Lesson 1
পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা
☐ প্ৰশ্নাৱলী
১丨 পদাৰ্থ বা বস্তু কাক বোলে ?
উত্তৰঃ চকুৰে দেখা , শৰীৰৰ কোনো অংশই চুলে গম পোৱা , নাকেৰে গোন্ধ পোৱা সকলোবোৰেই বস্তু বা পদাৰ্থ ।
২丨 পদাৰ্থৰ আয়তন কাক বোলে ?
উত্তৰঃ এটা পদাৰ্থই আগুৰা ঠাইখিনিয়েই পদাৰ্থটোৰ আয়তন বোলে ।
৩丨 প্ৰাকৃতিক বস্তু কি ?
উত্তৰঃ যি বোৰ বস্তু প্ৰকৃতিৰ পৰা লাভ কৰা যায় যেনে- শিল, বালি, মাটি, গছ, ফল-মূল, লোহা আদিবোৰক প্ৰাকৃতিক বস্তু বোলে ।
৪丨 পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি ?
উত্তৰঃ পদাৰ্থৰ অবস্থা তিনিটা । সেই কেইটা হ’ল-
১) গোটা বা কঠিন
২) জুলীয়া অবস্থা আৰু
৩) গেছীয় অবস্থা ।
৫丨 (ক) কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে ?
উত্তৰ ঃ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক কঠিন অৱস্থাত থকা পদাৰ্থ বোলে ।
(খ) জুলীয়া অবস্থাত থকা পদাৰ্থ কাক বোলে ?
উত্তৰঃ নিৰ্দিষ্ট আয়তন থকা , কিন্তু আকৃতি নথকা পদাৰ্থবোৰক জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে ।
(গ) গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে ?
উত্তৰঃ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় আৱস্থাত থকা পদাৰ্থ বোলে ।
৬丨
(ক) কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ কঠিন অবস্থাত থকা পদাৰ্থবোৰৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে।বস্তু এটা দেখিবলৈ যেনেকুৱা, সেয়াই বস্তুটোৰ আকৃতি কিন্তু জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই, যি পাত্ৰত থোৱা হয় তাৰেই আকৃতি লয় ।
(খ) জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই কিন্তু আয়তন আছে কিন্তু গেছীয় পদাৰ্থৰ আকৃতিও নাই আৰু আয়তনো নাই ।
৭丨 নিৰ্দিষ্ট আকৃতি নথাকা কেইবিধমান পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম হ’ল- পানী, গাখীৰ, মিঠাতেল, পেট্ৰ’ল, ডিজেল, ফেনাইল আদি ।
৮丨 (ক) পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয় ?
উত্তৰঃ পানী বৰ চেঁচা হ’লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয়।
(খ) পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয় ?
উত্তৰঃ পানী তপত কৰিলে ভাপ হয় আৰু ভাপবোৰ ওপৰলৈ গৈ জলীয় বাষ্পৰ লগত মিহলি হৈ ভাপবোৰ পানী হয় ।
৯丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :
এটা উদাহৰণ : ৰবৰটুকুৰা এবিধ কঠিন বস্তু হয়/নহয় ।
উত্তৰঃ হয়।
(ক) প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে /নোৱাৰে ।
উত্তৰঃ নোৱাৰে।
(খ) পানীৰ ভাপে ঠাই আগুৰে/নাগুৰে ।
উত্তৰঃ আগুৰে।
(গ) ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে /নাই ।
উত্তৰঃ নাই।
(ঘ) এটা বস্তু আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি/নোৱাৰি ।
উত্তৰঃ পাৰি।
(ঙ) কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে/নাই ।
উত্তৰঃ আছে
← Previous Chapter NEXT Chapter →
Type By- Karabi Bora
Post ID : DABP005860
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post