AHSEC Class 11 Sociology Chapter 5 Solution 2026 (Part 2) Assamese Medium | ভাৰতীয় সমাজতত্ত্ববিদসকল

চমু প্ৰশ্নোত্তৰ

১। ভাৰতবৰ্ষত ক’ত আৰু কেতিয়া সমাজতত্ত্বই জন্ম লাভ কৰিছিল?

উত্তৰঃ
ভাৰতবৰ্ষত সমাজতত্ত্বৰ আনুষ্ঠানিক অধ্যয়ন ১৯১৯ চনত বম্বে বিশ্ববিদ্যালয়ত আৰম্ভ হৈছিল।

২। জি. এছ. ঘূৰীৰ পূৰ্ণাঙ্গ নাম কি?

উত্তৰঃ
জি. এছ. ঘূৰীৰ পূৰ্ণাঙ্গ নাম গোবিন্দ সদাশিৱ ঘূৰী।

৩। এম. এন. শ্ৰীনিবাসৰ জীৱনজোৰা অধ্যয়নৰ কেন্দ্ৰবিন্দু কি আছিল?

উত্তৰঃ
এম. এন. শ্ৰীনিবাসৰ অধ্যয়নৰ মুখ্য কেন্দ্ৰবিন্দু আছিল ভাৰতীয় গাঁও আৰু গ্ৰাম্য সমাজৰ অধ্যয়ন।

৪। এ. আৰ. দেশাইৰ পূৰ্ণাঙ্গ নাম কি?

উত্তৰঃ
এ. আৰ. দেশাইৰ পূৰ্ণাঙ্গ নাম অক্ষয় ৰমনলাল দেশাই।

৫। ডি. পি. মুখাৰ্জীৰ পূৰ্ণাঙ্গ নাম কি?

উত্তৰঃ
ডি. পি. মুখাৰ্জীৰ পূৰ্ণাঙ্গ নাম ধূৰ্জটি প্ৰসাদ মুখাৰ্জী।

৬। ভাৰতত ঘটনাক্ৰমে হোৱা সমাজতত্ত্ববিদ দুজনৰ নাম কি?

উত্তৰঃ
(ক) এল. কে. অনন্থকৃষ্ণ আয়াৰ
(খ) শৰৎ চন্দ্ৰ ৰায়

৭। এম. এন. শ্ৰীনিবাসৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ
এম. এন. শ্ৰীনিবাসৰ সম্পূৰ্ণ নাম মহীশূৰ নৰসিংহচাৰ শ্ৰীনিবাস।

৮। “Man in India” নামৰ আলোচনীখন কোনে কেতিয়া প্ৰকাশ কৰিছিল?

উত্তৰঃ
“Man in India” নামৰ আলোচনীখন শৰৎ চন্দ্ৰ ৰায়ে ১৯২১ চনত প্ৰকাশ কৰিছিল।

৯। হাৰ্বাৰ্ট ৰিজলীৰ মতে জাতি মানে কি?

উত্তৰঃ
হাৰ্বাৰ্ট ৰিজলীৰ মতে জাতি বা প্ৰজাতিৰ পাৰ্থক্য মানুহৰ শাৰীৰিক বৈশিষ্ট্য যেনে— মূৰৰ আকাৰ, নাকৰ গঠন, চকুৰ আকাৰ, চুলিৰ গঠন আদিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা যায়।

১০। ভাৰতৰ চাৰিজন মহান সমাজতত্ত্ববিদৰ নাম লিখা।

উত্তৰঃ
(ক) গোবিন্দ সদাশিৱ ঘূৰী
(খ) ধূৰ্জটি প্ৰসাদ মুখাৰ্জী
(গ) অক্ষয় ৰমনলাল দেশাই
(ঘ) মহীশূৰ নৰসিংহচাৰ শ্ৰীনিবাস

অনুশীলনী (Exercise)
১। অনন্থকৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয়ে কেনেকৈ সামাজিক নৃতত্ত্ব অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিছিল?

উত্তৰঃ
এল. কে. অনন্থকৃষ্ণ আয়াৰ ভাৰতৰ অন্যতম অগ্ৰণী নৃতত্ত্ববিদ আছিল। তেওঁ আনুষ্ঠানিকভাৱে নৃতত্ত্বৰ ডিগ্ৰী নথকা সত্ত্বেও স্ব-শিক্ষাৰ জৰিয়তে এই ক্ষেত্ৰত গভীৰ গৱেষণা কৰিছিল। তেওঁ ভাৰতীয় নৃতত্ত্ব অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু শিক্ষাবিদ হিচাপে স্বীকৃতি লাভ কৰিছিল।

শৰৎ চন্দ্ৰ ৰায় এজন আইনবিদ আছিল। তেওঁ ঝাৰখণ্ডৰ চোটনাগপুৰ অঞ্চলত জনজাতীয় সমাজ আৰু সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ জৰিয়তে তেওঁ নৃতত্ত্ব গৱেষণাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল।

এইদৰে দুয়োজনে ভাৰতীয় নৃতত্ত্ব আৰু সমাজতত্ত্বৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰিছিল।

২। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত থকা যুক্তিসমূহ আলোচনা কৰা।

উত্তৰঃ
জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক দেখা যায়। এই সম্পৰ্কবোৰৰ মূল কাৰণ হৈছে পৰস্পৰৰ সহায়তা, ব্যৱসায়িক লেনদেন আৰু সাংস্কৃতিক বিনিময়। কেতিয়াবা বিবাহ, উৎসৱ-পাৰ্বণ আৰু দৈনন্দিন জীৱনৰ কাৰ্যকলাপৰ জৰিয়তেও জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠে। এই সম্পৰ্কসমূহে সমাজত ঐক্য আৰু সহযোগিতা বৃদ্ধি কৰে।

৩। ভাৰতৰ জাতি আৰু প্ৰজাতিৰ সম্পৰ্কত ৰিজলী আৰু ঘূৰীৰ মতামত আলোচনা কৰা।

উত্তৰঃ
হাৰ্বাৰ্ট ৰিজলীৰ মতে ভাৰতৰ জাতি ব্যৱস্থাৰ মূল ভিত্তি হৈছে প্ৰজাতিগত পাৰ্থক্য। তেওঁ বিশ্বাস কৰিছিল যে বিভিন্ন জাতি ভিন্ন ভিন্ন প্ৰজাতিৰ পৰা উৎপত্তি হৈছে।

কিন্তু জি. এছ. ঘূৰীয়ে ৰিজলীৰ এই মত সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাছিল। তেওঁৰ মতে জাতি ব্যৱস্থা কেৱল প্ৰজাতিগত পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা নহয়। ভাৰতৰ বিভিন্ন অঞ্চলত সামাজিক আৰু সাংস্কৃতিক কাৰকৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।

৪। জাতি সম্পৰ্কে থকা সামাজিক নৃতাত্ত্বিক সংজ্ঞাসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ
সামাজিক নৃতত্ত্ববিদসকলৰ মতে জাতি হৈছে এক সামাজিক গোট য’ত জন্মৰ ভিত্তিত সদস্যপদ নিৰ্ধাৰিত হয়। এই গোটত সাধাৰণতে নিজস্ব পেছা, বিবাহৰ নিয়ম, সামাজিক মৰ্যাদা আৰু ৰীতি-নীতি থাকে। জাতি ব্যৱস্থাই সমাজত বিভিন্ন স্তৰৰ সৃষ্টি কৰে।

৫। ডি. পি. মুখাৰ্জীৰ মতে ‘জীৱন্ত পৰম্পৰা’ মানে কি?

উত্তৰঃ
ডি. পি. মুখাৰ্জীৰ মতে জীৱন্ত পৰম্পৰা হৈছে এনে পৰম্পৰা যি অতীতৰ সৈতে সংযোগ বজাই ৰাখে আৰু একে সময়তে নতুন ধাৰণাকো গ্ৰহণ কৰে। অৰ্থাৎ পুৰণি আৰু নতুনৰ সংমিশ্ৰণেৰে গঢ়ি উঠা পৰম্পৰাক জীৱন্ত পৰম্পৰা বুলি কোৱা হয়।

৬। ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বিশেষত্বসমূহ কি কি?

উত্তৰঃ
ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ কিছুমান মুখ্য বৈশিষ্ট্য হৈছে—

সমষ্টিকেন্দ্ৰিক সামাজিক জীৱন

জাতি ব্যৱস্থাৰ প্ৰভাৱ

বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ সহাৱস্থান

পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ

এই বৈশিষ্ট্যসমূহে সমাজৰ পৰিৱৰ্তনৰ ধৰণত বিশেষ প্ৰভাৱ পেলায়।

৭। কল্যাণকামী ৰাষ্ট্ৰ মানে কি? এ. আৰ. দেশায়ে কিয় ইয়াৰ সমালোচনা কৰিছিল?

উত্তৰঃ
কল্যাণকামী ৰাষ্ট্ৰ হৈছে এনে এখন ৰাষ্ট্ৰ যি নাগৰিকসকলৰ কল্যাণ, শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

এ. আৰ. দেশায়ে মত প্ৰকাশ কৰিছিল যে কল্যাণকামী ৰাষ্ট্ৰৰ নীতি অনেক সময়ত বাস্তৱত সম্পূৰ্ণ ৰূপে কাৰ্যকৰী নহয় আৰু ইয়াত ধনী আৰু গৰিবৰ মাজৰ অসমতা সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰে।

৮। এম. এন. শ্ৰীনিবাস আৰু লুইচ ডুমন্তৰ গাঁও অধ্যয়নৰ বিষয়ে মতামত।

উত্তৰঃ
এম. এন. শ্ৰীনিবাসে গাঁওক সমাজতাত্ত্বিক অধ্যয়নৰ গুৰুত্বপূৰ্ণ একক হিচাপে বিবেচনা কৰিছিল। তেওঁ গাঁও অধ্যয়নৰ জৰিয়তে ভাৰতীয় সমাজৰ গঠন আৰু পৰিৱৰ্তন বুজিবলৈ চেষ্টা কৰিছিল।

কিন্তু লুইচ ডুমন্তে মত প্ৰকাশ কৰিছিল যে গাঁও অধ্যয়নৰ তুলনাত জাতি ব্যৱস্থাৰ অধ্যয়ন অধিক গুৰুত্বপূৰ্ণ।

৯। ভাৰতীয় সমাজতত্ত্বৰ ইতিহাসত গাঁও অধ্যয়নৰ তাৎপৰ্য।

উত্তৰঃ
গাঁও অধ্যয়নে ভাৰতীয় সমাজৰ গঠন, সংস্কৃতি আৰু পৰিৱৰ্তনৰ ধাৰা বুজিবলৈ সহায় কৰে। এম. এন. শ্ৰীনিবাসে ক্ষেত্ৰ অধ্যয়ন আৰু সাক্ষাৎকাৰ পদ্ধতিৰ জৰিয়তে বহু গাঁও অধ্যয়ন কৰিছিল আৰু গ্ৰাম্য সমাজৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top