Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো পাঠটোৰ উত্তৰ

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

(ক)অতি চমু প্ৰশ্ন :

১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাঠটি ড° দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাছৰ সংক্ৰমণ। এক প্ৰকাৰৰ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ আক্রমণৰ ফলতেই মানুহৰ দেহত বসন্ত ৰোগৰ উৎপত্তি হয়।

৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়।

৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰ সহায়ত কোনো ৰোগৰ নিৰাময় কৰিব পৰা নাযায়।

৫। ড॰ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান সম্পৰ্কীয় আলোচনীখন হৈছে ‘দৃষ্টি’।

(খ) চমু প্ৰশ্ন:

১। ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?

উত্তৰঃ কিছুমান মানুহে ৰাতি সপোনত কোনো অলৌকিক শক্তিৰ পৰা ৰোগ নিৰাময়ৰ ঔষধ পোৱা বুলি দাবী কৰে। কিন্তু সপোনত পোৱা এনে ঔষধ ব্যৱহাৰ কৰাটো ৰোগীৰ বাবে অনুচিত। কাৰণ এই ঔষধবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে আৰু বিজ্ঞানসন্মত পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্ৰমাণিত নহয়। তেনে ঔষধ ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হোৱাৰ সলনি ৰোগীৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। সেইবাবে বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি অৱলম্বন কৰাই সঠিক।

২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি।

৩। মুকলি মন মানে কি?

উত্তৰঃ মুকলি মন মানে হৈছে নতুন চিন্তা আৰু নতুন তথ্য গ্ৰহণ কৰিব পৰা মন। পুৰণি ধাৰণা বা আগৰ অভ্যাসত আঁকোৰগোজ নকৰি সদায় উদাৰ আৰু নমনীয় চিন্তাৰে সমৃদ্ধ মনটোৱেই মুকলি মন।

৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?

উত্তৰঃ ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদি কোনো বাস্তৱ ভিত্তি নাই। আধুনিক বিজ্ঞানে এইবোৰক অযুক্তিকৰ বুলি প্ৰমাণ কৰিছে।

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?

উত্তৰঃ আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল শিলে শিলে ঘঁহনি খুৱাই জুইৰ আৱিস্কাৰ কৰিছিল।

গ) দীঘল প্রশ্ন।

১। ‘আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’-কথাষাৰ বুজাই লিখা।

উত্তৰঃ মানুহৰ মনত অজানা বস্তু, ঘটনা আৰু পৰিঘটনাৰ বিষয়ে জানিবলৈ আগ্ৰহ জন্মিছে অনাদি কালৰ পৰাই। বুজিব নোৱাৰা ঘটনাবোৰ সূক্ষ্মভাৱে পৰীক্ষা কৰি জানিবলৈ চেষ্টা কৰাটো আৰু তথ্যসমূহৰ ভিত্তিত সিদ্ধান্ত লোৱাটো মানৱীয় স্বভাৱ। এনে অনুসন্ধিৎসা আৰু যুক্তি ব্যৱহাৰ কৰি মানুহে বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য উন্মোচন কৰিছে। যি পদ্ধতিৰে এই অনুসন্ধান আৰু উদ্ঘাটন সম্ভৱ হৈছে, সেই পদ্ধতিটোক বিজ্ঞান বুলি কোৱা হয়। বিজ্ঞান প্ৰমাণভিত্তিক আৰু ক্ৰমবদ্ধ ব্যাখ্যা প্ৰদান কৰি বিশ্বৰ গুৰুত্বপূর্ণ সত্য উদঘাটন কৰে।

২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।

উত্তৰঃ বৈজ্ঞানিক মানসিকতা মানে হৈছে কোনো বস্তু বা ঘটনাক যুক্তি আৰু পৰীক্ষাৰ ভিত্তিত বিশ্লেষণ কৰি বিচাৰ কৰিবলৈ সক্ষম হোৱা মনোভাৱ। এই মানসিকতা ডিগ্ৰী বা উচ্চ শিক্ষাৰ ওপৰত নিৰ্ভৰ নকৰে। এক শিক্ষিত ব্যক্তি অন্ধবিশ্বাসী হ’ব পাৰে, আৰু সাধাৰণ মানুহ এজনো বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিৰ যোগেদি বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে। বৈজ্ঞানিক মানসিকতা মূলত মনৰ যুক্তিভিত্তিক চিন্তা আৰু গ্ৰহণশীলতাৰ ওপৰত নিৰ্ভৰ কৰে।

৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ পুৰণি কালত মানুহে বহু ঘটনাক অজ্ঞাত বা ভ্ৰান্ত বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি সেইবোৰৰ নিৰাময়ৰ বাবে ধৰ্মীয় অনুষ্ঠান আদিৰ আয়োজন কৰিছিল। এনেবোৰ চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ পথত বহু ধৰণে বাধাৰ সৃষ্টি কৰিছিল।

কিন্তু বৈজ্ঞানিক মানসিকতা, অৰ্থাৎ এটা মুকলি মনেহে প্ৰকৃত প্ৰগতি কঢ়িয়াই আনিব পাৰে। আঁকোৰগোজ হৈ যুক্তিহীন পুৰণি কথাবোৰত লাগি নাথাকি, সকলো বিষয় চালি-জাৰি পৰীক্ষা কৰি চাব লাগে আৰু সমাজৰ প্ৰগতিত বাধা দিয়া প্ৰথা তথা অন্ধবিশ্বাসসমূহ পৰিহাৰ কৰিব লাগে। বুদ্ধি আৰু অনুসন্ধিৎসা— এই দুটা গুণৰ জৰিয়তে মনটোক মুকলি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰ ভিত্তিত নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি সকলো সময়তে সাজু থাকিব লাগে। ভাগ্যৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰি, মুকলি মনেৰে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিব লাগে। এনেধৰণৰ বৈজ্ঞানিক মানসিকতাৰ জৰিয়তেহে সমাজৰ উন্নতিৰ ক্ষেত্ৰত বৰঙণি যোগোৱাটো সম্ভৱপৰ হয়।

8। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।’

উত্তৰঃ উক্ত উক্তিটো আমাৰ পাঠ্য় পুঠিৰ অন্তৰ্গত ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ দ্বাৰা ৰচিত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখকৰ মতে, বিজ্ঞানৰ জগতত উন্নতিৰ বাবে আৰু মানৱ সভ্যতাৰ প্ৰগতি নিশ্চিত কৰিবলৈ সদায় মুকলি মনৰ প্ৰয়োজন। মুকলি মনৰ জৰিয়তে বিজ্ঞানীসকলে নতুন ধাৰণা, নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণ গ্ৰহণ কৰি পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰে। পুৰণি বিশ্বাস বা ভুল ধাৰণাত আঁকোৰগোজ হৈ থকাৰ পৰিৱৰ্তে, নতুন তথ্য অনুযায়ী আগৰ সিদ্ধান্ত পৰিৱৰ্তন কৰাৰ ক্ষমতা মুকলি মনৰেই ফল।

মানুহৰ মনৰ অনুসন্ধিৎসু স্বভাৱৰ বাবেই প্ৰকৃতিৰ বিভিন্ন নতুন নতুন পদাৰ্থ, শক্তি আৰু পৰিঘটনাক মানুহে নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে, যিটো বিজ্ঞানৰ শক্তিতহে সম্ভৱ হৈছে। বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভংগী, আৰু বৈজ্ঞানিক পদ্ধতি হৈছে মানৱ জাতিৰ বাবে বিজ্ঞানৰ আটাইতকৈ মূল্যৱান অৱদান। বিজ্ঞানীসকলে প্ৰথমে কোনো বিষয় লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পিছত পোৱা তথ্যসমূহক সুসংগঠিত কৰি এটা প্ৰাথমিক ধাৰণা বা উপকল্প (Hypothesis) নিৰ্মাণ কৰে। পৰৱৰ্তী পৰ্যায়ত, নতুন তথ্য আৰু পৰ্যবেক্ষণৰ জৰিয়তে তেওঁলোকে পূৰ্বৰ উপকল্প বা সিদ্ধান্তটোৰ সত্যতা পৰীক্ষা কৰে। যদি নতুনকৈ আৱিষ্কাৰ হোৱা তথ্যবোৰে আগৰ সিদ্ধান্তটোক সমৰ্থন নকৰে, তেনেহ’লে কোনো দ্বিধা নকৰাকৈ তেওঁলোকে পুৰণি সিদ্ধান্তটো পৰিত্যাগ কৰে। কিন্তু এই সমস্ত প্ৰক্ৰিয়া কেৱল এটা গ্ৰহণশীল মনৰ বাবেহে সম্ভৱপৰ। পুৰণি কথাত দৃঢ়তাৰে লাগি নাথাকি নতুন ধাৰণা, নতুন সিদ্ধান্ত মানি ল’ব পৰা মন এটাইহে ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ পথত বৰঙণি যোগাব পাৰে। বৰ্তমানৰ যুগটোৱেই হৈছে মুক্ত মনৰ যুগ। যুগৰ লগত ফেৰ মাৰিব পৰাকৈ মুকলি মনেৰে কৰা চিন্তাইহে মানৱ সমাজক উন্নতিৰ উচ্চ শিখৰলৈ আগুৱাই লৈ যাব পাৰে।

৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ ফলস্বৰূপে আমাৰ সমাজত বৰ্তমানেও চলি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

১) বসন্ত ৰোগক লৈ থকা অন্ধবিশ্বাসঃ আমাৰ সমাজত বহুতো লোকে বসন্ত ৰোগক কোনো দেৱ-দেৱীৰ ক্ৰোধৰ ফল বুলি বিশ্বাস কৰে। এই ৰোগৰ উপশমৰ বাবে তেওঁলোকে শীতলা দেৱীৰ পূজা, নাম-প্ৰসংগ আদিৰ আয়োজন কৰে। কিন্তু দৰাচলতে এয়া সত্য নহয়, ই এক অন্ধবিশ্বাসহে। বসন্ত ৰোগ হৈছে এক বিশেষ ধৰণৰ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ব্যাধি। এই ৰোগ কোনো ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ দ্বাৰা নিৰ্মূল কৰিব নোৱাৰি, বৰং সেই অনুষ্ঠানলৈ অহা লোকসকল ৰোগী অথবা পৰিচৰ্য্যকাৰীৰ সংস্পৰ্শলৈ অহাৰ ফলত আনৰ দেহতহে এই ভাইৰাছ বিয়পি যোৱাৰ সম্ভাৱনা থাকে। এই ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাৰ উপায় অন্ধবিশ্বাসত নহয়, বিজ্ঞানে আৱিষ্কাৰ কৰিছে।

২) আঙুলি কাটিলে তেজ চোঁহা মৰাঃ আঙুলি কাটি তেজ ওলালে বহু লোকে সেই তেজখিনি চোঁহা মাৰি খাই থয়। তেওঁলোকে বিশ্বাস কৰে যে এনে কৰিলে ওলাই অহা তেজখিনি পুনৰ শৰীৰত প্ৰৱেশ কৰে। দৰাচলতে এয়াও এক নিৰ্মূল অন্ধবিশ্বাস। এনে কৰিলে তেজখিনি পোনপটীয়াকৈ মূল তেজৰ সোঁতলৈ ঘুৰি নাযায়, কাৰণ আমাৰ শৰীৰৰ তেজ চলাচলৰ প্ৰণালীটো খাদ্য হজম কৰাত সহায়ক পাচন তন্ত্ৰটোৰ পৰা সম্পূৰ্ণ পৃথক। অন্ধবিশ্বাসী হৈ তেজ শোহা মৰাৰ ফলত দূষিত তেজখিনি পেটত সোমাই শৰীৰৰ ক্ষতিসাধনহে কৰিব পাৰে।

৩) দাঁতৰ পোকক লৈ থকা ধাৰণাঃ সাধাৰণ লোকসমাজত দাঁতত পোকে খালে বেজ বা কবিৰাজক মাতি জৰা-ফুঁকা কৰাৰ প্ৰথা দেখা যায়। তেওঁলোকে ভাবে যে বিৰাট আকাৰৰ পোক কিছুমান দাঁতত সোমাই আছে। বেজেও এই অন্ধবিশ্বাসৰ সুবিধা লৈ মন্ত্ৰ মাতি কলপাতত পোক উলিয়াই দেখুৱায়। কিন্তু আচলতে দাঁতৰ ক্ষয় সাধন কৰে চকুৰে মনিব নোৱাৰা কিছুমান অণুজীৱই। এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিতভাৱে দাঁতৰ যতন লোৱা আৰু এজন অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত, তেতিয়াহে ৰোগৰ উপশম হোৱাটো সম্ভৱ।

বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই এনে বহুতো যুক্তিহীন বিশ্বাস আজিও সমাজত গভীৰভাৱে শিপাই আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects