথৰ দুয়ো কাষে জমা কৰে, তেনে অৱক্ষেপিত গঠনবোৰক পাশ্বীয় গ্ৰাৱ বোলে।
(গ) ভূমি গ্ৰাৱঃ হিমবাহে যেতিয়া গেদবোৰ তাৰ গতিপথৰ ভূমি ভাগত অৱক্ষেপন কৰে তেতিয়া সেই গঠনক ভূমি গ্ৰাৱ নাম দিয়া হয়।
(ঙ) মধ্যগ্ৰাৱঃ কেতিয়াবা দুয়োফালৰ পৰা প্ৰৱাহিত দুটা হিমবাহ লগ লাগি একেলগে প্ৰৱাহিত হব ধৰে, তেনেকুৱা অৱস্থাত ইহঁতৰ মিলিত অংশ মাজ, ভাগত গেদ জমা হোৱা পৰিলক্ষিত হয়। তেনে গেদ বা গ্ৰাৱক মধ্যগ্ৰাৱ বোলা হয়।
(v) মৰুভূমি অঞ্চলত বতাহে কেনেকৈ তাৰ কাৰ্য সম্পাদন কৰে? খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ-অবয়ববোৰৰ কাৰণে বতাহেই একমাত্র দায়ী কাৰক নেকি?
উত্তৰঃ মৰুভূমি অঞ্চলত বৃষ্টিপাত অতি কম আৰু ভূমি সাধাৰণতে বালিময় হয়। এই অঞ্চলত ভৌতিক বিচূৰ্ণীভৱন আৰু ৰাসায়নিক বিচূৰ্ণীভৱন দুয়োটাই যথেষ্ট সক্ৰিয়। এনে পৰিবেশত বতাহেই প্ৰধান ভৌগোলিক কাৰক হিচাপে কাম কৰি খনন, পৰিবহন আৰু অৱক্ষেপণ—এই তিনিটা মুখ্য কাৰ্য সম্পাদন কৰে।
মৰুভূমি অঞ্চলত বতাহে তলত উল্লেখ কৰা তিনিধৰণে প্ৰধানকৈ কাৰ্য সম্পাদন কৰে—
(ক) অৱনমন (Deflation): অৱনমন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ ফলত বতাহে ভূমিৰ ওপৰত থকা পাতল বালি আৰু ধূলিকণা উৰুৱাই এক ঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। এই প্ৰক্ৰিয়াৰ ফলত ভূমিৰ ওপৰৰ স্তৰ ধীরে ধীরে কাটি নিয়া হয় আৰু নিম্নভূমিৰ সৃষ্টি হয়।
(খ) অপঘৰ্ষণ (Abrasion): বতাহৰ লগত গতি কৰা বালিকণাবোৰে পথত থকা শিল, টিলা বা পাহাৰৰ গাত অনবৰত খুন্দিয়াই থাকে। ইয়াৰ ফলত শিলবোৰ ক্ষয়প্ৰাপ্ত হৈ মসৃণ বা অদ্ভুত আকৃতি লাভ কৰে। এই ক্ষয় প্ৰক্ৰিয়াক অপঘৰ্ষণ বুলি কোৱা হয়।
(গ) জোৰে খুন্দা বা সংনিঘৰ্ষণ (Attrition): বতাহৰ লগত পৰিবাহিত বালিকণাবোৰ পৰস্পৰৰ মাজত খুন্দা-খুন্দি লাগি সৰু সৰু কণালৈ পৰিণত হয়। এই ক্ষুদ্ৰ আৰু পাতল কণাবোৰ বতাহে বহু দূৰলৈ সহজে উৰুৱাই লৈ যাব পাৰে।
৩। ১৫০ টা শব্দৰ ভিতৰত উত্তৰবোৰ দিয়া।
(i) আর্দ্র জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্রদান কৰাত বোৱতী পানীয়েই (running water) হ’ল আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক (geomorphic) কাৰক। ব্যাখ্যা কৰা।
উত্তৰঃ আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানী আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক কাৰক হিচাপে ক্ৰিয়া কৰে। এই কথা বিশ্লেষণ কৰিলে দেখা যায় যে পৃথিৱীৰ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ বেছি বা মধ্যম, সেই অঞ্চলসমূহত বৰষুণৰ পৰা সৃষ্টি হোৱা বোৱতী পানীয়ে খনন, পৰিবহন আৰু অৱক্ষেপণৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ ভূ-অৱয়বৰ সৃষ্টি কৰে।
এই কথাটো ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ উদাহৰণেৰে স্পষ্ট কৰিব পাৰি। অসম তথা উত্তৰ-পূৱ ভাৰতৰ জলবায়ু আৰ্দ্ৰ, আনহাতে উত্তৰ ভাৰতৰ কিছুমান অঞ্চল যেনে দিল্লী আদি স্থানৰ জলবায়ু তুলনামূলকভাৱে শুকান। এই দুয়োটা অঞ্চলৰ ভূ-আকৃতি অধ্যয়ন কৰিলে দেখা যায় যে ইয়াত সৃষ্টি হোৱা খননজনিত আৰু অৱক্ষেপণজনিত ভূ-অৱয়বসমূহ গঠনত বৰষুণৰ পানী আৰু নদ-নদীৰ বোৱতী পানীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। অৰ্থাৎ, এই অঞ্চলসমূহৰ উপৰিভাগক বোৱতী পানীয়ে নানা আকৃতি প্ৰদান কৰিছে।
আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলত বৰষুণৰ প্ৰভাৱ অধিক হোৱাৰ বাবে আন ভূ-আকৃতিক কাৰক যেনে বতাহ বা হিমবাহৰ প্ৰভাৱ তুলনামূলকভাৱে অতি নগণ্য। কেৱল কিছুমান পাৰ্বত্য অঞ্চলত সামান্য পৰিমাণৰ হিমবাহৰ ক্ৰিয়া আৰু কিছুমান বিশেষ অঞ্চলত অল্প পৰিমাণৰ বতাহৰ ক্ৰিয়া দেখা যায়, কিন্তু এইবোৰৰ প্ৰভাৱ বোৱতী পানীৰ তুলনাত যথেষ্ট কম।
সেয়ে, ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়েই আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক কাৰক হিচাপে ক্ৰিয়া কৰি আহিছে।
(ii) আর্দ্র জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত চুনশিলৰ কাৰ্যকাৰিতা বেলেগ বেলেগ হয় কিয়? চুনশিল অঞ্চলত প্রধান আৰু প্রায় একমাত্র ভূ-আকৃতিক প্রক্রিয়া (geomorphic process) কি আৰু ইয়াৰ ফলাফলবোৰ কি?
উত্তৰঃ আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত চূনশিলৰ কাৰ্যকাৰিতা বেলেগ বেলেগ হয়। ইয়াৰ মুখ্য কাৰণ হৈছে পানীৰ উপস্থিতি, বিশেষকৈ বৰষুণৰ পৰিমাণ। আৰ্দ্ৰ জলবায়ু অঞ্চলত বৰষুণৰ পৰিমাণ বেছি হয়, আনহাতে শুকান জলবায়ু অঞ্চলত বৰষুণ অত্যন্ত সীমিত। সেয়েহে যিমানেই বৰষুণ বা পানীৰ পৰিমাণ বেছি হয়, চূনশিলৰ কাৰ্যকাৰিতা সিমানেই অধিক হয়; আৰু বৰষুণৰ পৰিমাণ কম হ’লে চূনশিলৰ বিভিন্ন ভূ-আকৃতিক কাৰ্যও হ্ৰাস পায়।
চূনশিল অঞ্চলত প্ৰধান আৰু প্ৰায় একমাত্ৰ ভূ-আকৃতিক প্ৰক্ৰিয়া হৈছে দ্ৰৱন বা গলন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া বিশেষকৈ সেই অঞ্চলসমূহত অধিক সক্ৰিয় হয় য’ত ভূ-পৃষ্ঠৰ শিলাবোৰ চূনশিলজাতীয় আৰু য’ত কেলছিয়াম কাৰ্বনেটৰ পৰিমাণ অধিক থাকে। চূনশিল পানীত সহজে দ্ৰৱীভূত হোৱাৰ বাবে বৰষুণ হ’লে পৃষ্ঠত প্ৰৱাহিত হোৱা পানীৰ তুলনাত অধিক পৰিমাণৰ পানী চূনশিলৰ ফাঁকৰ মাজেৰে ভিতৰলৈ সোমাই যায় আৰু ভূমিগত জল হিচাপে প্ৰৱাহিত হয়।
এই ভূমিগত জল চূনশিলৰ মাজত দ্ৰৱন ক্ৰিয়া সংঘটিত কৰি বিভিন্ন প্ৰকাৰৰ ভূ-অৱয়বৰ সৃষ্টি কৰে। এইবোৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি— ক্ষয়কাৰ্যজনিত স্থলাকৃতি আৰু অৱক্ষেপজনিত স্থলাকৃতি।
ক্ষয়কাৰ্যজনিত স্থলাকৃতিঃ
(ক) কুণ্ড, (খ) ঘোল ৰন্ধ্ৰ, (গ) লেপিজ, (ঘ) চূনশিলৰ ভেটি, (ঙ) কন্দৰ বা গুহা, (চ) উভালা, (ছ) দোলাইন বা নিপাত গৰ্ত,
অৱক্ষেপজনিত স্থলাকৃতিঃ
(ক) ষ্টেলেকটাইটচ, (খ) ষ্টেলেগ মাইটচ, (গ) স্তম্ভ
(iii) বৰফৰ ক্ৰিয়াৰ ফলত কেনেকৈ উচ্চ পার্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত হয় আলোচনা কৰা।
উত্তৰঃ ভূ-পৃষ্ঠৰ উপৰিভাগৰ আকৃতি পৰিৱৰ্তন কৰাত যিবোৰ প্ৰধান ভূ-আকৃতিক কাৰকে খনন কাৰ্য সম্পাদন কৰে, তাত বৰফৰ ক্ৰিয়া বা হিমবাহ এক গুৰুত্বপূৰ্ণ কাৰক। এই ক্ৰিয়া বিশেষকৈ উচ্চ পাৰ্বত্য অঞ্চল আৰু শীতপ্ৰধান অঞ্চল, যেনে মেৰু অঞ্চলসমূহত অধিক সক্ৰিয় হৈ নানা প্ৰকাৰৰ ভূ-অৱয়বৰ সৃষ্টি কৰে।
মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি যেতিয়া বৃহৎ পৰিমাণৰ বৰফ ধীৰে ধীৰে তললৈ নামি আহে, তেতিয়া সেই গতিশীল বৰফক হিমবাহ বুলি কোৱা হয়। হিমবাহৰ গতি অত্যন্ত মন্থৰ; বিভিন্ন পৰ্যবেক্ষণৰ পৰা দেখা গৈছে যে ই এদিনত কেই চেন্টিমিটাৰৰ পৰা কেইবা মিটাৰমান আগবঢ়ে। যদিও হিমবাহৰ গতি ধীৰ, তথাপিও ইয়াৰ ক্ষয়কাৰ্য অতি শক্তিশালী আৰু ধ্বংসাত্মক।
হিমবাহবোৰ অতি বৃহৎ আৰু ভাৰী বৰফৰ খণ্ড হোৱাৰ বাবে যেতিয়া ই কোনো ভূমিৰ ওপৰেৰে গতি কৰে, তেতিয়া ইয়াৰ বিপুল ওজনৰ ফলত ভূমিত তীব্ৰ চাপ পৰে। ইয়াৰ ফলত হিমবাহে ঘৰ্ষণ, অপঘৰ্ষণ আৰু সংনিঘৰ্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ গতিপথত থকা শিলা, পাহাৰ আৰু অন্যান্য পদাৰ্থবোৰ কাটি, ঘঁহি আৰু টানি লৈ যায়। এই প্ৰক্ৰিয়াত উপত্যকাৰ তলভাগ আৰু পাৰ্শ্বীয় অংশ গভীৰভাৱে ক্ষয়প্ৰাপ্ত হয়। হিমবাহৰ ক্ষয়কাৰ্য ইমানেই শক্তিশালী যে কেতিয়াবা আগতে বিচূৰ্ণীভৱন নোহোৱা কঠিন শিলাখণ্ডো ক্ষয়প্ৰাপ্ত হয়।
এইদৰে বছৰৰ পাছত বছৰ ধৰি হিমবাহৰ অবিৰত ঘৰ্ষণ আৰু অপঘৰ্ষণ কাৰ্যৰ ফলত উচ্চ আৰু খাঁজযুক্ত পাৰ্বত্য অঞ্চল ধীৰে ধীৰে ক্ষয় হৈ নিম্ন পাহাৰ আৰু শেষত সমতল ভূমিলৈ ৰূপান্তৰিত হয়। অৱশ্যে হিমবাহৰ গতি মন্থৰ আৰু ইয়াৰ কাৰ্যক্ষেত্ৰ সীমিত হোৱাৰ বাবে এই ৰূপান্তৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ বহু দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।
ইয়াৰ উপৰিও বৰফ সৃষ্টি, বৰফ জমা হোৱা আৰু সেই বৰফ গলি হিমবাহলৈ ৰূপান্তৰিত হ’বলৈ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ—যেনে অত্যন্ত শীতল জলবায়ু আৰু উচ্চ ভূমিৰ উপস্থিতি—অতি প্ৰয়োজনীয়। এই পৰিবেশৰ অবিহনে উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ বা সমতললৈ ৰূপান্তৰিত হোৱাটো সম্ভৱ নহয়।