অতি চমু প্ৰশ্নোত্তৰ
১। পৰিয়াল শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰঃ পৰিয়াল শব্দটো ইংৰাজী ‘Family’ শব্দৰ ৰোমান ভাষাৰ ‘Famulus’ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল Servant।
২। ধৰ্ম শব্দৰ অৰ্থ কি?
উত্তৰঃ ধৰ্ম শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ধাৰণ কৰা।
৩। বৈবাহিক স্বজন কি ?
উত্তৰঃ বৈবাহিক সম্বন্ধৰ যোগেদি পোৱা স্বজনক বৈবাহিক স্বজন বোলা হয়।
৪। স্বজনীয়তা মানে কি ?
উত্তৰঃ জন্ম আৰু বিবাহৰ সূত্ৰে একেলগে বান্ধি ৰখা সম্বন্ধকেই স্বজনীয়তা বোলা হয়।
৫। পৰিয়াল কি ?
উত্তৰঃ পৰিয়াল হৈছে সমাজ স্বতঃস্ফূৰ্তভাৱে অস্তিত্ব লাভ কৰা এটা আনুষ্ঠানিক বিশ্বজনীন সামাজিক সংস্থা য’ত স্বামী আৰু স্ত্ৰীয়ে পুত্ৰ, কন্যা আৰু ঘনিষ্ঠ লোকৰ সৈতে একেলগে বসবাস কৰে। পৰিয়ালৰ আকাৰ সৰু বা ডাঙৰ হ’ব পাৰে।
৬। বিবাহ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ বিবাহ দুই প্ৰকাৰৰ —
(ক) এক পতি-পত্নী বিবাহ। আৰু
(খ) বহু পতি-পত্নী বিবাহ।
আনহাতে জীৱন সংগী নিৰ্বাচিতৰ নিয়ম অনুসৰি বিবাহক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি—
(ক) আন্তঃবিবাহ। আৰু
(খ) বহিঃবিবাহ।
৭। এক পতি-পত্নী বিবাহ মানে কি ?
উত্তৰঃ এক পতি-পত্নী বিবাহ মানে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত অনুষ্ঠিত হোৱা বিবাহ পদ্ধতিয়ে হ’ল এক পতি-পত্নী ।
৮। বহু পতি-পত্নী বিবাহ কি ?
উত্তৰঃ বহু পতি-পত্নী বিবাহে একে সময়তে এগৰাকীতকৈ বেছি জীৱন সংগী থকাটো বুজায়। বহু বিবাহক আৰু দুটা ভাগত ভগাব পাৰি। বহু পতি বিবাহ আৰু বহু পত্নী বিবাহ।
৯। বিবাহ কি ?
উত্তৰঃ বিবাহ এক সমাজিক সংস্থা যাৰ দ্বাৰা পুৰুষ আৰু মহিলাই একেলগে থাকি সন্তান জন্ম দি সন্তানৰ প্ৰতিপালন কৰিব পাৰে । বিবাহৰ দ্বাৰা একোটি নতুন পৰিয়ালৰ সূচনা কৰি বংশাণুক্ৰম ৰক্ষা কৰিবলৈ সকলো সময়েই নিয়মানুসাৰে পুৰুষ আৰু নাৰীৰ অধিকাৰ প্ৰদান কৰি আহিছে।
১০। ক্ষমতা কি ?
উত্তৰঃ ক্ষমতা হৈছে আনে বাধা দিয়া স্বত্বেও ব্যক্তি বা সমূহে নিজৰ ইচ্ছাক আগুৱাই নিয়াৰ সামৰ্থ্য।
১১। ৰাষ্ট্ৰ কি ?
উত্তৰঃ কোনো এক নিৰ্দিষ্ট জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ডত স্থায়ীভাৱে বসবাস কৰাৰ জৰিয়তে গঠন হোৱা সৰ্বভৌমিক সংগঠনে হ’ল ৰাষ্ট্ৰ।
১২। কৰ্তৃত্ব কি?
উত্তৰঃ ক্ষমতাক যুক্তি সংগতাৰে গ্ৰহণ কৰা ৰূপেই হৈছে কৰ্তৃত্ব। ইয়াক বৈধ ক্ষমতা বুলিও ক’ব পাৰি।
১৩। শ্ৰম বিভাজন কি ?
উত্তৰঃ শ্ৰম বিভাজন হ’ল কৰ্মক বিশেষভাৱে বিভাজন কৰা এক প্ৰক্ৰিয়া। আধুনিক সমাজত ব্যক্তিৰ বিশেষ অৰ্হতাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থাপনাৰ ভিত্তিত কৰ্মক এক বুজন সংখ্যক বিভাগত ভাগ কৰা হয় আৰু ইয়াকে শ্ৰম বিভাজন বোলে।
১৪। বহিঃবিবাহ মানে কি ?
উত্তৰঃ একে কুল বা বংশ, গোষ্ঠী, ওচৰ সম্বন্ধীয় ব্যক্তিৰ বাহিৰত হোৱা বিবাহ পদ্ধতিক বহিঃবিবাহ বোলা হয়। অৱশ্যে স্থান আৰু প্রচলিত ৰীতি অনুসৰি বহিঃবিবাহৰ ক্ষেত্ৰত পাৰ্থক্য থকা দেখা যায়।
১৫। আন্তঃবিবাহ মানে কি ?
উত্তৰঃ কেৱল নিজৰ সম্প্ৰদায় বা জাতিৰ ভিতৰত বিবাহ হোৱাটোকে আন্তঃবিবাহ বুলি কোৱা হয়।
১৬। একক পৰিয়াল কি ?
উত্তৰঃ পিতৃ-মাতৃ আৰু তেওঁলোকৰ অবিবাহিত সতি-সন্তানক লৈ গঠিত হোৱা পৰিয়ালক একক পৰিয়াল বোলে।
১৭। যুটীয়া পৰিয়াল মানে কি ?
উত্তৰঃ যুটীয়া পৰিয়াল হৈছে বৃহৎ আকাৰৰ পৰিয়াল। যি পৰিয়ালত ককা-আইতা, পিতৃ-মাতৃ আৰু তেওঁলোকৰ সতি-সন্ততি একেলগে একে বাসগৃহত বসবাস কৰে তাকে যুটীয়া পৰিয়াল বোলে।
১৮। সমগোত্ৰীয় স্বজন কি ?
উত্তৰঃ তেজৰ সম্পৰ্কৰ যোগেদি পোৱা স্বজনক সমগোত্ৰীয় স্বজন বোলে।
১৯। সামাজিক সংস্থা এটাৰ উদাহৰণ দিয়া।
উত্তৰঃ পৰিয়াল।
২০। অৰ্থনীতি এক সামাজিক সংস্থা হয় নে?
উত্তৰঃ হয়।
অনুশীলনী (Exercise)
১। তোমাৰ সমাজখনত বিবাহকাৰ্যত প্ৰচলিত হৈ থকা নীতি-নিয়মসমূহ উল্লেখ কৰা। লগত, তোমাৰ সহপাঠীসকলে লাভ কৰা তথ্যৰাজিও তুলনা কৰা।
উত্তৰঃ
সমাজভেদে বিবাহৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ নীতি-নিয়ম পালন কৰা দেখা যায়। অধিকাংশ সমাজত দৰা-কইনাৰ নিৰ্বাচন পিতৃ-মাতৃ বা আত্মীয়-স্বজনসকলে কৰে। কিছুমান ক্ষেত্ৰত অৱশ্যে পাত্ৰ-পাত্ৰীয়ে নিজৰ পছন্দমতে জীৱন-সংগী বাছি লয়।
সাধাৰণতে বিবাহ ব্যৱস্থাত দুই ধৰণৰ পদ্ধতি দেখা যায়—
(ক) আন্তঃবিবাহ আৰু (খ) বহিঃবিবাহ।
আন্তঃবিবাহ ব্যৱস্থাত একে জাতি, ধৰ্ম বা সামাজিক গোটৰ মাজতে বিবাহ সম্পন্ন হয়।
বহিঃবিবাহ ব্যৱস্থাত নিজৰ গাঁও বা গোটৰ বাহিৰৰ সমাজৰ পৰা পাত্ৰ-পাত্ৰী নিৰ্বাচন কৰা হয়।
বহু সমাজত কইনাগৰাকীৰ বিয়া দূৰণিবটীয়া গাঁৱৰ পাত্ৰৰ সৈতে কৰাটো প্ৰচলিত। ইয়াৰ ফলত নতুন পৰিয়ালত কইনাগৰাকী সহজে খাপ খুৱাই ল’ব পাৰে। বিবাহ অনুষ্ঠানৰ সময়ত আয়তীসকলে বিভিন্ন বিয়ানাম গায়, যাৰ মাজেৰে কইনাৰ মাতৃঘৰৰ পৰা বিদায় লোৱাৰ বেদনাও প্ৰকাশ পায়।
৫। সমাজশাস্ত্ৰত ধৰ্মৰ আলোচনা কেনেদৰে কৰে, লিখা।
উত্তৰঃ
ধৰ্ম হৈছে মানুহৰ পৱিত্ৰ জগতৰ বিষয়ে থকা বিশ্বাস, অনুভূতি আৰু আচৰণৰ এক সমষ্টি। সমাজশাস্ত্ৰত ধৰ্মক কেৱল আধ্যাত্মিক দৃষ্টিভংগীৰে নহয়, বৰং সমাজৰ সৈতে সম্পৰ্কিত এক সামাজিক প্ৰতিক্ৰিয়া হিচাপে অধ্যয়ন কৰা হয়।
মানুহৰ গাৰ্হস্থ্য জীৱন, অৰ্থনৈতিক জীৱন আৰু ৰাজনৈতিক জীৱনৰ লগত ধৰ্মৰ গভীৰ সম্পৰ্ক আছে। সমাজৰ সকলো স্তৰত ধৰ্মৰ প্ৰভাৱ দেখা যায় যদিও সংস্কৃতি আৰু সমাজভেদে ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহ ভিন্ন হয়।
ধৰ্মৰ কিছুমান মুখ্য দিশ হৈছে—
(ক) পূজা-পাৰ্বনত ব্যৱহৃত প্ৰতীক আৰু চিহ্ন
(খ) ধৰ্মীয় উপাসনা আৰু অনুষ্ঠান
(গ) একে ধৰ্মবিশ্বাসী লোকসকলৰ গোট
সমাজশাস্ত্ৰবিদ Émile Durkheim-ৰ মতে ধৰ্ম পৱিত্ৰ আৰু অপৱিত্ৰ বস্তুৰ মাজৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। তেওঁ ধৰ্মক এক সামাজিক প্ৰতিষ্ঠান হিচাপে বিবেচনা কৰিছিল।
সমাজশাস্ত্ৰৰ দৃষ্টিভংগীৰে ধৰ্মক বিশ্লেষণ কৰোঁতে সমাজৰ অন্যান্য প্ৰতিষ্ঠান যেনে পৰিয়াল, শিক্ষা আৰু ৰাজনীতিৰ লগত ইয়াৰ সম্পৰ্কো আলোচনা কৰা হয়। আধুনিক সমাজত কিছুমান ক্ষেত্ৰত ধৰ্মৰ প্ৰভাৱ কমি অহা দেখা যায়, যাক ধৰ্ম নিৰপেক্ষতা (Secularization) বুলি কোৱা হয়।
কিন্তু বৰ্তমান সময়ত বহু সমাজত পুনৰ ধৰ্মীয় অনুভূতি আৰু ধৰ্মীয় পৰিচয়ৰ গুৰুত্ব বৃদ্ধি পোৱা দেখা গৈছে।