AHSEC Class 12 Biology Chapter 13 জীৱ আৰু আবাদীপাঠটোৰ উত্তৰ

Chapter 13

জীৱ আৰু আবাদী

প্ৰশ্নাৱলী

  1. বাস্তৱ্য বিদ্যা কাক বোলে লিখা।
  2. বাস্তৱ্য বিদ্যাৰ মুখ্য চাৰিটা স্তৰৰ নাম উল্লেখ কৰা।
  3. ডায়াপ’জ আৰু শীতনিদ্ৰাৰ মাজত পাৰ্থক্য কি?
  4. সামুদ্ৰিক মাছ এটা সাধাৰণ পানীৰ একুৱাৰিয়ামত ৰাখিলে মাছটো জীয়াই থাকিবনে? কিয় জীয়াই থাকিব বা জীয়াই নাথাকিব উত্তৰ লিখা?
  5. তলত দিয়া অজৈৱ কাৰকসমূহে কিদৰে জীৱসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে লিখা।

a. পানী, b. পোহৰ, c. তাপ আৰু d. মাটি।

  1. সমৰূপী অভিযোজনৰ সূত্ৰ লিখা আৰু এটা উদাহৰণ দিয়া।
  2. প্ৰায়বোৰ জীৱই 450C-ৰ ওপৰৰ তাপমাত্ৰাত জীয়াই থাকিব নোৱৰা। কেনেকৈ কিছুমান অণুজীৱই 1000C-ৰ ওপৰৰ তাপমানৰ বাসস্থানত জীয়াই থাকিব পাৰে?
  3. আবাদীৰ লক্ষণসমূহৰ এখন তালিকা তৈয়াৰ কৰা (ব্যক্তি জীৱৰ নহয়)।
  4. যদি কোনো আবাদীৰ সীচকীয় বৃদ্ধিৰ হাৰ ৩ বছৰত দুগুণ হয় তেনেহলে সেই আবাদীৰ প্ৰকৃত বৃদ্ধিৰ হাৰ কিমান?
  5. তৃণভোজী প্ৰণাৰ বিৰুদ্ধে লোৱা উদ্ভিদৰ প্ৰতিৰক্ষাৰ কৌশল সমূহৰ নাম লিখা।
  6. কপৌফুল এজোপা আমগছৰ ওপৰত গজে। কপৌফুল আৰু আমৰ ক্ৰিয়া-বিক্ৰিয়া তুমি কেনেদৰে বৰ্ণনা কৰিবা?
  7. নাশক পোক-পতংগৰ নিয়ন্ত্ৰণৰ বাবে কেনে বাস্তৱ্যবিদ্যা সন্মত জীৱ নিয়ন্ত্ৰণৰ পদ্ধতি প্ৰয়োগ কৰিবা?
  8. তলত দিয়াবোৰৰ পাৰ্থক্য লিখাঃ

(a) শীতনিদ্ৰাৰকৰণ আৰু তাপ নিষ্ক্ৰিয়তা।

(b) বহিঃচতাপগ্ৰাহী আৰু পৰজীৱিতা।

(c) পৰভক্ষিতা আৰু পৰজীৱিতা।

  1. চমুটোকা লিখাঃ

(a) মৰুজ উদ্ভিদ আৰু প্ৰণীৰ অভিযোজন।

(b) স্বল্পপানীত থকা উদ্ভিদৰ অভিযোজন।

(c) প্ৰাণীৰ আচৰণসম্বন্ধীয় অভিযোজন।

(d) উদ্ভিদৰ বাবে পোহৰৰ গুৰুত্ব।

(e) প্ৰণীৰ অভিযোজনত তাপ আৰু পানীৰ অভাৱৰ প্ৰভাব কি?

(f) এডাফিক কাৰক কি?

  1. পৰিবেশৰ বিভিন্ন অজৈৱ কাৰক সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
  2. এটাকৈ উদাহৰণ দিয়াঃ

(a) এটডা অন্তঃতাপগ্ৰাহী প্ৰণী;

(b) এটা বহিঃতাপগ্ৰাহী প্ৰাণী।

(c) উষ্ণৰক্তী আৰু শীতৰক্তী।

তলৰ প্ৰতিটোৰে সূত্ৰ লিখি এটাকৈ উদাহৰণ দিয়া।

(a) সহভোজিতা

(b) পৰজীৱিতা

(c) কেম’ফ্লেজ (camouflage)

(d) সহোপকাৰিতা

(e) আন্তঃপ্ৰজাতিক প্ৰতিযোগিতা।

  1. কোনটো বাক্যই সঠিকভাবে পৰজীবীতাক বুজাইছে লিখাঃ

(a) এটা জীৱৰ উপকাৰ হয়।

(b) দয়োটা জীৱৰ উপকাৰ হয়।

(c) এটা জীৱৰ উপকাৰ হয় আনটোৰ কোনো অনিষ্ট নহয়।

(d) এটা জীৱৰ উপকাৰ হৈছে আনটোৰ অনিষ্ট হৈছে।

  1. আবাদীৰ যিকোনো তিনিটা গুৰুত্বপূৰ্ণ চাৰিত্ৰিক বৈশিষ্ট্যৰ তালিকা প্ৰস্তুত কৰা।
  2. স্থিতি ৰক্ষণশীলতা বজাই ৰাখিবৰ বাবে জীৱসমূহে অৱলম্বন কৰা বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে কি জানা লিখা।
  3. হাৰ্ডি-উইনবাৰ্গৰ মতবাদৰ ওপৰত চমুকৈ লিখা।
  4. স্থিতি ৰক্ষণশীলতা বুলিলে তুমি কি বুজা?
  5. “সাগৰৰ পানীত প্ৰথম জীৱৰ সৃষ্টি হৈছিল”। উদাহৰণ সহ যুক্তি আগবঢ়োৱা।

সম্ভাব্য প্ৰশ্নাৱলী

A. ১ নম্বৰৰ প্ৰশ্ন (অতি চুটি উত্তৰৰ প্রশ্ন) ঃ

  1. আৱাদী বুলিলে কি বুজা?
  2. জীৱ মানে কি?
  3. সমুদায়ৰ অর্থ বহলাই লিখা।
  4. আৱাদীত প্ৰভাৱ পেলাৱা দুটা কাৰকৰ নাম লিখা।
  5. পৰিস্থিতিতন্ত্র এটাত থকা জৈৱিক পদার্থসমূহৰ নাম লিখা।
  6. জেৰোফাইট বা মৰুজ উদ্ভিদ মানে কি?

7 . মেচ’ফাইট কি?

  1. মেচ’ফাইটবোৰে কেনেকুৱা ধৰণৰ বসতি স্থান পছন্দ কৰে?
  2. জলজ উদ্ভিদ বা হাইড্রফাইট কি?
  3. পৰিবেশ যদি শুকান হয় তেন্তে সেই ঠাইত কেনেধৰণৰ গছ গজিব?
  4. এটা বসতিস্থলৰ বহন ক্ষমতা মানে কি বর্ণনা কৰা।
  5. পৰিভ্ৰমণ বুলিলে কি বুজা?
  6. প্ৰকৃতিৰ বৰ্ণিল কি? ইয়াৰ এটা উদাহৰণ দিয়া?
  7. প্ৰকৃতিৰ ইক’ট’ন প্রজাতিৰ বৰ্ণনা কৰা।
  8. ভেকুলীৰ দৰে কিছুমান প্রাণীয়ে কেতিয়া আৰু কিয় শীতনিদ্রা লয়?
  9. শূন্য আবাদী বৃদ্ধি কি?

[B] খালী ঠাই পূৰণ কৰাঃ

  1. এটা ডাঙৰ জৈৱভৌগোলিক অঞ্চলৰ নির্দিষ্ট বাতাবৰণত থকা প্রধান গছ-গছনি বা উদ্ভিদৰ প্ৰকাৰ আৰু তাৰ লগত জড়িত প্রাণীক __ বোলে।
  2. এটা প্রজাতিৰ প্ৰত্যেকটো প্রাণীকে __ বুলি কোৱা হয়।
  3. পৃথিৱীৰ যিকোনো ঠাই, বিষুৱঅঞ্চলৰ পৰা মেৰু অঞ্চললৈ যিকোনো এখন বিশেষ ঠাই, গৰম পানীৰ উহ, পচন গাঁত আৰু আনকি মানুহৰ অন্ত্রও প্রাণীৰ __
  4. জৈৱিক বস্তুৰ পচন ঘটাবৰ বাবে মৃত জৈৱিক পদার্থৰ ওপৰত বাস কৰি থকা জীৱক __ বোলে।
  5. জলজ উদ্ভিদে __ বসতিস্থল পছন্দ কৰে।
  6. মাটি হৈছে জীৱৰ বাবে প্রয়োজনীয় সকলো __ পদার্থৰ উৎস।
  7. _ আৰু _ অঞ্চলে সূৰ্য্যৰ ৰশ্মি অধিক পৰিমাণে পায় আৰু সেয়ে তাৰ উষ্ণতাও অধিক।

৪. উচ্চতা, হেলনীয়া, চাপ খোৱা আৰু পৃথিৱীৰ আন ভৌতিক কাৰক সমূহক __ বোলা হয়।

  1. __ প্রক্রিয়াত জীৱদেহৰ উষ্ণতা বাহ্যিক উষ্ণতাৰ লগত সলনি হয়।
  2. __ এটা সালোক সংশ্লেষণৰ পথ যত পত্ৰন্ধু দিনৰ সলনি ৰাতিৰভাগত খোলা থাকে।
  3. __ য়ে শেলাই আৰু ভেঁকুৰৰ সম্বন্ধ দেখুৱায়।
  4. __ বেক্টিৰিয়াই পৰিবেশৰ পৰা নাইট্রজেন সংগ্রহ কৰি মাহজাতীয় শস্যত জমা কৰে।
  5. __ এটা একেজাতিৰ অন্তৰ্গত আন্তঃপ্রজননকাৰী জীৱ যিয়ে একে ভৌগলিক ঠাইত থাকি পৰস্পৰৰ মাজত আৰু পৰিস্থিতি তন্ত্ৰৰ আৱাদীৰ আনবোৰৰ লগতো সম্পর্ক ৰাখি চলে।
  6. আৱাদীৰ যি বৃদ্ধিয়ে নির্দিষ্ট বসতিস্থল এটাৰ বহন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াক লঘুগণকীয় পাশ্চাত্য স্তৰ আৰু স্থিৰ স্তৰৰ বৃদ্ধিৰে দেখুৱাই সৃষ্টি কৰা ৰেখাডালক __ লেখ বোলে।
  7. এটা প্রজাতিৰ জীৱৰ থূপকে __ বোলে।
  8. যি প্রক্রিয়াত এটা জীৱৰ উপকাৰ হয় আৰু আনটোৰ উপকাৰ বা অপকাৰ একো নহয় তাক __ বোলে।
  9. মৰুৰ উদ্ভিদে পানীৰ অভাৱ __ সৃষ্টিৰ দ্বাৰা সহ্য কৰিব পাৰে।

C লশুদ্ধ আৰু অশুদ্ধ উক্তি বাছি উলিওৱাঃ

  1. নেটেলিটি মানে জন্মৰ হাৰ।
  2. সেউজীয়া উদ্ভিদৰ বাহিৰে বাকী সকলো জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব পাৰে।
  3. মৃত্যুহাৰ হৈছে জনসংখ্যা বৃদ্ধি হোৱা।
  4. জীৱই নিজৰ দেহৰ দৰকাৰী উষ্ণতা ধৰি ৰাখিবলৈ তাপ উৎপন্ন কৰিব লাগে যাক তাপনিয়ন্ত্রণ বোলা হয়।
  5. কিছুমান জীৱই পৰিবেশৰ অত্যন্ত শীতৰপৰা নিজক লুকুৱাবলৈ শীতনিদ্ৰা কৰে।
  6. এখন ঠাইৰপৰা আন এখন ঠাইলৈ জীৱই পৰিভ্ৰমণ কৰাৰ ফলত হোৱা জনসংখ্যা বৃদ্ধিকে বহিঃপ্রব্রজন বোলে।
  7. এটা নির্দিষ্টসংখ্যক জীৱক কোনো এটা আবাসস্থলত ধৰি ৰাখিব পৰা ক্ষমতাকে সেই বসতিস্থলৰ বহন ক্ষমতা বোলে।
  8. ভেঁকুৰ আৰু উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপাৰ সহযোগিতাক মাইক্ৰ’হাইজা বোলে।
  9. উদ্ভিদে মাটিৰ পৰা লাভ কৰা প্ৰচুৰ পানীভাগ পায় পৃষ্ঠভাগৰ পৰা।
  10. আৱাদীৰ সূচকীয় বৃদ্ধি হৈছে dN /dt=rn.
  11. একে প্রজাতিৰ প্রাণীসমূহৰ মাজত প্রতিযোগিতা অতি বেছি।
  12. সহজীৱিত হৈছে এনে এবিধ সংযোগ যত দুয়োটা আবাদীয়ে উপকৃত হয়।
  13. সহভোজিতা হ’ল প্রাণীৰ এনে এবিধ সংগঠন য’ত দুয়োটা সংগীয়ে উপকৃত হ’ব।

II. ২ নম্বৰৰ বাবে প্রশ্নঃ

  1. তীব্র বতাহে গছৰ কেনেধৰণে ক্ষতিসাধন কৰে?
  2. সূচকীয় বৃদ্ধি বা লগ স্তৰ আৰু লেগ স্তৰ কি?
  3. সহভোজিতা কি? সহভভাজিতাৰ উদাহৰণ দিয়া।
  4. এন্টিবায়’চিছ আৰু এলিলো’পেথী পদ্ধতি কি?
  5. পৰোপকাৰিতা কি? পৰোপকাৰিতাৰ উদাহৰণ দিয়া।
  6. জৈৱিক আৰু অজৈৱ উপাদান কোনবোৰ?
  7. উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত পোহৰে কেনেদৰে সহায় কৰে?

৪. স্থিতিৰক্ষণশীলতাই কি বুজায়?

  1. ইউৰিথার্মেল আৰু ষ্টেননাথার্মেল বুলিলে কি বুজা? প্রত্যেকটোৰে উদাহৰণ দিয়া।
  2. বায়ম কি? বায়’মৰ উদাহৰণ দিয়া।
  3. গজ’ৰ প্রতিযোগিতাত বহির্গমন নীতিৰ আধাৰ বৰ্ণনা কৰা।
  4. পার্থক্য লিখাঃ

(a) শীতনিদ্রা আৰু গ্ৰীষ্ম নিষ্ক্রিয়তা

(b) শীতলৰী আৰু উৰঞ্জী।

  1. তলৰ উক্তিখিনি ব্যাখ্যা কৰা।

(a) পৰভক্ষিতা

(b) বর্ণিল বা কেম’ফ্লেজ

(c) পৰোপকাৰিতা

  1. বর্ণিল আৰু কেম’ফ্লেজৰ মাজৰ পার্থক্য লিখা। প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
  2. পৰজীৱী জীৱৰ বিশেষ লক্ষণসমূহ লিখা।
  3. সহজীৱিতা কি? উদ্ভিদ আৰু প্রাণী জগতৰ প্রত্যেকৰে পৰা এটাকৈ উদাহৰণ দিয়া।

III. ৩ নম্বৰৰ বাবে চুটি প্রশ্নঃ

  1. প্রতিযোগিতা মানে কি? অন্তঃপ্রজাতি আৰু আন্তঃ প্রজাতি প্রতিযোগিতা কি বর্ণনা কৰা।
  2. পৰিভ্রমণ প্রক্রিয়াটো বর্ণনা কৰা। প্রব্রজন আৰু বহিঃপ্ৰব্ৰজন কি?
  3. জৈৱিক সংগঠনৰ স্তৰবোৰ কি কি?
  4. অভিযোজন কি? পৰিবেশৰ চৰম অৱস্থাৰ সৈতে কৰা জীৱৰ অভিযোজনৰ বিষয়ে লিখা।
  5. এটা একুৱাৰিয়ামত দুটা তৃণভোজী প্রজাতিৰ মাছ ৰখা হৈছে যিয়ে উদ্ভিদ প্লাংকটন খাই জীয়াই আছে। গ’জৰ তত্ত্ব মতে সময়ৰ লগে লগে এটা প্রজাতি নোহোৱা হৈ যাব লাগিছিল। কিন্তু দেখা যায় যে একুৱাৰিয়ামত দুয়োটা প্রজাতিয়েই জীয়াই আছে। সম্ভাব্য কাৰণ দর্শোৱা।
  6. ‘চিকাৰে’ পৰভক্ষীৰ পৰা হাত সাৰিবলৈ লোৱা পদ্ধতিসমূহ কি কি?
  7. পৰজীৱিতা কি? অন্তঃপৰজীৱী আৰু বহিঃপৰজীৱীৰ বিষয়ে উদাহৰণসহ লিখা।
  8. গছে পৰভক্ষীৰ পৰা নিজকে বচাবলৈ কৰা বিভিন্ন প্ৰকাৰৰ অভিযোজনৰ বিষয়ে লিখা।
  9. পৰভক্ষীবোৰে পৰিস্থিতিতন্ত্রত কেনে ভূমিকা পালন কৰে?
  10. সহোপকাৰিতা প্রক্রিয়াটো উদাহৰণৰ সৈতে বর্ণনা কৰা।
  11. আৱাদী বৃদ্ধিৰ লক্ষণসমূহ কি কি?
  12. বিভিন্ন প্রজাতিৰ মাজত হোৱা আৱাদীৰ বিভিন্ন ধনাত্মক আৰু ঋণাত্মক ক্রিয়া প্রতিক্রিয়া বর্ণনা কৰা।
  13. চিকাৰৰ প্রজাতি কি উপায়ে পৰভক্ষীৰ পৰা উপকৃত হয়।
  14. এটা জীৱৰ ইক’লজিকেল আবাস মানে কি? দুটা প্রজাতিয়ে একেবাৰে সদৃশ আবাসস্থল ব্যৱহাৰ কৰিব নোৱাৰে বুলি কিয় ভবা হয়?

IV. ৫ নম্বৰৰ দীঘল প্রশ্ন বর্ণনামূলকঃ

  1. আৱাদীৰ পাৰস্পৰিক সম্পর্ক কেনেকৈ ৰক্ষা কৰে? আবাদীত হোৱা বিভিন্ন প্রকাৰৰ পাৰস্পৰিক সম্পর্ক বিষয়ে লিখা।
  2. এটা প্রাণী আৰু এটা আৱাদীৰ লক্ষণসমূহৰ নাম লিখি বর্ণনা কৰা।
  3. লঘুগণকীয় আৱাদী বৃদ্ধিৰ লেখ উপযুক্ত উদাহৰণৰ সহায়ত বর্ণনা কৰা।
  4. “পৰজীরিতা-এটা বিশেষ পাৰস্পৰিক সম্পর্ক যত এটা প্রজাতি আনটোৰ জৰিয়তে লাভান্বিত হয়” পৰজীৱিতাত এনে কি ঘটনা পৰিলক্ষিত হয়?
  5. অজৈৱ কাৰকৰবাৰে গছৰ বৃদ্ধি আৰু বিকাশত কেনেদৰে প্ৰভাৱ পেলায় লিখা।
  6. বয়সৰ পিৰামিড কি? প্রজননৰ আগৰ, প্ৰজননৰ সময়ৰ আৰু প্ৰজননৰ পিছৰ বয়সৰ পিৰামিড উপযুক্ত চিত্ৰৰ সহায়েৰে বর্ণনা
  7. প্ৰকৃতিত এটা প্ৰজাতিৰ বহনক্ষমতা থাকে। উপযুক্ত উদাহৰণেৰে বাক্যশাৰীৰ বৰ্ণনা কৰা।
  8. পোহৰে জীৱৰ বিস্তৃতিত কেনেদৰে প্ৰভাৱ পেলায়? উপযুক্ত উদাহৰণেৰে চমু বর্ণনা কৰা।
  9. ৰিকম্বিনেন্ট DNA প্রযুক্তিত ব্যৱহৃত হোৱা পাঁচবিধ সঁজুলিৰ নাম লিখা। প্রত্যেকবিধ সঁজুলিৰ কাম লিখা।