Might Learn Logo Might Learn

AJB Class 1 ঈছপৰ সাধু Chapter 5 Answer 2025 | লুভীয়া কুকুৰ | অধ্য়ায়-পাঁচ | Chapter-5 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

  অধ্য়ায়-পাঁচ

লুভীয়া কুকুৰ

১। কচায়ে ক’ত মঙহ বেচে?

উত্তৰঃ কচায়ে দেওবৰীয়া বজাৰত মঙহ বেচে। 

২।মঙহৰ আশাত কোনে সদায় চোপ লৈ থাকে?

উত্তৰঃ মঙহৰ আশাত পখৰা নামৰ কুকুৰ এটাই সদায় চোপ লৈ থাকে।

৩। কুকুৰটো অহা-যোৱা কৰা বাটত কি আছিল?

উত্তৰঃ কুকুৰটো অহা-যোৱা কৰা বাটত এটি জান আছিল। 

৪। জানৰ পানীত সি কি দেখিবলৈ পালে?

উত্তৰঃ জানৰ পানীত সি তাৰ নিজৰ ছাঁ-টো দেখিবলৈ পালে। 

৫। কুকুৰটোৰ মুখৰ মঙহডোখৰ কিয় পানীত পৰি গ’ল?

উত্তৰঃ সি পানীত নিজৰ ছাঁ-টো দেখি ভাবিলে যে পানীত আৰু এটা কুকুৰ আছে আৰু তাৰ মুখত মঙহ এডোখৰো আছে। আৰু তেতিয়া সি আনটো কুকুৰ লগত কাজিয়া লগা কথা ভাবিলে। তেতিয়া সি ভুক ভুককৈ ভুকিবলৈ ললে। তেতিয়া লগে লগে তাৰ মুখৰ পৰা মঙহডোখৰ পানীত পৰি গ’ল। 

৬। কুকুৰটোৱে পোৱাখিনিও কিয় হেৰুৱালে?

উত্তৰঃ কাৰণ-কুকুৰটোৱে পানীত নিজৰ ছাঁ-টো দেখি ভাবিলে যে পানীত আৰু এটা কুকুৰ আছে আৰু তাৰ মুখত মঙহ এডোখৰো আছে। আৰু তেতিয়া সি আনটো কুকুৰ লগত কাজিয়া লগা কথা ভাবিলে। তেতিয়া সি ভুক ভুককৈ ভুকিবলৈ ললে। তেতিয়া লগে লগে তাৰ মুখৰ পৰা মঙহ ডোখৰ পানীত পৰি গ’ল। তেতিয়া সি মনত বৰ দুখ পালে। সি তেতিয়া বুজিলে তলৰ কুকুৰটো তাৰ ছাঁ-হে আছিল। এনেকৈ সি পোৱাখিনিও হেৰুৱালে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects