Might Learn Logo Might Learn

AHSEC Class 11 Logic And Philosophy Chapter 11 প্ৰমাণ পাঠটোৰ উত্তৰ

প্ৰমাণ

অনুশীলনী

  1. খালী ঠাই পূৰ কৰাঃ

(a) ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক প্ৰমা বোলা হয়।

(b) ভাৰতীয় দৰ্শনত ছয় বিধ প্ৰমামৰ বিষয়ে উল্লেখ কৰা।

(c) চাৰ্বাক দৰ্শনে প্ৰত্যক্ষক কহে যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস ৰূপে স্বীকাৰ কৰে।

(d) ন্য়ায় দৰ্শনে চাৰিবিধ বিধ প্ৰমাণত বিশ্বাস কৰে।

(e) হ’ল অনুমানৰ তৰ্কীয় ভিত্তি।

  1. চমু উত্তৰ দিয়াঃ

(a) প্ৰমা মানে কি?

উত্তৰঃ প্ৰমা মানে হল সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান।

(b) প্ৰমাণ কাক বোলে?

উত্তৰঃ ভাৰতীয় দৰ্শনত এই অভ্ৰান্ত, সুনিশ্চিত জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বুলি অভিহিত কৰা হৈছে।

(c) ভাৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ কি কি?

উত্তৰঃ ভাৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ হল- প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ, অৰ্থাপত্তি আৰু অনুপলদ্ধি।

(d) অলৌকিক প্ৰত্য়ক্ষৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ অলৌকিক প্ৰত্য়ক্ষৰ প্ৰকাৰসমূহ হল- সামান্যলক্ষণ প্ৰত্যক্ষ, জ্ঞানলক্ষণ প্ৰত্যক্ষ, যোগজ প্ৰত্যক্ষ।

(e) পৰাথাৰ্নুমানৰ কেইটা অৱয়ব থাকে আৰু সেইকেইটা কি?

উত্তৰঃ পৰাথাৰ্নুমানৰ ৫টা অৱয়ব থাকে আৰু সেইকেইটা হল- প্ৰতিজ্ঞা, হেতু, উদাহৰণ, উপনয়, নিগমন।

  1. সংজ্ঞা দিয়াঃ

(a) প্ৰমা।

উত্তৰঃ প্ৰমা মানে হল সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান।

(b) প্ৰমাণ।

উত্তৰঃ ভাৰতীয় দৰ্শনত এই অভ্ৰান্ত, সুনিশ্চিত জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বুলি অভিহিত কৰা হৈছে।

(c) লৌকিক প্ৰত্য়ক্ষ।

উত্তৰঃ যেতিয়া আমাৰ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হয় তাক লৌকিক প্ৰত্যক্ষ বোলা হয়।

(d) শেষবৎ অনুমান।

উত্তৰঃ জ্ঞাত কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পৰ্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বোলা হয়।

(e) পূৰ্ববৎ অনুমান।

উত্তৰঃ জ্ঞাত কাৰণৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰ্য সম্বন্ধে যি অনুমান কৰা হয়, সেই অনুমানক পূৰ্ববৎ অনুমান বোলে।

  1. পাৰ্থক্য় নিৰ্ণয় কৰাঃ

(a) লৌকিক আৰু অলৌকিক প্ৰত্য়ক্ষ

উত্তৰঃ যেতিয়া আমাৰ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হয় তাক লৌকিক প্ৰত্যক্ষ বোলা হয়। লৌকিক প্ৰত্যক্ষ দুই প্ৰকাৰৰ- বাহ্য,আৰু মানস।

বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযোগৰ ফলত উৎপন্ন হোৱা জ্ঞানেই হল অলৌকিক প্ৰত্যক্ষ। ই তিনি প্ৰকাৰৰ। যেনে- সামান্যলক্ষণ প্ৰত্যক্ষ, জ্ঞানলক্ষণ প্ৰত্যক্ষ, যোগজ প্ৰত্যক্ষ।

(b) স্বাৰ্থানুমান আৰু পৰাথাৰ্নুমান।

উত্তৰঃ

  1. শুদ্ধাশুদ্ধি নিৰ্ণয় কৰাঃ

(a) চাৰ্বাক দৰ্শনৈ বৈধ প্ৰমাণ হিচাপে প্ৰত্য়ক্ষ আৰু অনুমান উভয়কে স্বীকাৰ কৰে।

উত্তৰঃ

(b) প্ৰত্য়ক্ষ স্বতন্ত্ৰ স্বভাৱৰ জ্ঞান।

উত্তৰঃ শুদ্ধ।

(c) যোগজ প্ৰত্য়ক্ষ যিকোনো ব্য়ক্তিয়েই লাভ কৰা সম্ভৱ।

উত্তৰঃ অশুদ্ধ।

(d) নিৰ্বিকল্প প্ৰত্য়ক্ষত বস্তুৰ নাম, গুণ আদিৰ লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্ৰত্য়ক্ষ কৰা হয়।

উত্তৰঃ শুদ্ধ।

(e) সকলোবৰো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে বৈধ প্ৰমাণৰূপে অনুমানক স্বীকাৰ কৰিছে।

উত্তৰঃ অশুদ্ধ।

(f) অনুমান পৰোক্ষ বা ব্য়ৱহৃত জ্ঞান।

উত্তৰঃ

(g) ন্য়ায় অনুমানত চাৰিটা পদ থাকে।

উত্তৰঃ অশুদ্ধ।

(h) পৰাথাৰ্নুমানত পাঁচটা অৱয়ব প্ৰকাশ কৰা হয়।

উত্তৰঃ শুদ্ধ।

(j) স্বাৰ্থানুমান আনক প্ৰত্য়য় নিয়াবলৈ কৰা অনুমান।

উত্তৰঃ অশুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects