📖 Might Learn

AJB Class 3 Science Chapter 3 Answer পানী

 Lesson 3

পানী

◻️  প্ৰশ্নাৱলী

(১) বিশুদ্ধ পানীৰ দুটা গুণ লিখা ।

উত্তৰঃ বিশুদ্ধ পানীৰ বৰণ নাই আৰু বিশুদ্ধ পনীৰ সোৱাদ আৰু গোন্ধ নাথাকে ।

(২) কুঁৱা, পুখুৰীৰ পানীত কিয়  চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ  দিয়া  হয় ?

উত্তৰঃ কুঁৱা, পুখুৰীৰ পানীত  চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ  দিয়া  হয় কাৰণ এইবোৰে বীজানু কিছু নোহোৱা কৰে আৰু পানী পৰিষ্কাৰ  কৰে।

(৩) পানী কিয় বৰ লাগতিয়াল বস্তু ?

উত্তৰঃ পানী সকলো কামতে লাগে। মানুহ আন জীব-জন্তু, গছ-গছনি, আদি সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয়। সকলো জীৱ-জন্তুৱে পানী খায়। গছ-গছনিয়ে মাটিৰ পৰা পানী শুহি লয়।পান ী নহ’লে জীব-জন্তু, গছ-গছনি একোৱেই পূথিৱীত নাথাকিলহেঁতেন।

(৪) আমি পানী ক’ৰ পৰা পাওঁ ?

উত্তৰঃ পানী আমি বৰষুনৰ পৰাই পাঁও।

(৫) বৰষুণৰ পানীবোৰ ক’লৈ যায় ?

উত্তৰঃ বৰষুনৰ এভাগ পানী মাটিত সোমায়। আন এভাগ মাটিৰ ওপৰেদি বৈ যায়। এই পানী বৈগৈ খাল,পুখুৰী,নৈ, বিলত পৰেগৈ।

(৬) সাগৰত পানীৰ পৰিমাণ বেছি কিয় ?

উত্তৰঃ বৰষুনৰ এভাগ পানী মাটিত সোমায়। আন এভাগ মাটিৰ ওপৰেদি বৈ যায়। এই পানী বৈগৈ খাল,পুখুৰী,নৈ, বিলত পৰেগৈ। 

      বৰষুন বেছি হ’লে নদীও উপচি পৰে। পানী নদীবোৰেদি বৈ গৈ সাগৰত জমা হয়। সেইবাবে সাগৰত পানীৰ পৰিমান বেছি।

(৭) মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰো ?

উত্তৰঃ মাটিৰ তলত পৰিষ্কাৰ পানী পোৱা যায় । কুঁৱা, দমকল, পুখুৰী আদি খান্দি মাটিৰ তলৰ পানী ব্যৱহাৰ কৰা হয়।

(৮) অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি ?

উত্তৰঃ অপৰিষ্কাৰ পানী ফিল্টাৰ কৰি , উতলাই আৰু পনীত মাজে সময়ে চূণ, ফিট্কিৰি, ব্লিছিং পাউদাৰ মিহলাই পানী বিশুদ্ধ কৰিব পাৰি।

(৯) কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা ।

উত্তৰঃকলহ ফিল্টাৰৰ দ্বাৰা পানী বিশুদ্ধ কৰিব পাৰি । 

          প্ৰথমতে কলহটোৰ তলত এটা সৰু বিন্ধা কৰি লব লাগে। তাৰ পিছত কলহটোত কপাহ দিব লাগে তাৰ পিছত কপাহৰ ওপৰত কপাহী কাপোৰ এখন পাৰি দিব লাগে তাৰ পিছত বালি আৰু বালিৰ ওপৰত এঙাৰ দিব লাগে।তাৰ পিছত কলহটো এডাল ষ্টেন্ডত থৈ তাৰ তলত পানী ধৰিব পৰাকৈ এটা পাত্ৰ থব লাগে।তাৰ পিছত ওপৰৰ কলহটোত পানী বাকি দিব লাগে অলপ সময়ৰ পিছত কলহটোত টুপ-টুপকৈ পানী পৰিব আৰু সেই পানী খিনি বিশুদ্ধ পানী ।

(১০) পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ খোৱাপানীৰ পুখুৰী পৰিষ্কাৰ কৈ ৰাখিব লাগে। পুখুৰিৰ দাঁতিত গজা ঘাঁহ-বন চিকুণাব লাগে। পাৰটো ওখ হ’ব লাগে। তেতিয়া বৰষুণৰ পানী বাহিৰৰ পৰা নোসোমায়।খোৱাপনীৰ পুখুৰীত গা,বাচন,কাপোৰ আদি ধুব নালাগে।পুখুৰীৰ চাৰিওফালে এখন বেৰ থাকিব লাগে। তেতিয়া গৰু,ছাগলীয়ে পানী লেতেৰা কৰিব নোৱাৰে।কুঁৱা,পুখুৰীৰ পানীত মাজে মাজে চূণ, ফিট্কিৰি, ব্লিছিং পাউদাৰ দিব লাগে ,এইবোৰে বীজাণু কিছু নোহোৱা কৰে আৰু পানী পৰিষ্কাৰ কৰে।

(১১) কুঁৱা, দমকলৰ চাৰিওফাল কিয় পকী হ’ব লাগে ?

উত্তৰঃ কুঁৱা, দমকলৰ চাৰিওফালে পকী হ’ব লাগে। তেনে কৰিলে ব্যৱহাৰ কৰা পানী আকৌ তললৈ যাব নোৱাৰে।

(১৩) পানীত পমি যোৱা পাঁচবিধ গোটা আৰু পাঁচবিধ জুলীয়া বস্তুৰ  নাম লিখা ।

উত্তৰঃ পানীত পমি যোৱা পাঁচবিধ গোটা বস্তুৰ নাম হ’ল- চেনি, নিমখ, চূণ, ফিট্কিৰি, ছ’ডা আদি।

পানীত পমি যোৱা পাঁচবিধ জুলীয়া বস্তু হ’ল- মৌ, নেমুৰ ৰখ,এলক’হল, গাখীৰ, ফলৰ ৰস।

(১৪) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

(ক) বৰষুণ নহ’লে পানী পোৱা যাব/নাযাব ।

উত্তৰঃ নাযাব।

(খ) খালৰ পানীত বেমাৰৰ বীজাণু থাকে/নাথাকে ।

উত্তৰঃ থাকে।

(গ) বিশুদ্ধ পানীৰ সোৱাদ আছে/নাই ।

উত্তৰঃ নাই।

(ঘ) গৰম পানীত নিমখ সোনকালে মিহলি হয়/নহয় ।

উত্তৰঃ হয়।

(ঙ) পানীত মিহি গুড়ি চেনি মিহলি হ’বলৈ বেছি সময় লয়/নলয় ।

 উত্তৰঃ নলয়।

← Previous Chapter NEXT Chapter →

কৰবী কাকতি

Post ID : DABP005862

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class