মোৰ মাতৃমুখ দৰ্শন
অতি চমু প্ৰশ্নঃ
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত ‘বেজবেৰুৱা ৰচনাৱলী’ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্হিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত ।
৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল ।
৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী তেখেতৰ সহধৰ্মিণী আৰু সৰু কন্যা ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হল লিতিকাই ।
চমু প্ৰশ্নঃ
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ বাহিৰত কলকাতা আৰু সম্বলপুৰত দীৰ্ঘদিন বাস কৰিবলগীয়া হৈছিল। কৰ্মব্যস্ততাৰ বাবে তেওঁ প্ৰায় ত্ৰিশ-চল্লিছ বছৰ ধৰি নিজৰ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। বহুদিনৰ মূৰত, প্ৰায় ডেৰকুৰি-দুকুৰি বছৰৰ পিছত তেওঁ পুনৰ অসমলৈ ঘূৰি আহে। এই মাতৃভূমিলৈ পুনৰ আগমনক তেওঁ মাকৰ মুখ দৰ্শন কৰাৰ সৈতে তুলনা কৰিছে। সেই গভীৰ আত্মিক অনুভূতি আৰু আবেগক প্ৰকাশ কৰিবলৈয়ে পাঠটোৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে লেখকে নিজৰ মাতৃভূমি অসমক বুজাইছে। কৰ্মসূত্ৰে অসমৰ বাহিৰত দীঘলীয়া সময় থকাৰ ফলত তেওঁ প্ৰায় ত্ৰিশ-চল্লিছ বছৰ পিছত পুনৰ নিজৰ মাতৃভূমি অসমলৈ ঘূৰি আহে। সেই সময়তেই লেখকৰ মাতৃমুখ দৰ্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীত অহাৰ পাছত কটন কলেজৰ ছাত্ৰসকলে তেওঁৰ সন্মানত গধূলি এখন সভাৰ আয়োজন কৰিছিল আৰু তেওঁক সেই সভালৈ নিমন্ত্ৰণ জনাইছিল। সভাত ছাত্ৰসকলৰ কিছুমানে অসমীয়া আৰু ইংৰাজী ভাষাত ভাষণ দিছিল। কোনো কোনোৱে সুললিত কণ্ঠৰে সংগীত গাইছিল আৰু কোনো কোনোৱে বিয়াহৰ ওজা-পালি গাই লেখকক আনন্দিত কৰি তুলিছিল। এইদৰেই কটন কলেজৰ ছাত্ৰসকলে লক্ষ্মীনাথ বেজবৰুৱাক আন্তৰিকভাৱে অভিনন্দন জনাইছিল।
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটোত লেখকে উল্লেখ কৰা ‘মজিউ’ আছিল সুবিখ্যাত চাহ খেতিয়ক আৰু সদাগৰ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া। আনহাতে ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা—এগৰাকী বেৰিষ্টাৰ এট্-ল।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা তিনিটা কাৰণ হল- (১) প্ৰাকৃতিক সৌন্দৰ্য, (২) ঐতিহাসিক উৎকৰ্ষ, আৰু (৩) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
দীঘল প্ৰশ্নঃ
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত বসবাস কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে প্ৰায় ডেৰকুৰি-দুকুৰি বছৰ নিজৰ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। বহুদিনৰ প্ৰতীক্ষাৰ অন্তত তেওঁ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰ তাৰিখে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাত তেওঁৰ সংগী আছিল সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী।
বেংগল-নাগপুৰ ৰে’লযোগে সম্বলপুৰৰ পৰা প্ৰায় দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকাতা অভিমুখী ৰে’লত উঠে। যাত্ৰাৰ সময়ত লগত কোনো খোৱা বস্তু নথকা বাবে পৰিয়ালসহ তেওঁ লঘোণে-ভোকে যাত্ৰা কৰিবলগীয়া হয়। ২০ ছেপ্তেম্বৰ তাৰিখে ৰাতি প্ৰায় ৮ বজাত তেওঁলোক কলিকাতাত উপস্থিত হয় আৰু মহানগৰৰ এঠাইৰ এটা ঘৰত আশ্ৰয় লয়। তাত লৰালৰিকৈ ভাত খাই তেওঁলোক শুই পৰে।
পিছদিনা কলিকাতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটী অভিমুখে পুনৰ ৰে’লযাত্ৰা আৰম্ভ কৰে আৰু ২২ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত হয়। এইদৰে বহুদিনৰ অন্তত লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ প্ৰিয় মাতৃভূমিত পদাৰ্পণ কৰি গভীৰ আনন্দ আৰু আত্মিক সন্তুষ্টি অনুভৱ কৰে।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷
উত্তৰঃ পাঠটিত লেখকে উল্লেখ কৰা মতে, মহাদেৱে ভাং আৰু ধতুৰা খাই গৃহস্থালীৰ কোনো কাম-কাজ নকৰি সদায় ঘৰতে বহি থকাত এদিন পাৰ্বতীয়ে তেওঁক ককৰ্থনা কৰি কয় যে ঘৰতে থকা বৃষভটো ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে; সেই বৃষভৰ সহায়ত হাল বাই খেতি-বাতি কৰিলে ধন-ধান অলপ আৰ্জন কৰিব পৰা যায়। পাৰ্বতীৰ এই ককৰ্থনাই মহাদেৱৰ মনত বৰ দুখ দিয়ে।
ইয়াৰ পাছতেই মহাদেৱে খেতি কৰিবলৈ দৃঢ় সংকল্প লয়। তেওঁ বৃষভৰ ওপৰত উঠি পথাৰলৈ গৈ খেতি আৰম্ভ কৰে। খেতিৰ কামত এনেকৈ লিপ্ত হৈ পৰে যে তেওঁ খোৱা-বোৱা একো নকৰি একান্তমনে খেতি কৰাত লাগি থাকে। আনকি তেওঁ ঘৰলৈ উভতি অহাও বন্ধ কৰি দিয়ে।
মহাদেৱ এনেকৈ বহুদিন ঘৰলৈ নহা দেখি পাৰ্বতী গভীৰ সমস্যাত পৰে। তেওঁ গিৰীয়েকক মাতি আনিবলৈ নন্দী-ভৃংগী আদি কৰি বহুতো লোকক পঠিয়ায় যদিও কোনেও মহাদেৱক ঘৰলৈ আনিব নোৱাৰে। শেষত উপায় নাপাই পাৰ্বতীয়ে নাৰদক সহায়ৰ বাবে অনুৰোধ কৰে। কিন্তু কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ কথাকো গুৰুত্ব নিদিলে। নাৰদ উভতি আহি পাৰ্বতীক জনায় যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁৰ ওচৰলৈকে চাপিব নোৱাৰে।
অনেক ভাৱি চিন্তি পাৰ্বতীয়ে অসংখ্য ডাহঁ, মহ আৰু ইত্য়াদি পঠিয়াই মহাদেৱক ব্যাহত কৰিবলৈ চেষ্টা কৰে যদিও সেইবোৰো ব্যৰ্থ হয়। অৱশেষত পাৰ্বতীয়ে ‘হুহু’ আৰু ‘হাহা’ নামৰ দুটা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়ায়। এইদৰে লেখকে ৰসাত্মক ভংগীত মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো বৰ্ণনা কৰিছে।
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷
উত্তৰঃ হাহা হুহু আছিল পাৰ্বতীৰ মানসপুত্ৰ। মহাদেৱে খেতি কৰিবলৈ গৈ ঘৰলৈ উভতি নহা দেখি পাৰ্বতীয়ে হাহা হুহু নামৰ মানসপুত্ৰ দুটা সৃষ্টি কৰি মহাদেৱক ঘৰলৈ আনিবলৈ পঠিয়াইছিল।
মহাদেৱে ভাং আৰু ধতুৰা খাই গৃহস্থালীৰ কোনো কাম-কাজ নকৰি ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে তেওঁক ককৰ্থনা কৰে আৰু বৃষভৰ সহায়ত খেতি কৰিবলৈ পৰামৰ্শ দিয়ে। পাৰ্বতীৰ এই ককৰ্থনাত মহাদেৱ মনঃক্ষুণ্ণ হৈ বৃষভৰ ওপৰত উঠি খেতি কৰিবলৈ যায়। মহাদেৱে খেতিত এনেকৈ লিপ্ত হৈ পৰে যে তেওঁ খোৱা-বোৱা সকলো বাদ দি ঘৰলৈ উভতি অহা বন্ধ কৰে। পাৰ্বতীয়ে মহাদেৱক ঘৰলৈ আনিবলৈ নন্দী-ভৃংগী আদি বহুতো লোক পঠিয়ায় যদিও সফল নহয়। নাৰদক পঠিয়াইও মহাদেৱক আনিব নোৱাৰিলে। আনকি ডাহঁ, মহ আদি পঠিয়ায়ো কোনো ফল নাপায়। অৱশেষত সকলো উপায় ব্যৰ্থ হোৱাত পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি মহাদেৱক ঘৰলৈ আনিবলৈ পঠিয়ায়। এইদৰে হাহা–হুহু সৃষ্টি কৰাৰ মূল কাৰণ আছিল মহাদেৱক খেতিৰ পৰা আঁতৰাই ঘৰলৈ উভতাই অনা।
৪। ‘ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷
উত্তৰঃ ডিব্ৰুগড় কিছুমান উল্লেখযোগ্য ঘটনাই লক্ষ্মীনাথ বেজবৰুৱাৰ মনত গভীৰ সন্তোষ জগাইছিল। প্ৰথমতে, ডিব্ৰুগড়ৰৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি, সচেতনতা আৰু ৰাজহুৱা কাৰ্যত সক্ৰিয় অংশগ্ৰহণ দেখি তেওঁ অত্যন্ত আনন্দিত হৈছিল। তিৰোতাসকলে শিক্ষা-দীক্ষা, সমাজসেৱা আৰু ৰাজহুৱা কাৰ্যত পুৰুষৰ সমকক্ষ হৈ আগবাঢ়িছিল। দেশসেৱাৰ ক্ষেত্ৰতো তেওঁলোকে পুৰুষৰ সৈতে একে শাৰীত ঠাই ল’বলৈ সক্ষম হৈছিল। সভা-সমিতি পাতোতে তেওঁলোক আগৰণুৱা হৈ উঠিছিল, তথাপি স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তা অটুট ৰাখিছিল। কিছুমান তিৰোতাই সভাত দিয়া বক্তৃতাই বহু নামজ্বলা পুৰুষ বক্তাব্য়কো চেৰ পেলাইছিল।
দ্বিতীয়তে, ডিব্ৰুগড়ৰৰ ডেকাসকলৰ উদ্যম আৰু সৃষ্টিশীলতাৰ ফলত সমৃদ্ধ হৈ উঠা ৰংগশালাটো দেখি লেখকে বিশেষ সন্তোষ লাভ কৰিছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি কলিকতাৰ নিপুণ চিত্ৰবিদসকলৰ ছবিতকৈ কোনো গুণে কম নাছিল। নাট্যকলাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীত উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে বিশেষ কৃতিত্ব দেখুৱাইছিল আৰু প্ৰভাতচন্দ্ৰ দাস আদি অভিনেতাসকলৰ অভিনয় কলিকতাৰ বিখ্যাত অভিনেতাসকলৰ সমতুল্য আছিল।
এই সকলোবোৰ কথাই লক্ষ্মীনাথ বেজবৰুৱাৰ মনত গভীৰ সন্তোষ অনুভৱ কৰাইছিল।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক অসমীয়া নাটৰ অভিনয় অধিক হোৱাটো উচিত বুলি মত প্ৰকাশ কৰিছে। যদিও তেওঁ বিদেশী নাটক মঞ্চায়ন কৰাৰ ঘোৰ বিৰোধী নাছিল, তথাপি বিদেশী নাটকৰ অনুবাদ কেনেদৰে হ’ব লাগে সেই বিষয়ে গুৰুত্বপূৰ্ণ মত আগবঢ়াইছিল। তেওঁৰ মতে বিদেশী নাটকৰ অনুবাদ প্ৰকৃত আৰু নিভাজ ৰূপত হ’ব লাগে আৰু সেইদৰে অনুবাদ কৰা নাটকেই মঞ্চস্থ কৰা উচিত।
বেজবৰুৱাই উল্লেখ কৰিছে যে ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদে অসমীয়া সাহিত্য আৰু নাট্যকলাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে, যি এক অতি শোভন কথা। কিন্তু সেই ভাবসম্পদ অনুবাদ কৰোঁতে বিদেশী ঢং বজাই ৰাখি বঙলুৱা বা কৃত্ৰিম অসমীয়া ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ সলনি সেইবোৰ ভাব প্ৰাকৃতিক আৰু শুদ্ধ অসমীয়া ভাষাত উপস্থাপন কৰিব লাগে, যাতে অনুবাদটো আচলতেই অসমীয়া নাট যেন অনুভৱ হয়। এইদৰেই বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ হোৱা উচিত।