AHSEC Class 11 Geography Chapter 9 সৌৰ বিকিৰণ তাপৰ ভাৰাসাম্য়তা আৰু উষ্ণতা Question And Answer

অনুশীলন

১। বিবিধ পচন্দৰ প্ৰশ্নবোৰঃ

(ক) ২১ জুনৰ দিনা দুপৰীয়া সূর্য লম্বমান হয়:

১) বিষুবত ।

২) ২৩.৫° দক্ষিণ অক্ষৰেখাত ।

৩) ২৩.৫° উত্তৰ অক্ষৰেখাত ।

৪) ৬৬.৫° উত্তৰ অক্ষৰেখাত ।

উত্তৰঃ ৩) ২৩.৫° উত্তৰ অক্ষৰেখাত ।

(খ) নিম্নলিখিত মহানগৰৰসমূহৰ, ভিতৰত কোনখনত দিনবোৰ দীঘল?

১) তিৰুৱন্তপুৰম ।

২) চণ্ডীগড় ।

৩) হায়দৰাবাদ ।

৪) নাগপুৰ ।

উত্তৰঃ ১) তিৰুৱন্তপুৰম ।

(গ) বায়ুমণ্ডল প্রধানকৈ তপত হয়,

১) হ্রস্ব তৰংগ সূর্য বিকিৰণৰ দ্বাৰা ।

২) প্রতিফলিত সৌৰ বিকিৰণৰ দ্বাৰা ।

৩) দীর্ঘ তৰংগৰ পার্থিব বিকিৰণৰ দ্বাৰা ।

৪) সিঁচৰতি হৈ পৰা সৌৰ বিকিৰণৰ দ্বাৰা ।

উত্তৰঃ ৩) দীর্ঘ তৰংগৰ পার্থিব বিকিৰণৰ দ্বাৰা ।

২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্রশ্নবোৰৰ উত্তৰ লিখা-

(ক) পৃথিৱী গ্রহত, সময় আৰু ঠাই সাপেক্ষে, কেনেদৰে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য কৰে বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱী গ্ৰহৰ আকৃতি গোলকীয় (জিয়ইড) হোৱাৰ বাবে সূৰ্য্যৰ পৰা অহা তাপশক্তি সকলো ঠাইত সমানভাৱে বিতৰণ নহয়। নিৰক্ষীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মি প্ৰায় সোজাকৈ পৰে, ফলত তাপৰ পৰিমাণ অধিক হয়; আনহাতে মেৰু অঞ্চলত সূৰ্য্যৰ ৰশ্মি তিৰ্যকভাৱে পৰে, সেইবাবে তাপৰ পৰিমাণ কম হয়। এই অসমান তাপ বিতৰণৰ ফলতেই উত্তাপ, বায়ুচাপ, বতাহ, আৰ্দ্ৰতা আৰু বৃষ্টিপাত আদিৰ মাজত তাৰতম্য সৃষ্টি হয়, যাক বতৰৰ ভিন্নতা বুলিও কোৱা হয়।

এই বতৰৰ অৱস্থা যদি বহু বছৰৰ ধৰি একে ধৰণে অব্যাহত থাকে, তেন্তে সেই অঞ্চলত বিশেষ ধৰণৰ জলবায়ু গঠিত হয়। ইয়াৰ উপৰিও পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে পৰিক্ৰমণ কৰাৰ ফলত বছৰৰ বিভিন্ন সময়ত সূৰ্য্যৰ ৰশ্মিৰ পতন কোণ সলনি হয়, যাৰ ফলত ঋতু পৰিৱৰ্তন ঘটে। এইদৰে সময় আৰু ঠাই সাপেক্ষে অসমান তাপৰ বিতৰণে পৃথিৱীৰ বতৰ আৰু জলবায়ুত তাৰতম্য সৃষ্টি কৰে।

(খ) পৃথিৱীপৃষ্ঠত উত্তাপৰ বিতৰণত নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি?

উত্তৰঃ পৃথিৱীপৃষ্ঠত উত্তাপৰ বিতৰণ নিয়ন্ত্ৰণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ কাৰক আছে। কোনো এখন ঠাইৰ বায়ুৰ উত্তাপত প্ৰধানকৈ প্ৰভাৱ বিস্তাৰ কৰে— অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ পৰা দূৰত্ব, বায়ুপুঞ্জৰ প্ৰবাহ, গৰম আৰু চেঁচা সমুদ্ৰ সোঁত আৰু কিছুমান স্থানীয় কাৰকসমূহে। এই সকলো কাৰকৰ সমূহীয়া প্ৰভাৱতেই পৃথিৱীৰ বিভিন্ন স্থানত উত্তাপৰ বিতৰণ অসমান হোৱা দেখা যায়।

অক্ষাংশঃ কোনো এখন ঠাইৰ উত্তাপ সূৰ্য্যৰ পৰা পোৱা আতপনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। পৃথিৱীৰ গোলকীয় আকৃতিৰ বাবে অক্ষাংশ অনুযায়ী সূৰ্য্যৰ ৰশ্মিৰ পতন কোণ বেলেগ বেলেগ হয়। নিৰক্ষীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মি সোজাকৈ পৰাৰ বাবে উত্তাপ বেছি হয়, আনহাতে উচ্চ অক্ষাংশ বা মেৰু অঞ্চলত ৰশ্মি তিৰ্যকভাৱে পৰে বাবে উত্তাপ কম হয়।

উচ্চতাঃ বায়ুমণ্ডল মূলতঃ পৃথিৱীপৃষ্ঠৰ পৰা নিৰ্গত পাৰ্থিব বিকিৰণৰ দ্বাৰা উত্তাপিত হয়। সেইবাবে সমুদ্ৰ-পৃষ্ঠৰ নিকটৱৰ্তী অঞ্চলত উত্তাপ বেছি আৰু উচ্চ পাহাৰী অঞ্চলত উত্তাপ কম হোৱা দেখা যায়। সাধাৰণতে উচ্চতা বৃদ্ধি পোৱাৰ লগে লগে উষ্ণতা হ্ৰাস পায়; এই হ্ৰাসৰ হাৰক স্বাভাৱিক লেপ্চ হাৰ বোলা হয়।

সমুদ্ৰৰ পৰা দূৰত্বঃ সমুদ্ৰৰ পৰা কোনো ঠাই কিমান ওচৰ বা দূৰত অৱস্থিত তাৰ ওপৰত উত্তাপৰ তাৰতম্য নিৰ্ভৰ কৰে। জলভাগ লাহে ধীৰে উত্তাপ গ্ৰহণ কৰে আৰু লাহে ধীৰে তাপ ত্যাগ কৰে, কিন্তু স্থলভাগ সোনকালে গৰম আৰু সোনকালে চেঁচা হয়। সেয়েহে সমুদ্ৰৰ ওচৰৰ অঞ্চলত উত্তাপৰ তাৰতম্য কম আৰু স্থলভাগৰ ভিতৰুৱা অঞ্চলত উত্তাপৰ তাৰতম্য বেছি হয়।

বায়ুপুঞ্জ আৰু সমুদ্ৰ সোঁতঃ বায়ুপুঞ্জৰ প্ৰবাহে কোনো অঞ্চলৰ উত্তাপ বৃদ্ধি বা হ্ৰাস কৰে। উষ্ণ বায়ুপুঞ্জ প্ৰবাহিত হলে অঞ্চলটো গৰম হয় আৰু চেঁচা বায়ুপুঞ্জ প্ৰবাহিত হলে উষ্ণতা কমি যায়। একেদৰে গৰম সমুদ্ৰ সোঁতে উপকূলীয় অঞ্চল উষ্ণ কৰে আৰু চেঁচা সমুদ্ৰ সোঁতে উষ্ণতা হ্ৰাস কৰে।

তাপ বিতৰণঃ পৃথিৱীৰ গোলকীয় উত্তাপ বিতৰণ বুজিবলৈ সাধাৰণতে জানুৱাৰী আৰু জুলাই মাহৰ উষ্ণতাৰ বিতৰণ অধ্যয়ন কৰা হয়। এই বিতৰণ সমোষ্ণ ৰেখাৰ সহায়ত দেখুওৱা হয়, যিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ উষ্ণতাৰ তাৰতম্য স্পষ্ট কৰি তোলে।

(গ) ভাৰতবৰ্ষত কেৱল মে’ মাহতহে দিনৰ ভাগত উত্তাপ অধিক হয় আনহাতে কর্কট সংক্ৰান্তিৰ পিছত কিয় নহয়?

উত্তৰঃ প্ৰচলিত বতাহ বা বায়ুপুঞ্জই কোনো এক অঞ্চলৰ উত্তাপ নিয়ন্ত্ৰন কৰা দেখা যায়। ভাৰত বৰ্ষত মৌচুমী বায়ুৰ যথেষ্ট প্ৰভাৱ আছে। এই বতাহ গ্ৰীষ্ম কালত অৰ্থাৎ জুন-জুলাই-আগষ্ট মাহত ভাৰত মহাসাগৰৰ পৰা ভাৰতৰ ওপৰৰে চাইবেৰিয়ালৈ গতি কৰে। মে মাহলৈকে ভাৰতত বৰষুন নহয় বাবে উত্তাপ যথেষ্ট বৃদ্ধি পায়। কিন্তু ইয়াৰ পিছত ভাৰতবৰ্ষত যথেষ্ট বৰষুণ হয়, যিয়ে বাঢ়ি অহা উত্তাপৰ পৰিমাণ হ্ৰাস কৰে। সেয়ে কৰ্কট সংক্ৰান্তিৰ পিছত উত্তাপ অধিক হোৱা পৰিলক্ষিত নহয়।

(ঘ) বার্ষিক উত্তাপৰ পৰিসৰ, চাইবেৰিয়াৰ সমভূমিত কিয় বেছি হয়?

উত্তৰঃ পৃথিৱী পৃষ্ঠত উত্তাপ কৰবাত কম আৰু কৰবাত বেছি হোৱা দেখা যায়। এনে ভিন্নতাৰ বাবে কিছুমান কাৰক জগৰীয়া। যিবোৰক উত্তাপ নিয়ন্ত্ৰণ কৰা কাৰক বুলি জনা যায়। এই কাৰক বোৰৰ ভিতৰতে এটা হল সমুদ্ৰৰ পৰা দূৰত্ব। অৰ্থাৎ বৃহৎ জলভাগ বা মহাসাগৰৰ উপকুলৱৰ্তী অঞ্চলত উত্তাপৰ পৰিমাণ কম। উপকুলৰ পৰা যিমানে মহাদেশৰ মাজভাগলৈ সোমাই যোৱা হয়, সিমানেই উত্তাপৰ পৰিসৰ বেছি অনুভৱ হয়। এচিয়া মহাদেশৰ চাইবেৰিয়াৰ ক্ষেত্ৰত ঠিক তেনে দেখা যায়। ই মহাসাগৰৰ পৰা বহু দূৰত্বত অৱস্থিত হোৱা বাবে গৰমৰ দিন বোৰত যথেষ্ট গৰম আৰু শীতৰ দিনবোৰত যথেষ্টশীত অনুভৱ হয়। অৰ্থাৎ বাৰ্ষক উত্তাপৰ পৰিসৰ চাইবেৰিয়াৰ সমভূমিত বেছি পৰিলক্ষিত হয়।

৩) নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ ১৫০ টামান শব্দেৰে লিখা:

(ক) অক্ষৰেখা আৰু পৃথিৱীয়ে নিজা অক্ষত হালি আবৰ্ত্তন কৰা বাবে, পৃথিৱীপৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণৰ ওপৰত কিয় প্ৰভাৱ পৰে?

উত্তৰঃ পৃথিৱীয়ে লাভ কৰা সকলো শক্তিৰ মূল উৎস হল সূৰ্য্য। কিন্তু সূৰ্য্যৰ পৰা অহা তাপ শক্তি পৃথিৱীপৃষ্ঠৰ সকলো ঠাইত একে সময়তে আৰু সমানভাৱে নপৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে পৃথিৱীৰ আকৃতি। পৃথিৱীৰ আকৃতি গোলকীয়, যাক জিয়ইড বোলা হয়। এই গোলকীয় আকৃতিৰ বাবে সূৰ্য্যৰ ৰশ্মি পৃথিৱীপৃষ্ঠত সকলো ঠাইতে সমানভাৱে পতিত নহয়। কিছুমান ঠাইত সূৰ্য্যৰ ৰশ্মি লম্বভাৱে, কিছুমান ঠাইত হেলনীয়াভাৱে আৰু কিছুমান ঠাইত একেবাৰে নপৰাও দেখা যায়। ইয়াৰ ফলত পৃথিৱীপৃষ্ঠত বিকিৰণৰ পৰিমাণ অসমান হয় আৰু ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হয়।

পৃথিৱীৰ আকৃতি গোলকীয় হোৱাৰ লগতে ই নিজ অক্ষত আৱৰ্তন কৰি থাকে। এই আৱৰ্তনৰ ফলত বিষুবীয় অঞ্চলত বছৰৰ সকলো সময়তে সূৰ্য্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰে। সেয়ে এই অঞ্চলত পৃথিৱীপৃষ্ঠই অধিক পৰিমাণৰ সৌৰ বিকিৰণ লাভ কৰে আৰু উত্তাপৰ মাত্ৰাও বেছি হয়। আনহাতে বিষুৱৰ পৰা মেৰু অঞ্চললৈ যিমানেই আগবাঢ়ে, সূৰ্য্যৰ ৰশ্মি ক্ৰমে অধিক হেলনীয়া হৈ পৰে আৰু মেৰু অঞ্চলত কেতিয়াবা সূৰ্য্যৰ ৰশ্মি একেবাৰে নপৰাও দেখা যায়। ফলস্বৰূপে সেই অঞ্চলসমূহত পৃথিৱীপৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ অতি কম বা শূণ্য হয়।

আনহাতে পৃথিৱীয়ে নিজ অক্ষত হালি আৱৰ্তন কৰা বাবেই পৃথিৱীপৃষ্ঠত সূৰ্য্যৰ উপস্থিতিৰ সময়ো অঞ্চলভেদে বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত সূৰ্য্যৰ উপস্থিতি তুলনামূলকভাৱে দীঘলীয়া হোৱা বাবে এই অঞ্চলত অধিক সময় ধৰি সৌৰ বিকিৰণ লাভ হয়। কিন্তু মেৰু অঞ্চলসমূহত সূৰ্য্যৰ উপস্থিতি অতি সীমিত বা বহু সময়ত অনুপস্থিত থাকে। সেয়ে সেই অঞ্চলত পৃথিৱীপৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ কম হয়। এইদৰে অক্ষৰেখা আৰু পৃথিৱীৰ নিজ অক্ষত হালি আৱৰ্তন কৰা কাৰণেই পৃথিৱীপৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণৰ ওপৰত গভীৰ প্ৰভাৱ পৰে।

(খ) পৃথিৱীৰ বায়ুমণ্ডল পদ্ধতিটোৱে কি কি প্রক্রিয়াৰ প্ৰয়োগেৰে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আছে?

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডল পদ্ধতিটোৱে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে কাম কৰি আছে। সূৰ্য্যৰ পৰা পৃথিৱীলৈ অহা সৌৰ ৰশ্মিসমূহ হ্ৰস্ব তৰংগ ৰূপত আহে। এই হ্ৰস্ব তৰংগ সৌৰ ৰশ্মিয়ে পৃথিৱীপৃষ্ঠ উত্তপ্ত কৰি তোলে। পৃথিৱীপৃষ্ঠ উত্তপ্ত হোৱাৰ পাছত ই নিজে বিকিৰণক্ষম হৈ পৰে আৰু বায়ুমণ্ডললৈ তাপ শক্তি বিকিৰণ কৰে। এই বিকিৰণ তাপ দীৰ্ঘ তৰংগ ৰূপত বায়ুমণ্ডল আৰু মহাকাশৰ ফালে গুচি যায়।

দীৰ্ঘ তৰংগ ৰূপে বিকিৰিত হোৱা তাপৰ কিছু অংশ বায়ুমণ্ডলৰ বিভিন্ন গেছ, বিশেষকৈ কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছে শোষণ কৰি লয়। এই শোষণ প্ৰক্ৰিয়াৰ ফলত বায়ুমণ্ডল উত্তপ্ত হয়। এনেদৰে সূৰ্য্যৰ পৰা অহা তাপ শক্তি, পৃথিৱীপৃষ্ঠৰ বিকিৰণ আৰু বায়ুমণ্ডলৰ শোষণ প্ৰক্ৰিয়াৰ মাজত এক তাপীয় ভাৰসাম্য স্থাপিত হয়। ফলস্বৰূপে পৃথিৱীপৃষ্ঠ আৰু বায়ুমণ্ডলত উত্তাপৰ এক সুষম অৱস্থা বজাই থাকে।

ধৰা হল, বায়ুমণ্ডলৰ ঊৰ্ধ্বতন অংশত প্ৰৱেশ কৰা সৌৰ বিকিৰণ বা আতপনৰ পৰিমাণ শতকৰা ১০০ একক। এই সৌৰ বিকিৰণ বায়ুমণ্ডলৰ মাজেৰে আহোতে কিছু অংশ শোষিত হয়, কিছু অংশ প্ৰতিফলিত হয় আৰু বাকী থকা অংশহে পৃথিৱীপৃষ্ঠলৈ আহে। পৃথিৱীপৃষ্ঠ পোৱাৰ আগতেই প্ৰায় ৩৫ একক সৌৰ বিকিৰণ প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যায়। ইয়াৰ ভিতৰত ডাৱৰৰ ঊৰ্ধ্বতন অংশৰ পৰা প্ৰায় ২৭ একক বিকিৰণ প্ৰতিফলিত হয়।

বাকী থকা প্ৰায় ৬৫ একক সৌৰ বিকিৰণ শোষিত হয়। পৃথিৱীপৃষ্ঠে পাৰ্থিৱ বিকিৰণ হিচাপে প্ৰায় ৫১ একক তাপ শক্তি বিকিৰণ কৰে। ইয়াৰ ভিতৰত ১৭ একক তাপ শক্তি প্ৰত্যক্ষভাৱে মহাকাশলৈ বিকিৰণ হয় আৰু বাকী থকা ৩৪ একক বায়ুমণ্ডলে শোষণ কৰে। ইয়াৰ উপৰিও ঘনীভৱনৰ নিহিত তাপৰ জৰিয়তে প্ৰায় ৯ একক তাপ শক্তি বায়ুমণ্ডললৈ যোগান ধৰে। এইদৰে বায়ুমণ্ডলে মুঠ প্ৰায় ৪৮ একক তাপ শক্তি লাভ কৰি পুনৰ মহাকাশলৈ বিকিৰণ কৰে।

এতিয়া দেখা যায় যে পৃথিৱীৰ পৰা মহাকাশলৈ উভতি যোৱা মুঠ বিকিৰণ আৰু বায়ুমণ্ডলৰ পৰা হোৱা বিকিৰণ ক্ৰমে ১৭ + ৪৮ = ৬৫ একক। অৰ্থাৎ পৃথিৱীয়ে লাভ কৰা আৰু উভতি প্ৰেৰণ কৰা বিকিৰণৰ পৰিমাণ সমান হয়। এইদৰে অনাদি কালৰ পৰা পৃথিৱীয়ে সৌৰশক্তি এক নিৰ্দিষ্ট পৰিমাণে লাভ কৰি আহিছে আৰু বায়ুমণ্ডল পদ্ধতিয়ে বিভিন্ন প্ৰক্ৰিয়াৰ সহায়ত সেই শক্তি বিকিৰণ কৰি উত্তাপৰ এক ভাৰসাম্য ৰক্ষা কৰি আহিছে।

(গ) ভূভাগৰ – উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত, জানুৱাৰী মাহৰ, গোলকীয় উত্তাপ বিতৰণৰ তুলনা কৰা।

উত্তৰঃ বিষুৱ ৰেখাৰ পৰা ৯০° উত্তৰ দিশলৈ বিস্তৃত অংশটোক উত্তৰ গোলাৰ্দ্ধ আৰু বিষুৱ ৰেখাৰ পৰা ৯০° দক্ষিণ দিশলৈ বিস্তৃত অংশটোক দক্ষিণ গোলাৰ্দ্ধ বোলা হয়। পৃথিৱীৰ উপৰিভাগত স্থলভাগ আৰু জলভাগৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ প্ৰাধান্য অধিক, আনহাতে দক্ষিণ গোলাৰ্দ্ধত জলভাগ বা মহাসাগৰৰ প্ৰাধান্য বেছি।

ইতিপূৰ্বে আলোচনা কৰা হৈছে যে যিবোৰ অঞ্চলত স্থলভাগৰ প্ৰাধান্য অধিক, সেইবোৰ অঞ্চলত উষ্ণতাৰ তাৰতম্য বা জাৰ-জহৰ পৰিসৰ বেছি হয়। বিপৰীতে, যিবোৰ অঞ্চলত জলভাগৰ প্ৰাধান্য অধিক, সেইবোৰ অঞ্চলত জলভাগৰ তাপ-নিয়ন্ত্ৰণ ক্ষমতাৰ বাবে উষ্ণতাৰ তাৰতম্য তুলনামূলকভাৱে কম হয়।

উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত জানুৱাৰী মাহৰ গোলকীয় উত্তাপ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ গোলাৰ্দ্ধত সমোষ্ণ ৰেখাবোৰ অধিক প্ৰকট আৰু বেছিকৈ বেঁকা আকাৰৰ হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ বিস্তৃতি দক্ষিণ গোলাৰ্দ্ধতকৈ বহু বেছি। স্থলভাগ সোনকালে চেঁচা হোৱাৰ বাবে এই সময়ছোৱাত মহাদেশীয় অঞ্চলসমূহ অধিক ঠাণ্ডা হয় আৰু সমোষ্ণ ৰেখাবোৰ মহাদেশৰ ওপৰেৰে দক্ষিণ দিশলৈ বিচ্যুত হয়। আনহাতে সমুদ্ৰৰ ওপৰেৰে সমোষ্ণ ৰেখাবোৰ উত্তৰ দিশলৈ বিচ্যুত হোৱা দেখা যায়, কিয়নো সমুদ্ৰই ধীৰ গতিত তাপ এৰে।

আনফালে, দক্ষিণ গোলাৰ্দ্ধত জানুৱাৰী মাহত মহাসাগৰৰ প্ৰভাৱ অধিক প্ৰকট হয়। জলভাগৰ প্ৰাধান্যৰ বাবে এই গোলাৰ্দ্ধত সমোষ্ণ ৰেখাবোৰ তুলনামূলকভাৱে কম বেঁকা হয় আৰু প্ৰায় অক্ষৰেখাৰ সমান্তৰালভাৱে বিস্তৃত থাকে। ফলত দক্ষিণ গোলাৰ্দ্ধত উত্তাপৰ তাৰতম্য উত্তৰ গোলাৰ্দ্ধতকৈ কম পৰিলক্ষিত হয়। এইদৰে জানুৱাৰী মাহত উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধৰ গোলকীয় উত্তাপ বিতৰণৰ মাজত স্পষ্ট পাৰ্থক্য দেখা যায়।

Scroll to Top