AHSEC Class 12 Bihu Chapter 1 Answer 2026 | HS 2nd Year Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solution

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

(ক) অতি চমু প্ৰশ্নোত্তৰ

১। লোকাচাৰ বুলিলে কি বুজা?
উত্তৰঃ সমাজৰ মানুহে দৈনন্দিন জীৱনত অনুসৰণ কৰা ৰীতি-নীতি, অভ্যাস আৰু পৰম্পৰাক লোকাচাৰ বোলা হয়।

২। লোকবিশ্বাস বুলিলে কি বুজা?
উত্তৰঃ জীৱন, প্ৰকৃতি আৰু জগতৰ বিভিন্ন দিশৰ সৈতে জড়িত পৰম্পৰাগত ধাৰণা বা বিশ্বাসক লোকবিশ্বাস বোলা হয়।

৩। বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস চমুকৈ লিখা।
উত্তৰঃ বহাগ বিহু মূলতঃ তিনিটা দিশৰ সমাহাৰ—

গৰু-সেৱা: গৰু ধোৱা, পাতেৰে কোবোৱা, খাদ্য দিয়া।

ইষ্ট-সেৱা: গোসাঁইঘৰত পূজা, চাকি-বন্তি জ্বলাই প্ৰসাদ আগবঢ়োৱা।

মানৱ-সেৱা: জ্যেষ্ঠজনক সন্মান, কনিষ্ঠক আশীৰ্বাদ, বিহুৱান দিয়া।

হুঁচৰি, বিহুগীত আৰু নৃত্যই উৰ্বৰা শক্তি আৰু সামাজিক সম্পৰ্ক শক্তিশালী কৰে।

৪। কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস লিখা।
উত্তৰঃ

ধাননি পথাৰত, তুলসী তলত চাকি জ্বলাই।

আকাশ-বন্তি লগোৱা।

দেৱ-দেৱীৰ বন্দনা কৰা।

বিভিন্ন জনগোষ্ঠীৰ মাজত “কাতি গাছা” বা “কাতি দ’ল” নামেৰে পৰিচিত।

৫। মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস লিখা।
উত্তৰঃ

মেজি জ্বলাই পূজা কৰা।

আত্মীয়-কুটুম্বক সন্মান কৰা।

খোৱা-পোৱা আৰু আনন্দ-উল্লাস।

মেজিৰ ছাইৰে গৰুৰ সুৰক্ষা কামনা।

বিভিন্ন লোকবিশ্বাস (যেনে মেজিৰ জুইত খাদ্য পুৰি খোৱা)।

(খ) চমু উত্তৰ

১। মানছিনি ছান কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।

২। বড়োসকলৰ মানুহ বিহুৰ এটা লোকাচাৰ উল্লেখ কৰা।
উত্তৰঃ ছিফুঙ বাদ্য বজাই নতুন বছৰক সম্ভাষণ জনোৱা।

৩। বৈখাগুনি গীদু বা বাথুনাম কোন জনগোষ্ঠীৰ?
উত্তৰঃ বড়ো জনগোষ্ঠীৰ।

৪। ৰাভাসকলে বিছুৱা উৎসৱ কেইদিনীয়া পালন কৰে?
উত্তৰঃ তিনিদিনীয়া।

৫। ইবাঁকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।

৬। দেউৰীসকলে কোন বাৰত বিহু-পূজা কৰে?
উত্তৰঃ বুধবাৰত।

(গ) অতি চমু প্ৰশ্নোত্তৰ

১। সংস্কৃতি কি?
উত্তৰঃ কোনো জনগোষ্ঠীৰ সামাজিক আচৰণৰ বহিঃপ্ৰকাশেই সংস্কৃতি।

২। ধৰ্মৰ ভেঁটি কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ লোকবিশ্বাসৰ ওপৰত।

৩। বহাগ বিহুক কি তিনিটা ধাৰাৰ সমাহাৰ বোলা হয়?
উত্তৰঃ গৰু-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱা।

৪। ‘বাথুনাম’ৰ আন এটা নাম কি?
উত্তৰঃ বৈখাগুনি গীদু।

৫। তিৱাসকলৰ প্ৰিয় বিহু খাদ্য কি?
উত্তৰঃ কুকুৰাৰ মঙহ আৰু কচু শাক।

৬। মানুহ বিহু কিমান দিন ধৰি চলে?
উত্তৰঃ ৩ ৰ পৰা ৭ দিনলৈ।

(ঘ) চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। বিহু কিয় অসমৰ সকলো জনগোষ্ঠীৰ জাতীয় উৎসৱ?
উত্তৰঃ
বিহু হৈছে কৃষিভিত্তিক আৰু ঋতুকালীন উৎসৱ। বিভিন্ন জনগোষ্ঠীয়ে ইয়াক ভিন্ন ৰূপত পালন কৰিলেও, সকলোতে আনন্দ, মিলন আৰু ঐক্যৰ একে ভাব দেখা যায়। এই মিলনাত্মক স্বভাৱৰ বাবে বিহু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত।

২। ‘বৈখাগুনি গীদু’ কি?
উত্তৰঃ
বড়োসকলে মানুহ বিহুৰ দিনা বাথৌ মন্দিৰত পূজা কৰি গোৱা বিশেষ গীতক ‘বৈখাগুনি গীদু’ বা ‘বাথুনাম’ বোলা হয়।

৩। বড়োসকলে কিহৰ নামত বৈছাগু পালন কৰে?
উত্তৰঃ
গৰু, গোসাঁই, মানুহ, আত্মীয়-কুটুম্ব আৰু পোহনীয়া জীৱ-জন্তুৰ নামত পালন কৰে।

৪। ‘ভোন’ কাক বোলে?
উত্তৰঃ
কাৰবিসকলে গৰু বিহুৰ আগতে গছৰ ডাল-পাতৰে সাজি তোলা মুঠাক ‘ভোন’ বোলে।

৫। মিচিংসকলে ব’হাগ বিহুৰ উপৰি কি উৎসৱ পালন কৰে?
উত্তৰঃ
আলি-আয়ে-লিগাং আৰু পঃৰাগ।

৬। ‘বিউ চাকি’ অনুষ্ঠানত কি উৎসৰ্গ কৰা হয়?
উত্তৰঃ
আপং (মদ) আৰু খাদ্যবস্তুৰ অংশ।

৭। সপ্তৰস কি কি?
উত্তৰঃ

কেঁচা হালধিৰ ৰস

বেঁত গাজৰ ৰস

নিচিন্তাৰ ৰস

চিৰতা তিতা

শুকতীৰ ৰস

বাসকা তিতা

এৱাঁ গাখীৰ

৮। মাঘ বিহুৰ মেজিৰ সৈতে জড়িত দুটা লোকবিশ্বাস লিখা।
উত্তৰঃ

মেজিৰ ছাইৰে গৰুৰ সুৰক্ষা কামনা কৰা।

আধাপোৰা খৰি পথাৰত পুতি ফচল ৰক্ষা কৰা।

৯। মাঘ বিহুত কি কি খেল অনুষ্ঠিত হয়?
উত্তৰঃ
ম’হ যুঁজ, কণী যুঁজ আদি।

১০। বড়ো জনগোষ্ঠীৰ ব’হাগ বিহুৰ ওপৰত টোকা লিখা।
উত্তৰঃ
বড়োসকলৰ ব’হাগ বিহু গৰু বিহুৰে আৰম্ভ হয়। গৰু ধোৱা, নতুন পঘা পিন্ধোৱা, পূজা কৰা আদি চলি থাকে। মানুহ বিহুত ঘৰ পৰিস্কাৰ কৰি গৃহদেৱতাৰ পূজা আৰু পূৰ্বপুৰুষক স্মৰণ কৰা হয়। তেওঁলোকে বিশ্বাস কৰে যে ছিফুঙৰ সুৰে অপায় দূৰ কৰে। এই উৎসৱত নৃত্য-গীত, পূজা আৰু সামাজিক মিলনৰ বিশেষ গুৰুত্ব থাকে।

Scroll to Top