Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Assamese Chapter 11 Question Answer | Class 7 Assamese Chapter 11 সুখ Question Answer | 2026 Update

পাঠ – ১১

সুখ


১। উত্তৰ লিখা


ক) সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

উত্তৰঃ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায়।


খ) কাৰ পাছে পাছে সুখ ফুৰে?

উত্তৰঃ যিজনে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে, তেওঁৰ পাছে পাছে সুখ ফুৰে।


গ) সংসাৰখন কেনেকৈ সুখৰ ঠাই হৈ পৰে?

উত্তৰঃ পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰখন সুখৰ ঠাই হৈ পৰে।


ঘ) সংসাৰত কেতিয়া দুখ নোহোৱা হয়?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হয়।


ঙ) কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা কিয় কৰিবলৈ কৈছে?

উত্তৰঃ মানুহৰ সেৱা আৰু পূজা কৰিলে বিপদত পৰা মানুহক সহায় কৰিব পাৰি আৰু তেওঁলোকৰ উপকাৰ সাধন কৰাৰ লগতে নিজৰ মনতো সুখ পোৱা যায়। সেয়েহে কবিয়ে মানুহৰ সেৱা আৰু পূজা কৰিবলৈ কৈছে।


চ) কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি?

উত্তৰঃ কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি।


ছ) স্বাৰ্থৰ বাট আৰু নিঃস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে স্বাৰ্থৰ বাট দুখৰ কাঁইটেৰে ভৰা আৰু নিঃস্বাৰ্থৰ বাটক সেন্দুৰীয়া আলি, য’ত সুগন্ধি কুসুম ফুলে, বুলি কৈছে।


২। কবিতাটিৰ মূল কথাখিনি নিজৰ ভাষাৰে লিখা।

উত্তৰঃ কবি আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰা ‘সুখ’ কবিতাটিত মানুহৰ জীৱনত প্ৰকৃত সুখ লাভ কৰাৰ উপায়ৰ বিষয়ে সুন্দৰভাৱে প্ৰকাশ কৰিছে। মানুহে এই সংসাৰত সুখ বিচাৰি ফুৰে, কিন্তু কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি থাকিলে সুখৰ পৰিৱৰ্তে দুখহে পায়। প্ৰকৃত সুখ লাভ কৰিবলৈ হ’লে মানুহে নিজৰ স্বাৰ্থ ত্যাগ কৰি পৰৰ কাৰণে কাম কৰিব লাগে।

পৰজনৰ অভাৱ আৰু দুখ-কষ্টত সহায়ৰ হাত আগবঢ়াব লাগে। আনৰ দুখত দুখী হ’ব পাৰিলে আৰু সকলোকে আপোন বুলি ভাবিব পাৰিলে সংসাৰত দুখ নোহোৱা হয়। কবিয়ে মানুহৰ সেৱা আৰু পূজাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ মানুহৰ সেৱা কৰাই হৈছে প্ৰকৃত সেৱা।

আমি কেৱল ‘মই’ আৰু ‘মোৰ’ বুলি নিজৰ স্বাৰ্থতে ব্যস্ত থাকিব নালাগে। পৃথিৱীৰ সকলো মানুহ একেজন পৰম পিতাৰ সন্তান আৰু সকলোৱেই ইজনে সিজনৰ ভাই-ভনী। সেয়েহে সকলোকে আপোন বুলি ভাবি নিঃস্বাৰ্থভাৱে জীৱন কটাব লাগে। স্বাৰ্থৰ বাটত দুখৰ কাঁইটে খোজে প্ৰতি বিন্ধে, কিন্তু নিঃস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে সুগন্ধি ফুলেৰে ভৰা। গতিকে ত্যাগ আৰু বিশ্বপ্ৰেমৰ মাজেৰেহে মানুহে প্ৰকৃত সুখ লাভ কৰিব পাৰে।


৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।


ক) পৰৰ অভাৱ, পৰৰ দুখত

হিয়া যদি পমি যায়।
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা ‘সুখ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ ইয়াত কবিয়ে পৰৰ অভাৱ আৰু দুখ-কষ্টত সহায়ৰ হাত আগবঢ়াই সকলোকে আপোন কৰি ল’ব পাৰিলে সংসাৰত কেনেকৈ সুখ লাভ কৰিব পাৰি, সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ মানুহে সংসাৰত সুখ বিচাৰি ফুৰে যদিও নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি থাকিলে প্ৰকৃত সুখ লাভ কৰিব নোৱাৰে। আনৰ অভাৱ আৰু দুখ-কষ্ট দেখি যদি আমাৰ অন্তৰ পমি যায় আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহোঁ, তেনেহ’লে আমি প্ৰকৃত সুখ অনুভৱ কৰিব পাৰোঁ। আনৰ দুখত দুখী হোৱা আৰু আনৰ সুখত সুখী হোৱাটো মানুহৰ এক মহান গুণ। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনক আপোন কৰি ল’ব পাৰিলে মানুহৰ মাজত মৰম, চেনেহ আৰু ভাতৃত্ববোধৰ সৃষ্টি হয়। সেয়েহে পৰৰ দুখত সহায়ৰ হাত আগবঢ়াই সকলোকে আপোন কৰি ল’ব পাৰিলে সংসাৰত দুখ নোহোৱা হয়।


খ) যথাৰ্থ নিঃস্বাৰ্থ ধৰ্মী জীৱন

বিশ্বপ্ৰেমে ভৰপূৰ।
বিশ্বৰ সকলো ভাই-ভনী তাৰ
সুখৰ নপৰে ওৰ।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা ‘সুখ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতিঃ ইয়াত কবিয়ে নিঃস্বাৰ্থ জীৱন আৰু বিশ্বপ্ৰেমৰ মাজেৰে মানুহে কেনেকৈ অপৰিসীম সুখ লাভ কৰিব পাৰে, সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ যিজন মানুহে নিজৰ স্বাৰ্থ ত্যাগ কৰি সকলোৰে প্ৰতি প্ৰেম আৰু মৰমৰ ভাব পোষণ কৰে, তেওঁ প্ৰকৃত সুখ লাভ কৰিব পাৰে। এনে মানুহৰ জীৱন বিশ্বপ্ৰেমেৰে ভৰপূৰ হয়। পৃথিৱীৰ সকলো মানুহ একেজন পৰম পিতাৰ সন্তান। সেইফালৰ পৰা চাবলৈ গ’লে আমি সকলোৱেই একেটা পৰিয়ালৰ সদস্য আৰু ইজনে সিজনৰ ভাই-ভনী। এটা পৰিয়ালৰ সদস্যসকলে যেনেকৈ ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হয়, ঠিক তেনেকৈ আমিও সকলোৰে প্ৰতি মৰম, সহানুভূতি আৰু সহায়ৰ মনোভাব ৰাখিব লাগে। তেতিয়াহে মানুহৰ মাজত ভাতৃত্ববোধ আৰু শান্তিৰ সৃষ্টি হ’ব। সেয়েহে নিঃস্বাৰ্থভাৱে জীৱন কটাই বিশ্বৰ সকলোকে আপোন বুলি ভাবিব পাৰিলে মানুহৰ সুখৰ অন্ত নাথাকে।


৪। ‘গাই-গোটা-পেটে-ভঁৰাল’ — এই জতুৱা ঠাঁচটোৱে কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে? ‘পেট’ শব্দ ব্যৱহাৰ কৰি আন আন জতুৱা ঠাঁচেৰে বাক্য সাজা।

উত্তৰঃ ‘গাই-গোটা-পেটে-ভঁৰাল’ — এই জতুৱা ঠাঁচটোৱে মানুহে কেৱল নিজৰ কথাহে চিন্তা কৰি নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা কথাটো বুজাইছে।

‘পেট’ শব্দ ব্যৱহাৰ কৰি আন আন জতুৱা ঠাঁচেৰে বাক্য গঠন কৰা হ’ল—

১। পেট কুলি (পেটত কথা নৰয়): পেট কুলি মানুহৰ আগত গোপন কথা ক’ব নালাগে।

২। পেটত হাত-ভৰি লুকা (বৰ ভয় খোৱা): ভূতৰ কাহিনী শুনি সৰু ল’ৰাটোৰ পেটত হাত-ভৰি লুকাল।

৩। পেটে-ভাতে খা (কোনোমতে জীৱন নিৰ্বাহ কৰা): বস্তুৰ দাম বৃদ্ধি পোৱাৰ ফলত সাধাৰণ মানুহে পেটে-ভাতে খাই থকাও কঠিন হৈ পৰিছে।

৪। পেট মচা (শেষ সন্তান): মাক-দেউতাকৰ পেট মচা সন্তানটোৰ প্ৰতি মৰম অলপ বেছি হয়।


৫। বুজা আৰু লিখা

  • সেন্দুৰ + ঈয়া = সেন্দুৰীয়া।

  • ধেমালি + ঈয়া = ধেমেলীয়া।

  • তৰ + ঈ = তৰী।

  • মানৱ + ঈ = মানৱী।

  • ধৰম + ঈ = ধৰমী।

  • সুগন্ধ + ঈ = সুগন্ধী।


৬। উদাহৰণটো চাই বাকীকেইটা কৰা

  • দিনত কণা = দিনকণা।

  • পৰম যি পিতা = পৰমপিতা।

  • ভাই আৰু ভনী = ভাই-ভনী।

  • বিশ্বলৈ প্ৰেম = বিশ্বপ্ৰেম।

  • যথা যি অৰ্থ = যথাৰ্থ।

  • নৰ আৰু নাৰী = নৰ-নাৰী।


৭। ভাব বহলাই লিখা


ক) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি।

উত্তৰঃ হুলৰ কাম হ’ল বিন্ধা। ই আপোন-পৰ বিচাৰ নকৰে। কিছুমান ঈৰ্ষাপৰায়ণ আৰু স্বাৰ্থপৰ মানুহে আনক আঘাত দিয়াৰ উদ্দেশ্যে অহা-যোৱা কৰা বাটত হুল পুতি থয়। কিন্তু কেতিয়াবা সেই হুলত নিজেই পৰি আঘাত পাবলগীয়া হয়। অৰ্থাৎ আনৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতে নিজৰেই অনিষ্ট হয়। সেয়েহে আমি কেতিয়াও আনৰ অহিত চিন্তা কৰিব নালাগে। সকলোৰে মংগল কামনা কৰিব লাগে।


খ) আপোন ভালেই জগত ভাল।

উত্তৰঃ মানুহৰ নিজৰ আচৰণ আৰু কৰ্মৰ ওপৰতে বহু পৰিমাণে আনৰ সৈতে সম্পৰ্ক নিৰ্ভৰ কৰে। যিজন মানুহে সৎ আচৰণ কৰে, সকলোৰে সৈতে মৰম আৰু সন্মানেৰে ব্যৱহাৰ কৰে আৰু আনৰ অহিত চিন্তা নকৰে, তেওঁ সকলোৰে প্ৰিয়ভাজন হয়। নিজৰ ব্যৱহাৰ ভাল হ’লে আনেও আমাৰ সৈতে ভাল ব্যৱহাৰ কৰে। আনক সুখী কৰিব পাৰিলে নিজেও সুখ অনুভৱ কৰিব পাৰি। সেয়েহে নিজৰ চৰিত্ৰ আৰু আচৰণ ভাল কৰি ৰাখিব লাগে। এই কথাকে বুজাবলৈ কোৱা হয়— ‘আপোন ভালেই জগত ভাল।’

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership