Chapter 1
জীৱৰ প্ৰজনন
প্ৰশ্নমালা
A. অতি চমু উত্তৰৰ প্ৰশ্নঃ (1 নম্বৰৰ বাবে)
- জীৱৰ জীৱন কাল মানে কি বুজা?
- জীৱৰ জীৱন কালৰ মুখ্য দশাকেইটা কি কি?
- ক্ল’ন বা কৃত্তক মানে কি?
- প্ৰজনন কন্দিকা কোনবিধ জীৱৰ ক্ষেত্ৰত পোৱা যায়?
- ক’নিডিয়া কোন জীৱৰ ক্ষেত্ৰত পোৱা যায়?
- তলত দিয়াবোৰৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া—
(a) ৰাইজোম, (b) ধাবক, (c) স্ফীতকন্দ (d) খৰ্বধাবক আৰু (e) কন্দ।
- আংগিকল প্ৰবৰ্দ্ধ মানে কি বুজা?
- কোনবিধ সপুষ্পক উদ্ভিদ 12 বছৰৰ ভিতৰত এবাৰহে ফুলে?
- বাঁহগছৰ ফুল কিমান বছৰৰ মূৰত ফুলে?
- কামচক্ৰ মানে কি?
- ৰজঃচক্ৰ মানে কি বুজা?
- একবীজপত্ৰী উদ্ভিদত জোৰা কলম কিয় সম্ভৱ নহয়?
- স্পঞ্জৰ প্ৰজনন অংগটোৰ নাম লিখা?
- সংশোধিত কাণ্ডত থকা – ৰ পৰা নতুন গছ পুলিৰ জন্ম হয়।
B. চমু প্ৰশ্নঃ (2 নম্বৰৰ বাবে)
- অযৌন প্ৰজননৰ দুটা বৈশিষ্ট্য লিখা।
- অযৌন প্ৰজননৰ সুবিধাসমূহ কি কি?
- সপুষ্পক উদ্ভিদৰ দুটা প্ৰধান প্ৰাকৃতিক ভাবে হোৱা অযৌন প্ৰজনন প্ৰথা উল্লেখ কৰা।
- একবৰ্ষী আৰু দ্বীবৰ্ষী উদ্ভিদৰ দুটাকৈ ফদাহৰণ দিয়া।
- প্ৰজনন চক্ৰ কি? ই কি কি প্ৰকাৰৰ?
- সহবাসী আৰু ভিন্নবাসী উদ্ভিদ বুলিলে কি বুজা? উদাহৰণ দিয়া।
- যৌন প্ৰজননত কি দৰে কোনো এক প্ৰজাতিত এনে ক্ৰম’জ’ম সংখ্যাবৰ্ত্তী থাকে?
- ঋতুনিষ্ঠ প্ৰজনক আৰু অধিচ্ছিন্ন প্ৰজনক কাক বোলে।
- অনিষেচিত জনন মানে কি বুজা? দুটা উদাহৰণ দিয়া।
- এজোপা কুঁহিয়াৰৰ পাব অংশ সেমেকা মাটিৰ সংস্পৰ্শত থাকিলেও অংগজ প্ৰজনন কৰিবলৈ সক্ষম কিয় নহয় লিখা। [AHSEC, 2014]
C. দীঘল প্ৰশ্নঃ (3 নম্বৰৰ পৰা ৪ নম্বৰ)
- যৌন প্ৰজননৰ প্ৰাক্-নিষেচন পৰিঘটনা সম্পৰ্কে বিতংকৈ লিখা।
- নিষেচন মানে কি বুজা? নিষেচনৰ গুৰুত্ব কি লিখা।
- জননকোষৰ স্থানান্তৰণ সম্পৰ্কে কি জানা লিখা।
- সপুষ্পক উদ্ভিদৰ পুং জননকোষ কিদৰে স্ত্ৰী-জনন কোষৰ সান্নিধ্যত আহে বৰ্ণনা কৰ।
- ভ্ৰূণ গঠন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰা।
- জননকোষ গঠনৰ সময়ত কোন প্ৰকাৰৰ কোষবিভাজন হয়? মানুহ, ফলৰ মাখি, ধান আৰু আলুৰ জনন কোষত থকা ক্ৰ’ম’জমৰ সংখ্যা লিখা।
D. পাৰ্থক্য লিখাঃ (2 নম্বৰকৈ)
- চলন ৰেণু আৰু যোজনকোষ।
- যৌন আৰু অযৌন প্ৰজনন।
- বাহ্যিক নিষেচন আৰু অন্তঃনিষেচন।
- ডিম্বজ আৰু জৰায়ুজ প্ৰাণী।
- প্ৰাক্-নিষেচন আৰু নিষেচনোত্তৰ পৰিঘটনা।
NCERT পাঠ্যক্ৰমৰ প্ৰশ্নসমূহ
- জীৱৰ বাবে প্ৰজননৰ আৱশ্যক কি?
- যৌন বা অযৌন প্ৰজননৰ ভিতৰত কোনটো বেছি সুবিধাজনক আৰু কিয়?
- অযৌন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা জীৱক ক্ল’ন বুলি কিয় কোৱা হয়?
- যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা অপত্যজনুৰ জীৱবোৰৰ জীয়াই থকাৰ বাবে বেছি উপযোগী কিয়? এই উক্তিটো সদায় সত্য নে?
- অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা অপত্য জনুৰ জীৱবোৰ যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা অপত্য জণুৰ জীৱবোৰৰ মাজত প্ৰাৰ্থক্য কি?
- অযৌন আৰু যৌন প্ৰজননৰ মাজৰ পাৰ্থক্য দেখুওৱা। আংগিক প্ৰজননক কিয় অযৌন প্ৰজনন বুলি কোৱা হয়?
- আংগিক প্ৰজনন কি? ইয়াৰ দুটা উদাহৰণ দিয়া।
- সুত্ৰ লিখাঃ
(a) দৈহিক কাল বা কিশোৰ কাল।
(b) প্ৰজনন কাল।
(c) ক্ষয়িষ্ণু বা বৃদ্ধকাল।
- জটিল হলেও উচ্চস্তৰৰ জীৱ সমুহে যৌন প্ৰজননহে গ্ৰহণ কৰে। কিয়?
- মিঅ’চিচ বা হ্ৰাসাত্মক বিভাজন আৰু জননকোষ গঠন পদ্ধতি কিয় অন্তসম্পৰ্কীয়?
- সপুষ্পক উদ্ভিদৰ তলত দিয়া প্ৰতিটো অংগ চিনাক্ত কৰি সেইবোৰ এগুণীয়া ক্ৰম’জ’ম (n) যুক্ত নে দ্বিগুণীয়া ক্ৰম’জ’ম
(2n) যুক্তি লিখাঃ-
(a) গৰ্ভাশয়;
(b) পুংধানী;
(c) ডিম্বাণু;
(d) ৰাগৰেণু;
(e) পুংজনন কোষ;
(f) যোজন কোষ।
- বহিঃ নিষেচনৰ সংজ্ঞা লিখা? ইয়াৰ অসুবিধাসমূহ উল্লেখ কৰা?
- চলনৰেণু আৰু যোজন কোষৰ মাজত থকা পাৰ্থক্য দেখুওৱা।
- জননকোষ গঠন আৰু ভ্ৰূণ গঠনৰ মাজত পাৰ্থক্য দেখুওৱা।
- উদ্ভিদৰ নিষেচনোত্তৰ কালত হোৱা পৰিবৰ্তনবোৰৰ বিৱৰণ দিয়া।
- উভয়লিংগী পুষ্প কি? তোমাৰ ঘৰৰ ওচৰৰ পৰা পাঁচটা উভয়লিংগী পুষ্প সংগ্ৰহ কৰা আৰু তোমাৰ শিক্ষকৰ সহায়ত সিহঁতৰ সাধাৰণ আৰু বৈজ্ঞানিক নামবোৰ বিচাৰি উলিওৱা।
- লাউজাতীয় গছৰ কেইটামান ফুল গোটাই লৈ সিহঁতৰ পুং আৰু স্ত্ৰীপুষ্পবোৰ চিনাক্ত কৰা।তুমি বাৰু আন কিবা একলিংগী পুষ্পধাৰণ কৰা উদ্ভিদৰ নাম জানানে?
- ডিম্বজ প্ৰাণীৰ অপত্য জনুৰ জীৱবোৰ জৰায়ুজ প্ৰাণীৰ অপত্যজণুৰ জীৱবোৰতকৈ তুলনামূলকভাবে কিয় বেছি বিপদসংকুল অৱস্থাত থাকে?
সম্ভাব্য বা প্ৰশ্নাৱলী
I. এক নম্বৰৰ প্ৰশ্নঃ
(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ
- জীৱনকাল বুলিলে কি বুজা?
- কোন প্ৰকাৰৰ জীৱ সমূহক অমৰ বোলা হয়?
- কোন বিলাকক আংগিক প্ৰবৰ্ধক বোলা হয়?
- হাইড্ৰাই কি ভাৱে অযৌন প্ৰজনন কৰে?
- প্ৰাক-নিষেচন পৰিঘটনা সমূহ কি কি?
- জীৱৰ কৈশিৰ কালৰ সংজ্ঞা দিয়া। ইয়াক অন্য কোন আখ্যাৰে বুজোৱা হয়?
- বহুগৰ্ভপত্ৰী উদ্ভিদ কোন বিলাক?
- জননকোষ গঠন কাক বোলে?
- কামচক্ৰ কোন বিলাক জীৱৰ ক্ষেত্ৰত দেখা যায়?
- আমি কেনেকৈ বহিঃনিষেচনক অন্তনিষেচনৰ পৰা পৃথক কৰিব পাৰো?
- ভ্ৰূণ গঠনৰ সংজ্ঞা দিয়া।
- সমজননকোষ বুলিলে কি বুজা?
- অনিষেচিত জননৰ সংজ্ঞা দিয়া।
- কোন প্ৰকাৰৰ জীৱক ‘বংগৰ আতংক’ বুলি কোৱা হয়?
- অযৌন প্ৰজননৰ ফলত উৎপন্ন সতি-সন্ততিক কিয় ক্লন বোলা হয়?
- দ্বীৰূপী যৌনতা মানে কি?
- কেনেকৈ জীৱজগতত প্ৰজাতিৰ অবিচ্ছিন্নতা অক্ষুণ্ন থাকে?
- কোন বিলাক জীৱত কোষ বিভাজনেই এক প্ৰজনন প্ৰক্ৰিয়া?
- জননকোষৰ মিলনৰ সংজ্ঞা দিয়া।
- বাঁহ গছ আৰু ষ্ট্ৰবিলেথাচ কুণ্টিয়ানা-ত ফুল ফুলাৰ ক্ষেত্ৰত কি বিশেষত্ব দেখা যায়?
- পুনৰ্জনন মানে কি বুজা?
- আপেলক কিয় অপ্ৰকৃত ফল বোলা হয়?
- কিয় একবীজপত্ৰী গুপ্তবীজী উদ্ভিদত জোৰা-কলম সম্ভৱ নহয়?
- একবৰ্ষজীৱী আৰু বহুবৰ্ষজীৱী উদ্ভিদৰ ভিতৰত কোনটোৰ কৈশোৰ কাল চুটি আৰু কিয়?
- যদিও আলু মৃদগত তথাপি ইয়াক কাণ্ড বোলা হয়। এই উক্তিৰ সমৰ্থনত যুক্তি দেখুওৱা।
- জীৱজগতৰ দুটা সহবাসী প্ৰাণীৰ নাম দিয়া।
- যি বিলাক জীৱৰ বহিঃনিষেচন হয় সেই বিলাক জীৱই কিয় বেছিকৈ জননকোষ উৎপন্ন কৰে?
- ইনভিট্ৰ’ প্ৰক্ৰিয়াৰে অধিক সংখ্যক গছপুলি উৎপাদনৰ বাবে কি প্ৰযুক্তি প্ৰয়োগ কৰা হয়।
- “ প্ৰজনন জীৱৰ বাবে আৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ কিয়?
- নতুন কলগছ মাতৃগছৰ কোন অংশৰ পৰা সৃষ্টি হয়?
- এবিধ এককোষী ভেঁকুৰৰ নাম লিখা যিয়ে অযৌন প্ৰক্ৰিয়া মুকুলনেৰে প্ৰজনন কৰে।
- ক্ল’ন কি?
- কোন প্ৰকাৰৰ প্ৰজননৰ সৈতে আমি হ্ৰাসাত্মক বিভাজনক জড়িত কৰিব পাৰো?
- কোন প্ৰকাৰৰ অংকুৰণত আংকুৰিত বীজ মাতৃগছৰ লগত লাগি থাকে?
- এমিবা আৰু বেক্টেৰিয়াৰ দৰে এককোষী জীৱৰ কিয় প্ৰাকৃতিক মৃত্যু নাথাকে?
(B) খালী ঠাই পূৰ কৰাঃ
- এগুণাত্মক কোষৰ যোজন প্ৰক্ৰিয়াক __ বোলে।
- __ হৈছে পুংজননকোষৰ লগত স্ত্ৰীজননকোষৰ মিলন।
- __ হৈছে পদিনা গছৰ অংগজ প্ৰৱৰ্ধনৰ বাবে সাধাৰণ প্ৰবৰ্ধক।
- লিংগতাৰ ফালৰপৰা কেঁচু হৈছে কিন্তু পইতাচোৰা হৈছে প্ৰাণী।
- সপুষ্পক উদ্ভিদৰ ফুলত নিষেচনৰ পিছত গৰ্ভকোষ আৰু ডিম্বক যথাক্ৰমে আৰু লৈ বিকশিত হয়।
- অযৌন প্ৰজননৰ দ্বাৰা হোৱা সতি-সন্ততিক __ বোলে।
- দুপুৰটেঙাৰ য়ে অযৌন প্ৰক্ৰিয়াটোৰ মুকুলৰ সৃষ্টি কৰি প্ৰজনন কৰে।
- আলুৰ এটা অংশই এডাল নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰিব যদি হে ইয়াত __ থাকে।
- __ প্ৰক্ৰিয়াৰে হোৱা প্ৰজননৰ সতি-সন্ততি সকল পিতৃ-মাতৃৰ লগত সাইলাখ একে নহয়।
- যেতিয়া স্ত্ৰী আৰু পুৰুষ বাহ্যিক আকাৰত দেখিবলৈ বেলেগ হয় তাক __ বুলি কোৱা হয়।
- এডাল উদ্ভিদে যদি অংকুৰণক্ষম গুটি উৎপাদন কৰিবলৈ অসমৰ্থ তেন্তে ইয়াক __ পদ্ধতিৰে বৃদ্ধি কৰিব পাৰি।
- সপুষ্পক উদ্ভিদৰ পুংজননকোষ __ কোষৰ বিভাজনৰ দ্বাৰা সৃষ্টি হয়।
- সপুষ্পক উদ্ভিদৰ ডিম্বথলী আৰু কোষেৰে গঠিত।
- ভেকুঁৰে অযৌন প্ৰকাৰে আৰু ৰ সৃষ্টি কৰি প্ৰজনন কৰে।
- দুয়ো লিংগৰে একে গঠনযুক্ত জননকোষবোৰক __ বোলে।
- এটা জীৱৰ জন্মৰ পৰা প্ৰাকৃতিক মৃত্যুলৈকে এই কালছোৱাক __ বোলে।
- যেতিয়া এটুকুৰা গ্ৰাফটিং বা কলম, গছৰ এডাল কাণ্ডত লগোৱা হয় তেতিয়া কেনেধৰণৰ ফল উৎপন্ন হ’ব তাক নিৰ্ণয় কৰিব __ ৰ জিনীয় প্ৰৰূপে।
- অযৌন প্ৰজনন অংগ ক’নিডিয়া __ ত পোৱা যায়।
(C) শুদ্ধনে অশুদ্ধ উক্তি বাছি উলিওৱা।ঃ
- স্পঞ্জৰ বাহিৰে আন কোনো প্ৰণীয়েই অমৰ নহয়।
- সহযুগ্মন হৈছে কোষপ্ৰৰসৰ মিলন।
- বীজবোৰ হৈছে যৌন প্ৰজননৰ ফলত উৎপাদিত বস্তু; কাৰণ, এইবোৰ জননকোষৰ মিলনৰ ফলত সৃষ্টি হয়।
- প্ৰাণীৰ ক্ষেত্ৰত কৈশোৰ কালৰ পিছতেই প্ৰজনন কাল আৰম্ভ হয়।
- জীৱৰ জীৱনচক্ৰত জননকোষৰ গঠন সহযুগ্মন ভ্ৰূণগঠন __ যোজনকোষে সঠিক পৰিঘটনাৰ শৃংখল দেখুৱায়।
- সমবাসী আৰু সমসূত্ৰ শব্দ দুটাই উভয়লিংগি অৱস্থাক বুজায়।
- এটা ক্ল’নৰ জীৱবোৰৰ জিন’ম একেই।
- গৰ্ভাশয় পকি ডিম্বকৰ সৃষ্টি কৰে।
- অমিতা এবিধ ভিন্নবাসী উদ্ভিদ।
- ক’নিডিয়া হৈছে শেলাইৰ একলিংগি প্ৰজনন অংগ।
- ভিন্নবাসী জীৱ উদ্ভিদ আৰু প্ৰাণী উভয়তে পোৱা যায়।
- চলৰেণুবোৰ সদায় যৌন প্ৰজনন অংগ।
II. ২ নম্বৰৰ প্ৰশ্নঃ
- জীৱনকাল কাক বোলে? জীৱৰ জীৱনকালৰ বিভিন্ন পৰ্যায় উল্লেখ কৰা।
- জীৱৰ ডিম্বজ আৰু জৰায়ুজ প্ৰকৃতিৰ মাজৰ পাৰ্থক্য লিখা।
- যৌন প্ৰজননৰ ফলত হোৱা সন্তানৰ জীয়াই থকাৰ সম্ভাৱনাৰ বেছি কিয়?
- কামচক্ৰ আৰু ৰজঃচক্ৰৰ মাজৰ পাৰ্থক্য লিখা।
- জননকোষৰ মিলন বা সহযুগ্মন নিষেচনতকৈ কেনেকৈ পৃথক লিখা।
- উভয়লিংগি প্ৰাণী কোনবোৰ? উদ্ভিদ আৰু প্ৰাণী প্ৰত্যেকটোৰে একোটাকৈ উভয়লিংগি জীৱৰ সাধাৰণ নাম লিখা।
- অংগজ প্ৰৱৰ্ধনৰ তাৎপৰ্য্য লিখা।
- কোন প্ৰকাৰৰ উদ্ভিদে সফল গ্ৰাফটিং বা কলম উৎপাদন ক্ষমতা দেখুৱায় আৰু কিয়?
- নিম্ন শ্ৰেণীৰ অপুষ্পক উদ্ভিদে বেছি সংখ্যক পুংজননকোষৰ সৃষ্টি কৰে কিন্তু সিহঁতৰ স্ত্ৰীজননকোষৰ আপেক্ষিকভাৱে সংখ্যা কম হয় কিয়?
- যদিও দুয়োটাৰ একলিংগি ফুল থাকে তথাপিও অমিতাক একলিংগি আৰু নাৰিকল উভয়লিংগি বুলি কিয় কোৱা হয়?
- সেমেকা মাটিৰ সংস্পৰ্শত ৰাখিলেও কুঁহিয়াৰৰ দুটা গাঁঠিৰ মাজৰ অংশই কিয় নতুন গছৰ সৃষ্টি কৰিব নোৱাৰে?
- হ্ৰাসাত্মক বিভাজন বা মিঅ’ছিছ কোন প্ৰকাৰৰ প্ৰজননৰ লগত জড়িত আৰু কেনেদৰে?
- (A শাৰীত থকাবোৰৰ লগত B শাৰীৰবোৰ মিলোৱা)ঃ-
স্তম্ভ-A স্তম্ভ-B
(a) যোজন কোষ (i) মন’চিষ্টিচ
(b) ক্ল’ন (ii) জিনীয়ভাৱে সদৃশ অপত্য
(c) আইচ’সেমি (iii) কেঁচু
(d) উভয়লিংগী প্ৰাণী (iv) ভ্ৰূণ
- (A –ৰ সৈতে B ৰিজোৱা)ঃ—
স্তম্ভ-A স্তম্ভ-B
(a) শেলাই (i) কনিডিয়া
(b) হাইড্ৰা (ii) চলৰেণু
(c) পেনিচিলিয়াম (iii) মুকুলোদগম
(d) স্পঞ্জ (iv) গেমিউল
- চলনক্ষম চলৰেণু আৰু কনিডিয়ামৰ চিত্ৰ অংকন কৰা। ইহঁতৰ মাজত থকা এটা অসাদৃশ্য আৰু এটা সাদৃশ্য উল্লেখ কৰা
- সপুষ্পক উদ্ভিদত কিমান প্ৰকাৰৰ প্ৰাকৃতিক অংগজ প্ৰজনন হয়?
- সপুষ্পক উদ্ভিদত অংকুৰিত পৰাগৰেণুৰ পৰাগনলীয়ে দুট়া পুংজননকোষ কঢ়িয়ায়। এটা মাত্ৰ জননকোষে যেতিয়া নিষেচন ঘটাব পাৰে তেন্তে দুটা পুংজননকোষ কঢ়িওৱাৰ উদ্দেশ্য কি?
- অযৌন প্ৰজননৰ ফলত হোৱা সতি সন্ততি যৌন প্ৰজননৰ পৰা হোৱা সতি সন্ততিৰ পৰা কেনেকৈ পৃথক।
- অনিষিক্তৰ আৰু অনিষেচিত জননৰ মাজত পাৰ্থক্য।
III. ৩ নম্বৰৰ প্ৰশ্নঃ
- মিঅ’ছিচ আৰু জননকোষৰ উৎপত্তি কিয় পৰস্পৰলগত জড়িত হৈ থাকে উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
- মৌমাখিয়ে সিহঁতৰ পোৱালি যৌন প্ৰজননৰ দ্বাৰা উৎপাদন কৰে। তথাপিও মৌমাখিৰ এটা জাকত আমি এগুণাত্মক আৰু দ্বিগুণাত্মক দুয়োটা প্ৰকাৰৰেই মৌমাখি দেখা পাওঁ। এই সৃষ্টিৰ আঁৰৰ কাৰণ দৰ্শোৱা।
- প্ৰয়োজনীয় চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদত পৰাগযোগ আৰু নিষেচনৰ সময়ত ঘটা পৰিৱৰ্তনসমূহ চমুকৈ আলোচনা কৰা।
- দুপৰটেঙা, আলু, আদা, পদিনা আদি উদ্ভিদত অংগজ আংগিক প্ৰৱৰ্ধনক অযৌন প্ৰজননৰ প্ৰকাৰ বুলি ধৰিব পাৰিনে? যদি পাৰি যুক্তিৰে দৰ্শোৱা।
- “ফল হ’বলৈ কিছুমান বিশেষ গছত নিষেচন বাধ্যতামূলক নহয়। বাক্যশাৰী উদাহৰণৰ সৈতে বৰ্ণনা কৰা।
- জীৱদেহত অন্তঃনিষেচনতকৈ বেছি সফল কিয় ব্যাখ্যা কৰা।
- জীৱৰ অযৌন আৰু প্ৰজননৰ মাজৰ কমেও তিনিটা পাৰ্থক্য উল্লেখ কৰা।
- উচ্চস্তৰৰ জীৱবোৰে সিহঁতৰ সকলো পিনৰ পৰা জটিলতাৰ পিছতো কিয় যৌন প্ৰজনন বাহাল ৰাখে?
- জীৱ একোটাৰ কৈশোৰ কাল, প্ৰজননকাল আৰু বৃদ্ধকাল মানে কি?
- বহিঃনিষেচন আৰু অন্তঃনিষেচন বুলিলে কি বুজা? বহিঃনিষেচনৰ অসুবিধাসমূহ লিখা।
- অংগজ প্ৰৱৰ্দ্ধন মানে কি? কৃষিত অংগজ প্ৰৱৰ্দ্ধনৰ প্ৰয়োজনীয়তা কি লিখা।
- হ্ৰাসাত্মক কোষ বিভাজনক কেনেকৈ জননকোষৰ উৎপত্তিৰ লগত সংযোগ কৰিব পাৰি বুজাই লিখা।
- ডিম্বজতকৈ জৰায়ুজ জীৱসমূহত ভ্ৰূণৰ সুৰক্ষা আৰু পৰিচৰ্য্যা যে বেছি ভাল হয় তাৰ বৰ্ণনা কৰা।
IV. পাঁচ নম্বৰৰ প্ৰশ্ন (বৰ্ণনামূলক)ঃ
- সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত সংঘটিত হোৱা বিভিন্ন পৰিঘটনাসমূহ কি কি? এই আটাইবোৰ আৱশ্যকীয় চিত্ৰৰ সহায়ত চমুকৈ বৰ্ণনা কৰা।
- নিষেচনোত্তৰ কাল কি? চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদৰ নিষেচনোত্তৰ কালৰ পৰিৱৰ্তনসমূহ চমুকৈ বৰ্ণনা কৰা।
- যদিও যৌন প্ৰজনন দীঘলীয়া আৰু শক্তি ব্যয় হোৱা জটিল প্ৰজননপ্ৰক্ৰিয়া, তথাপিও বহুতো জাতৰ প্ৰণীয়ে ইয়াকেই বাছি লয়। এইটো কিয় হয় যুক্তিৰে দৰ্শোৱা।
- কিছুমান উদ্ভিদে যেনে, গোলাপে ডাঙৰ উভয়লিংগি ফুল উৎপন্ন কৰে যদিও সিহঁতে ফল উৎপাদন কৰিব নোৱাৰে। এই গছবোৰে ফল প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শোৱা।
- সপুষ্পক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ লিখা। প্ৰতিটোৰে উদাহৰণৰ সৈতে বৰেণনা কৰি সিহঁতৰ সাধাৰণ নাম আৰু বৈজ্ঞানিক নাম উল্লেখ কৰা।
- যদিও গোলাপে ডাঙৰ, আকৰ্ষণীয় উভয়লিংগী ফুল উৎপন্ন কৰে কিন্তু সিহঁতে ফল উৎপাদন নকৰে। গোলাপে ফল গঠন কৰিব নোৱাৰৰ কীৰণ আলোচনা কৰা।
- প্ৰাণীত পোৱা বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজনন পদ্ধতি উপযুক্ত উদাহৰণৰে বৰ্ণনা কৰা।