AHSEC Class 11 Geography Chapter 8। জলবায়ু Question And Answer।

অনুশীলনী

১. বহু পচন্দৰ প্রশ্নাবলী-

(ক) নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে।

১) অক্সিজেন ।

২) নাইট্র’জেন ।

৩) আর্গন ।

৪) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ ১) অক্সিজেন ।

(খ) মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হ’ল:

১) ঔৰমণ্ডল ।

২) ট্রপ’মণ্ডল ।

৩) মেছমগুল ।

৪) আয়নমণ্ডল।

উত্তৰঃ ২) ট্রপ’মণ্ডল ।

(গ) সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোৱাৰ এলান্ধু, মিহি মৃত্তিকা এইবোৰ সম্মিলিত হৈ আছে:

১) গেছ ।

২) ধূলিকণা ।

৩) জলীয় ভাপ ।

৪) পপীয়া তৰা ।

উত্তৰঃ ২) ধূলিকণা ।

(ঘ) বায়ুমণ্ডলৰ কিমান ঊর্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য?

১) ১০ কিলোমিটাৰ ।

২) ১২০ কিলোমিটাৰ ।

৩) ১০০ কিলোমিটাৰ ।

৪) ১৫০ কিলোমিটাৰ ।

উত্তৰঃ (২) ১২০ কিলোমিটাৰ।

(ঙ) নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্রত স্বচ্ছ আৰু পার্থিব ওলাই যোৱা বিকিৰণত অস্বচ্ছ?

১) অক্সিজেন।

৩) হিলিয়াম।

২) নাইট্র’জেন।

৪) কাৰ্বন-ডাই-অক্সাইড।

উত্তৰঃ ৪) কাৰ্বন-ডাই-অক্সাইড।

(২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্রশ্নবোৰৰ উত্তৰ দিয়া।

(ক) বায়ুমণ্ডল বুলি ক’লে কি বুজা?

উত্তৰঃ বায়ুমণ্ডল হৈছে বিভিন্ন প্ৰকাৰৰ গেছৰ এক সংমিশ্ৰণ, যি পৃথিৱীক চাৰিওফালে আৱৰি আছে। এই বায়ুমণ্ডলে জীৱজন্তুৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড যোগান ধৰে। ইয়াৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু পৃথিৱীত জীৱৰ অস্তিত্ব বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(খ) বতৰ আৰু জলবায়ুব উপাদান সমূহ কি কি?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানসমূহ হৈছে— উত্তাপ, বায়ুচাপ, বতাহ, আৰ্দ্ৰতা, ডাৱৰ আৰু বৃষ্টিপাত। এই উপাদানসমূহ বায়ুমণ্ডলৰ গুৰুত্বপূৰ্ণ অংশ আৰু এইবোৰ সঘনে পৰিবৰ্তিত হয়। এই পৰিবৰ্তনৰ ফলত পৃথিৱীৰ বতৰ আৰু জলবায়ুত পৰিৱৰ্তন দেখা যায় আৰু ই মানুহৰ জীৱন-যাপন আৰু কাৰ্যকলাপত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

(গ) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া।

উত্তৰঃ বায়ুমণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰ এক বিস্তৃত আৱৰণ। ই মূলতঃ বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলি-মাকতিৰ দ্বাৰা গঠিত। বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছ থাকে। ইয়াৰ ভিতৰত নাইট্ৰ’জেনৰ পৰিমাণ আটাইতকৈ বেছি আৰু তাৰ পাছতেই অক্সিজেন।

বায়ুমণ্ডলৰ তলৰ স্তৰসমূহত গেছসমূহৰ অনুপাত প্ৰায় একে থাকে যদিও ঊৰ্ধ্বতম স্তৰলৈ যোৱাৰ লগে লগে গেছসমূহৰ অনুপাতত পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে, প্ৰায় ১২০ কিলোমিটাৰ উচ্চতাত অক্সিজেন গেছৰ পৰিমাণ যথেষ্ট কমি যায়। ইয়াৰ উপৰিও বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু ধূলি-মাকতিয়ে বতাহ, ডাৱৰ গঠন আৰু বৃষ্টিপাতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ঘ) বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্রপমণ্ডলৰ গুৰুত্ব কিয় বেছি?

উত্তৰঃ বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপ’মণ্ডলৰ গুৰুত্ব আটাইতকৈ বেছি, কাৰণ এই স্তৰটোতেই মানুহসহ সকলো জীৱৰ জীৱন নিৰ্ভৰ কৰে। ট্ৰপ’মণ্ডলৰ গড় উচ্চতা প্ৰায় ১৩ কিলোমিটাৰ। মেৰু অঞ্চলত ইয়াৰ বিস্তৃতি প্ৰায় ৮ কিলোমিটাৰ আৰু নিৰক্ষীয় অঞ্চলত প্ৰায় ১৮ কিলোমিটাৰলৈ বিস্তৃত।

নিৰক্ষীয় অঞ্চলত সূৰ্যৰ উত্তাপ অধিক পোৱাৰ ফলত শক্তিশালী পৰিচলন বায়ু সৃষ্টি হয়, যাৰ ফলত উত্তাপ ওপৰলৈ পৰিবাহিত হয়। সেইবাবে নিৰক্ষীয় অঞ্চলত ট্ৰপ’মণ্ডলৰ গাঢ়তা আটাইতকৈ বেছি দেখা যায়। বায়ুমণ্ডলৰ প্ৰায় সকলো ধূলিকণা, জলীয় বাষ্প আৰু আৰ্দ্ৰতা এই স্তৰটোৰ ভিতৰতে থাকে।

ট্ৰপ’মণ্ডলতেই বতৰ আৰু জলবায়ুৰ সকলো পৰিৱৰ্তন সংঘটিত হয়, যেনে— বতাহ, ডাৱৰ গঠন, বৃষ্টিপাত আদি। ইয়াৰ উপৰিও এই স্তৰত উচ্চতা বৃদ্ধি পোৱাৰ লগে লগে প্ৰতি প্ৰায় ১৬৫ মিটাৰত ১° ছেলছিয়াছকৈ উষ্ণতা হ্ৰাস পায়। সকলো প্ৰয়োজনীয় বায়বিক ক্ৰিয়া এই স্তৰটোতেই সংঘটিত হয়, সেইবাবেই ট্ৰপ’মণ্ডলৰ গুৰুত্ব সকলোতকৈ বেছি।

(৩) নিম্নলিখিত প্রশ্নকেইটাৰ প্রায় ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(ক) বায়ু মণ্ডলৰ উপাদানবোৰৰ বর্ণনা দিয়া।।

(খ) বায়ুমণ্ডলৰ গঠন সম্পর্কীয় উপযুক্ত এটা চিত্র অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বর্ণনা কৰা।

Scroll to Top