Might Learn Logo Might Learn

AJB Class 3 Science Chapter 12 Answer জীৱৰ বংশবৃদ্ধি

  Lesson 12

জীৱৰ বংশবৃদ্ধি

◻️ প্ৰশ্নাৱলী

১丨 (ক) জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে ? 

উত্তৰঃ জীৱই পৈণত অৱস্থা পোৱাৰ পিছত জন্ম দিব পাৰে ।

(খ) উদ্ভিদে কেনেদৰে জন্ম দিয়ে ? 

উত্তৰঃ কিছুমান উদ্ভিদত ফুল ফুলে ।ফুলৰ পৰা ফল হয়। ফলৰ ভিতৰত গুটি থাকে।গুটিৰ আন এটা নাম বীজ ।গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে । ইয়েই ভ্ৰণ । গুটিটো ৰুলে ভ্ৰণটো ডাঙৰ হৈ গছপুলি হয় ।

 (গ) ফুলৰ পৰা কি হয় ? 

উত্তৰঃ ফুলৰ ভিতৰত ফল হয় ।

  (ঘ) গুটি ক’ত থাকে ? 

উত্তৰঃ ফলৰ ভিতৰত গুটি থাকে ।

 (ঙ)  ভ্ৰুণ কি ?

উত্তৰঃ গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে তাকেই ভ্ৰণ বোলে ।

২丨(ক) বাঁহ গাজ কাক বোলে ?

উত্তৰঃ বাঁহ গছৰ পুলিক বাঁহ গাজ বোলা হয় ।

  (খ) কলম  কি ? উদাহৰণ দিয়া ।

উত্তৰঃ কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ।তেনে ডালক কলম বুলিও কোৱা হয় ।

৩丨(ক) কোনবোৰ প্ৰাণী ফুলৰ পৰা ওপৰত পৰেহি ?

উত্তৰঃ পখিলা , মৌ-মাখি ,ভোমোৰা, পোক-পৰুৱা আদি ফুলত পৰেহি ।

  (খ) মৌমাখিয়ে ফুলৰ পৰা কি পায় ?

উত্তৰঃ মৌ-মাখীয়ে ফুলৰ পৰা মৌ পায় ।

৪丨(ক) ফুল-নুফুলা উদ্ভিদে কেদৰে জন্ম দিয়ে ?

উত্তৰঃ ফুল- নুফুলা উদ্ভিদৰ পাতত বা আন অংশত সৰু সৰুৰেণু হয় । এই ৰেণু বোৰ মাটিত পৰিলে তাৰ পৰা নতুন গছ গজে । 

  (খ)  ফুলৰ  বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ                     গজে  ?

উত্তৰঃ ফুলৰ বাহিৰে উদ্ভিদৰ ডাল, পাত, শিপা, কাণ্ড আদিৰ পৰা নতুন উদ্ভিদ গজে ।

৫丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

     (ক) ভ্ৰূণ বীজৰ ভিতৰত সোমাই থাকে/নাথাকে ।

উত্তৰঃ থাকে ।

     (খ) ফুল ফুলা উদ্ভিদে জন্ম দিওঁতে প্ৰাণীৰ সহায় লয়/নলয় ।

উত্তৰঃ লয় ।

     (গ) সকলো প্ৰাণীয়ে কণী পাৰি পোৱালি দিয়ে/নিদিয়ে ।

উত্তৰঃ নিদিয়ে ।

     (ঘ) কণী পাৰি জন্ম দিয়া প্ৰাণীবোৰে পোৱালিক গাখীৰ খুৱায়/               নুখুৱায় । 

উত্তৰঃ নুখুৱায় ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects