AHSEC Class 11 Sociology Chapter 5 Solution 2026 Assamese Medium | সমাজতত্ত্বঃ গৱেষণা পদ্ধতি

চমু প্ৰশ্নোত্তৰ

১। সামাজিক জৰীপ মানে কি ?

উত্তৰঃ সামাজিক জৰীপ এটা প্ৰক্ৰিয়া, যাৰ দ্বাৰা সম্প্ৰদায়ৰ অৱস্থা আৰু কাৰ্যাৱলীৰ আকাংক্ষাৰ ওপৰত পৰিমানবোধক তথ্য সংগ্ৰহ কৰে।

২। সামাজিক গৱেষণা কাক বোলে ?

উত্তৰঃ মানৱ সমাজত দৈনন্দিন জীৱনত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃতি, উৎস, স্বৰূপ আৰু মানুহৰ আচৰণ আৰু কাৰ্য-প্ৰণালীৰ আন্তঃসম্পৰ্কৰ সম্বন্ধে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি বস্তুনিষ্ঠ আৰু প্ৰণালীবদ্ধ জ্ঞান আহৰণ কৰাকে সামাজিক গৱেষণা বোলে।

৩। সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা কি কি ?

উত্তৰঃ সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা হ’ল–

(ক) সত্যতা উদঘাটন কৰা।

(খ) সমস্যা সমাধানৰ উপায় নিৰ্ণয় কৰা।

৪। পৰ্যবেক্ষণ মানে কি ?

উত্তৰঃ পৰ্যবেক্ষণ মানে সমাজৰ কোনো এটা সমস্যা বা ঘটনাক অন্তঃদৃষ্টিৰে উদ্দেশ্যমূলক ব্যৱহাৰে চোৱা কাৰ্যক বুজোৱা হয়।

৫। সাক্ষাৎকাৰ পদ্ধতি কি ?

উত্তৰঃ সাক্ষাৎকাৰ এনে এক পদ্ধতি, য’ত ব্যক্তিসকলে মুখামুখি পৰিৱেশত মৌখিক আলাপ-আলোচনাৰ যোগেদি তথ্য উদ্ঘাটন আৰু সংগ্ৰহ কৰিব পাৰি।

৬। সাক্ষাৎকাৰ পদ্ধতিৰ মূল লক্ষ্যসমূহ কি কি ?

উত্তৰঃ সাক্ষাৎকাৰ পদ্ধতিৰ মূল লক্ষ্যসমূহ হ’ল—

(ক) সাক্ষাৎকাৰৰ দ্বাৰা ব্যক্তিৰ জীৱনত আগতে উদ্ঘাটন নোহোৱা আছুতীয়া আৰু গোপন তথ্যসমূহ একগোট কৰা।

(খ) এটা নিৰ্দিষ্ট সামাজিক অৱস্থাত এজন মানুহৰ আচৰণ প্ৰণালীক সূক্ষ্মভাৱে অধ্যয়ন কৰা।

৭। নমুনা অধ্যয়ন পদ্ধতি মানে কি ?

উত্তৰঃ নমুনা অধ্যয়ন পদ্ধতি মানে হ’ল এটা গুণগত অধ্যয়ন পদ্ধতি। এনে পদ্ধতিৰ দ্বাৰা এক বিশেষ ব্যক্তি, সামাজিক ঘটনা, সংস্থা, সমিতি আদিৰ বিষয়ে সু-বিস্তৃত বিৱৰ্তনৰ সৈতে সূক্ষ্মভাৱে অধ্যয়ন কৰা হয়।

৮। প্ৰশ্নসূচী মানে কি ?

উত্তৰঃ কোনো সামাজিক সমস্যা বা ঘটনাৰ বিভিন্ন দিশৰ বিষয়ে কেতবোৰ প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰা হয় তাকে প্ৰশ্নসূচী বুলি কোৱা হয়।

৯। প্ৰশ্নসূচীৰ দুটা সমস্যা উল্লেখ কৰা ?

উত্তৰঃ প্ৰশ্নসূচীৰ দুটা সমস্যা হ’ল—

(ক) কেতিয়াবা উত্তৰদাতাই প্ৰশ্ন সঠিক অৰ্থ বুজি নোপোৱাৰ বাবে ভুল উত্তৰ দিয়ে।

(খ) নিৰক্ষৰ লোকসকলৰ পৰা প্ৰশ্নসূচীৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিব নোৱাৰে।

১০। বস্তুনিষ্ঠতা কি ?

উত্তৰঃ সাধাৰণতে বস্তুনিষ্ঠতাই অপক্ষপাতিত্বমূলক নিৰপেক্ষ অথবা তথ্যৰ আধাৰত প্ৰতিষ্ঠিত অৱস্থাকেই বুজায়।

অনুশীলন (Exercise)

১। সামাজতত্ত্বত বৈজ্ঞানিক পদ্ধতিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

২। সমাজবিজ্ঞানত বস্তুতাত্ত্বিকতা এক জটিল বিষয়। ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

৩। সমাজতত্ত্বত বস্তুতাত্ত্বিকতাৰ সমস্যা এক জটিল বিষয়, ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ বস্তুনিষ্ঠতাৰ অৰ্থ হৈছে কোনো তথ্যৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অধ্যয়ন কৰা, যাক বস্তুবাদী বা বস্তুনিষ্ঠ অধ্যয়ন বুলি কোৱা হয়। সমাজতাত্ত্বিক অধ্যয়নত বস্তুনিষ্ঠতাৰ প্ৰয়োজন আছে। কিয়নো যেতিয়া কোনো এজন সামাজিক গৱেষকে কোনো বিষয় অধ্যয়ন কৰোঁতে বস্তুনিষ্ঠ মনোভাৱৰ উদ্ভৱ হয়। কিন্তু বিজ্ঞান হিচাপে সমাজতত্ত্ব বস্তুনিষ্ঠ হোৱাটো বাঞ্চনীয়। আকৌ সমাজৰ এনে কিছুমান দিশ আছে যিবোৰ দিশৰ লগত অধ্যয়নকাৰী জড়িত নহয় সেই দিশবোৰতো অধ্যয়ন কৰিব পাৰে। তেনে দিশত বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰাটো বেছি সহজ।

৪। আত্মপ্ৰতিফল মানে কি বুজা ? সমাজতাত্ত্বিক অধ্যয়নত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ সমাজতত্ত্ববিদসকলে অধ্যয়নৰ সময়ত সাধাৰণতে এজন বাহিৰৰ পৰ্যবেক্ষকৰূপে নিয়োজিত হোৱাৰ সময়তে তেওঁৰ স্থিতি সম্পৰ্কে অৱগত হৈ থাকে গৱেষণাক আনৰ দৃষ্টিভংগীৰে আগবঢ়াই নিবলৈ প্ৰয়াস কৰা কৌশলকে আত্মপ্ৰতিফলৰ কৌশল বোলে।

আত্মপ্ৰতিফলনৰ এটা ব্যৱহাৰিক দিশ হৈছে গৱেষকজনে অধ্যয়ন কৰি যিবোৰ তথ্যৰ মুখামুখি হৈছে সেইবোৰ সযত্ন লিপিবদ্ধ কৰা । তাৰোপৰি সংগ্ৰহ কৰা তথ্যবোৰৰ উৎস নিৰ্ভুলভাৱে যথাস্থানত উল্লেখ কৰাটো উন্নত মানৰ গৱেষণাৰ আনটো প্ৰধান বৈশিষ্ট্য। গৱেষকজন যিমানেই আত্মপ্ৰতিফলৰ দিশে আগনাবাঢ়ক কিয়, অৱচেতনভাৱেই কেতিয়াবা পক্ষপাতিত্বৰ অৱকাশো থাকি যায় । এনেধৰণৰ সম্ভাব্য বিপদক অতিক্ৰম কৰিবলৈ গৱেষকে অৱলম্বন কৰা উপায়সমূহ হৈছে অধ্যয়ন কৰা ব্যক্তিসকলৰ সামাজিক পটভূমি, য’ৰ পৰা পক্ষপাতিত্বৰ মনোভাৱ অহাৰ সম্ভাৱনা থাকে সেইবোৰ কৌশলেৰে নিৰীক্ষণ কৰিব লাগে । ইয়াৰ সহায়ত পাঠক সমাজে সহজে আসোঁৱাহখিনি অতিক্ৰম কৰি যাব পাৰে ।

৫। অংশগ্ৰহনকাৰী পৰ্যবেক্ষণৰ সময়ত নৃতাত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলে প্ৰধানকৈ অৱলম্বন কৰা ।

উত্তৰঃ সমাজতত্ত্ব, বিশেষকৈ সামাজিক নৃতত্ত্ব বিজ্ঞানত বিশেষভাৱে জনপ্ৰিয়। অংশগ্ৰহনকাৰী পৰ্যবেক্ষণ হৈছে জনসমাজৰ লগত অংশগ্ৰহণ কৰা প্ৰণালীবদ্ধ এবিধ বিশেষ প্ৰক্ৰিয়া যাৰ জৰিয়তে সমাজতত্ত্ববিদসকলে সমাজ, সংস্কৃতি আৰু ইয়াৰ ব্যক্তিসকলৰ বিষয়ে অধ্যয়ন কৰা। সামাজিক নৃতত্ত্ববিদসকলে বিশেষ অধ্যয়ন ক্ষেত্ৰৰ এজন বাহিৰৰ লোক হৈও তেওঁলোকে অধ্যয়ন কৰা লোকসকলৰ মাজত এজন থলুৱা লোক হৈ পৰে । প্ৰকৃত থলুৱা লোকসকলৰ ভাষা শিকে আৰু সেইসকলৰ দৈনন্দিন জীৱনৰ সকলো কাৰ্য-কলাপত আপোনভাৱেৰে অংশগ্ৰহণ কৰে। নৃতত্ত্ববিদসকলে এই প্রচেষ্টাৰ যোগেদি সমাজৰ সকলো প্ৰকাৰৰ স্পষ্ট আৰু অস্পট বা অসন্দিগ্ধ জ্ঞান আৰু ভিতৰুৱা লোকসকলৰ কলা-কৌশলবোৰ আয়ত্ব কৰে। সমাজতত্ত্ববিদ বা নৃতত্ত্ববিদসকলৰ যদিও নিজা নিজা নিৰ্দিষ্ট মনঃপুত অধনয়নৰ গণ্ডী থাকে, অধ্যয়নৰ জনগোষ্ঠীৰ সামগ্ৰিক জীৱনৰ বিষয়ে সম্পূৰ্ণকৈ জনাটোই হৈছে অংশগ্ৰহনকাৰী পৰ্যবেক্ষণ মূল লক্ষ্য। অংশগ্ৰহককাৰী পৰ্যবেক্ষণক প্ৰায়ে ক্ষেত্ৰ কৰ্ম বুলি কোৱা হয়। প্ৰাকৃতিক বিজ্ঞানৰ কেইটামান শাখা যেনে— উদ্ভিদবিদ্যা, প্ৰাণীবিদ্যা, ভূতত্ত্ব আদিতেই ক্ষেত্ৰ কৰ্ম অৱধৰণাটিৰ উৎপত্তি হৈছিল।

৬। অংশগ্ৰহনকাৰী পৰ্যবেক্ষণৰ সুবিধা আৰু সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অংশগ্ৰহনকাৰী পৰ্যবেক্ষণৰ প্ৰধান শক্তি হৈছে যে – ই ভিতৰৰ পৰা চাব পৰা এক দৃষ্টিভংগীৰ সহায়েৰে জীৱনৰ বহুত মূল্যৱান আৰু বিস্তৃত ছবিখন আনিব পাৰে। ক্ষেত্ৰকৰ্মৰ প্ৰয়োজন অনুসাৰে যিখিনি সময় আৰু চেষ্টা ক্ষেত্ৰকৰ্মত বিনিয়োগ কৰা হয়, সেইখিনি বিনিয়োগৰ উপযুক্ত প্ৰতিদান লাভ কৰিব পাৰি একমাত্ৰ এজন ভিতৰুৱা হৈ চাব পৰা দৃষ্টিভংগীৰে । ক্ষেত্ৰ অধ্যয়নে পূৰ্বতে অনুমান কৰা ধাৰণাবোৰক শুধৰণি কৰাত সহায় কৰে, যিবোৰ ধাৰণা প্ৰায়ে ভুল বা পক্ষপাতিত্বমূলক হোৱাৰ সম্ভাৱনা থাকে । ক্ষেত্ৰ অধ্যয়নে গৱেষকক অধ্যয়ন কৰা বিষয়ত আকৰ্ষণ অনুযায়ী পথ পৰিৱৰ্তনৰ ইংগিতো দিব পাৰে আৰু বিভিন্ন পৰিস্থিতি বা প্ৰসংগৰ মুখামুখি হওঁতে সম্ভাব্য প্ৰভাৱৰ কথাও ক’ব পাৰে।

ক্ষেত্ৰ অধ্যয়ন পদ্ধতিৰ আন এটা সীমাবদ্ধতা থাকে। অৱশ্যে অধ্যয়ন কৰা ব্যক্তিসকলৰ মনোভাৱক প্ৰতিনিধিত্ব কৰি প্ৰকাশ কৰাটোও গৱেষণাৰ এটা উদ্দেশ্য। ক্ষেত্ৰ অধ্যয়ন পদ্ধতিৰ একপক্ষীয় গুণৰ বাবে সাধাৰণতে অনেক সময়ত এই পদ্ধতিক সমালোচনাও কৰা হয়। গৱেষকৰ অধ্যয়নখিনিক সাধাৰণ জনতাৰ ভাষালৈ ৰূপান্তৰ কৰি তেওঁলোকৰ মতামতসহ বাণীবদ্ধ কৰা হয়। এই ব্যৱস্থাৰ দ্বাৰা এজন গৱেষক আৰু গৱেষণাৰত ব্যক্তিসকলৰ মাজত থকা সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ব্যৱধানবোৰ সংকুচিত হ’ব ধৰিছে, সেইবাবে গৱেষণাৰত ব্যক্তিসকলৰ দ্বাৰা গৱেষকজনৰ অধ্যয়নখিনিক প্ৰশ্ন কৰা, শুধৰণি কৰা বা গুণগত সন্দেহ প্ৰকাশ কৰাৰ প্ৰৱল সম্ভাৱনা দেখা যায়।

৭। জৰীপ প্ৰণালীৰ মূল উপদানবোৰ কি কি ? এই প্ৰণালীত প্ৰধান সুবিধাসমূহৰ বিষয়ে লিখা।

উত্তৰঃ জৰীপ হৈছে কোনো পৰিস্থিতিৰ পুনঃনিৰীক্ষণ কৰিবলৈ কৰা এক প্রচেষ্টা। জৰীপ হৈছে কোনো বিশেষ বিষয় অধ্যয়ন কৰিবৰ বাবে জন প্ৰতিনিধিক সাৱধানেৰে বাছনি কৰি, তেওঁলোকৰ পৰা তথ্য আহৰণ কৰি ইয়াৰ সৰ্বাত্মক আৰু বিস্তৃত পৰিসৰ অধ্যয়ন কৰা এক প্ৰক্ৰিয়া। এই জন প্ৰতিনিধিক সাধাৰণতে উত্তৰদাতা বুলি কোৱা হয়। সাধাৰণভাৱে জৰীপ কাৰ্য চলাই নিবৰ বাবে এটা অধ্যয়নকাৰী দলৰ প্ৰয়োজন হয়। দলটোৰ প্ৰথম গোটটো গঠিত হয় কিছুমান ব্যক্তিৰ দ্বাৰা যিসকলে জাৰীপৰ মূল আঁচনি আৰু পদ্ধতি বা অভিকল্প প্ৰস্তুত কৰিব ‘গৱেষক দল’ আৰু দ্বিতীয় গোটটো হৈছে তেওঁলোকৰ সহযোগী দল । জাৰীপত সন্নিৱিষ্ট হোৱা প্ৰশ্নসমূহ বিভিন্ন প্ৰকাৰে অৱধৰণা কৰা হয় আৰু সোধা হয়। সামাজিক অধ্যয়নত বৈজ্ঞানিক পদ্ধতি হিচাপে জৰীপৰ কিছুমান সুবিধা আছে। জনসমষ্টিৰ ক্ষুদ্ৰ অংশ অধ্যয়ন কৰা হয় যদিও জাৰীপৰ ফলাফলবোৰ সমাজৰ বৃহৎ জনসমষ্টিৰ বাবে প্ৰযোজ্য হোৱাকৈ সাধাৰণীকৰণ কৰিব পাৰি । সীমিত সময়, প্ৰচেষ্টা আৰু ধন বিনিময় কৰি সমাজৰ বৃহৎ জনসমষ্টিক জৰীপৰ সহায়ত অধ্যয়ন কৰিব পাৰি। এই সুবিধাৰ বাবেই সমাজ বিজ্ঞান তথা অন্যান্য ক্ষেত্ৰত জৰীপ পদ্ধতি ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে।

৮। প্ৰতিনিধিত্বমূলক নমুনা বাছনিত মানিব লগা কেইটামান দিশ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

৯। জৰীপ প্ৰণালীৰ অসুবিধাবোৰ কি কি ? বৰ্ণনা কৰা।

উত্তৰঃ গৱেষণাৰ সকলো প্ৰণালীৰ দৰেই জৰীপ পদ্ধতিৰো নিজা কিছুমান অসুবিধা আছে। জৰীপে যদিও পৰিসকৰ সাঙুৰি লয়, এনেধৰণৰ গভীৰ অধ্যয়নো কেতিয়াবা যথেষ্ট কষ্টসাধ্য হয়। বৃহৎ জনসংখ্যাক অধ্যয়নৰ কাৰণে লোৱা বাবে কেতিয়াবা গভীৰভাৱে অধ্যয়ন কৰা সম্ভৱ নহয়। বৃহৎ সংখ্যক উত্তৰদাতাক দিব লগা সময় সীমিত কৰিব লগা হয় । তদুপৰি জৰীপত ব্যৱহাৰ হোৱা প্ৰশ্নসূচীবোৰ যিহেতুকে সৰহ সংখ্যক অনুসন্ধানকাৰীয়ে পৰিচালনা কৰে, সেয়েহে জটিল প্ৰশ্নসমূহৰ উত্তৰবোৰ যোগান ধৰোঁতে উত্তৰদাতাই ইজনে সিজনৰ লগত আলোচনাৰ জৰিয়তে তথ্যবোৰ যোগান ধৰিব লগা হয়। প্ৰশ্নবোৰ উত্থাপন কৰা আৰু উত্তৰবোৰ লিপিবদ্ধ কৰোঁতে জৰীপত সম্ভাব্য ক্ৰটি থকাটো স্বাভাৱিক। যিহেতু অনুসন্ধানকাৰী আৰু উত্তৰদাতাৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া নহয় সেইবাবে তেওঁলোকৰ মাজত পাৰস্পৰিক বুজা বা বিশ্বসো নাথাকে। সেইবাবে জৰীপত প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কাৰ্যবোৰ দুজন অপৰিচিত ব্যক্তিৰ মাজত হোৱা ঘটনাৰ দৰে হয়।

১০। অধ্যয়ন প্ৰণালী হিচাপে সাক্ষাৎকাৰ পদ্ধতিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা

উত্তৰঃ সাক্ষাৎকাৰ হৈছে প্ৰধানকৈ গৱেষক আৰু উত্তৰদাতাৰ মাজত বিশেষভাৱে নিয়ন্ত্ৰণ কৰা এক কথোপকথন। সাক্ষাৎকাত কিছু ব্যৱহাৰিক দিশ নথকা নহয়, কিন্তু কথোপকথনৰ গঠন অধিক সৰল হ’লে ই বিভ্ৰান্তিকৰ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ এজন সুদক্ষ সাক্ষাৎগ্ৰহনকাৰী হ’বলৈ প্ৰকৃততে বহুত দক্ষতা আৰু অভ্যাসৰ প্ৰয়োজন হয়। কথোপকথনৰ আৰ্হিক সম্পূৰ্ণ নামনীয় কৰি তোলাটোৱেই সাক্ষাৎকাৰৰ প্ৰধান উদ্দেশ্য। ইয়াত প্ৰশ্নবোৰ নতুনকৈ সংযোজিত কৰি সুবিধা পাৰি অথবা অন্যপ্ৰকাৰেও অৱধৰণা কৰিব পাৰি। কথোপকথনৰ ধাৰা বা গতি অনুযায়ী সুধিবলগা বিষয়বস্তুৰ প্ৰশ্নবোৰ অগা-পিছাও কৰিব পাৰি। আনকি যিবোৰ বিষয়ত অধিক আগ্ৰহী তথ্য সম্ভাৰৰ প্ৰয়োজনবোধ কৰা যায়, সেইবোৰ প্ৰয়োজন সাপক্ষে দীঘলীয়া কৰিব পাৰি ।

অন্যহাতেদি সাক্ষাৎকাৰ পদ্ধতিৰ বহু সুবিধা থকাৰ বিপৰীতে ইয়াত ভালেমান অসুবিধাও একে সময়তে জড়িত হৈ থাকে। অতি নমনীয় পৰিৱেশে কেতিয়াবা সাক্ষাৎকাৰ পদ্ধতিক আন দিশলৈ লৈ যাবও পাৰে বা কেতিয়াবা উত্তৰদাতাৰ প্ৰকাশভঙ্গীয়ে অন্যৰূপ পোৱাৰ আশংকা থাকিব পাৰে । তেনে পৰিৱেশে গৱেষকৰ মনোযোগ কেতিয়াও সলনি কৰি দিব পাৰে। এইটো প্ৰধানকৈ নিৰ্ভৰ কৰে কথোপকথনৰ বাবে প্ৰস্তুত কৰা মঞ্চৰ ওপৰত।

সাক্ষাৎকাৰ পদ্ধতিৰ বেলেগ বেলেগ শৈলী আছে। সেয়ে সুবিধা অনুযায়ী ইয়াৰ অভিজ্ঞতা আৰু মতামতো বেলেগ বেলেগ হয়। দুৰ্বল গাথঁনিৰে প্ৰস্তুত কৰা সাক্ষাৎকাৰক কিছুমানে পচন্দ কৰে য’ত উত্তৰদাতাক সুধিব লগা প্ৰকৃত প্ৰশ্নসমূহৰ বাদে কেৱল অধ্যয়ন কৰিবলগা বিষয়বোৰৰ তালিকাহে কৰে। আন কিছুমান সংৰচিত আকাৰত উত্তৰদাতাক সুধিব লগা বিশেষ প্ৰশ্নবোৰ অন্তভুক্ত কৰে। সাক্ষাৎকাৰ অনুস্থিত কৰোঁতেও সুবিধা আৰু পৰিস্থিতি অনুযায়ী বিভিন্ন পথ অৱলম্বন কৰা হয়। অনেক সময়ত সামাজিক আৰু ভৌতিক পৰিৱেশেও সাক্ষাৎকাৰ গ্ৰহণ তথা বাণীবদ্ধ কৰাত প্ৰভাৱ পেলায়। সাক্ষাৎকাৰৰ অন্তত গৱেষণাৰ বিৱৰণখিনি প্ৰকাশৰ বাবে উত্থাপন কৰোঁতে বিভিন্ন নিয়ম মানি চলা হয়।

সাক্ষাৎকাৰ পদ্ধতিক আন কেতবোৰ অধ্যয়ন-প্ৰণালী, যেনে — অংশগ্ৰহণকাৰী নিৰীক্ষণ আৰু জৰীপৰ পৰিপূৰক হিচাপে লোৱা হয়। অধ্যয়ন প্ৰণালী হিচাপে সাক্ষাৎকাৰ পদ্ধতি নিৰ্ভৰ কৰে ব্যক্তি বিশেষৰ অধিকাৰ আৰু গৱেষক তথা উত্তৰদাতাৰ মাজত স্থাপন কোৱা সৌহাদ্যপূৰ্ণ সম্বন্ধ অথবা গৱেষক আৰু উত্তৰদাতাৰ মাজত পাৰস্পৰিক বিশ্বাসৰ আধাৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top