Lesson 13
উদ্ভিদৰ পৰা পোৱা বস্তু
☐ প্ৰশ্নাৱলী
(১) মানুহৰ প্ৰধান আহাৰ কি ? মানুহে সেইবোৰ ক’ৰপৰা পায় ?
উত্তৰঃ মানুহৰ প্ৰধান আহাৰ হ’ল- চাউল, দাইল, শাক-পাচলি, ফল-মূল।
মানুহে সেইবোৰ আহাৰ উদ্ভিদৰ পৰাই পায়।
(২) ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম হ’ল- আমলখি,শিলিখা,তুলসী,নিম,মানিমুনি।
(৩) মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম হ’ল- ধান, মাহ, সৰিয়হ,কল, ঘেঁহু,আম,কঁঠাল, নাৰিকল,চাহপাত, ৰবৰ ইত্য়াদি।
(৪) (ক) মিঠাতেল ক’ৰ পৰা হয় ?
উত্তৰঃ মিঠাতেল সৰিয়হৰ পৰা হয়।
(খ) সূতা ক’ৰ পৰা হয় ?
উত্তৰঃ সূতা কপাহৰ পৰা হয়।
(৫) উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে লিখা ।
উত্তৰঃ সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰাণীৰ বাবে অপকাৰী। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰিবৰ বাবে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শুহি লয় আৰু বায়ুত অক্সিজেন এৰি দিয়ে। এই কাৰণত বায়ুত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি নাযায় আৰু অক্সিজেন কমি নাযায়। উদ্ভিদে এনেদৰে বায়ু পৰিস্কাৰ কৰি ৰাখে।
(৬) উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে ?
উত্তৰঃ উদ্ভিদ আৰু প্ৰকৃতি ওতঃপোতঃ ভাৱে জড়িত।উদ্ভিদ নহলে প্ৰকৃতিৰ কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে।গছ-গছনি,ঘাঁহ-বন,হাবি-জংঘলত সৰু-ডাঙৰ সকলো জীৱ-জন্তুৱে বাস কৰে।
গছ-বনৰ ডাল-পাত সৰি মাটিত পৰি পঁচিলে মাটি সাৰুৱা হয়। গছ-বন নাথাকিলে মাটি সাৰুৱা নহ’ব। মাটিয়ে বৰষুণৰ পানী শুহি লয়।এই পানী নিগৰি গৈ মাটিৰ বহু তলত জমা হয়। গছ-বন নথকা ঠাইৰ মাটি বৰষুণ,ধুমুহা-বতাহে আঁতৰাই পেলায়। তেনে ঠাইত নতুনকৈ গছ-গছনি গজিব নোৱাৰে। তৰোউপৰি উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে। জীৱৰ বাবে ক্ষতিকাৰক কাৰ্বন-ডাই-অক্সাইড শুহি লয় আৰু অক্সিজেন এৰি দিয়ে।অক্সিজেন সকলো জীৱৰ বাবে প্ৰয়োজনীয়।এইদৰে উদ্ভিদে প্ৰকৃতি ৰক্ষা কৰি আছে।
(৭) শুদ্ধ উত্তৰটোত ✓ চিন দিবা :
(ক) উদ্ভিদ নাথাকিলে জীৱ-জন্তু জীৱাই থাকিব পাৰে/নোৱাৰে।
উত্তৰঃ নোৱাৰে।
(খ) অক্সিজেন/কাৰ্বন ডাই-অক্সাইডৰ আন এটা নাম অম্লজান ।
উত্তৰঃ অক্সিজেন।
(গ) প্ৰাণীয়ে নিশাহত কৰ্বন ডাই-অক্সাইড এৰি দিয়ে /নিদিয়ে ।
উত্তৰঃ দিয়ে।
(ঘ) উদ্ভিদ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি /নোৱাৰি ।
উত্তৰঃ পাৰি।← Previous ChapterNEXT Chapter →
কৰবী কাকতি
Post ID : DABP005914
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post