Might Learn Logo Might Learn

AJB Class 7 Assamese Chapter 4 Question Answer | Class 7 Assamese Chapter 4 মেধি তীৰ্থলৈ যায় Question Answer | 2026 Update

Chapter 4

মেধি তীৰ্থলৈ যায়

১) উওৰ লিখা

ক) মেধি ঘৰ কত?

উত্তৰঃ মেধিৰ ঘৰ কলিয়াবৰত।

খ) মেধি সুখ্যাতি কিহত?

উত্তৰঃমেধি নাম গোৱাত বৰ সুখ্যাতি।

গ) তীৰ্থলৈ যাওতে মেধিয়ে লগত কি নিছিল?

উত্তৰঃ তীৰ্থলৈ যাওতে মেধিয়ে টকা আঢ়ৈকুৰি আৰু কানিৰ টেমা লগত নিছিল।

ঘ) জাহাজত উঠি মেধিয়ে কি অদ্ভুত দেখিছিল?

উত্তৰঃ যেতিয়া মেধিয়ে জাহাজত উঠি তীৰ্থলৈ গৈছিল তেতিয়া পাৰৰ গছবোৰ উভতি য়োৱা নিছিনা দেখিছিল,ইয়াকে কবিয়ে অদ্ভুত দেখা বুলি কৈছিল। 

ঙ) মেধিয়ে কিয় একো খাব পৰা নাছিল ?

উত্তৰঃ জাহাজখনত বঙালে কঙালে ভৰি থকাৰ বাবে মেধিয়ে তাত একো খাব পৰা নাছিল।

২) মেধি তীথলৈ যায় পদ্যটিত প্ৰকাশ পোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃ মেধি তীৰ্থলাৈ যায় পাঠটি দণ্ডিনাথ কলিতা দেৱে এজন মেধি তীৰ্থলৈ যোৱা ঘটনা কথা বৰ্ণনা কৰিছে। মেধিৰ ঘৰ আছিল কলিয়াবৰত। তেওঁ নাম গোৱাত বৰ সুখ্যাতি আছিল। সেয়েহে তেওঁ পূণ্য কৰিবৰ বাবে তীৰ্থলৈ গৈছিল।তীৰ্থলৈ যাওতে তেওঁ টকা আৰু কানিৰ টেমা লগত লৈ গৈছিল। তেওঁ তীৰ্থলৈ যাব বুলি কথাটো গম পোই গোটেই গাঁৱতে ঢৌ উঠিল।

মেধিয়ে জাহাজৰ ওচৰ পাই দেখিলে যে টিকট ঘৰত ভিৰ লাগি আছে। তাকে দেখি মেধি চিন্তাত পৰিল কাৰন কাৰো গাত নলগাকৈ টিকট কৰা উপাই নাছিল। টিকট ঘৰত মেধিক দেখি কলৈ যাব বুলি প্ৰশ্ন কৰাত মেধিয়ে তীৰ্থলৈ যাম বুলি কোৱাত ধমক দিলে কাৰন মেধি যাম বুলি কোৱা ঠাইলৈ কোনো জাহাজে নাযায়। উপায় নাপায় মেধি জাহাজত উঠি যাত্ৰা আৰম্ভ কৰিবলৈ ললে।জাহাজখন যাত্ৰা আৰম্ভ কৰা লগে লগে ডাঙৰ ডাঙৰ শব্দ হৈ গছ-গছনিবোৰ লৰিবলৈ ধৰিলে। গছ-গছনিবোৰ লৰা দেখি মেধিয়ে ভয় খায় নিজৰ লগোন ডালতে খামোচি ধৰিলে।কিয়নো আন ঠাইত স্পৰ্শ কৰিলে মেধিৰ গাত চুৱা লাগিব আৰু মেধি তীৰ্থলৈ যাব নোৱাৰিব।

দুখনমান তামুল খোৱাৰ বেলি নাযাওতেই এটা ডাঙৰ ঢৌ তুলাত জাহাজখন গৈ বালিত সোমাই পৰিল গৈ। তেনেকৈয়ে জাহাজখন তিনিদিন ধৰি বালিৰ পৰা ওলাব নোৱাৰা হল। সেই তিনিদিন মেধিয়ে একো খোৱা বোৱা নকৰি মেধি দূৰ্বল হৈ উঠিব নোৱাৰা হল।কিয়নো জাহাজ খনত বিভিন্ন জাতিৰ মানুহে ভৰি আছিল। আৰু তাতে খালে মেধিৰ গাত চুৱা লাগিব বুলি ভয় কৰি একো খাব পৰা নাাছিল। দূৰ্বল দেহা আৰু শুদ্ধ শৰীৰে মেধি তীৰ্থলৈ যোৱা বুলি কবিয়ে কৈছে।

এই পদ্যটো কবিয়ে সেই খিনি সময়ৰ সমাজ ব্যৱস্থাৰ কথা কবলৈ প্ৰকাশ কৰিযে।

৩) তলৰ শব্দকেইটিত কি কাৰণে ‘ ণ ’ হৈছে লিখা :

পুণ্যঃকিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।

ভাষণঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়। 

ঋণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

তৃণঃএকেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। 

কৃপণঃ একেটা পদতে থকা ঋ, ৰ, ষআৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বা য, ৱ,হ,ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।  

কাৰণঃএকেটা পদতে থকা ঋ, ৰ,আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধ্ন্য ণ হয়। 

নাৰায়ণঃ উত্তৰ, দক্ষিণ,চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

গ্রহণঃ একেটা পদতে থকা ঋ, ৰ, ষআৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বা য, ৱ,হ,ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

বর্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। 

৪) ভাব বহলাই লিখা :

ক ) হস্তীৰাে পিছলে পাৱ সজ্জনৰাে বুৰে নাও।

উত্তৰঃ হাতী বৰ শক্তিশালী প্ৰাণী। ইহতৰ ভৰিবোৰ মোটা আৰু শকত। সেয়ে সাধাৰনতে ইহতে পিছল খোৱা সম্ভাৱনা সুবেই কম। কিন্তু কেতিয়াবা হঠাতে খোজকঢ়াৰ এনে ব্যতিক্ৰম ঘটি যায় যে হাতীও পিছলিবলৈ বাধ্য হয়। ঠিক সেইদৰে সৎ আৰু ভদ্ৰ লোকসকলো সৎ কৰ্ম কৰিয়েই আনৰ হিত সাধন কৰে। কিন্তু তেওঁলোকৰো এদিন এনেকোৱা বিপদ আহে যে সৎ লোকজনেও অসৎ কৰ্ম কৰিবলৈ বাধ্য হৈ পৰে। সেয়ে কোৱা হয় যে হস্তীৰাে পিছলে পাৱ সজ্জনৰাে বুৰে নাও।

খ ) অতি ভক্তি চোৰৰ লক্ষণ।

উত্তৰঃ প্ৰতিতো কাম কৰা আৰু কথা কোৱাৰো এটা সীমা থাকে, সীমাৰ ভিতৰত থাকি যি লোকে কাম আৰু কথা কয় তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে। তেনেদৰে ভক্তিৰো নিদিষ্ট সীমা থাকে,স্বাভাৱিক ভক্তি পৰায়ন লোকসকল সকলোৰে আদৰৰ। যি সকল লোকে বেছি ভক্তি দেখুৱাই তেওঁলোকৰ মনৰ ভিতৰত বেয়া ভাব, কপটতা থাকে আৰু আনে নজনাকৈ কু-কৰ্ম কৰে। আমি যদি এওঁলোকৰ স্বভাৱৰ কথা গ’ম পাওঁ তেন্তে এওঁলোকৰ পৰা আঁতৰি থকাটো আমাৰ পক্ষে সুবেই ভাল, ন’হলে কেতিয়াবা ডাঙৰ বিপদৰ সন্মুখীন হব লাগিব। ইয়াকে বুজাবলৈ এই ফকৰাটি কোৱা হৈছে।     

[ ৫ ] প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰা :

ক ) পাৰৰ গছবােৰ উভতি লৰিলে , এনে অদভূত নাই ,

   লগুণডালত খামুচি ধৰি মেধি তীর্থলৈ যায়।

উত্তৰঃ প্ৰসংগ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ’ অন্তৰ্গত কবি ‘দণ্ডিনাথ কলিতাৰ’ দ্বাৰা ৰচিত ‘মেধি তীৰ্থলৈ যায়’ নামৰ কবিটিৰ পৰা উদ্ধিত কৰা হৈছে।

সংগতি- যেতিয়া মেধি তীৰ্থলৈ যাবলৈ জাহাজত উঠিছিল তেতিয়া জাহাজখন যাত্ৰা আৰম্ভ কৰাৰ লগে লগে গছবোৰ পিছলৈ যেৱা এক অদ্ভুদ দৃশ্য দেখিছিল তাকে বুজাবলৈ গৈ কবিয়ে কবিতাফাতি আৱতৰনা কৰিছে।

ব্যাখ্যা- মেধি তীৰ্থলৈ যাবলৈ যেতিয়া জাহাজত উঠিছিল তেতিয়া জাহাজ খন যাত্ৰা আৰম্ভ কৰা লগে লগে ডাঙৰ ডাঙৰ শব্দ হৈ গছ-গছনিবোৰ উভতি যোৱাৰ দৰে এক অদভূত দৃশ্য দেখিছিল। মেধিয়ে আগতে কেতিয়াওঁ জাহাজত উঠা নাছিল। সেয়ে তেওঁ এনে অদভূত দৃশ্য দেখি ভয়তে নিজৰ লগুনডালতে খামুচি ধৰিছিল।

খ ) বঙালে – কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায় ?

  কলপকলপকৈ শুধ শৰীৰে মেধি তীর্থলৈ যায়।

উত্তৰঃ প্ৰসংগ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ’ অন্তৰ্গত কবি ‘দণ্ডিনাথ কলিতাৰ’ দ্বাৰা ৰচিত ‘মেধি তীৰ্থলৈ যায়’ নামৰ কবিটিৰ পৰা উদ্ধিত কৰা হৈছে।

সংগতি- মেধী থকা জাহাজখনত বঙালে কঙালে ভৰি আছিল বাবে তেওঁ একো খাব পৰা নাছিল ,আৰু শেষত তেওঁ শুধ শৰীৰে তীৰ্থলৈ যায়। এই কথাষাৰকে বুজাবলৈ গৈ কবিয়ে কবিতাফাকি আৱতাৰনা কৰিছে।

ব্যাখ্যা- মেধি তীৰ্থলৈ যোৱা জাহাজখনত বঙালে কঙালে বিভিন্ন লোকে ভৰি আছিল। গৈ থাকোতে হঠাৎতে পানীত এটা ঢৌ তুলাত জাহাজখন গৈ বালিত সোমাই ৰল। আৰু তিনিদিন ধৰি জাহাজখন পানীৰ পৰা উলাব নোৱাৰা হল। সেই তিনিদিন মেধিয়ে একো খোৱা বোৱা নকৰি মেধি দূৰ্বল হৈ উঠিব নোৱাৰা হল।কিয়নো জাহাজ খনত বিভিন্ন জাতিৰ মানুহে ভৰি আছিল। তাত খালে মেধিৰ গাত চুৱা লাগিব বুলি একো নোখোৱাকৈ মেধিয়ে কলপকলপকৈ শুদ্ধ শৰীৰে তীৰ্থলৈ যায়।

       

[ ৬ ] পদ্যটিত ব্যৱহৃত ‘ কানীয়া মেল ’ , ‘ ধুতি গা ’ , ‘ ঘোঁৰাৰ ছুটি’ , তামােল খােৱাৰ বেলি ’ — এই বাক্যাংশবােৰৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা ।

কানীয়া মেলঃ যিসকল লোকে কানী মানে ভাং খায়। যেতিয়া এনে বহুতো লোক একেলগে লগ হৈ ভাং খায় তাকে কানিয়া মেল বুলি কোৱা হয়। 

ধুতি গাঃ যি সকল লোকে ধুতি পিন্ধি ক’ৰ’বালৈ যায় বা কোনো কাৰ্য কৰে তেতিয়া ধুতি গাৰে যোৱা বা কৰা বুজায়। 

ঘোঁৰাৰ ছুটিঃ ঘোঁৰাৰ দৰে বেগেৰে যোৱা।

তামােল খােৱাৰ বেলিঃ এখন তামোল খাই শেষ হৈ আন এখন তামোল খোৱালৈ হোৱা সময়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects