Might Learn Logo Might Learn

AHSEC Class 12 Biology Chapter 15 জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ পাঠটোৰ উত্তৰ

Chapter 15

জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ

প্ৰশ্নমালা

(NCERT Ex)

  1. জৈৱবৈচিত্ৰ্যৰ প্ৰধান তিনটা ভাগ কি কি?
  2. কিয় ক্ৰান্তীয় অঞ্চল প্ৰজাতি সমৃদ্ধ? এই সম্পৰ্কে তিনিটা সূত্ৰৰ উল্লেখ কৰা।
  3. কোনো ভৌগোলিক অঞ্চলত প্ৰজাতি ধ্বংস হোৱাৰ মূল কাৰণ কি?
  4. পৰিৱেশতন্ত্ৰৰ ক্ৰিয়াৰ বাবে জৈৱবৈচিত্ৰ্য কিয় প্ৰয়োজন?
  5. পবিত্ৰ্য উপবন মানে কি? সংৰক্ষণত ইয়াৰ গুৰুত্ব কি?
  6. পৰিৱেশতন্ত্ৰৰ সেৱাৰ ভিতৰত বান নিয়ন্ত্ৰণ আৰু মাটিৰ খহন নিয়ন্ত্ৰণ পৰে। পৰিৱেশতন্ত্ৰৰ জৈৱিক উপাদান সমূহে কেনেকৈ ইয়াক সম্ভৱ কৰে?
  7. পাৰ্থক্য লিখাঃ-

(a) আনুবংশিক বৈচিত্ৰ্য আৰু প্ৰজাতি বৈচিত্ৰ্য;

(b) স্ব-স্থানত সংৰক্ষণ আৰু অন্য স্থানত সংৰক্ষণ;

(c) উদ্যান আৰু পৱিত্ৰ্য উপবন।

  1. কিয় জৈৱবৈচিত্ৰ্য ৰক্ষা কৰা উচিত?
  2. জৈৱবৈচিত্ৰ্য ধ্বংস হোৱাৰ মূল কাৰণ কি কি?
  3. কেনেকৈ জীৱবীচিত্ৰ্য ৰক্ষা কৰিব পাৰি?
  4. লগাৰিথম স্কেলত প্ৰজাতি-স্থানত সম্বন্ধৰ সমীকৰণ লিখা।
  5. জৈৱবৈচিত্ৰ্যৰ ক্ষয়ৰ পৰিণাম বোৰ কি কি?
  6. অসমত থকা ৰাষ্টীয় উদ্যানৰ সংখ্যা কিমান?
  7. আমাৰ স্থানীয় প্ৰজাতিক শঞঙ্কিত কৰা এটা দখলদাৰী তৃণৰ উদাহৰণ দিয়া।

A. দীঘল আৰু চুটি উত্তৰৰ প্ৰশ্নঃ

  1. অসমৰ চাৰিখন অভয়াৰণ্যৰ নাম লিখা।
  2. কাজিৰঙাক কেতিয়া “জাতীয় উদ্যান” হিচাবে ঘোষণা কৰা হৈছে?
  3. অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা।
  4. জাতীয় উদ্যান আৰু অভয়াৰণ্যৰ সংজ্ঞা দিয়া।
  5. ‘ব্যাঘ্ৰ প্ৰকল্প’ৰ বিষয়ে লিকা।
  6. ‘ব্যাঘ্ৰ প্ৰকল্প’ৰ উদ্দেশ্য কি?
  7. কাজিৰঙাৰ 5 বিধ লুপ্তপ্ৰায় স্তন্যপায়ীৰ নাম লিখা।
  8. অভয়াৰণ্য আৰু জাতীয় উদ্যানৰ সংজ্ঞা দিয়া।
  9. জীৱমণ্ডলত জীৱ সমূদায়ৰ বিভিন্ন স্তৰে একেলগে গঠন কৰা জৈৱবৈচিত্ৰকাৰ বৰ্ণনা কৰা।

অতিৰিক্ত পাঠৰ ওপৰত প্ৰশ্নঃ

  1. বন্যপ্ৰাণী কি? কিয় ইয়াৰ সংৰক্ষণ প্ৰয়োজনীয়?
  2. বন্যপ্ৰণীসমূহ লুপ্তপ্ৰায় হোৱাৰ কাৰণবোৰ লিখা।
  3. বন্যপ্ৰণী সংৰক্ষণৰ অতি কমেও চাৰিটা প্ৰধান উপায় উল্লেক কৰা।
  4. বন্যপ্ৰাণী সংৰক্ষণ বিভিন্ন উপায়সমূহ আলোচনা কৰা।
  5. বিপন্ন প্ৰাণী বুলিলে কি বুজা? বিপন্ন প্ৰাণীবোৰৰ প্ৰকাৰ কি কি উল্লেখ কৰা।
  6. এশিঙীয়া গড়ৰ সংৰক্ষণৰ বাবে লোৱা উপায়সমূহৰ বিষয়ে লিখা।
  7. বন্যপ্ৰামীৰ সংখ্যা হ্ৰাস পোৱাৰ অতি কমেও 4টা কাৰণ দৰ্শোৱা।
  8. বন্যপ্ৰাণীৰ সংৰক্ষণ কৰাৰ বাবে কিছুমান উপায় দিয়া।
  9. MAB-ৰ সম্পূৰ্ণ নাম কি?
  10. লুপ্তপ্ৰায় প্ৰাণী কোনবোৰ? ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুবিধ লুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা।
  11. বন্যসম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? বন্যসম্পদ সংৰক্ষণৰ বাবে ল’বলগীয়া কাৰ্যৰ বিষয়ে চমুকৈ লিখা।
  12. সংৰক্ষণ মানে কি? কিছুমান বন্যপ্ৰাণীৰ বিলুপ্তিৰ কাৰণ দৰ্শোৱা আৰু এইবোৰক সংৰক্ষিত কৰিবৰ বাবে ল’ব পৰা ব্যৱস্থাসমূহ উল্লেখ কৰা।
  13. তলত দিয়াবোৰৰ সম্পূৰ্ণ ৰূপে লিখাঃ

(a) WWF, (b) ICU, (c) MAB, (d) IBWL

B. পাৰ্থক্য দেখুওৱাঃ

(i) ৰাষ্টীয় উদ্যান আৰু অভয়াৰণ্য;

(ii) লুপ্তপ্ৰায় আৰু দুষ্প্ৰাপ্য প্ৰাণী

(iii) সংৰক্ষণ আৰু প্ৰতিৰক্ষণ।

C. চমু টোকা লিখাঃ

(i) কাজিৰঙা ৰাষ্টীয় উদ্যান

(ii) মানসৰ বন্যপ্ৰাণী

(iii) অসমৰ বন্যপ্ৰাণী

(iv) IUCN

(v) W.W.F.

(vi) Red Data Book

(vii) ভাৰতীয় বন্যপ্ৰাণী সংগক্ষণ আইন 1972

(viii) বন্যপ্ৰাণী সংৰক্ষণৰ উপায়

(ix) বন্যপ্ৰাণী বিলুপ্ত হোৱা কাৰণ

(x) দেওহাঁহ

E. শূন্যস্থান পূৰ কৰাঃ

(i) বন্যপ্ৰাণী সংৰক্ষণ আইন __ চনত ভাৰতবৰ্ষত প্ৰবৰ্তন কৰা হৈছিল।

(ii) মানাহ অভয়াৰণ্যত __ চনত ‘ব্যাঘ্ৰ প্ৰকল্প’ আৰম্ভ হৈছিল।

(iii) __ চনত কাজিৰঙাৰ জাতীয় উদ্যানৰ মৰ্যাদা দিয়া হয়।

(iv) _ চনত _ য়ে Red Data Book প্ৰথম ছপা কৰি উলিয়ায়।

সম্ভাব্য প্ৰশ্নাৱলী

A. শূন্যস্থান পূৰণ কৰাঃ

  1. IUCN (2004) ৰ মতে __ নিযুততকৈ সামান্য অধিক উদ্ভিদ আৰু প্রাণী প্রজাতিক বর্ণনা কৰা হৈছে।
  2. বিষুবীয় অঞ্চলৰ পৰা মেৰুলৈ ক্রমে প্রজাতি বৈচিত্র্য __ হোৱা দেখা যায়।
  3. বৃষ্টি অৰণ্যই শতকৰা ৰ বেছি স্থান আগুৰি নাথাকে।
  4. আণৱিক বংশগতি আৰু প্ৰজাতিৰ স্তৰৰ বৈচিত্র্যক অর্থনৈতিক উৎপাদনৰ বাবে অন্বেষণ কৰাক __ বোলে।
  5. ভাৰতবৰ্ষত __ টা জীৱমণ্ডল আছে।
  6. ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি __ কি.মি।

[B] সত্য বা অসত্য (এক নম্বৰ) ঃ

  1. যি ঠাইত অধিক সংখ্যক প্রজাতি থাকে তাত মুঠ জীৱ ভৰ বছৰি হেৰফেৰ হয়।
  2. পানী মেটেকা ভাৰতবৰ্ষৰ স্থানীয়।
  3. ক্রান্তীয় অঞ্চলত অধিক উৎপাদনতাৰ কাৰণ অধিক সৌৰশক্তি পোৱাৰ বাবে।
  4. অসমত দুটা জীৱমণ্ডল আছে।
  5. অসমৰ ভৌগোলিক সীমাৰ 50% বননিয়ে আবৰি আছে।
  6. কাজিৰঙা নল গাহৰিৰ বাসস্থান।

C. অতি চমু উত্তৰৰ প্ৰশ্ন (এক নম্বৰৰ) ঃ

  1. প্রজাতি বিতৰণৰ ক্ষেত্ৰত এণ্ডেমিছম’ বা স্থায়ী বাসিন্দাৰ সম্বন্ধ কি?
  2. আক্রমণকাৰী দুবিধ অপতৃণৰ উদাহৰণ দিয়া যি দুটাই আমাৰ স্থানীয় প্রজাতি সমূহক ভীত কৰিছে।
  3. পৃথিৱীত জীৱৰ আৱির্ভাব হোৱাৰে পৰা কিমান বাৰ সমষ্টিগত বিলুপ্তিৰ ঘটনা ঘটিছে?
  4. লগাৰিথম্ অনুমাপত প্রজাতি-স্থান সমীকৰণ লিখা।
  5. জৈৱবৈচিত্ৰৰ গুৰুত্বপূর্ণ উপাদান লিখা।
  6. উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱবৈচিত্র্য ‘হটস্পট’ যিটোৱে অত্যন্ত বেছি জৈৱবৈচিত্র্য দেখুৱায় তাৰ নাম লিখা।
  7. পৱিত্ৰ বনাঞ্চল কাক বোলে?
  8. প্রাণীৰ ভিতৰত কোন শ্রেণীবিভাগ প্রজাতি হিচাপে অত্যন্ত চহকী।
  9. অন্য স্থানত সংৰক্ষণ কি?
  10. যেতিয়া প্রাণী নিজৰ স্থানত সংৰক্ষণ কৰা হয় তেতিয়া তাক কি বোলে?
  11. জৈৱবৈচিত্র্যৰ এটি গুৰুত্বপূৰ্ণ দিশ লিখা।
  12. প্রজাতি বৈচিত্র্য কি?
  13. আফ্রিকান কেটফিছৰ বৈজ্ঞানিক নাম লিখা যাক জলাকৰ্ষণৰ বাবে ভাৰতবৰ্ষৰ জলাশয় সমূহত মেলিদিয়া হৈছিল, আৰু যি এতিয়া স্থানীয় কেটফীচ সমূহৰ অস্তিত্ব বিপন্ন কৰিছে।

D. চুটি উত্তৰৰ প্ৰশ্ন দুই নম্বৰৰঃ

  1. জীৱবৈচিত্ৰৰ তিনিটা স্তৰৰ সম্পর্কে চুটিকৈ লিখা।
  2. পৰিস্থিতিতন্ত্রত প্রজাতি বৈচিত্ৰৰ গুৰুত্ব সম্প

র্কে লিখা।

  1. বিদেশী প্রজাতি কোনাো অঞ্চলত আনি প্ৰৱৰ্তন কৰা কিয় বিপদজনক?
  2. আবাসভূমি খণ্ড বিখণ্ড হলে কেনেকৈ জৈৱবৈচিত্র্য হ্রাস হয়?
  3. সহ বিলুপ্তিৰ সংজ্ঞা দিয়া।
  4. অন্যস্থানত সংৰক্ষণত চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ গুৰুত্ব বর্ণনা কৰা।
  5. সংৰক্ষিত অঞ্চলৰ সংজ্ঞা দিয়া।
  6. ৰাষ্ট্ৰীয় উদ্যান কি? অসমত কিমান ৰাষ্ট্ৰীয় উদ্যান আছে?
  7. পবিতৰা অভয়াৰণ্যত পোৱা প্রাণীবোৰৰ নাম লিখা।

E. চুটি উত্তৰৰ প্ৰশ্ন (তিনি নম্বৰ) ঃ

  1. “ভাৰতবর্ষ পৃথিৱীৰ 12 খন বৃহৎ বৈচিত্র্য দেশৰ এখন”। এই উক্তি ব্যাখ্যা কৰা।
  2. দক্ষিণ আমেৰিকাৰ ক্ৰান্তীয় আমাজনৰ বৃষ্টি অৰণ্য সম্পর্কে লিখা।
  3. প্রজাতি বিলুপ্তিৰ ক্ষেত্ৰত ৰিভেট পপাৰৰ তত্ত্ব ব্যাখ্যা কৰা।
  4. জৈৱবৈচিত্রৰ ক্ষতি হলে কি পৰিণতি হয়?
  5. জৈববৈচিত্র্য সংৰক্ষণৰ নৈতিক দিশ সম্পর্কে যুক্তি দেখুউৱা।
  6. জৈৱবৈচিত্র্য সংৰক্ষণ আৰু অবিৰত প্ৰগতিৰ বাবে যি আন্তর্জাতিক সন্মিলন আৰু শীর্ষ সন্মিলন হৈছিল তাৰ চমু আভাস দিয়া।
  7. অসমৰ কথা উল্লেখ কৰি জীৱমণ্ডল সম্পর্কে টোকা লিখা।
  8. মানস ৰাষ্ট্ৰীয় উদ্যানৰ ছটা বিপন্ন প্রাণীৰ নাম লিখা।
  9. অসমৰ হস্তী সংৰক্ষিত অঞ্চলবোৰৰ তালিকা লিখা।

(F) দীঘল উত্তৰৰ প্ৰশ্ন (পাঁচ নম্বৰ) ঃ

  1. ক্রান্তীয় অঞ্চলে কিয় অধিক জৈৱবৈচিত্র্যৰ প্রতিনিধিত্ব কৰে?
  2. গ্রাফৰ সহায়ত প্রজাতি-স্থানৰ সম্পর্ক ব্যাখ্যা কৰা।
  3. জৈৱবৈচিত্ৰৰ ক্ষতি হোৱাৰ কাৰণ লিখা।
  4. জৈৱবৈচিত্র্য কিয় সংৰক্ষণ কৰিব লাগে ব্যাখ্যা কৰা।
  5. জৈৱবৈচিত্র্য সংৰক্ষণ কৰিবৰ বাবে কি কি বিভিন্ন পন্থা আছে?
  6. জৈৱবৈচিত্র্যৰ আৰ্হি সম্পর্কে চমুকৈ লিখা।
  7. গুৰুত্বপূৰ্ণ প্ৰাণীৰ উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পর্কে এটি টোকা লিখা।
  8. গুৰুত্বপূৰ্ণ প্ৰাণীৰ উল্লেখ কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যান সম্পর্কে এটি টোকা লিখা।
  9. এৰীৰ জীৱন পৰিক্ৰমা আৰু পালনৰ বিষয়ে বর্ণনা কৰা।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects