AHSEC Class 12 Bihu Chapter 4 Answer 2026 | Class 12 Bihu Chapter 4 Solution বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

চমু উত্তৰ দিয়া:

(ক) হুঁচৰি অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰা হয়?

উত্তৰঃ হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগলধ্বনিৰে৷

(খ) হুঁচৰি ঘোষাৰ আৰম্ভণিৰ নিৰ্দিষ্ট ছেও-চাপৰ আছেনে?

উত্তৰঃ আছে।

(গ) লহৰী গীত-নাচ কেতিয়া পৰিৱেশন কৰা হয়?

উত্তৰঃ হুঁচৰি-ঘোষাৰ পিছতে লহৰী গীত-নাচ গোৱা হয়।

(ঘ) কছাৰী বা বুঢ়া ছেও কোন অঞ্চলত বৰ্তমানলৈকে প্ৰচলিত হৈ আছে?

উত্তৰঃ যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱত কছাৰী বা বুঢ়া ছেও বৰ্তমানলৈকে প্ৰচলিত হৈ আছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ:

১। “Pastoral Songs” বোৰক অসমীয়াত কি গীত বুলি জনা যায়?

উত্তৰঃ গৰখীয়া গীত।

২। বিহুনামত কাহিনী থাকে নে?

উত্তৰঃ বিহুনামত কাহিনী নাথাকে।

৩। বিহুনাচ ভাৰতৰ কোন অঞ্চলৰ প্ৰাচীন বসন্তকালীন লোকনৃত্য?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ৷

৪। বিহুনাচ উগ্ৰ নে মন্থৰ?

উত্তৰঃ বিহুনাচ অতি বেছি উগ্রও নহয় অথবা অতি বেছি মন্থৰো নহয়— ই মার্জিত লোকনৃত্যৰ এক বিশেষ শৈলী।

৫। বিহুনাচ কোন জাতিৰ স্বকীয় ভাব প্রকাশক আনুভূতিক পৰিৱেশ্য লোকসম্পদ?

উত্তৰঃ অসমীয়া জাতিৰ।

৬। হুঁচৰি কি?

উত্তৰঃ ব’হাগ বিহুত উদ্যাপিত এক অন্যতম সমূহীয়া লোক-নৃত্যানুষ্ঠান হ’ল হুঁচৰি।

৭। হুঁচৰিৰ বিশেষত্ব ক’ত ধৰা পৰে?

উত্তৰঃ আধ্যাত্মিকতাত।

৮। হুঁচৰি দলে মংগলধ্বনি কেতিয়া কৰে?

উত্তৰঃ গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰি হুঁচৰি দলে মংগলধ্বনি কৰে।

৯। হুঁচৰি ঘোষা কেনেকৈ আৰম্ভ হয়?

উত্তৰঃ হুঁচৰি ঘোষা এক সুনির্দিষ্ট ঢোলৰ চাপৰেৰে আৰম্ভ হয়।

১০। ঢোলৰ চাপৰৰ অন্তত কোনে প্রথমে হুঁচৰি-ঘোষা গায়?

উত্তৰঃ নামতি এজনে।

অনুশীলনী প্রশ্নোত্তৰ

১। হুঁচৰিৰ পৰম্পৰাগত ৰূপ

উত্তৰঃ ব’হাগ বিহুত উদযাপিত হুঁচৰি অসমৰ অন্যতম সমূহীয়া লোকনৃত্যানুষ্ঠান। যদিও অঞ্চলভেদে ইয়াৰ পৰিৱেশন শৈলীত কিছু ভিন্নতা দেখা যায়, সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰত এক ধৰণৰ ঐক্য লক্ষ্য কৰা যায়। হুঁচৰিৰ বিশেষত্ব ধৰা পৰে ইয়াৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ভাবত।

পণ্ডিতসকলে হুঁচৰিৰ আধ্যাত্মিক প্ৰৱেশৰ সময়ক লৈ মতানৈক্য ৰাখিলেও, এইটো প্ৰচলিত যে আহোম ৰজাৰ ৰাজকাৰ্যৰ সময়ত বসন্তকালৰ বিহুৰ নৃত্য-গীতসমূহ কিছু শৃংখলিত ৰূপ লৈ হুঁচৰিৰ ৰূপত প্ৰৱেশ কৰিছিল। পাছলৈ ৰজাঘৰৰ পৰা প্ৰজাঘৰলৈ এই পৰম্পৰা বিস্তৃত হৈছিল। প্ৰাথমিকভাৱে মুক্ত প্ৰকৃতিত উদযাপিত এই নৃত্য-গীতসমূহ সময়ৰ সৈতে গৃহস্থৰ চোতাল আৰু সমাজিক পৰিৱেশৰ সীমাৰেখাত আবদ্ধ হৈ পৰে।

হুঁচৰি অনুষ্ঠান প্ৰায়ে মংগলধ্বনিৰে আৰম্ভ হয়। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰাৰ লগে লগে হুঁচৰি দলে মংগলধ্বনি কৰে। মংগলধ্বনি শুনি গৃহস্থই ৰীতি-নীতি অনুসৰি দলক আদৰ কৰি চোতাললৈ আনিবলৈ প্ৰস্তুত হয়। কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই দলে ধৰি আশীৰ্বাদ লোৱাটো এখন পৰম্পৰাগত প্ৰথা হিচাপে বজাই আহিছে।

২। হুঁচৰিত পৰিৱেশন কৰা বিহু নাম

উত্তৰঃ হুঁচৰি ঘোষাৰ পিছতেই আৰম্ভ হয় বিহু ভাগ। এই ভাগটোৰ আৰম্ভণিতে সাধাৰণতে দুই-চাৰি যোজনা (সংগীত খণ্ড) গোৱা হয়। প্ৰতিটো যোজনাৰ অন্তত খঁৰা ছেও বা দীঘলীয়া ছেও বজোৱা হয়, য’ত দুই-চাৰিজন বিহুৱাই নাচে। আৰম্ভণি যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান, ইষ্টদেৱতা আৰু মান্যজনৰ প্ৰতি প্ৰণাম বা সেৱা জনোৱা হয়। পাছৰ যোজনাবোৰৰ বিষয়বস্তু গৃহস্থ, বিশেষ ব্যক্তি, বিহু আৰু কৃষি সংক্রান্ত। তাৰ পিছত বিহুবাদ্যৰ যোজনাবোৰ গোৱা হয়।

যোজনা চলাকালত পেঁপুৱাক পেঁপা বজাবলৈ আহ্বান জনোৱা হয় আৰু পেঁপুৱাই ছেও বজায়। বিভিন্ন অঞ্চলত ছেওৰ প্ৰকাৰ ভিন্ন—কিছুমানত খঁৰা ছেও, আন কিছুমানত দীঘলীয়া ছেও বজোৱা হয়। ছেওৰ তাল অনুসৰি দুই-চাৰিজন বিহুৱাই নাচে।

যোজনা সমাপ্তিৰ পাছত ছন্দোৱদ্ধভাৱে তালত বিহুনাম গোৱা হয়। বিহুনামৰ সৈতে ঢোল, তাল, টকা আৰু হাত চাপৰি সংগত হয়। পিছে পিছৰ ফালে বাঁহীৰ সুৰো সংগত হ’বলৈ ধৰিলে। একোটা গাঁৱৰ হুঁচৰি দল একোটাই সুৰ বজায় ৰাখে।

বিহুনাম সাধাৰণতে জাতনাম শৈলীত গোৱা হয়। প্ৰতিটো জাতৰ আৱৰ্তনত ঢোলত ‘ভাঙনি চাপৰ’ বজোৱা হয়। জাত সমাপ্ত হ’লে ঢোলত খঁৰা বা দীঘলীয়া ছেও বজোৱা হয়। ছেওৰ স্থানত পেঁপাৰ ছেও বজাবও পাৰে। প্ৰতিটো জাতনাম আৰম্ভণিৰ পূৰ্বে সেই নামৰ ভাবাৰ্থৰ সৈতে মিল থকা যোজনা গোৱা হয় যদিও এইটো বাধ্যতামূলক নহয়।

অনুষ্ঠানত গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ালে সেই অনুযায়ী বিহুনাম গোৱা হয়। হুঁচৰিত ভগৱান, ইষ্টদেৱতা আৰু গৃহস্থ বা বিশিষ্টজনৰ প্ৰতি প্ৰণাম, প্রশংসা, কৃষ্টি, প্ৰকৃতি, বিহু, ধেমেলীয়া, হাস্যৰসাত্মক, আশীৰ্বাদমূলক আদি বহু প্ৰকাৰৰ বিহুনাম গোৱা হয়।

কিছুমান অঞ্চলত হুঁচৰিৰ পাছত লহৰী গীত-নাচ পৰিৱেশন কৰা হয়। গোলাঘাট আৰু যোৰহাট জিলাত ঢোলৰ কছাৰী-ছেও বা বুঢ়া ছেওৰ সৈতে লগৰ গীত-নাচো হুঁচৰিত অন্তৰ্ভুক্ত। বৰ্তমান অধিকাংশ হুঁচৰি দলে এই ছেও আৰু গীত-নাচ পৰম্পৰা বজাই ৰাখিছে।

৩। কছাৰী ছেও বা বুঢ়া ছেৱৰ গীত-নাচ

উত্তৰঃ যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱৰ হুঁচৰিত বৰ্তমানলৈকে ঢোলৰ এই কছাৰী ছেও বা বুঢ়া ছেও প্ৰচলিত হৈ আছে। এই ছেও বিশেষ গুৰুত্বসহকাৰে পৰিৱেশন কৰা হয়। অনুসন্ধানমূলক গৱেষণাৰ দ্বাৰা দেখা গৈছে যে বিংশ শতিকাৰ ৫০ৰ দশকলৈ শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কিছুমান অঞ্চলতো এই ছেওৰ প্ৰচলন আছিল।

হুঁচৰিত বজোৱা ঢোলৰ ছেওসমূহৰ ভিতৰত কছাৰী ছেও আটাইতকৈ বৈশিষ্ট্যপূর্ণ, বিস্তৃত আৰু সুসংগঠিত। গাঁওভেদে নিৰ্দিষ্ট ছন্দ, সুৰ আৰু বিহুনামেৰে এই ছেও আৰম্ভ হয়। তাৰ পাছত মূল বাজনা (এক নিৰ্দিষ্ট ছেও বা বাজনা লেথাৰিতে দুবাৰ বজোৱা হয়) বজোৱা হয়। মূল বাজনাৰ পাছত এফাকি বা দু-ফাকিমান বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। তাৰ পিছত চুটি বাজনা বজাই পুনৰ মূল বাজনা বজোৱা হয়। এই চুটি বাজনাক সঁচাৰ বুলি কয়। সাধাৰণতে মুঠ ১১ খন সঁচাৰ আৰু প্ৰতিখন শেষত মূল বাজনা বজোৱা হয়।

মূল বাজনা বজোৱা সময়টো এটা পালচ বুলি ধৰা হয়, আৰু ১১ খন সঁচাৰৰ লগত মিলে মুঠ ১২ পালচৰ সমষ্টি গঠন কৰে। প্ৰতিটো পালচৰ মূৰে মূৰে এফাকি বা কেইফাকি বিশেষ সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। ইয়াত শিৱ-পাৰ্বতীৰ গীত, মণিৰাম দেৱানৰ গীত আদি ব্যৱহৃত হয়। আন দুই-চাৰি মালিতা বা বিশেষ যোজনাও অন্তৰ্ভুক্ত থাকে। বিহুনামৰ সৈতে ‘সমনীয়া’, ‘ৰাম-ৰাম’, ‘হয়নে বান্ধৈ’, ‘চেনিৰাম ঐ’, ‘শ্যাম বিনন্দীয়া’, ‘গোবিন্দাই ৰাম’, ‘লহৰীয়া’, ‘চহৰীয়া’ আদি শব্দও সংযোগ কৰা হয়।

মূল বাজনা আৰু প্ৰতিখন সঁচাৰত বিহুৱাই নির্দিষ্ট নাচোন শৈলীত নাচে। নাচ, পদ সঞ্চালন, হস্ত সঞ্চালন আৰু দেহভংগিমা সুনির্দিষ্ট আৰু পালচ-প্ৰতি ভিন্ন। কছাৰী ছেওৰ বিহুনাম সাধাৰণ হুঁচৰিৰ নাচতকৈ ধীৰ লয়ত অনুষ্ঠিত হয়। সকলো বিহুৱাই সমস্বৰে গায় আৰু বৃত্তৰ পৰিধিত অৱস্থান লৈ সমন্বিতভাৱে নাচ কৰে।

৪। গাভৰু বিহুৰ পৰম্পৰাগত ৰূপ

উত্তৰঃ ৰঙালী বিহুৰ সময়ত দিনৰ ভাগত জুপজুপীয়া হাবিতলীয়া ঠাই, ডাঙৰ গছৰ তল, বা বাঁহনিৰ মাজৰ বিহুখোলাত কেৱল ছোৱালীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় গাভৰু বিহু। ইয়াক চেনেহী বিহু, জেং বিহু, বা গছতলৰ/পথাৰ বিহু বুলিও কোৱা হয়। এই পৰম্পৰা অতীজৰে পৰা চলি অহা এক মনোৰম, অনন্য নান্দনিক আৰু বিশেষ গীত-নাচৰ অনুষ্ঠান।

বিংশ শতিকাৰ ৭০ৰ দশকলৈকে বহু গাঁৱত চলি থকা এই অনুষ্ঠানৰ প্ৰচলন আধুনিক সময়ত হ্ৰাস পাইছে। গাভৰু বিহুত ব্যৱহৃত বিহুবাদ্য হৈছে টকা, গগনা আৰু সুতুলি। হাতেৰে টকা, মাটি টকা—দুয়ো প্ৰকাৰ ব্যৱহৃত হয়।

গাভৰু বিহুত যোজনা আৰু ছন্দোবদ্ধ তালত বিহুনাম গোৱা দুয়ো প্ৰকাৰ প্ৰচলিত। মুখ্য শৈলী হৈছে দুলড়ী ছন্দৰ বিহুনামৰ ফাকি একোজাউৰি লেথাৰিকৈ গোৱা। বিহুৱতীয়ে অর্ধবৃত্তত অৱস্থান কৰি টকা আৰু হাত চাপৰি বজাই বিহুনাম গায়, আৰু সমুখৰ অংশত ২–৪ গৰাকী নাচনীয়ে বিহু নাচে। মাজে মাজে গগনাৰ ছেও আৰু সুতুলিত বিহুনাম বজাই নাচোও হয়।

এজাউৰি বিহুনামৰ ফাকি গোৱাৰ অন্তত টকা বজাই কেইগৰাকী বিহুৱতীয়ে নাচোও কৰে। অতীজতে, বিশেষকৈ শংকৰী যুগৰ আগতে, গাভৰু বিহুত হুঁচৰিত হুঁচৰি-ঘোষা অনুসৰি বিহুনাম গোৱা নহয় বুলি ধাৰণা কৰা হয়। পাছলৈ, কিছুমান গাঁৱত আৰম্ভণিতে হুঁচৰি-ঘোষাৰ দৰে বিহুনাম গোৱা প্ৰচলিত হ’ল। ঘোষা-পদ হিচাপে মূলতঃ বিহু, কৃষ্টি, প্রকৃতি বিষয়ক বিহুনাম ব্যৱহৃত হৈছিল। এই উদ্দেশ্যে পগলা-পাৱৰ্তী মালিতাও ব্যৱহৃত হৈছিল।

গাভৰু বিহুত পিৰীতি ভাবৰ লগতে কৃষ্টি, প্রকৃতি, বিহু, বিহুবাদ্য, চৰাই-চিৰিকতি, পশু-পক্ষী, খেতি-পথাৰ, বিবিধ কাৰ্য আৰু সা-সজুঁলি আদি বিষয়ক বিহুনাম গোৱা হয়। মালিতা অৰ্থাৎ কাহিনী প্ৰকাশক বিহুনামো গাভৰু বিহুত পৰিৱেশন কৰা হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top