ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি
১। অতি চমু প্রশ্নোত্তৰ :
(ক) খালী ঠাই পূৰ কৰা:
প্রশ্ন ১ঃ জনসাংখ্যিক অথবা জনসংখ্যা বিজ্ঞান শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল_______।
প্রশ্ন ২ঃ বৰ্তমান ভাৰতত___________ খন নগৰ আছে।
প্রশ্ন ৩ঃ _________দেশৰ সৰ্বাংগীন উন্নয়নৰ মাপকাঠী।
প্রশ্ন ৪: পাচীসকল_________ শ্ৰেণীৰ লোক।
প্রশ্ন ৫ : ভাৰতৰ জনসংখ্যা ২০১১ চনৰ লোকগণনা অনুসৰি আছিল কোটি_______।
২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা :
প্রশ্ন ১: দুর্ভিক্ষ আৰু মহামাৰীৰ দৰে বেমাৰৰ প্ৰতিৰোধ ব্যৱস্থাৰ উন্নতিৰ ১৯২১ চনৰ পিছত ভাৰতত মৃত্যুৰ সংখ্যা কমি যায়।
প্রশ্ন ২: মালথাছৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ উপায়বোৰতকৈ জনসংখ্যাৰ বৃদ্ধি অধিক খৰতীয়া গতিৰে আগবাঢ়ে।
প্রশ্ন ৩ঃ মালথাছৰ মতে জনসংখ্যা বৃদ্ধিয়েই দুর্ভিক্ষৰ প্ৰধান কাৰণ নহয়।
প্রশ্ন ৪ : ভাৰতে ১৯৪৭ চনৰ পৰা জনসংখ্যা নীতি মানি আহিছে।
প্রশ্ন ৫: শিশুৰ লিংগ অনুপাত বুলি ক’লে ০-৬ বছৰ বয়সৰ শিশুসকলৰ লিংগ অনুপাতকে বুজা যায়।
প্রশ্ন ৬: ভাৰত এখন গ্রাম্য প্রধান দেশ।
প্রশ্ন ৭: নাৰী সামাজিক প্ৰস্থিতিৰ ক্ষেত্ৰত গাও আৰু নগৰৰ মাজত কোনো পার্থক্য দেখা নাযায়।
প্রশ্ন ৮: জনসাংখ্যিক বিজ্ঞানৰ এটা অন্যতম সিদ্ধান্ত হৈছে সংক্রমণ সিদ্ধান্ত।
প্রশ্ন ৯ : ভাৰতৰ কেৰেলা আৰু তামিলনাডু জনসংখ্যা বৃদ্ধিৰ প্ৰতিষ্ঠাপন স্তৰত আছে।
প্রশ্ন ১০ : শিক্ষাৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰা ৰাজ্যসমূহত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।
৩। তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
প্রশ্ন ১: ‘Essay on Population’ নামৰ গ্ৰন্থখনৰ ৰচক হ’ল-
(ক) থমাছ ৰবাৰ্ট মালথাচ
(খ) ফ্রেংকলিন ৰুছভেল্ট
(গ) ইমাইল ডুৰখেইম
(ঘ) এম. এন. শ্রীনিবাস।
প্রশ্ন ২ : ভাৰতত নিয়মিতভাৱে দহ বছৰীয়া লোকপিয়ল আৰম্ভ কৰা হৈছে-
(ক) ১৯০১ চনৰ পৰা
(খ) ১৯৫১ চনৰ পৰা
(গ) ১৮৯১ চনৰ পৰা
(ঘ) ১৮৮১ চনৰ পৰা।
প্রশ্ন ৩: তলৰ কোনোটো সংখ্যক জনসংখ্যাৰ বিপৰীতে এটা অঞ্চলৰ জীবিত জন্মৰ সংখ্যাক সেই অঞ্চলৰ জন্ম হাৰ বুলি জনা যায়।
(ক) ১০০ জনসংখ্যাৰ
(খ) ৫০০ জনসংখ্যাৰ
(গ) ১০০০ জনসংখ্যাৰ
(ঘ) ১০,০০০ জনসংখ্যাৰ
প্রশ্ন ৪: জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ব্যৱধান যেতিয়া শূন্য হয় অথবা অতি সামান্য হয় তাক কি বোলা হয়-
(ক) জনসংখ্যাৰ সুস্থিৰ
(খ) জনসংখ্যা বৃদ্ধিৰ প্ৰতিষ্ঠাপন স্তৰ
(গ) জনসাংখ্যিক অৱধাৰণা হাৰ
(ঘ) জনসাংখ্যিক লাভাংশ
প্রশ্ন ৫ : গ্রাম্য সমাজত প্রাধান্যতা থকা পৰিয়ালটো কি?
(ক) একক পৰিয়াল
(খ) যৌথ পৰিয়াল
(গ) উক্ত এটাও নহয়।
প্রশ্ন ৬: কেচুৱা কালত কন্যা সন্তানবোৰৰ যিকোনো ৰোগ ব্যাধি প্রতিৰোধ কৰিব পৰা ক্ষমতা ল’ৰা সন্তানতকৈ-
(ক) বেছি
(খ) কম
(গ) অতি কম
প্রশ্ন ৭ : ভাৰতত সংহাৰী ৰূপত জ্বৰ মহামাৰী দেখা দিছিল-
(ক) ১৯১৭ চনত
(খ) ১৯১৮-১৯ চনত
(গ) ১৯১৫-১৬ চনত
(ঘ) ১৯১৬-১৭ চনত।
প্রশ্ন ৮ঃ ২০১১ চনৰ লোকগণনা অনুসৰি বৰ্তমান ভাৰতৰ জনসংখ্যা হ’ল
(ক) ১.২০০ কোটি
(খ) ১,২০৫ কোটি
(গ) ১.২১০ কোটি
(ঘ) ১.২০৯ কোটি
প্রশ্ন ৯ : ভাৰতবৰ্ষই পৃথিৱীৰ ভূ-ভাগ আগুৰি আছে-
(ক) ২.১ শতাংশ
(খ) ২.৩ শতাংশ
(গ) ২.৪ শতাংশ
(ঘ) ২.৫ শতাংশ।
প্রশ্ন ১০ : ২০০১ চনৰ লোকগণনা অনুসৰি ভাৰতৰ গাঁৱত বাস কৰা লোকৰ সংখ্যা হ’ল-
(ক) ৭২.১ শতাংশ
(খ) ৭২.২ শতাংশ
(গ) ৭২.৩ শতাংশ
(ঘ) ৭২.৪ শতাংশ।
৪। চমু প্রশ্নোত্তৰ :
প্রশ্ন ১: জন্মৰ হাৰ কি?
প্রশ্ন ২ঃ মৃত্যুৰ হাৰ কি?
প্রশ্ন ৩: স্নোগ্রাম কি?
প্রশ্ন ৪ : জনসংখ্যা সুস্থিৰ বুলিলে কি বুজা?
প্রশ্ন ৫ : লিংগ অনুপাত বুলিলে কি বুজা?
প্রশ্ন ৬: নগৰীয়া সমাজ কি?
প্রশ্ন ৭: প্রজনন ক্ষমতা হাৰ বুলিলে তুমি কি বুজা?
প্রশ্ন ৮:জনসংখ্যা বিজ্ঞানৰ সংজ্ঞা দিয়া।
প্রশ্ন ৯: শিশুৰ মৃত্যুৰ হাৰ মানে কি বুজা?
প্রশ্ন ১০ : মাতৃৰ মৃত্যু হাৰ মানে কি বুজা?
প্রশ্ন ১১: প্রকাম্য জীৱন আয়ুস বুলিলে কি বুজা?
প্রশ্ন ১২ : প্রকাম্য জীৱন আয়ুস কেনেকৈ হিচাপ কৰা হয়?
প্রশ্ন ১৩ : নিজৰ অধিকাৰক সাব্যস্ত কৰিব নোৱাৰা বুলিলে তুমি কি বুজা’?
প্রশ্ন ১৪ : কেতিয়া আৰু কিহৰ ভিত্তিত ভাৰতে ‘ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা’ আঁচনি চৰকাৰীভাৱে গ্ৰহণ কৰে?
প্রশ্ন ১৫ : ভাৰতত মৃত্যুৰ সংখ্যা ১৯২১ চনৰ পিছৰ পৰা কমি যোৱাৰ মুখ্য কাৰণ কি?
৫। দীঘল প্রশ্নোত্তৰ:
প্রশ্ন ১: জন্ম-মৃত্যুৰ তথ্য জনোৱা বিভিন্ন কর্তৃপক্ষবোৰৰ নাম উল্লেখ কৰা।
প্রশ্ন ২ঃ এখন ৰাষ্ট্ৰৰ বাবে জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰৰ প্ৰয়োজনীয়ও কেনে ধৰণৰ?
প্রশ্ন ৩ : শ্রেণী সচেতনতা বুলিলে কি বুজা?
প্রশ্ন ৪: স্পেনিছ জ্বৰ কি?
প্রশ্ন ৫ : জনসাংখ্যিক বিজ্ঞানৰ বিষয়বস্তু সমূহ উল্লেখ কৰা।
প্রশ্ন ৬: জনসাংখ্যিক বিজ্ঞানৰ প্ৰধান অৱধাৰণা হাৰ আৰু অনুপাতৰ ব্যৱহাৰ কত ক’ত হয়।
প্রশ্ন ৭: জনসংখ্যা বিজ্ঞানৰ ভাগ কেইটা উল্লেখ কৰা?
প্রশ্ন ৮ : পৃথিৱীৰ অধিক সংখ্যক দেশতে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি কিয়?
প্রশ্ন ৯: জন্মৰ হাৰ লাহে লাহে হ্রাস আৰু মৃত্যুৰ হাৰ খৰতকীয়া কিয় হয়?
প্রশ্ন ১০ : পৰনিৰ্ভৰশীল অনুপাত কি?
প্রশ্ন ১১ : জনসংখ্যা বৃদ্ধিৰ প্ৰতিস্থাপন স্তৰ বুলিলে কি বুজা?
প্রশ্ন ১২ : পৰনিৰ্ভৰশীল অনুপাত কিদৰে নিৰ্ণয় কৰা হয়?
প্রশ্ন ১৩ : জনসংখ্যাতত্ত্ব কেই প্ৰকাৰৰ আৰু কি কি?
প্রশ্ন ১৪: কিয় মানুহে গ্রামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ গতি কৰে?
প্রশ্ন ১৫ : আনুষ্ঠানিক জনসংখ্যাতত্ত্ব বুলিলে কি বুজা?
প্রশ্ন ১৬: জনসাংখ্যিক অধ্যয়ন বা সামাজিক জনসংখ্যাতত্ত্ব কি?
প্রশ্ন ১৭ : মানুহৰ গড় আয়ুস হ্ৰাসৰ কাৰকবোৰ কি আছিল?
প্রশ্ন ১৮ : নগৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা।
প্রশ্ন ১৯ : ভাৰতৰ জনসাংখ্যিক নীতি (১৯৫২)ৰ দুটা মূল লক্ষ্য উল্লেখ কৰা।
৬। ৰচনাধর্মী প্রশ্নোত্তৰ :
প্রশ্ন ১ঃ আমাৰ দেশৰ লিংগৰ বৈষম্যতাৰ বিভিন্ন কাৰণসমূহ ব্যক্ত কৰা?
প্রশ্ন ২ঃ ভাৰতবৰ্ষৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।
প্রশ্ন ৩ঃ মালথাছৰ জনসংখ্যা বৃদ্ধিৰ সূত্রটি বর্ণনা কৰা।
প্রশ্ন ৪: ভাৰতৰ ধৰ্মীয় জনসংখ্যাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
প্রশ্ন ৫:ভাৰতৰ জনসাংখ্যিক গাঁথনি সম্পর্কে বর্ণনা কৰা।
প্রশ্ন ৬ঃ ভাৰতৰ শিক্ষিত লোকৰ জনসংখ্যাৰ সম্পৰ্কে উল্লেখ কৰা।
প্রশ্ন ৭ঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ সম্পৰ্কে বর্ণনা কৰা।
প্রশ্ন ৮ঃ চমুটোকা লিখা:
(ক) প্রজাতীয় জনসংখ্যা:
(খ) জনসংখ্যাৰ বয়সৰ সংৰচনা:
(গ) শিশুৰ লিংগ অনুপাত:
(ঘ) নগৰীয়া সমাজত মহিলাৰ স্থান:
(ঙ) ভাৰতত লোক পিয়লৰ ইতিহাসঃ
(চ) সমাজতত্ত্বক শক্তিশালী কৰাত জনসাংখ্যিক বিজ্ঞান:
(ছ) জনসাংখ্যিক সংক্ৰমণৰ সিদ্ধান্ত:
(জ) ঔপচাৰিক জনসাংখ্যিক বিজ্ঞান আৰু সামাজিক জনসাংখ্যিক বিজ্ঞানৰ পাৰ্থক্যঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post