অতি চমু প্ৰশ্নঃ
ক) মেছোপটেমীয়া মানে কি ?
উত্তৰঃ মেছোপটেমীয়া মানে হল নদীৰ মাজৰ ঠাই ।
খ) মেছোপটেমীয়াত কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃৰ ভিতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল ।
উত্তৰঃ ৭,০০০ -৬,০০০ খ্ৰীঃপূৰ্বৰ ভিতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল ।
গ) মেছোপটেমীয়াসকলৰ প্ৰথম ভাষা কি আছিল ।
উত্তৰঃ মেছোপটেমীয়াসকলৰ প্ৰথম ভাষা আছিল চুমাৰ্টান ।
ঘ) চুমাৰ ইটাৰে নিৰ্মিত নগৰৰ দেশ বুলি কাক উল্লেখ কৰা হৈছে ।
উত্তৰঃ মেেছোপটেমীয়াক চুমাৰ ইটাৰে নিৰ্মিত নগৰৰ দেশ বুলি উল্লেখ কৰা হৈছে ।
ঙ) কিমান খ্ৰীঃত আলেকজেণ্ডাৰে বেবিলন আক্ৰমণ কৰিছিল ।
উত্তৰঃ ৩৩১ খ্ৰীঃপূঃত আলেকজেণ্ডাৰে বেবিলন আক্ৰমণ কৰিছিল ।
চ) ৱাৰ্খা শিৰ মূৰ্ত্তিটো কিমান খ্ৰীঃৰ আগতে উৰোকত বগা মাৰ্বলত খোদিত কৰা হৈছিল ।
উত্তৰঃ ৩০০০ খ্ৰীঃপূৰ্বৰ আগতে বাৰ্খা শিৰ মূৰ্ত্তিটো উৰোকত বগা মাৰ্বলেৰে খোদিত কৰা হৈছিল ।
ছ) গিলগামেছ কোন আছিল ।
উত্তৰঃ গিলগামেছ আছিলএজন জনজাতীয় যোদ্ধা ।
জ) কিমান খ্ৰীঃত ইৰাণৰ অকামেনিদসকলে বেবিলন ৰাজ্য জয় কৰিছিল ।
উত্তৰঃ ৫৩৯ খ্ৰীঃপূৰ্বত ইৰাণৰ অকামেনিদসকলে বেবিলন ৰাজ্য জয় কৰিছিল ।
ঝ) নেবুপুলাছ কোন আছিল ।
উত্তৰঃ দক্ষিণৰ জলাহ অঞ্চলৰ এজন মানুহ আছিল ।
ঞ) কিমান খ্ৰীঃপূঃত কিউনিফৰ্ম লিপি লিখাৰ আৰম্ভ হৈছিল ।
উত্তৰঃ প্ৰায় ২৬০০ খ্ৰীঃপূঃত কিউনিফৰ্ম লিপি লিখাৰ আৰম্ভ হৈছিল ।
চমু প্ৰশ্ন লিখা ঃ
১। কিমান খ্ৰীঃপূঃত আক্কাদীয় ভাষাৰ প্ৰচলন হৈছিল ।
উত্তৰঃ ২৪০০ খ্ৰীঃপূৰ্বত আক্কাদীয় ভাষাৰ প্ৰচলন হৈছিল ।
২। দুখন লিপিৰ নাম লিখা ।
উত্তৰঃ দুখন লিপিৰ নাম হল
ক) খাৰোষ্ঠী লিপি ।
খ) কিউনিফৰ্ম লিপি ।
৩। মেছোপটেমীয়া কোন দুখন নদীৰ মাজত অনুষ্ঠিত ।
উত্তৰঃ মেছোপটেমীয়া ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ মাজত অৱস্থিত ।
৪। মেছোপটেমীয়াৰ দুখন নদীৰ নাম লিখা ।
উত্তৰঃ মেছোপটেমীয়াৰ দুখন নদীৰ নাম হল
ক) ইউফ্ৰেটিছ নদী ।
খ) টাইগ্ৰীছ নদী ।
৫। কিমান খ্ৰীঃপূঃত এছিৰীয়ান ৰাজ্য স্থাপন কৰা হৈছিল ।
উত্তৰঃ ১১০০ খ্ৰীঃপূঃত এছিৰীয়ান ৰাজ্য স্থাপন কৰা হৈছিল ।
চমুটোকা লিখা
ক) লিপিৰ ব্যৱহাৰ
উত্তৰঃ উৰোকৰ পেৰথম শাসকসকলৰ এজন এনমাৰ্কাৰৰ বিষয়ে লিখা এটা দীঘল মহাকাব্যিক চুমেৰীয় কবিতাত নগৰীয়া জীৱন বাণিজ্য আৰু লেখকৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ আছে । মেছোপটেমীয়া ঐতিহ্যমতে উৰোক এখন অতি উত্তম নগৰ আছিল আৰু মহানগৰ বুলিয়ে ই জনাজাত আছিল ।
এনমাৰ্কাৰ চুমেৰৰ প্ৰাৰম্ভিক বাণিজ্যিক সংগঠনৰ লগত জড়িত আছিল । মহাকাব্যখনত লিখা আছে যে অতীতত বাণিজ্য কৰা হোৱা নাছিল । এনমাৰ্কাৰে নগৰত এক মন্দিৰ সজাবলৈ নীলাম পাথৰ আৰু মূল্যৱান ধাতু বিচাৰি দূৰৈৰ আৰাট্টা ৰাজ্যলৈ দূত পঠাইছিল । কিন্তু দূতে আৰাৰ শাসকক লগ নাপালে । ইফালে উৰোকৰ ৰজাই নীলম পাথৰ আৰু ৰূপ লাভৰ বাবে তেওঁক ভয় দেখুৱালে । অঙ্গীকাৰ কৰিও দূত বিফল হল, খালী হাতে তেওঁ ঘুৰি আহিব লগা হল । শেষত, দূতজন ইমানেই বিমৰ্ষ হৈ পৰিল যে তেোঁ নিজৰ কথা ভালদৰে ব্যক্ত কৰিব নোৱাৰা হল , এনমাৰ্কাৰ বাৰ্তাকে খেলিমেলি কৰিলে । তেতিয়া ৰজা এনমাৰ্কাৰে নিজহাতে বোকামাটি লৈ ফলি বনাই তাত কথাবোৰ লিখিলে । সেই সময়ত মাটিত আখৰ লিখাৰ অভ্যাস নাছিল । যেতিয়া লিখিত ফলি আৰাট্টীৰ ৰজাক দূতে দিয়ে, তেওঁ তেতিয়া তাক ভালদৰে পৰীক্ষা কৰিলে আৰু দেখিলে তাত কিছুমান গজালহে পোতা আছে ।
খ) নগৰীয়া জীৱন
উত্তৰঃ আমি দেখিলো যে এটি শাসক -মুখিয়াল শ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল ঃ কম সংখ্যক মানুহৰ হাতত অধিকাংশ সম্পদ আছিল । উৰত কোনো কোনো ৰজা আৰু ৰাণীৰ লগতে সমাধিস্থ কৰা অধিক পৰিমাণৰ মূল্যৱান সা-সম্পদ আৱিস্কাৰে এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে । কিন্তু সাধাৰণ মানুহৰ অৱস্থা কেনে আছিল । যদিও বিবাহিত পুত্ৰ আৰু তেওঁৰ পৰিয়াল প্ৰায়ে পিতৃ-মাতৃৰ লগত থাকিব পাৰে, আমি জনাত আইনমতে মেছোপটেমীয়া সমাজত পৰিয়ালৰ ক্ষুদ্ৰতম গোটটো বা আদৰ্শ পৰিয়ালটো এহাল পতি-পত্নী আৰু তেওঁলোকৰ সন্তানেৰে গঠিত হৈছিল । পিতৃজনেই এই পৰিয়ালৰ মুৰব্বী । বিবাহ প্ৰক্ৰিয়াৰ বিষয়ে বিশেষ জনা নাযায় । বিয়াৰ প্ৰস্তাৱ দিয়া হয় আৰু কন্যাৰে পিত-মাতৃয়ে ইয়াত সন্মতি জনায় । ইয়াৰ পিছত দৰাৰ ফালৰ মানুহে কন্যাৰ পক্ষক উপহাৰ প্ৰদান কৰে । বিয়াত দুয়ো পক্ষই এটা মন্দিৰত সমবেত হৈ দেৱতালৈ দ্ৰব্য অৰ্পণ কৰে । নিজৰ মাজতো উপহাৰ বিনিময় কৰে, শাহুয়েকে বোৱাৰীক নিবলৈ আঁহোতে পিতৃয়ে কন্যাৰ উত্তৰাধিকাৰী অংশ লগত দিয়ে । পিতৃৰ গৃহ, গৰু-ম’হৰ পাল, পথাৰ আদি পুত্ৰইহে উত্তৰাধিকাৰী সূত্ৰে পায় । আৱিস্কাৰ হোৱা নগৰ বিলাকৰ ভিতৰত প্ৰাচীনতম উৰ নগৰকে চোৱা যাওক । ১৯৩০ চনত আৱিস্কৃত উৰৰ সাধাৰণ বাসভৱনবোৰ পদ্ধতিগতভাৱে খান্দি উলিওৱা হৈছে । ৰাস্তাবোৰ অকোৱা-পকোৱা আৰু ঠেক হোৱালৈ চাই সিবিলাক থকা ঘৰলৈ গাধৰে বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল যেন লাগে ।
গ) আখৰৰ বিকাশ
উত্তৰঃ সকলো লোক বা সমাজৰেই একোটা ভাষা থাকে । ইয়াত উচ্চাৰণ কৰা শব্দই একোটি নিৰ্দিষ্ট অৰ্থ যেনহে লাগে । ই মৌখিক ভাৱ বিনিময় কৰিও কিছু পাৰ্থক্যও থাকে । আমি যেতিয়া হস্তলিপিৰ কথা কওং তেতিয়া উচ্চাৰিত শব্দক দৃশ্যমান চিনত প্ৰকাশ কৰা বুজোঁ ।
মেছোপটেমীয়াত প্ৰথমে পোৱা টেৱলেটবোৰ প্ৰায় ৭০০০ খ্ৰীঃপূৰ্বৰ, ইবিলাকত চিত্ৰৰ আৰু সংখ্যাৰ দৰে চিন আছিল । ষাঁড়, মাছ, ৰুটি আদিৰ প্ৰায় ৫০০০ তালিকা পোৱা গৈছে । এইবোৰ দক্ষিণ মেছোপটেমীয়াৰ উৰোক নগৰৰ মন্দিৰলৈ অনা অথবা তাৰ পৰা বিতৰণ কৰা সামগ্ৰীৰ তালিকা হব পাৰে । এইটো স্পষ্ট যে লিপিৰ আৰম্ভ হয়, যেতিয়া সমাজত আদান-প্ৰদান , অনা-নিয়া বস্তুৰ ৰেকৰ্ড ৰখাটো অতি প্ৰয়োজন হৈ পৰে । কিয়নো নগৰীয়া ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্নজনৰ লগত বিভিন্ন বস্তুৰ লেনদেন কৰিব লগা হয় । মেছোপটেমীয়নসকলে কুমাৰ মাটিৰে বনোৱা ফলিত আখৰ লিখিছিল । এজন লেখকে কুমাৰ মাটি হাতেৰে চেপেটা কৰি নিজৰ এখন হাতত ধৰি ৰাখিব পৰা জোখত ফলিবোৰ বনাই সাবধানেৰে সেইবোৰ মিহি কৰে । নল-খাগৰিৰ এঢলীয়াকৈ কটা মুৰেৰে তেতিয়াও সেমেকি থকা টেবলেটৰ পিঠিত হেচা দি V আকাৰৰ চিন বহুৱায় । ৰদত শুকুৱাৰ পিছত এই টেবলেটবোৰ মাটিৰ পাত্ৰৰ নিচিনাকৈ টান হৈ পৰে । টেবলেটৰ লিখনিৰ প্ৰয়োজন শেষ হলে তাক পেলাই দিয়া হয় ।
ঘ) লেখন কলাৰ পৰম্পৰা
উত্তৰঃ বহুতো কাহিনী মানুহৰ মুখে-মুখে চলি আহে যদিও লিখিত পুথিৰ প্ৰয়োজন যাতে পুৰুষানুক্ৰমে পণ্ডিতসকলে সেই পুথি অধ্যয়ন কৰিব পাৰকে আৰু তাৰ ভিত্তিত নতুন নতুন উদ্ভাৱন কৰিব পাৰে । সম্ভবতঃ মেছোপটেমীয়াই বিশ্ববাসীলৈ এৰি থৈ যোৱা সৰ্বশ্ৰেষ্ঠ সম্পদ হল সময়ৰ হিচাপ আৰু গণিতৰ ঐতিহ্য । প্ৰায় ১৮০০ খ্ৰীঃপূঃৰ টেবলেট কিছুমানত পূৰণ-হৰণৰ কিছুমান টেবুল, বৰ্গ আৰু বৰ্গমূলৰ টেবুল আৰু চক্ৰবৃদ্ধিৰ সুত্ৰৰ টেবুল পোৱা গৈছে । চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰা মতে বছৰক বাৰ মাহত বিভক্ত কৰণ, ১ মাহক ৪ সপ্তাহত বিভক্তকৰণ আৰু দিনক ২৪ ঘন্টাত বিভক্তকৰণ আৰু ঘন্টাক ৬০ মিনিটত বিভক্তকৰণ ব্যৱস্থাটো মেছোপটেমীয়া বাসীৰ পৰা আহিছিল । সময়ৰ এই বিভাজন আলেকজেণ্ডাৰৰ উত্তৰাধিকাৰীসকলে গ্ৰহণ কৰিছিল । তেওঁলোকৰ পৰা ৰোমাণ সাম্ৰাজ্য, তাৰ পৰা ইছলামী দেশসমূহলৈ আৰু তাৰোপিছত মধ্যযুগীয় ইউৰোপলৈ সম্প্ৰসাৰিত হৈছিল । যেতিয়াই সূৰ্য বা চন্দ্ৰ গ্ৰহণ দেখা যায়, তেতিয়াই এই ঘটনাবোৰ কোন বছৰ, মাহ আৰু তিথিত কি ঘটিছিল তাক লিখি থোৱা হৈছিল । সেইদৰে ৰাতিৰ আকাশত ওলোৱা তৰা আৰু তৰাপুঞ্জৰ স্থানো ৰেকৰ্ড কৰি ৰখা হৈছিল ।
লিখনিৰ অবিহনে মেছোপটেমীয়াৰ এনে অতীত গুৰুত্বপূৰ্ণ কৃতিত্বৰ বিষয়ে জনাটো আজি সম্ভৱ নহলহেতেন । তেনেদৰে নগৰীয়া বিদ্যালয়ৰ দৰে অনুষ্ঠানৰ অভাৱ হোৱাহেতেন । ছাত্ৰই পুৰণি লিপিত পুষ্টিকা পঢ়িছিল আৰু এইবিলাকৰ কপি কৰিছিল । কিছুমান ছাত্ৰক সাধাৰণ প্ৰশাসনিক হিচাপ ৰাখোতা হিচাপে সৃষ্টি নকৰি এনে প্ৰতিভৈৱৈন ব্যক্তিৰূপে সৃষ্টি কৰিলে । তেওঁলোকে নিজৰ উপৰিপুৰুষৰ বৌদ্ধিক উপলব্ধিক অধিক আগদবঢ়াই নিব নোৱাৰিলেহেতেন । এইটো ভূল হব, যদিহে আমি ভাবো যে মেছোপটেমীয়াৰ নগৰবাসী আধুনিক জীৱনৰ লগত পৰিচিত হৈ আছিল । তেওঁলোকে দুই ধৰণৰ বা দুই প্ৰকাৰৰ প্ৰাৰম্ভিক ব্যৱস্থাৰে অতীতৰ লেখনি আৰু পৰম্পৰা উদ্ধাৰ আৰু সুৰক্ষিত ৰখাৰ বাবে চেষ্টা কৰিছিল ।
ঙ) মেছোপটেমীয়া আৰু ইয়াৰ ভূগোলৰ বিষয়ে লিখা ।
উত্তৰঃ ইৰাক হৈছে বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ দেশ । উত্তৰ-পূৱত ডৌ-খেলোৱা সেউজীয়া সমভূমি । ক্ৰমান্বয়ে ই গছ-গছনি , জান-জুৰিৰে ভৰা পৰ্বতমালাৰ লগ হৈ আছে । শস্যৰ বাবে পেৰয়োজনীয় বৰষুণ ইয়াত যথেষ্ট পৰিমাণে হয় । ইয়াত ৭,০০০-৬,০০০ খ্ৰীঃপূৰ্বৰ ভিচতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল । উত্তৰত ষ্টেপ উচ্চভূমি-ইয়াত কৃষিতকৈ পশুপালনৰ অধিক সুবিধাজনক । শীতকালীন বৰষুণৰ পিছত গজিবলৈ ধৰা ছুটি-ছুটি জোপোহা ঘাঁহবোৰত ভেড়া আৰু ছাগলীবোৰে চৰিবলৈ সুবিধা হয় । পূবলৈ টাইগ্ৰীছ নদীৰ উপনৈবোৰে ইৰাণৰ পাহাৰলৈকে যাতায়তৰ সুবিধা কৰি দিয়ে । দক্ষিণে আকৌ মৰুভূমি —- ইয়াতেই প্ৰথম মহানগৰ আৰু লিখনিৰ আবিভাৰ্ব হয় । এই মৰুভূমিয়ো নগৰসমূহ গঢ়ি উঠাত সহায় কৰিছিল । কাৰণ, ইউফ্ৰেটিছ আৰু টাইগ্ৰীচ নদীয়ে পৰ্বতৰ পৰা সাৰুৱা বোকা কঢ়িয়াই আনে- বানপানীীত এইবোৰে উটি আহি সমভূমি অঞ্চল ভৰাই দিয়ে ।
ইউফ্ৰেটিছ নদীৰ পানী সৰু সৰু নলাৰে মৰুভূমিলৈ সোমায় । বানপানীৰ সময়ত ইবিলাকে কাষৰীয়া অঞ্চল বুৰাই পেলায় আৰু অতীতত এনেদৰে প্ৰাকৃতিকভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল । নলাবিলাকৰ পৰা প্ৰয়োজন অনুসৰি যৱ,বাৰ্লি, মটৰমাহ বা মচুৰমাহৰ পথাৰলৈ পানী নিব পৰা হৈছিল । ৰোমান সাম্ৰাজ্যৰ দৰে সকলো প্ৰাচীন ব্যৱস্থাৱলীৰ ভিতৰত দক্ষিণ মেছোপটেমীয়াত সৰ্বাধিক খাদ্য-শস্য কৰা হৈছিল । কৃষিয়েই নহয়, ষ্টেপ অঞ্চল, উত্তৰ-পূৱ সমভূমি অঞ্চল আৰু পৰ্বতৰ হেলনীয়া গাত চৰিবলৈ পোৱা ভেড়া, আৰু ছাগলীৰ মঙহ, গাখীৰ আৰু ঊল পৰ্যাপ্ত পৰিমাণে পোৱা গৈছিল । সিফালে নদীত মাছ আৰু গ্ৰীস্মকালত খাজুৰী উভৈনদী হৈছিল । আমি এইটো জানিব লাগিব যে কেৱল গ্ৰামীণ বিকাশেহে নগৰ সৃষ্টি কৰে ।
Important Question
১) কিমান দশকত মেছোপটেমীয়াত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ হয় ।
উত্তৰঃ ১৯৪০ৰ দশকত মেছোপটেমীয়াত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ হয় ।
২) নগৰীয়া জীৱনৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ নগৰীয়া জীৱনৰ এটা বৈশিষ্ট্য হল শ্ৰমৰ বিভাজন ।
৩) মেছোপটেমীয়াৰ এখন অতি উত্তম মহানগৰৰ বিষয়ে লিখা ।
উত্তৰঃ মেছোপটেমীয়াৰ এখন অতি উত্তম মহানগৰৰৰ নাম হল উৰোক নগৰ ।
৪) গিলগামেছে শাসন কৰা মহানগৰখনৰ নাম কি ।
উত্তৰঃ গিলগামেছে শাসন কৰা নহানগৰখনৰ নাম হল উৰোক ।
৫) বেবিলনৰ শেষৰজন ৰজাৰ নাম কি ।
উত্তৰঃ বেবিলনৰ শেষৰজন ৰজাৰ নাম হল নেব’নিদাচ ।
৬) গিলগামেছে লিখা মহাকাব্যখনৰ নাম কি ।
উত্তৰঃ গিলগামেছে লিখা মহাকাব্যখনৰ নাম হল গিলগামেছ মহাকাব্য ।
৭) এছিৰীয়ানসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল ।
উত্তৰঃ এছিৰীয়ানসকলৰ শেষৰজন ৰজাৰ নাম হল অছবৰ্নিপাল ।
৮) এছিৰীয়ান সাম্ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।
উত্তৰঃ এছিৰীয়ান সাম্ৰাজ্যৰ ৰাজধানীৰ নাম হল নিনেৱেহ ।
৯) কিমান খ্ৰীঃপূঃত ইৰাণৰ অকামেনিদসকলে বেবিলন জয় কৰিছিল ।
উত্তৰঃ ৫৩৯ খ্ৰীঃপূ)ত ইৰাণৰ অকামেনিদসকলে বেবিলন জয় কৰিছিল ।
১০) কিমান খ্ৰীঃপূঃত মেছোপটেমীয়াত কৃষিকাৰ্যৰ আৰম্ভণি হৈছিল ।
উত্তৰঃ প্ৰায় ৭০০০-৬০০০ বছৰ পূৰ্বে মেছোপটেমীয়াত কৃষিকাৰ্যৰ আৰম্ভণি হৈছিল ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post