Chapter 9
খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ
প্ৰশ্নমালা
- পশুপালনে গ্রাম্য অৰ্থনীতিত কিদৰে সহায় কৰে সংক্ষেপে লিখা।
- দুগ্ধপাম পৰিচালনাত লব লগা ব্যৱস্থাসমূহৰ বিষয়ে সংক্ষেপে লিখা।
- হাঁহ-কুকুৰা পোহ-পালনৰ আৰু উৎপাদন বঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা কথাসমূহ কি কি?
- তলত দিয়াবোৰৰ বিষয়ে চমুকৈ লিখাঃ-
(a) অন্তঃপ্রজনন। (b) বহিঃপ্রজনন। (c) বর্ণসংকৰণ। (d) আন্তঃপ্রজাতিক সংকৰণ।
- নিয়ন্ত্রিত প্রাণী প্রজননৰ কৃত্রিম শুক্রাণু সংগ্রহ পদ্ধতি সম্পর্কে কি জানা লিখা।
- প্রাণীৰ নিয়ন্ত্রিত প্রজননৰ উপকাৰিতাৰ সম্পর্কে চমুকৈ লিখা।
- বহুডিম্বক্ষৰণ ভ্রণ সংস্থাপন প্রযুক্তি সম্পর্কে সংক্ষেপে লিখা।
- অর্থনৈতিক গুৰুত্ব থকা মৌ-মাখি প্রজাতিৰ বৈজ্ঞানিক নাম লিখা।
- মৎস্য পালন সম্পর্কে কি জানা লিখা।
- জৈৱ কৃষি প্রণালী ব্যাখ্যা কৰা।
- ‘হিডেন হাংগাৰ’ কি?
- কৃষিজাত শষ্যত পতঙ্গনাশক দ্ৰব্যৰ প্রয়োগ হ্রাস কৰাটো হৈছে জীৱ প্ৰযুক্তি বিদ্যাৰ এটা মূল উদ্দেশ্য জীৱ প্ৰযুক্তিবিদ্যাৰ কৌশল। ব্যৱহাৰ কৰি কি দৰে পতঙ্গ প্ৰতিৰোধী শষ্য উদ্ভৱ কৰা হৈছে বর্ণনা কৰা।
- সফল মৌপালনৰ চাৰিটা প্রয়ােজনীয় দিশ উল্লেখ কৰা।
- চমুটোকা লিখাঃ–
(a) ৰোগ প্ৰতিৰোধী প্রজনন পদ্ধতি।
(b) কীট পতঙ্গৰোধী উদ্ভিদ প্রজনন।
(c) উন্নত মানৰ খাদ্যৰ বাবে উদ্ভিদ প্রজনন।
(d) এক কোষীয় প্র’টিন।
(e) কলা সংবর্ধন।
(f) কায়িক সংকৰণ।
- এটা নতুন প্রজাতিৰ শস্যৰ উদ্ভাৱন কৰিবলৈ লগা চাৰিটা প্রধান স্তৰৰ বিষয়ে লিখা।
- এককোষীৰ প্ৰটিনৰ সংজ্ঞা দিয়া। এককোষীয় প্রটিন উৎপন্নকাৰী কেইবিধমান অনুজীৱৰ নাম লিখা।
- উদ্ভিদ প্রজনন মানে কি ? আধুনিক কৃষি পদ্ধতিত উদ্ভিদ প্রজননৰ গুৰুত্ব সম্পর্কে উল্লেখ কৰা।
- কায়িক সংকৰণৰ সংজ্ঞা লিখা। কায়িক সংকৰণৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ উদ্ভিদৰ উদাহৰণ দিয়া।
- ভাৰতত বিকশিত হোৱা যিকোনো চাৰিটা সংকৰ প্ৰজাতিৰ শস্যৰ নাম লিখা।
NCERT-ৰ কেইটামান প্ৰশ্ন
- মানুহৰ উপকাৰীতাৰ ক্ষেত্ৰত পশুপালনৰ ভূমিকা সংক্ষেপে দর্শোৱা।
- যদি তোমাৰ পৰিয়ালে এখন দুগ্ধপাম ক্রয় কৰে, তেন্তে সেই পামৰ পৰা উৎপাদিত সামগ্ৰীৰ গুণ আৰু পৰিমাণৰ উন্নতিৰ বাবে তুমি কি পদক্ষেপ গ্রহণ কৰিবা।
- সঁচ’ বুলিলে কি বুজা? পশু প্রজননৰ উদ্দেশ্য সমূহ কি কি?
- পশুপ্রজননত ব্যৱহাৰ হোৱা বিভিন্ন প্রণালী সমূহৰ নাম লিখা। তোমাৰ মতে কোনটো প্রণালী আটাইতকৈ উৎকৃষ্ট আৰু কিয়?
- এপি কালছাৰ কি? ই আমাৰ জীৱনৰ বাবে কিয় প্রয়োজন?
- খাদ্য উৎপাদনত মীন পালনৰ গুৰুত্ব ব্যাখ্যা কৰা।
- উদ্ভিদ প্রজননত ব্যৱহাৰ হোৱা বিভিন্ন প্রণালীসমূহ ব্যাখ্যা কৰা।
- কয়’ফটিফিকেচন মানে কি ব্যাখ্যা কৰা।
- উদ্ভিদৰ কোনটো ভাগ ভাইৰাচৰ পৰা হ’ব পৰা ৰোগৰ প্ৰতিৰোধী প্রকাৰ হিচাপে সৃষ্টি কৰা উদ্ভিদৰ বাবে উত্তম আৰু কিয়?
- মাইক্ৰ’প্রপাগেচনৰ জৰিয়তে সৃষ্টি কৰা উদ্ভিদৰ প্ৰধান সুবিধাবোৰ কি কি?
- Invitro-ত propagation of an explant-ৰ বাবে ব্যৱহাৰ কৰা মাধ্যমৰ কি কি উপাদান থাকে বিচাৰি উলিওৱা।
- ভাৰতত সৃষ্টি কৰা যিকোনো 5 টা সংকৰ প্ৰজাতিৰ শস্যৰ নাম লিখা।
- উদ্ভিদ প্রজনন প্রক্রিয়াৰ বিভিন্ন স্তৰসমূহ চমুকৈ বর্ণনা কৰা।
- জীৱপ্ৰৱলীকৰণ মানে কি ব্যাখ্যা কৰা।
- ভাইৰাছমুক্ত উদ্ভিদ সৃষ্টিৰ বাবে উদ্ভিদৰ কোনটো অংশৰ উপযোগিতা সর্বাধিক আৰু কিয়?
- সূক্ষ্মপ্রবর্ধন প্রক্রিয়াৰ জৰিয়তে উদ্ভিদ সৃষ্টিৰ প্ৰধান সুবিধা কি?
- গৱেষণাগাৰত বিচ্ছিন্ন উদ্ভিদাংশৰ প্ৰবর্ধন প্রক্রিয়াত ব্যৱহৃত পুষ্টি মাধ্যমৰ উপাদানসমূহ কি কি?
সম্ভাব্য প্ৰশ্নাৱলী
A. অতি চুটি প্রশ্ন (১ নম্বৰ)ঃ
- উদ্ভিদ প্রজননত পুংবন্ধ্যাকৰণৰ প্ৰয়োজনীয়তা কি?
- পুংকেশৰৰ বিনাশন বুলিলে কি বুজা?
- কায়কৃত্তক প্রকাৰণ মানে কি?
- কি কি প্রাণীৰ পৰা মিউল বা অশ্বৰজ উৎপন্ন হয়?
- জীন প্লেন্টেন বা জীন ৰোপণ মানে কি?
- জননদ্ৰৱ আৰু জীনপুল বুলিলে কি বুজা?
- টটিপটেঞ্চি মানে কি?
- গৰু ছাগলীৰ আকাংক্ষিত গুণৰ হ’মজাইগ’ছিটি বৃদ্ধি কৰিবলৈ কি উপায় অৱলম্বন কৰা হয়?
- ক্লনিং মানে কি?
- প্রাণী প্রজননৰ তিনিটা প্রধান উদ্দেশ্য কি কি?
- সংকৰণ মানে কি?
- অন্তঃপ্রজনন মানে কি?
- জীৱপ্ৰবলীকৰণ মানে কি?
- ‘গোপন ক্ষুধা মানে কি?
- জলজ জীৱ পালন মানে কি? এনে এটা প্রাণীৰ নাম লিখা যিয়ে জলজ জীৱ পালনৰ দ্বাৰা বংশ বৃদ্ধি কৰিব পাৰে।
- সেউজ বিপ্লৱ কি?
- এক কোষীয় প্র’টিনৰ উৎপাদনত ব্যৱহৃত হোৱা এবিধ সেউজীয়া শেলাইৰ নাম লিখা।
- কৃত্রিম সংকৰণ পৰীক্ষাত পুংকেশৰ বিনাশিত ফুলৰ মোনাকৰণ কৌশল পদ্ধতি কিয় ব্যৱহাৰ কৰা হয়?
(B) খালী ঠাই পূৰণ কৰাঃ
- এগুণাত্মক কর্ষণ পদ্ধতি উলিয়াইছিল __।
- কাণ্ডৰ পুনঃসৃষ্টি __ য়ে বৃদ্ধি কৰে যদিও শিপাৰ পুনঃসৃষ্টি কৰে অক্সিনে।
- এটা __ প্রধান অংশৰ পৰা লৈ তাক কৰ্ষণৰ বাবে ব্যৱহাৰ কৰা হয়।
- এটা কায়িক ভ্ৰূণ __ কোষৰ পৰা উৎপন্ন হয়।
- হাঁহ-কুকুৰা পালনত সকলৰোৰ সংকৰ __ অন্তঃপ্রজাতিৰ সঁচৰ দ্বাৰা উৎপাদন কৰা হয়।
- ঘৰচীয়া গৰু-ছাগলীৰ ক্ষেত্ৰত, উৎকৃষ্টতম স্ত্রী প্রাণী হ’ল এবিধ গাইগৰু যিয়ে প্রতিবাৰত __ পৰিমাণৰ গাখীৰ দিয়ে।
- এবিধ শস্যৰ বা প্রাণীৰ গুণাগুণ নিৰ্ভৰ কৰে প্ৰধানকৈ ইয়াৰ __ আৰু ই ডাঙৰদীঘল হোৱা পৰিবেশৰ ওপৰত।
৪. মাছৰ ‘ফুল পচা’ ৰোগৰ সৃষ্টি কৰে __ য়ে।
- মালবেৰী ৰেচম পলুৰ __ ৰোগ সৃষ্টি কৰে নমো ব’ম্বাইচিচে।
- বহুসংখ্যক অণ্ডৰণ (ডিম্বক্ষণ) ভ্রণ সংস্থাপন প্রযুক্তি (MOET) হ’ল __ সংকৰণৰ এটা প্রক্রিয়া।
- স্ব পৰাগযোগ __ ৰ অত্যধিক ৰূপ।
- অটত্রিপ্লইডত একমাত্র জিন’ম’টোৰ __ টা কপি থাকে।
- এটা জীৱৰ ব্যক্ত ৰূপ হৈছে _ লক্ষণ আৰু জনুৰূপ হৈছে _ লক্ষণ।
(C) শুদ্ধ নে অশুদ্ধ লিখাঃ
- সূক্ষ্ম প্ৰৱন প্ৰক্ৰিয়াৰ জৰিয়তে সৰু সৰু গছ উৎপাদন কৰা হয়।
- একোষীয় প্ৰটিনৰ উৎস হ’ল অণুজীব।
- বিছিন্ন উদ্ভিদাংশ হৈছে মৃত উদ্ভিদ।
- মৌগালনৰ পৰা উৎপাদিত হোৱা মৌ প্রসাধন দ্রব্য প্রস্তুত কৰা উদ্যোগত ব্যৱহৃত হয়।
- কাটলা, ৰৌ আৰু সাধাৰণ কাৰ্প হ’ল অলুণীয়া পানীৰ মাছ।
- নির্বাচন হৈছে জীৱদেহৰ প্ৰজনন ঘটোৱা এটা পুৰণি প্রক্রিয়া।
- জিনীয় প্ৰৱাহ হৈছে জিন পুলৰ পৰা জিন হেৰাই যোবা।
৪. হাঁহ, কুকুৰাৰ নিউ কেছেল ৰোগটো এটা ভাইৰাছজনিত ৰোগ।
- গাখীৰত লেজ নামৰ শৰ্কৰা থাকে।
- পশুপালনত অন্তঃপ্রজাতিক প্রজনন ব্যৱস্থা লোৱা হয়; কাৰণ, ই সবল জীৱৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰে।
- আন্তঃ প্রজাতিক সংকৰবোৰ উদ্ধাৰ কৰিবলৈ ভ্ৰূণ পালন ব্যৱহাৰ কৰা হয়।
12 এককোষীয় প্র’টিনবোৰে এটা মাত্র কোষৰ পৰা পৃথক কৰা এক বিশেষ প্রটিনক বুজায়।
- প্ৰট’প্লাক্ট হৈছে প্রট’প্লাজমৰ আন এটা নাম।
- Bt কপাহৰ প্রয়োজনীয় লক্ষণসমূহ হৈছে অধিক উৎপাদন আৰু চুপহি খোৱা পলু বা ৱৰ্ম প্ৰতিৰোধ ক্ষমতা।
II. চুটি প্রশ্নৰ (২ নম্বৰ)ঃ
- জীৱবিজ্ঞানৰ এনে দুটা প্রচেষ্টা উল্লেখ কৰা যিয়ে খাদ্য উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।
- উদ্ভিদ প্রজননকাৰী সকলে নতুন প্রজাতি উৎপাদন কৰিবলৈ কিয় জননদ্ৰৱা সংৰক্ষণ কৰে?
- নির্বাচন মানে কি? নির্বাচনৰ দুটা পদ্ধতিৰ নাম লিখা।
- অন্তঃপ্রজাতি সংকৰণ মানে কি? এটা প্রাণীক উদাহৰণ হিচাপে লৈ ইয়াৰ চমুকৈ বর্ণনা কৰা।
- মৎস্য পালন আৰু জলজ জীৱ পালনৰ মাজত প্রভেদ কি? এই দুয়োবিধ পদ্ধতিৰ উপযোগিতা লিখা।
- কেলাচ কর্ষণ আৰু চাচপেঞ্চন কৰ্ষণৰ মাজত পার্থক্য লিখা।
- অন্তঃপ্রজনন অৱনমন মানে কি? স্বল্পৰাগযোগ হোৱা খেতিবোৰে অন্তঃ প্রজননৰ অৱনমন কিয় নেদেখুৱায়।
- সঁচ’ বুলিলে কি বুজা? তোমাৰ মতে প্রাণীৰ প্ৰজননৰ বাবে ব্যৱহাৰ কৰা উৎকৃষ্ট পদ্ধতি কোনটো?
- পশুপালন পদ্ধতিত কৃত্রিম প্রজননৰ সফলতাৰ হাৰ উন্নীতকৰণৰ উপায় লিখা।
- “মোক এটা জীৱিত কোষ দিয়া আৰু মই তাৰপৰা একে প্রজাতিৰ হাজাৰ হাজাৰ গছ দিম” এই বাক্যশাৰী সঁচাকৈয়ে সম্ভৱ হ’ব পাৰেনে? তোমাৰ যুক্তি দি ব্যাখ্যা কৰা।
- জিন ৰোপণ কি? চমুকৈ বর্ণনা কৰা।
- উদাহৰণেৰে বুজোৱা (a) কায়িক সংকৰ (b) কায়িক ভ্রূণ।
- পলিপ্লয়ডি কি? গছত পলিপ্লয়ডি আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থ বিধৰ নাম লিখা।
- কোৱাৰেনটাইন কি? ইয়াৰ এটা উদাহৰণ দিয়া।
III. চুটি উত্তৰৰ প্ৰশ্ন ৩ নম্বৰৰ প্ৰশ্নঃ
- এককোষীয় প্ৰ’টিন বুলিলে কি বুজা? এককোষীয় প্ৰ’টিন উৎপন্ন কৰিব পৰা কেইবিধমান সততে পোৱা অনুজীৱৰ নাম লিখা।
- টটিপটেঞ্চিয়ে উদ্ভিদৰ প্ৰৱৰ্ধন আৰু উন্নীতকৰণত কেনেদৰে সহায় কৰে?
- পার্থক্য লিখাঃ
(a) অন্তঃপ্রজনন আৰু বহিঃ প্রজনন।
(b) বহিঃসংকৰণ আৰু বৰ্ণসংকৰণ।
- কায়িক সংকৰ কি?
- ‘সঁচ’ শব্দটোৱে কি বুজায়? প্রাণী প্রজননৰ মুখ্য উদ্দেশ্যসমূহ কি কি?
- মৌ পালন বুলিলে কি বুজা? আমাৰ জীৱনত ইয়াৰ উপকাৰিতা কেনেধৰণৰ লিখা।
- প্রাণী প্রজননৰ পদ্ধতিসমূহ চমুকৈ আলোচনা কৰা।
- এগুন ক্রমজম বিশিষ্ট উদ্ভিদ কি? আধুনিক কৃষিপদ্ধতিত এগুণ ক্রম’জন বিশিষ্ট উদ্ভিদৰ সৃষ্টিৰ উদ্দেশ্য লিখা।
- পুষ্টিহীনতাৰ কাৰকবোৰ কি কি? আমাৰ খাদ্যত থকা পুষ্টিহীনতাৰ দুটা বাৰদৰ নাম লিখা।
- মৎস্যপালন আৰু জলজ জীৱ পালন কি? দুয়ো প্রকাৰৰ উপকাৰিতা আলোচনা কৰা।
V. বর্ণনামূলক প্রশ্ন (৫ নম্বৰ)ঃ
- খাদ্য উৎপাদনত মৎস্য পালনৰ ভূমিকাৰ বিষয়ে লিখা।
- সেউজ বিপ্লৱ মানে কি? উদ্ভিদ প্রজননৰ জৰিয়তে কেনেকৈ ইয়াক সম্ভৱপুৰ কৰিব পাৰি লিখা।
- উদ্ভিদ প্রজনন প্রক্রিয়াটোৰ মূল ভাগসমূহ বর্ণনা কৰা।
- কলা কৰ্ষণ মানে কি? শস্যৰ উন্নীতকৰণত ই কেনেকৈ সহায় কৰে?
- পশুপালন বুলিলে কি বুজা? মানৱ কল্যাণত ইয়াৰ ভূমিকা চমুকৈ আলোচনা কৰা।
- জীৱ প্ৰৱলীকৰণ কি? জীৱ প্ৰৱলীকৰণৰ প্ৰয়োজনীয়তা আলোচনা কৰা। এই পদ্ধতিত আধুনিক জীৱপ্রযুক্তিবৈজ্ঞানিক কৌশলৰ প্রয়োজন হয় নেকি?
- উদ্ভিদ প্রজনন কি? ইয়াৰ ভূমিকা আলোচনা কৰা আৰু এটা নতুন জিনীয় উদ্ভিদৰ প্ৰকাৰ প্রজননত অন্তর্ভুক্ত হোৱা বিভিন্ন স্তৰৰ বর্ণনা কৰা।