Might Learn Logo Might Learn

AHSEC Class 11 Physics Chapter 10 তৰলৰ যান্ত্ৰিক ধৰ্ম পাঠটোৰ উত্তৰ

তৰলৰ যান্ত্ৰিক ধৰ্ম

(Mechanical Properties of Fluids)

অনুশীলনী

10.1 কাৰণ দৰ্শোৱা.

(a) মানুহৰ ৰক্তচাপ মূৰতকৈ ভৰিত বেছি।

(b) বায়ুমণ্ডলৰ উচ্চতা 100 কিঃ মিঃ তকৈ অধিক হোৱা সত্বেও প্ৰায় 6 কিঃ মিঃ উচ্চতাতে বায়ুমণ্ডলীয় চাপ সমুদ্ৰপৃষ্ঠৰ তুলনাত প্ৰায় আধা হয়।

(c) বলক কালিৰে হৰণ কৰিলে চাপ পোৱা যায়, কিন্তু তথাপিও চাপ এটা স্কেলাৰ ৰাশি।

10.2 কাৰণ দৰ্শোৱা

(a) পাৰা আৰু কাঁচৰ মাজৰ সংস্পৰ্শ কোনটো স্থুল কোণ কিন্তু কাঁচ আৰু পানীৰ মাজৰ সংস্পৰ্শ কোণ সুক্ষ্ম।

(b) পৰিষ্কাৰ কাঁচৰ প্লেট এখনৰ ওপৰত পানী দিলে বিয়পি যায় কিন্তু পাৰাই টোপাল বান্ধে। (অথবা পানীয়ে গ্লাছক তিয়াই কিন্তু পাৰাই নিতিতাই।)

(c) জুলীয়া পৰ্দাথৰ পৃষ্ঠটান পৃষ্ঠৰ কালিৰ ওপৰত নিৰ্ভৰ নকৰে।

(d) অপমাৰ্জক মিহলোৱা পানীৰ সংস্পৰ্শ কোণ কম হোৱা উচিত।

(e) কোনো বাহ্যিক বলে ক্ৰিয়া নকৰিলে জুলীয়া পৰ্দাথৰ টোপাল এটাৰ আকৃতি সদায় গোলাকাৰ হয়।

10.3 কাষতে দিয়া সংশ্লিষ্ট তালিকাৰ পৰা শব্দ (এটা বা অধিক) ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা।

(a) জুলীয়া পৰ্দাথৰ পৃষ্ঠটান উষ্ণতাৰ লগত সাধাৰণতে _ (বাঢ়ে / কমে )।

(b) উষ্ণতা বাঢ়িলে গেছীয় পৰ্দাথৰ সান্দ্ৰতা _ কিন্তু জুলীয়া পদাৰ্থৰ সান্দ্ৰতা _(বাঢ়/কমে)।

(c) দৃঢ়তা গুণাংক থকা গোটা পৰ্দাথৰ ক্ষেত্ৰত প্ৰতিচাপ _ ৰ সমানুপাতিক আৰু তৰলৰ ক্ষেত্ৰত প্ৰতিচাপ _ ৰ সমানুপাতিক (ৰূপ বিকৃতি / ৰূপ বিকৃতিৰ হাৰ।

(d) তৰলৰ স্থিৰ প্ৰৱাহৰ ক্ষেত্ৰত সংকুচিত অংশত __ ৰ কাৰণে দ্ৰুতি বৃদ্ধি পায়। সংৰক্ষণ / বাৰ্ণ’লিৰ সূত্ৰ।

(e) উৰাজাহাজৰ আৰ্হি এখনৰ কাৰণে বায়ু সুৰংগত যিটো দ্ৰুতিত অস্থিৰ প্ৰবাহৰ আৰম্ভণি হয় সেই দ্ৰুতি প্ৰকৃত উৰাজাহাজৰ ক্ষেত্ৰত অস্থিৰ প্ৰৱাহ আৰম্ভণি হোৱা দ্ৰুতিতকৈ __ (বেছি/কম)।

10.4 কাৰণ দৰ্শোৱা

(a) কাগজৰ টুকুৰা এটা আনুভূমিকভাৱে ৰাখিবলৈ তুমি টুকুৰাটোৰ ওপৰেৰে ফুৱাব লাগে, তলেৰে নহয়।

(b) পানী টেপ এটা আমি আঙুলিৰে বন্ধ কৰিবলৈ খুজিলে আঙুলিৰ ফাঁকেৰে কিছুমান তীব্ৰধাৰা নিৰ্গত হয়।

(c) ৰোগীক বেজী দিও ডাক্তৰে বুঢ়া আঙুলিৰে প্ৰয়োগ কৰা চাপতকৈ বেজীৰ নলীৰ আকাৰে প্ৰবাহৰ গতি অধিক ভালকৈ নিয়ন্ত্ৰণ কৰে।

(d) এটা প্ৰাত্ৰত থকা তৰল এটা সৰু বিন্ধাৰে বাহিৰ ওলাই আহিলে তাৰ বিপৰীত দিশত প্ৰাত্ৰটোৰ ওপৰত এটি বলে ক্ৰিয়া কৰে।

(e) ঘূৰ্ণীয়মান অৰ্থাৎ স্পিনিং ক্ৰিকেট বল এটাৰ বায়ুত গতিপথ অধিকবৃত্তাকাৰ (para-bolic ) নহয়।

10.5 ওখ গেৰোহাৰ চেণ্ডেল পিন্ধা 50kg ওজনৰ ছোৱালী এজনীয়ে এটা গেৰোহাৰ ওপৰত নিজৰ ভাৰ সাম্য অৱস্থাত ৰাখিছে। চেণ্ডেলৰ গেৰোহাটো বৃত্তাকাৰ আৰু ইয়াৰ ব্যাস 1.0cm।আনুভূমিক তলখনত গেৰোহাটোৱে প্ৰয়োগ কৰা চাপ কিমান?

10.6 টৰিচেলিয়ে বেৰোমিটাৰত পাৰা ব্যৱহাৰ কৰিছিল। পাস্কেলে ফৰাচী মদ ব্যৱহাৰ কৰি এই বেৰোমিটাৰত এটা প্ৰতিৰূপ নিৰ্মাণ কৰিছিল। ফৰাচী মদৰ ঘনত্ব যদি 984kgm^(-3) হয়, তেনেহ’লে এই বেৰিমিটাৰত এক বায়ুমণ্ডলীয় মদৰ স্তম্ভৰ কিমান হ’ব নিৰ্ণয় কৰা।

10.7 সমুদ্ৰত স্থাপন কৰিবলৈ নিৰ্মাণ কৰা এটা গৃহই বহন কৰিব পৰা সৰ্বোচ্চ প্ৰতিচাপ হ’ল সমুদ্ৰতলিত এটা তেলখাদৰ ওপৰত এই গৃহটো বহুৱাবৰ কাৰণে উপযোগী হ’বনে? সমুদ্ৰৰ গভীৰতা প্ৰায় 3km বুলি ধৰি লোৱা আৰু সাগৰীয় সোঁতৰ প্ৰভাৱ উপেক্ষা কৰা।

10.8 জলচালিত অট’মবাইল উত্তোলক (hydraulic automobile lift ) এটাৰ আৰ্হি এনেভাৱে প্ৰস্তুত কৰা হৈছে যে ই সৰ্বোচ্চ 3000 kg ওজনৰ যান-বাহন উত্তোলন কৰিব পাৰে। যান-বাহন উঠোৱা পিষ্টনটোৰ প্ৰস্থচ্ছেদৰ কালি 425 উত্তোলকটোৰ সৰু পিষ্টনটোৱে সৰ্বোচ্চ কিমান চাপ বহন কৰিব লাগিব?

10.9 এটা U নলীৰ এটা বাহুত পানী আৰু আনটো বাহুত মিথাইলযুক্ত স্পিৰিটৰ মাজত পাৰাৰ দ্বাৰা পৃথক হৈ আছে। এটা বাহুত 10.0cm পানীৰ স্তম্ভ আৰু আনটোত 12.5cm স্পিৰিটৰ স্তম্ভৰে দুয়োটা বাহুত পাৰাৰ স্তম্ভ একেখন সমতলতে আছে। স্পিৰিটৰ আপেক্ষিক গুৰুত্ব কিমান?

10.10 আগৰ অনুশীলনীটোত (10.9) পানী আৰু স্পিৰিট থকা বাহু দুটাত যদি 15.05cm কৈ আৰু পানী আৰু স্পিৰিট ঢালি দিয়া হয়, তেনেহ’লে বাহু দুটাত পাৰাস্তম্ভৰ উচ্চতাৰ কিমান পাৰ্থক্য হ’ব?(পাৰাৰ আপেক্ষিক গুৰুত্ব= 13.6 )

10.11 নদী এখনৰ খৰস্ৰোত অঞ্চলত প্ৰাণী প্ৰৱাহ ব্যাখ্যা কৰিবলৈ বাৰ্ণ’লিৰ সমীকৰণ প্ৰয়োগ কৰিব পাৰিনে?

10.12 বাৰ্ণ’লিৰ সমীকৰণৰ প্ৰয়োগ কৰোতে পৰম চাপৰ সলনি মাপক চাপ (gauge pressure ) ব্যৱহাৰ কৰিলে কিবা ভূল হ’ব নেকি? কাৰণ দৰ্শোৱা।

10.13 1.5m দৈঘ্যৰ আৰু 1.0cm ব্যাসাৰ্ধৰ নলী এটাৰ মাজেৰে গ্লিচাৰিণৰ স্থিৰ প্ৰবাহ হৈছে। এটা মূৰত প্ৰতি ছেকেণ্ডত জমা হোৱা গ্লিচাৰিণৰ পৰিমাণ যদি হয়, তেনেহ’লে নলীটোৰ দুয়োমূৰৰ মাজত চাপৰ পাৰ্থক্য কিমান? (গ্লিচাৰিণৰ ঘনত্ব আৰু গ্লিচাৰিণৰ সান্দ্ৰতা গুণাংক = 0.83 Pas।) (লগতে নলীৰ মাজেৰে স্থিৰ প্ৰৱাহ হোৱা বুলি কৰা ধাৰণাটো সঁচা নে মিছা সেইটোও প্ৰমাণ কৰি চাব পাৰা।)

10.14 বায়ু সুৰংগত কৰা উৰাজাহাজৰ আৰ্হি প্ৰস্তুতকৰণ পৰীক্ষা এটাত দেখা গ’ল যে ডেউকাৰ ওপৰ আৰু তল পৃষ্ঠৰে বলা বায়ু দ্ৰুতি ক্ৰমান্বয়ে 70ms আৰু 63ms। ডেউকাৰ কালি 2.5

10.15 চিত্ৰ 10.23 (a) আৰু (b) য়ে আসান্দ্ৰ জুলীয়া পদাৰ্থ এটাৰ স্থিৰ প্ৰৱাহ নিৰ্দেশ কৰিছে চিত্ৰ দুটা ভিতৰত কোনটো অশুদ্ধ? কিয়।

10.16 স্পে পাম্প এটাৰ চুঙাটোৰ প্ৰস্থচ্ছেদ ইয়াৰ এটা মূৰত প্ৰত্যেকৰে 1.0 mm ব্যাসৰ 40 টা ক্ষুদ্ৰ বিন্ধা আছে। নলীটোৰ ভিতৰত যদি জুলীয়া পদাৰ্থটোৰ প্ৰবাহৰ দ্ৰুতিহয়, তেনেহ’লে ক্ষুদ্ৰ বিন্ধাবোৰৰ মাজেৰে নিৰ্গত হোৱা জুলীয়া পদাৰ্থৰ দ্ৰুতি কিমান হ’ব?

10.17 U আকৃতিৰ তাঁৰ এডাল চাবোনৰ দ্ৰব এটাত ডুবাই আকৌ উঠাই অনা হ’ল। পাতল শ্লাইডাৰ (Slider ) আৰু তাঁৰডালৰ মাজত সৃষ্টি হোৱা চাবোনৰ চামনিখনেভাৰ (ইয়াত শ্লাইডাৰ ভাৰো সোমাই আছে) বহন কৰিব পাৰে। শ্লাইডাৰডালৰ দৈঘ্য 30cm। চাননিখনৰ পৃষ্ঠটান কিমান?

10.18 জুলীয়া পদাৰ্থৰ পাতল ফিল্ম এখনেৰ সৰু ভাৰ এটা বহন কৰি থকা চিত্ৰ 10.24 (a) ত দেখুওৱা হৈছে। একে উষ্ণতাত থকা একে জুলীয়া পদাৰ্থৰ দুখন ফ্লিমে চিত্ৰ 10.24 (b) আৰু 10.24 (c) ত কিমান ভাৰ বহন কৰিব পাৰিব? ভৌতিক দিশৰৰ পৰা তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা।

10.19 কোঠাৰ উষ্ণতাত থকা 3.00 mm ব্যাসাৰ্ধৰ পাৰাৰ টোপাল এটা ভিতৰত চাপ কিমান? (কোঠাৰ উষ্ণতাত পাৰাৰ পৃষ্ঠটান বায়ুমণ্ডলীয় চাপ।টোপোলাটোৰ ভিতৰত ওপৰঞ্চি চাপৰ মানো উলিওৱা।

10.20 5.00mm ব্যাসাৰ্ধৰ চাবোনৰ বদবুদ এটা ভিতৰত উষ্ণতাত ওপৰঞ্চি চাপ কিমান?দিয়া আছে,উষ্ণতাতচাবোনৰ দ্ৰবটোৰ পৃষ্ঠটান। চাবোনৰ দ্ৰৱ থকা পাত্ৰ এটাৰ 40.0cm গভীৰতাত একে ব্যাসাৰ্ধৰ এটা বায়ুৰ বুদবুদৰ ভিতৰত চাপ কিমান? ( চাবোনৰ দ্ৰবটোৰ আপেক্ষিক ঘনত্ব = 1.20 আৰু এক বায়ুমণ্ডলীয় চাপ

অতিৰিক্ত অনুশীলনী

10.21 কালিবিশিষ্ঠ বৰ্গক্ষেত্ৰাকাৰ ভূমিৰ প্ৰাত্ৰ এটাত উলম্ব বেৰৰ মাজতে দুভাগ কৰা হৈছে। বেৰখনৰ তলিতকালিৰ এখন কব্জা লগোৱা সৰু দুৱৰা আছে। পাত্ৰটোৰ তলিৰ পৰা 4.0m উচ্চতালৈ এটা ভাগত পানী আৰু আনটো ভাগত এচিডেৰে (আপেক্ষিক ঘনত্ব 1.7 ) পূৰ্ণ কৰা আছে। দৰ্জাখন বন্ধ কৰি ৰখিবলৈ প্ৰয়োগ কৰিবলগীয়া বলৰ মান হিচাপ কৰি উলিওৱা।

10.22 চিত্র 10.25 (a) ত দেখুওৱা ধৰণে বন্ধ পাত্ৰত থকা গেছ এটাৰ চাপ মেনোমিটাৰৰ সহায়ত জোখা হৈছে। পাম্পৰ সহায়ত বন্ধ পাত্ৰটোৰ পৰা কিছু গেছ উলিয়াই নিয়াত মেনোমিটাৰৰ পাঠ চিত্র 10.25 (b) ত দেখুওৱাৰ দৰে হৈছে । মেনোমিটাৰত ব্যৱহাৰ কৰা জুলীয়া পদার্থটো হৈছে পাৰা আৰু এক বায়ুমণ্ডলীয় চাপ পাৰাস্তম্ভৰ 76 cm উচ্চতাৰ সমান।

(a) আৱদ্ধ পাত্ৰটোত থকা গেছৰ পৰম আৰু মাপক চাপ (a) আৰু (b) দুয়োটা ক্ষেত্রতে পাৰাস্তম্ভ উচ্চতা cm ত প্ৰকাশ কৰা।

(b ) চিত্র (b) ৰ মেনোমিটাৰটোৰ সোঁহাতৰ নলীটোত 13.6 cm পানীৰ স্তম্ভ ঢালি দিলে মেনোমিটাৰত তৰলৰ উচ্চতা কিদৰে সলনি হ’ব ? ( তোমালাকে জানা যে পানী আৰু পাৰা অমিশ্ৰণীয়। গেছৰ আয়তনৰ যি সামান্য সলনি হ’ব সেইটো উপেক্ষা কৰা। )

10.23 বেলেগ বেলেগ আকৃতিৰ দুটা প্ৰাত্ৰ ভূমি কালি সমান। এক নিৰ্দ্দিষ্ট সম উচ্চতালৈ পূৰ্ণ কৰিবৰ কাৰণে প্ৰথমে পাত্ৰটোত দ্বিতীয় পাত্ৰটোতকৈ দুগুণ আয়তনৰ পানীৰ প্ৰয়োজন হয়। পাত্ৰ দুটাৰ ভূমিত পানী প্ৰয়োগ কৰা বলৰ মান একেনে? যদি সেয়ে হয়, তেনেহ’লে একে উচ্চতালৈ পানীৰে পূৰ্ণ পাত্ৰ দুটাই ভাৰ জোখা স্কেলত বেলেগ বেলেগ পাঠ কিয় দেখুৱায়?

10.24 ৰক্ত সঞ্চাৰণ কৰিব কাৰণে 2000 Pa মাপক চাপ থকা সিৰা এডালত বেজীটো সুমুৱাই ৰখা হৈছে। তেজৰ পাত্ৰটো কিমান ওপৰত ৰাখিলে সিৰাডালৰ ভিতৰত তেজ কোনোমতে সোমাব পাৰিব?[ পূৰ্ণ ৰক্তৰ (Whole blood ) ঘনত্ব তালিকা 10.1 ৰ পৰা ব্যৱহাৰ কৰা ]

10.25 বাৰ্ণলি’ৰ সমীকৰণ ঠাৱৰ কৰোতে আমি নলীটোত তৰলৰ ওপৰত কৰা কাৰ্য তৰলৰ স্থিতিশক্তি আৰু গতিৰশক্তি পৰিৱৰ্তনৰ লগত সমীকৰণ কৰিছিলো।

(a) ব্যাসৰ ধমনী এডালত ৰক্তপ্ৰৱাহ ধাৰাৰেখিত হৈ থাকিবলৈ প্ৰৱাহৰ সৰ্বোচ্চ গড় বেগ কিমান হ’ব লাগিব?

(b) তৰলৰ (তেজৰ) বেগ বাঢ়িব ধৰিলে অপচয়ী বলৰ (dissipative force ) ভূমিকা অধিক গুৰুত্বপূৰ্ণ হয় নেকি। গুণভিত্তিক আলোচনা আগবঢ়োৱা।

10.26 (a) ব্যাসাৰ্ধৰ ধমনীত ৰক্তপ্ৰৱাহ ধাৰাৰেখিত হৈ থাকিবলৈ প্ৰৱাহৰ সৰ্বোচ্চ গড় বেগ কিমান হ’ব লাগিব?

(b) ইয়াৰ লগত সংগত প্ৰবাহৰ হাৰ কিমান?

(তেজৰ সান্দ্ৰতা গুণাংক =

10.27 আনুভূমিকভাৱে স্থিৰ দ্ৰুতিত উৰি থকা উৰাজাহাজ এখনৰ পাখি দুখনৰ প্ৰত্যকৰে কালি । ডেউকাৰ ওপৰপৃষ্ঠ আৰু তলৰ পৃষ্ঠত বায়ুৰ দ্ৰুতি যদি ক্ৰমান্বয়ে 234 km/h 180km/h হয়, তেনেহ’লে উৰাজাহাজখনৰ ভৰ নিৰ্ণয় কৰা। (বায়ুৰ ঘনত্ব লিবু লোৱা)

10.28 মিলিকানৰ তেলৰ টোপাল পৰীক্ষাত ব্যাসাৰ্ধ আৰু ঘনত্বৰ অনাহিত টোপাল এটাৰ প্ৰান্তীয় বেগ কিমান? পৰীক্ষাগাৰাৰ উষ্ণতাত বায়ুৰ সান্দ্ৰতা গুণাংকৰ মান বুলি ধৰি লোৱা। সেই দ্ৰুতিত টোপালটোৰ ওপৰত ক্ৰিয়া কৰা প্লাৱিতা বল উফেক্ষা কৰা।

10.29 ছ’ডা চূণযুক্তগ্লাচৰ (soda lime glass ) লগত পাৰাৰ সংস্প কোণ প্ৰায় ৰ সমান। 1.00mm ব্যাসাৰ্ধৰ গ্লাচৰ এটা ক্ষুদ্ৰ নলী পাৰা থকা পাত্ৰ এটাত ডুবাই দিয়া হ’ল। নলীটোবাহিৰৰ পাৰা পৃষ্ঠৰ তুলনাত ভিতৰৰ পাৰাপৃষ্ঠৰৰ কিমান তললৈ সোমাই যাব? পৰীক্ষাটো উষ্ণতাত পাৰা পৃষ্ঠটান।পাৰাৰ ঘনত

10.30 3.0mm আৰু 6.0mm ব্যাসৰ দুটা ঠেক নলী সংযোগ কৰি দুয়োমূৰ খোলা এটা Uনলী তৈয়াৰ কৰা হৈছে। U নলীটোত যদি পানী ভৰোৱা হয় তেনেহ’লে ইয়াৰ বাহু দুটাত পানীৰ উচ্চতাৰ পাৰ্থক্য কিমান হ’ব? পৰীক্ষা কৰা উষ্ণতাত পানীৰ পৃষ্ঠটান সংস্পৰ্শ কোণ শূন্য আৰু পানীৰ ঘনত্ব বুলি গণ্য কৰা।

কেলকুটৰ / কম্পিউটাৰভিত্তিক অনুশীলনী

10.31 (a) আমি জানো যে বায়ু ঘনত্ব ‘p’ উচ্চতা ‘y’ ৰ লগত সলনি হয় এনেদৰে

য’ত হৈছে সমুদ্ৰপৃষ্ঠত বায়ুৰ ঘনত্ব আৰু এটা ধ্ৰুৱক।

ঘনত্বৰ এটা তাৰতম্যক বায়ুমণ্ডলৰ সূত্ৰ বুলি জনা যায়। বায়ুণ্ডলৰ উষ্ণতা স্থিৰ বুলি ধৰি লৈ এই সূত্ৰটো প্ৰতিষ্ঠা কৰা। ‘g’ ৰ মানো ধ্ৰুৱক বুলি গণ্য কৰা।

(b) 400kg ওজনৰ বোজা এটা উঠাবলৈ আয়তনৰ হিলিয়াম বেলুন এটা ব্যৱহাৰ কৰা হৈছে। ওপৰলৈ আৰোহণ কৰোতে বেলুনটোৰ ব্যাসাৰ্ধ অপৰিৱৰ্তন হৈ থাকে বুলি বিবেচনা কৰা।বেলুনটো কিমান ওপৰলৈ উঠিব? [ ধৰি লোৱা, = 8000 m আৰু

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects