Might Learn Logo Might Learn

AHSEC Class 12 Education Chapter 5 (Part 2) মনোযোগ আৰু আগ্ৰহ পাঠটোৰ উত্তৰ

মনোযোগ আৰু আগ্ৰহ (খ)

প্ৰশ্নাৱলী

ৰচনাত্মক প্রশ্ন :

১। মনােযােগ কাক কয় ? মনােযােগৰ কেইটামান সংজ্ঞা আগবঢ়োৱা ।

উত্তৰঃ মনৰ শক্তিক কোনো নিৰ্দিষ্ট বস্তু বা কাৰ্যৰ ওপৰত কেন্দ্ৰীভূত কৰাৰ প্ৰক্ৰিয়াক মনােযােগ বোলে।

সংজ্ঞাসমূহঃ

১। ৰছৰ মতে — মনক কোনো বিশেষ বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰাই মনােযােগ।
২। উইলিয়াম জেমছৰ মতে — একাধিক বস্তুৰ মাজৰ পৰা কোনো এটা বস্তুৰ ওপৰত মন কেন্দ্ৰীভূত কৰাই মনােযােগ।
৩। ষ্টাউটৰ মতে — মনৰ চেতন শক্তিক কোনো বিশেষ বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰা কাৰ্যই মনােযােগ।

২। মনােযােগৰ মনকৰিবলগীয়া বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰঃ

১। মনােযােগ মানসিক প্ৰক্ৰিয়া।
২। ই সদায় কোনো বস্তু বা কাৰ্যৰ ওপৰত কেন্দ্ৰীভূত হয়।
৩। একে সময়তে সীমিত বিষয়তহে মনােযােগ দিব পাৰি।
৪। মনােযােগ স্থায়ী নহয়, ই সলনি হয়।
৫। আগ্ৰহ আৰু প্ৰয়োজনৰ লগত মনােযােগৰ গভীৰ সম্পৰ্ক আছে।

৩। উদাহৰণসহ ব্যাখ্যা
(ক) ভাৱাত্মক আৰু সংবেদনাত্মক মনােযােগ

উত্তৰঃ

ভাৱাত্মক মনােযােগ
যেতিয়া অনুভূতি বা আবেগৰ প্ৰভাৱত মন কোনো বিষয়ৰ ওপৰত কেন্দ্ৰীভূত হয় তাক ভাৱাত্মক মনােযােগ বোলে।

উদাহৰণঃ
প্ৰিয় গীত শুনিলে মন স্বাভাৱিকভাৱে সেই গীতত কেন্দ্ৰীভূত হয়।

সংবেদনাত্মক মনােযােগ
যেতিয়া কোনো ইন্দ্ৰিয়ৰ উদ্দীপনাৰ ফলত মন কোনো বস্তুৰ ওপৰত কেন্দ্ৰীভূত হয় তাক সংবেদনাত্মক মনােযােগ বোলে।

উদাহৰণঃ
হঠাৎ ডাঙৰ শব্দ শুনিলে মন সেই দিশে যায়।

(খ) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ

উত্তৰঃ

বিশ্লেষণাত্মক মনােযােগ
কোনো বিষয়ৰ পৃথক অংশসমূহ পৃথককৈ লক্ষ্য কৰা মনােযােগক বিশ্লেষণাত্মক মনােযােগ বোলে।

উদাহৰণঃ
বিজ্ঞানৰ কোনো পৰীক্ষাত প্ৰতিটো ধাপ পৃথককৈ লক্ষ্য কৰা।

সংশ্লেষণাত্মক মনােযােগ
বিভিন্ন অংশক একেলগ কৰি সম্পূৰ্ণ ৰূপে বুজিবলৈ যি মনােযােগ দিয়া হয় তাক সংশ্লেষণাত্মক মনােযােগ বোলে।

উদাহৰণঃ
গল্প পঢ়ি সম্পূৰ্ণ কাহিনীটো বুজা।

৪। আগ্ৰহ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ
কোনো বিষয় বা কাৰ্যৰ প্ৰতি স্বাভাৱিক আকর্ষণ বা আগ্ৰহক আগ্ৰহ বোলে।

বৈশিষ্ট্যসমূহঃ

১। আগ্ৰহ ব্যক্তিভেদে ভিন্ন হয়।
২। আগ্ৰহ স্থায়ী বা অস্থায়ী হ’ব পাৰে।
৩। আগ্ৰহে মনােযােগ বৃদ্ধি কৰে।
৪। আগ্ৰহ অভ্যাস আৰু অভিজ্ঞতাৰ ফলত গঢ়ে।
৫। আগ্ৰহ শিক্ষণ সহজ কৰে।

৫। মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ বিচাৰ কৰা ।

উত্তৰঃ
মনােযােগ আৰু আগ্ৰহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।

আগ্ৰহ থাকিলে মনােযােগ সহজে জন্মে।

আগ্ৰহ নাথাকিলে মনােযােগ দীৰ্ঘ সময় ধৰি থাকি নোৱাৰে।

আগ্ৰহ মনােযােগৰ মূল কাৰণ।

৬। আগ্ৰহ আৰু মনােযােগৰ শিক্ষাক্ষেত্ৰত গুৰুত্ব

উত্তৰঃ

১। শিক্ষণ সহজ আৰু ফলপ্ৰসূ হয়।
২। শিক্ষাৰ্থীয়ে পাঠ সহজে বুজে।
৩। শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি পায়।
৪। সৃজনশীলতা বৃদ্ধি পায়।
৫। শিক্ষণ অধিক স্থায়ী হয়।

৭। উক্তি ব্যাখ্যা
(ক) “ আগ্ৰহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্ৰহৰ সক্ৰিয় অৱস্থা ”

উত্তৰঃ
যেতিয়া কোনো বিষয়ৰ প্ৰতি আকর্ষণ থাকে তেতিয়া তাক আগ্ৰহ বোলে। সেই আগ্ৰহ কাৰ্যৰূপে প্ৰকাশ পালে তাক মনােযােগ বোলে। সেয়েহে আগ্ৰহ সুপ্ত অৱস্থা আৰু মনােযােগ সক্ৰিয় অৱস্থা।

(খ) “ মনােযােগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে দুটা পিঠি ”

উত্তৰঃ
মনােযােগ আৰু আগ্ৰহ একে বিষয়ৰ দুটা দিশ। আগ্ৰহে মনােযােগ সৃষ্টি কৰে আৰু মনােযােগে আগ্ৰহক শক্তিশালী কৰে।

(গ) “ আগ্ৰহ শিক্ষাৰ উপায় আৰু সমাপ্তিও ”

উত্তৰঃ
শিক্ষাৰ আৰম্ভণি আগ্ৰহৰ পৰা হয়। শিক্ষাৰ্থীৰ আগ্ৰহ থাকিলে তেওঁ সহজে শিকে। শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছতো সেই বিষয়ৰ প্ৰতি আগ্ৰহ থাকি যায়।

৮। শিক্ষক হিচাপে শিক্ষাৰ্থীৰ মনােযােগ আৰু আগ্ৰহ বৃদ্ধিৰ উপায়

উত্তৰঃ

১। পাঠ আকর্ষণীয়ভাৱে উপস্থাপন কৰা।
২। উদাহৰণ আৰু চিত্ৰ ব্যৱহাৰ কৰা।
৩। শিক্ষাৰ্থীক প্ৰশ্ন কৰিবৰ সুযোগ দিয়া।
৪। খেল আৰু কাৰ্যভিত্তিক শিক্ষণ ব্যৱহাৰ কৰা।
৫। শিক্ষাৰ্থীৰ প্ৰশংসা কৰা।

৯। মনােযােগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণ

বস্তুনিষ্ঠ কাৰণঃ

১। বস্তুৰ আকাৰ
২। ৰং
৩। শব্দ
৪। গতি

ব্যক্তিনিষ্ঠ কাৰণঃ

১। আগ্ৰহ
২। অভ্যাস
৩। প্ৰয়োজন
৪। মানসিক অৱস্থা

১০। আগ্ৰহৰ উৎসসমূহ

উত্তৰঃ

১। জন্মগত প্রবৃত্তি
২। অভিজ্ঞতা
৩। শিক্ষা
৪। সামাজিক পৰিবেশ
৫। ব্যক্তিগত প্ৰয়োজন

১১। চমুটোকা
(ক) মনােযােগৰ স্বৰূপ

মনােযােগ হৈছে মনৰ কেন্দ্ৰীভূত অৱস্থা য’ত মন কোনো বিশেষ বস্তুৰ ওপৰত নিবিষ্ট হয়।

(খ) ঐচ্ছিক মনােযােগ

যেতিয়া ইচ্ছাশক্তিৰ দ্বাৰা মন কোনো বিষয়ৰ ওপৰত কেন্দ্ৰীভূত কৰা হয় তাক ঐচ্ছিক মনােযােগ বোলে।

উদাহৰণঃ
পৰীক্ষাৰ বাবে পাঠত মন দিয়া।

(গ) ঐচ্ছিক মনােযােগৰ ভাগ

১। প্রত্যক্ষ মনােযােগ
২। পৰােক্ষ মনােযােগ

চমুকৈ উত্তৰ
১। সংবেদনাত্মক মনােযােগ

ইন্দ্ৰিয়ৰ উদ্দীপনাৰ ফলত সৃষ্টি হোৱা মনােযােগক সংবেদনাত্মক মনােযােগ বোলে।
উদাহৰণঃ ডাঙৰ শব্দ শুনিলে মন সেই দিশে যোৱা।

২। আগ্ৰহৰ অৰ্থ

কোনো বিষয় বা কাৰ্যৰ প্ৰতি স্বাভাৱিক আকর্ষণক আগ্ৰহ বোলে।

৩। প্রত্যক্ষ আৰু পৰােক্ষ মনােযােগ

প্রত্যক্ষ মনােযােগ — বস্তুটোৰ ওপৰত সোজাকৈ মন দিয়া।

পৰােক্ষ মনােযােগ — আন উদ্দেশ্যৰ বাবে মন কেন্দ্ৰীভূত কৰা।

৪। আগ্ৰহৰ বৈশিষ্ট্য

১। ব্যক্তিভেদে ভিন্ন
২। স্থায়ী বা অস্থায়ী
৩। অভিজ্ঞতাৰ ফল
৪। শিক্ষণ সহজ কৰে

৫। সুপ্ত আৰু আর্জিত আগ্ৰহ

সুপ্ত আগ্ৰহ — জন্মগত প্ৰবৃত্তিৰ পৰা সৃষ্টি হোৱা আগ্ৰহ।

আর্জিত আগ্ৰহ — শিক্ষা আৰু অভিজ্ঞতাৰ দ্বাৰা গঢ়া আগ্ৰহ।

শুদ্ধ / অশুদ্ধ

১। মনােযােগে মনৰ সচেতনতাক আৰােপিত কৰা নুবুজায় — অশুদ্ধ

২। আগ্ৰহ মনােযােগৰ এক আভ্যন্তৰীণ কাৰণ — শুদ্ধ

৩। সকলাে বয়সৰ ল’ৰা–ছােৱালীয়ে বিশ্লেষণাত্মক মনােযােগ দিব পাৰে — অশুদ্ধ

৪। কেৱল বয়সস্থ লোকেহে ভাৱাত্মক মনােযােগ দিব পাৰে — অশুদ্ধ

৫। প্রবৃত্তিৰ পৰা সৃষ্টি হোৱা আগ্ৰহক সুপ্ত আগ্ৰহ বোলে — শুদ্ধ

৬। দীর্ঘ সময় ধৰি মনােযােগ প্রদান সম্ভৱ নহয় — শুদ্ধ

৭। আর্জিত আগ্ৰহ সকলাে জীৱৰ ক্ষেত্ৰত সমপর্যায়ৰ — অশুদ্ধ

৮। একে সময়তে দুটা বিষয়ত মনােযােগ দিব নােৱাৰি — শুদ্ধ

৯। আগ্ৰহ স্থায়ী আৰু অস্থায়ী দুয়ােধৰণৰ হ’ব পাৰে — শুদ্ধ

১০। মনােযােগ আৰু আগ্ৰহৰ মাজত কাচিংহে সম্বন্ধ দেখা যায় — অশুদ্ধ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects

Open My Class →