AHSEC Class 11 Sociology Chapter 4 Solution 2026 Assamese Medium | সংস্কৃতি আৰু সমাজিকৰণ

সংস্কৃতি আৰু সমাজিকৰণ

চমু প্ৰশ্নোত্তৰ

১। সংস্কৃতি বুলিলে কি বুজা ?

উত্তৰঃ সংস্কৃতি হৈছে মানুহৰ জীৱন ধাৰণৰ পদ্ধতি। মানুহে সমাজত বসবাস কৰি যি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, শিক্ষা-দীক্ষা, ধৰ্ম-বিশ্বাস, ভাষা, নৃত্য-গীত, সাজ-পাৰ আৰু চিন্তা-ধাৰণা আদি গঢ়ি তোলে সেই সকলোবোৰৰ সমষ্টিক সংস্কৃতি বুলি কোৱা হয়।

২। সামাজিকৰণ বুলিলে কি বুজা ?

উত্তৰঃ
সামাজিকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তি সমাজৰ নিয়ম-নীতি, মূল্যবোধ, আচৰণ-পদ্ধতি আৰু কৰ্তব্যবোধ শিকি সমাজৰ উপযুক্ত সদস্য হিচাপে গঢ় লৈ উঠে।

৩। সংস্কৃতি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ
সংস্কৃতি সাধাৰণতে দুটা প্ৰকাৰৰ—

(ক) বস্তুবাদী সংস্কৃতি
(খ) অবস্তুবাদী সংস্কৃতি

৪। সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধিসমূহ কি কি ?

উত্তৰঃ
সামাজিক নিয়ন্ত্ৰণৰ প্ৰধান প্ৰতিনিধিসমূহ হ’ল—
পৰিয়াল, প্ৰথা, আইন আৰু ধৰ্ম।

৫। উপ-সংস্কৃতি মানে কি ?

উত্তৰঃ
বৃহৎ সংস্কৃতিৰ ভিতৰত গঢ় লৈ উঠা কিছুমান সৰু গোটৰ লোকৰ পৃথক আচৰণ, মূল্যবোধ, ৰুচি আৰু জীৱন-ধাৰণৰ ধৰণক উপ-সংস্কৃতি বুলি কোৱা হয়। এই উপ-সংস্কৃতিৰ জৰিয়তে সেই গোটটোৱে এক সুকীয়া পৰিচয় লাভ কৰে।

৬। সাংস্কৃতিক পৰিৱৰ্তন কি ?

উত্তৰঃ
সময়ৰ লগে লগে সমাজৰ সংস্কৃতিৰ ধাৰণা, আচাৰ-ব্যৱহাৰ, মূল্যবোধ আদি সলনি হোৱা প্ৰক্ৰিয়াক সাংস্কৃতিক পৰিৱৰ্তন বুলি কোৱা হয়। এই পৰিৱৰ্তন ধীৰ বা দ্ৰুত গতিত ঘটিব পাৰে।

৭। গোষ্ঠীকেন্দ্ৰিক মানসিকতা কি ?

উত্তৰঃ
নিজৰ সংস্কৃতিৰ মানদণ্ডৰে অন্য সংস্কৃতিৰ মানুহৰ আচৰণ আৰু বিশ্বাসক মূল্যায়ন কৰাকে গোষ্ঠীকেন্দ্ৰিক মানসিকতা বুলি কোৱা হয়। ইয়াত নিজৰ সংস্কৃতিক শ্ৰেষ্ঠ বুলি ভবা প্ৰৱণতা দেখা যায়।

৮। সংস্কৃতি আৰু সভ্যতাৰ মাজত সম্পৰ্ক কি ?

উত্তৰঃ
সংস্কৃতি আৰু সভ্যতা একে আনৰ লগত ঘনিষ্ঠভাৱে জড়িত। সংস্কৃতি যেতিয়া লিখিত ভাষা, বিজ্ঞান, দৰ্শন, প্ৰযুক্তি, শ্ৰম বিভাজন আৰু সুসংগঠিত ৰাজনৈতিক ব্যৱস্থাৰে উন্নত হয়, তেতিয়া তাক সভ্যতা বুলি কোৱা হয়।

৯। ব্যক্তিত্ব মানে কি ?

উত্তৰঃ
ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ দৈহিক গঠন, আচৰণ, চিন্তা-ধাৰণা, অভিজ্ঞতা, ৰুচি, অভ্যাস আৰু সামাজিক বৈশিষ্ট্য আদি সকলোবোৰৰ সমষ্টি।

১০। সংস্কৃতি শব্দটো ক’ৰ পৰা আহিছে ? ইয়াৰ অৰ্থ কি ?

উত্তৰঃ
সংস্কৃতিৰ ইংৰাজী প্ৰতিশব্দ “Culture”। ই লেটিন ভাষাৰ “Colere” শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে উন্নতি সাধন কৰা বা বিকাশ কৰা।

১১। অবস্তুবাদী সংস্কৃতি কাক বোলে ?

উত্তৰঃ
মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, জ্ঞান, বিশ্বাস, ধৰ্ম, মূল্যবোধ আৰু ৰীতি-নীতিৰ সৈতে সম্পৰ্কিত সংস্কৃতিক অবস্তুবাদী সংস্কৃতি বুলি কোৱা হয়।

১২। সমাজিকৰণৰ দুটা প্ৰতিনিধি উল্লেখ কৰা।

উত্তৰঃ
(ক) পৰিয়াল
(খ) শিক্ষানুষ্ঠান

১৩। বিক্ষিপ্তকৰণ প্ৰক্ৰিয়াত ইন্ধন যোগোৱা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ
(ক) এখন সমাজৰ সংস্কৃতি আন এখন সমাজৰ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হ’লে।
(খ) বিভিন্ন সমাজৰ সংস্কৃতিৰ মাজত সংমিশ্ৰণ ঘটিলে।

১৪। সাংস্কৃতিক পৰিসৰৰ দিশ কেইটা আৰু কি কি ?

উত্তৰঃ
সাংস্কৃতিক পৰিসৰৰ দিশ তিনিটা—

(ক) ভৌতিক বা বস্তুগত দিশ (Materialistic)
(খ) প্ৰতিমানমূলক দিশ (Normative)
(গ) বোধগম্য বা জ্ঞানমূলক দিশ (Cognitive)

১৫। সামাজিক নিয়ন্ত্ৰণ মানে কি বুজা ?

উত্তৰঃ
সমাজত শৃংখলা আৰু সমতা বজাই ৰাখিবলৈ সমাজে ব্যৱহাৰ কৰা নিয়ম-নীতি, প্ৰথা, আইন আৰু মূল্যবোধৰ ব্যৱস্থাক সামাজিক নিয়ন্ত্ৰণ বুলি কোৱা হয়। ইয়াৰ উদ্দেশ্য হৈছে সমাজৰ সদস্যসকলক সঠিক আচৰণ কৰিবলৈ প্ৰেৰণা দিয়া।

১৬। সাংস্কৃতিক পশ্চাৎৱৰ্তীতা মানে কি ?

উত্তৰঃ
যেতিয়া বস্তুবাদী সংস্কৃতি দ্ৰুতগতিত উন্নতি কৰে কিন্তু অবস্তুবাদী সংস্কৃতি ধীৰ গতিত আগবাঢ়ে, তেতিয়া যি পিছপৰি থকা অৱস্থা সৃষ্টি হয় তাক সাংস্কৃতিক পশ্চাৎৱৰ্তীতা বুলি কোৱা হয়।

১৭। হেৰি এম. জনচনৰ মতে সমাজিকৰণৰ স্তৰ কেইটা আৰু কি কি ?

উত্তৰঃ
হেৰি এম. জনচনৰ মতে সমাজিকৰণৰ স্তৰ চাৰিটা—

(ক) মৌখিক স্তৰ
(খ) পায়ু স্তৰ
(গ) সুপ্ত স্তৰ
(ঘ) কৌশল স্তৰ

অনুশীলনী (Exercise)
১। সমাজ বিজ্ঞানত সংস্কৃতিৰ অৰ্থ দৈনন্দিন জীৱনত ব্যৱহৃত ‘সংস্কৃতি’ শব্দটোতকৈ কিদৰে পৃথক ?

উত্তৰঃ
দৈনন্দিন জীৱনত “সংস্কৃতি” শব্দটো সাধাৰণতে সাহিত্য, সংগীত, নৃত্য আদি শিল্পকলাৰ সৈতে জড়িত বুলি ধৰা হয়। কিন্তু সমাজ বিজ্ঞানত সংস্কৃতি শব্দটোৰ অৰ্থ বহুত বিস্তৃত। ইয়াত মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস, মূল্যবোধ, ভাষা, প্ৰযুক্তি আদি সকলো দিশ সামৰি লোৱা হয়।

২। সংস্কৃতিত বিভিন্ন পৰিধি সোমাই থকা কথাটো আমি কিদৰে প্ৰমাণ কৰিব পাৰোঁ ?

উত্তৰঃ
সংস্কৃতিত বিভিন্ন পৰিধি আছে। এইবোৰ হ’ল—

(ক) বোধগম্য দিশ – মানুহে কেনেদৰে জ্ঞান আহৰণ কৰে আৰু কথাবোৰৰ অৰ্থ বুজে।
(খ) প্ৰতিমানমূলক দিশ – সমাজৰ নীতি-নিয়ম আৰু আচৰণৰ বিধান।
(গ) বস্তুগত দিশ – আহিলা-যন্ত্ৰ, প্ৰযুক্তি আৰু বস্তুৰ ব্যৱহাৰ।

এই তিনিটা দিশে প্ৰমাণ কৰে যে সংস্কৃতি বহু পৰিধিৰ সমষ্টি।

৩। তোমাৰ পৰিচিত দুটা সংস্কৃতি তুলনা কৰা। গোষ্ঠীকেন্দ্ৰিক মানসিকতা নোহোৱা কৰাটো জটিল নেকি ?

উত্তৰঃ
উদাহৰণস্বৰূপে অসমীয়া সংস্কৃতি আৰু পশ্চিমীয়া সংস্কৃতিৰ মাজত তুলনা কৰিব পাৰি। অসমীয়া সংস্কৃতিত পৰিয়ালক অধিক গুৰুত্ব দিয়া হয় আৰু পৰম্পৰা অনুসৰণ কৰা হয়। পশ্চিমীয়া সংস্কৃতিত ব্যক্তিগত স্বাধীনতা আৰু আধুনিক জীৱন-ধাৰণ অধিক গুৰুত্ব পায়।

গোষ্ঠীকেন্দ্ৰিক মানসিকতা নোহোৱা কৰাটো কিছু জটিল, কাৰণ মানুহ সাধাৰণতে নিজৰ সংস্কৃতিকেই শ্ৰেষ্ঠ বুলি ভাবিবলৈ ভাল পায়। কিন্তু শিক্ষা আৰু সহিষ্ণুতাৰ জৰিয়তে ইয়াক কম কৰিব পাৰি।

৪। সাংস্কৃতিক পৰিৱৰ্তন অধ্যয়ন কৰাৰ দুটা পৃথক দৃষ্টিভংগী আলোচনা কৰা।

উত্তৰঃ
সাংস্কৃতিক পৰিৱৰ্তন অধ্যয়ন কৰাৰ দুটা দৃষ্টিভংগী হ’ল—

(ক) বিৱৰ্তনমূলক দৃষ্টিভংগী – ইয়াত ধীৰে ধীৰে সংস্কৃতিৰ উন্নতি আৰু পৰিৱৰ্তন হোৱা বুলি ধৰা হয়।

(খ) বৈপ্লৱিক দৃষ্টিভংগী – ইয়াত হঠাৎ আৰু দ্ৰুতগতিত সমাজত পৰিৱৰ্তন ঘটিব পাৰে বুলি ধৰা হয়। উদাহৰণস্বৰূপে ১৭৮৯ চনৰ ফৰাচী বিপ্লৱ।

৫। সাৰ্বজনীনতাক তুমি আধুনিকতাৰ সৈতে মিলাব পাৰিবনে ? পৰ্যবেক্ষণ কৰি গোষ্ঠীকেন্দ্ৰিক মানসিকতাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ
সাৰ্বজনীনতা আৰু আধুনিকতা কিছুমান ক্ষেত্ৰত মিল আছে, কাৰণ আধুনিক সমাজত বহু মূল্যবোধ সকলো সমাজতে গ্ৰহণযোগ্য হয়। উদাহৰণস্বৰূপে শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ।

গোষ্ঠীকেন্দ্ৰিক মানসিকতাৰ উদাহৰণ হ’ল— কিছুমান মানুহে নিজৰ ভাষা বা সংস্কৃতিকেই শ্ৰেষ্ঠ বুলি ভাবি অন্য ভাষা বা সংস্কৃতিক তুচ্ছ জ্ঞান কৰা।

৬। তোমাৰ মতে তোমালোকৰ প্ৰজন্মৰ সমাজিকীকৰণৰ বাবে কোনটো প্ৰতিনিধি বেছি কাৰ্যকৰী হৈছে ? আগতে বেলেগ আছিল বুলি তুমি কেনেদৰে ভাৱা?

উত্তৰঃ
বৰ্তমান সময়ত সমাজিকীকৰণত শিক্ষানুষ্ঠান আৰু গণমাধ্যম (ইন্টাৰনেট, সামাজিক মাধ্যম)ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ জৰিয়তে নতুন জ্ঞান, মূল্যবোধ আৰু আচৰণ শিকিবলৈ সহজ হয়।

আগতে সমাজিকীকৰণৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজৰ জ্যেষ্ঠসকলৰ ভূমিকা বেছি আছিল। কিন্তু আধুনিক যুগত প্ৰযুক্তি আৰু শিক্ষাৰ প্ৰভাৱ বেছি বৃদ্ধি পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top