AHSEC Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তকৰণ পাঠটোৰ উত্তৰ

মূল বাসিন্দাৰ স্থানান্তকৰণ

১। অতি চমু উত্তৰ

ক) উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ক’ৰ পৰা আহিছিল?
উত্তৰঃ এছিয়া মহাদেশৰ পৰা।

খ) ফৰাছীসকলে কোন চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৬০৮ চনত।

গ) কেতিয়া আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল?
উত্তৰঃ ১৮৬১ চনত।

ঘ) কেতিয়া কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল?
উত্তৰঃ ১৮৭৪ চনত।

ঙ) বৃটেইনে কোনখন দেশৰ লগত যুদ্ধ কৰি কানাড়া লাভ কৰিছিল?
উত্তৰঃ ফ্ৰান্সৰ লগত যুদ্ধ কৰি।

চ) ৰাষ্ট্ৰপতি এন্দ্ৰু জোকছন কি হিচাপে জনাজাত আছিল?
উত্তৰঃ মূল বাসিন্দাসকলৰ বিৰোধী নেতা হিচাপে।

ছ) অষ্ট্ৰেলিয়ালৈ বৃটিছসকল পোন প্ৰথমে কেতিয়া আহিছিল?
উত্তৰঃ ১৭৮৮ চনত।

জ) কোন চনত অষ্ট্ৰেলিয়াত উপনিবেশক স্বায়ত্ত অধিকাৰ প্ৰধান কৰা হয়?
উত্তৰঃ ১৮৫০ চনত।

ঝ) কোন চনত চিডনী নগৰ স্থাপন হৈছিল?
উত্তৰঃ ১৭৮৮ চনত।

ঞ) নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ নিউ হলেণ্ড।

২। চমুকৈ উত্তৰ
ক) দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজৰ এটা পাৰ্থক্য

উত্তৰঃ
দক্ষিণ আমেৰিকাৰ মূল বাসিন্দাসকল যেনে মায়া, এজটেক আৰু ইনকা সভ্যতা উন্নত নগৰসভ্যতাৰ অধিকারী আছিল। আনহাতে উত্তৰ আমেৰিকাৰ বহুতো দেশীয় লোক শিকার আৰু পশুপালনৰ ওপৰত নিৰ্ভৰ কৰি যাযাবৰ জীৱন যাপন কৰিছিল।

খ) ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজ অৰ্থনীতি আৰু সামাজিক জীৱনৰ বৈশিষ্ট্য

উত্তৰঃ
১৯ শতিকাৰ আমেৰিকাত ইংৰাজ অৰ্থনীতি আৰু সমাজব্যৱস্থাৰ বহু বৈশিষ্ট্য দেখা গৈছিল। ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, ব্যক্তিগত উদ্যোগ, পুঁজিবাদী ব্যৱস্থা আৰু সংসদীয় গণতন্ত্রৰ ধাৰণা ইংলেণ্ডৰ দৰে আছিল। লগতে ইংৰাজ ভাষা, শিক্ষা আৰু সামাজিক ৰীতি-নীতি ব্যাপকভাৱে গ্ৰহণ কৰা হৈছিল।

গ) আমেৰিকান সকলে Frontier মানে কি বুজায়?

উত্তৰঃ
Frontier মানে আমেৰিকাৰ সেই অঞ্চলসমূহ যি ইউৰোপীয় বসতিস্থাপনকাৰীসকলে ধীৰে ধীৰে দখল কৰি আগবাঢ়িছিল। এই অঞ্চলবোৰ মূল বাসিন্দাসকলৰ বাসস্থান আছিল।

ঘ) কিয় ইতিহাসৰ কিতাপত অষ্ট্ৰেলিয়াৰ মূল নিবাসীসকলৰ বিষয়ে পোৱা নগৈছিল?

উত্তৰঃ
কাৰণ ইউৰোপীয় উপনিবেশকাৰীসকলে অষ্ট্ৰেলিয়াৰ ইতিহাস নিজৰ দৃষ্টিভংগীৰে লিখিছিল। তেওঁলোকে মূল নিবাসীসকলক গুৰুত্ব নিদিলে আৰু তেওঁলোকৰ ইতিহাসক অবহেলা কৰিলে।

৩। ৰচনাধৰ্মী প্ৰশ্ন
ক) সংগ্ৰহালয়ৰ কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত কিমান সফল

উত্তৰঃ
সংগ্ৰহালয় আৰু কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত বিভিন্ন যুগৰ শিল্প, সংস্কৃতি, জীৱনধারা আৰু ঐতিহ্য সংৰক্ষণ কৰি ৰখা হয়। মানুহে ইয়াৰ জৰিয়তে অতীতৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ পায়। কিন্তু কেতিয়াবা সকলো জনগোষ্ঠীৰ সংস্কৃতি সমানভাৱে প্ৰতিফলিত নহয়, বিশেষকৈ মূল বাসিন্দাসকলৰ সংস্কৃতি প্ৰায়ে উপেক্ষিত হয়।

খ) কালিফোৰ্ণিয়াত ১৮৮০ চনত চাৰিজন লোকৰ কথোপকথন

উত্তৰঃ
১৮৮০ চনত কালিফোৰ্ণিয়াত এজন আফ্ৰিকান দাস, এজন চীনা শ্ৰমিক, এজন জাৰ্মান সোণ অনুসন্ধানকাৰী আৰু এজন হোপী জনজাতিৰ লোক মুখামুখি হয়।
আফ্ৰিকান দাসজনে নিজৰ দাসত্বৰ দুখ-কষ্টৰ কথা কয়। চীনা শ্ৰমিকজনে ৰেলপথ নিৰ্মাণৰ সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ কথা বৰ্ণনা কৰে। জাৰ্মান লোকজনে সোণৰ সন্ধানত আমেৰিকালৈ অহাৰ কথা কয়। হোপী জনজাতিৰ লোকজনে কয় যে ইউৰোপীয়সকলে আহি তেওঁলোকৰ ভূমি দখল কৰিছে আৰু তেওঁলোকক নিজ ভূমিৰ পৰা উৎখাত কৰিছে। এই কথোপকথনে সেই সময়ৰ সামাজিক বৈষম্য আৰু সংঘাত স্পষ্ট কৰে।

গ) উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ ইউৰোপীয়সকলৰ লগত হোৱা সংঘাত

উত্তৰঃ
ইউৰোপীয়সকলে উত্তৰ আমেৰিকাত বসতি স্থাপন কৰাৰ লগে লগে মূল বাসিন্দাসকলৰ লগত সংঘাত আৰম্ভ হয়। ইউৰোপীয়সকলে ভূমি দখল কৰিবলৈ আৰম্ভ কৰে আৰু মূল বাসিন্দাসকলক নিজৰ ভূমিৰ পৰা উৎখাত কৰে। বহু যুদ্ধ সংঘটিত হয় আৰু বহুতো মূল বাসিন্দা নিহত হয়। ৰোগ, যুদ্ধ আৰু দখলৰ ফলত তেওঁলোকৰ সংখ্যা যথেষ্ট কমি যায়। এই সংঘাতৰ ফলত মূল বাসিন্দাসকলৰ সংস্কৃতি আৰু জীৱনধাৰাত গভীৰ প্ৰভাৱ পৰে।

ঘ) মূল বাসিন্দা আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ সম্পৰ্কত বিংশ শতিকালৈ হোৱা পৰিৱৰ্তন

উত্তৰঃ
প্ৰথমতে ইউৰোপীয় প্ৰব্ৰজনকাৰী আৰু মূল বাসিন্দাসকলৰ মাজত সংঘাত আৰু শত্রুতা আছিল। ইউৰোপীয়সকলে ভূমি দখল কৰিছিল আৰু মূল বাসিন্দাসকলক উৎখাত কৰিছিল। কিন্তু বিংশ শতিকাত ধীৰে ধীৰে পৰিস্থিতি সলনি হয়। চৰকাৰে মূল বাসিন্দাসকলৰ অধিকাৰ স্বীকাৰ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ সংস্কৃতি সংৰক্ষণৰ চেষ্টা কৰে।

৪। চমুটোকা
ক) ইউৰোপৰ সাম্ৰাজ্যবাদ

উত্তৰঃ
ইউৰোপীয় দেশসমূহে বিশ্বৰ বিভিন্ন অঞ্চল দখল কৰি উপনিবেশ স্থাপন কৰা প্ৰক্ৰিয়াক ইউৰোপীয় সাম্ৰাজ্যবাদ কোৱা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল কাঁচামাল লাভ কৰা, নতুন বজাৰ লাভ কৰা আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰা।

খ) উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকল

উত্তৰঃ
উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকলক ৰেড ইণ্ডিয়ান বা নেটিভ আমেৰিকান বোলা হয়। তেওঁলোকে শিকার, মাছধৰা আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলাইছিল। ইউৰোপীয় উপনিবেশকাৰী আহাৰ পিছত তেওঁলোক বহুতো সমস্যাৰ সন্মুখীন হয়।

গ) অষ্ট্ৰেলিয়াৰ বিকাশ

উত্তৰঃ
অষ্ট্ৰেলিয়া প্ৰথমতে বৃটিছ দণ্ডবন্দী উপনিবেশ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পিছলৈ কৃষি, পশুপালন আৰু খনিজ সম্পদৰ বিকাশৰ ফলত দেশখন দ্রুত উন্নতি লাভ কৰে। ১৯০১ চনত অষ্ট্ৰেলিয়া এখন স্বায়ত্তশাসিত কমনৱেল্থ দেশ হিচাপে গঠন হয়।

ঘ) উত্তৰ আমেৰিকাৰ ঔদ্যোগিক বিকাশ

উত্তৰঃ
১৯ শতিকাত উত্তৰ আমেৰিকাত ঔদ্যোগিক বিপ্লৱৰ ফলত উদ্যোগ আৰু কাৰখানা বৃদ্ধি পায়। ৰেলপথ, খনি উদ্যোগ আৰু উৎপাদন ব্যৱস্থা উন্নত হয়। ইয়াৰ ফলত অৰ্থনীতি দ্রুত বিকাশ লাভ কৰে আৰু দেশখন বিশ্বৰ এক শক্তিশালী অৰ্থনৈতিক শক্তি হৈ উঠে।

Scroll to Top