Might Learn Logo Might Learn Might Learn Shop

AJB Class 3 Science Chapter 4 Answer কাৰ্য্য বা বল

  Lesson 4 

কাৰ্য্য আৰু বল

☐  প্ৰশ্নাৱলী

(১) কাৰ্য্য কেতিয়া কৰা হয় ?

উত্তৰঃ বস্তু এটা লৰচৰ কৰিলে কাৰ্য্য কৰা হয় ।

(২) বল কাক বোলে ?

উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা,থেকেচা, আদিবোৰকে বল বোলা হয়।

(৩) চুম্বক কি ?

উত্তৰঃ চুম্বক এবিধ বিশেষ বস্তু। ই লোহা ,নিকেল আদি পদাৰ্থৰে তৈয়াৰী।

(৪) শাৰীৰিক বল কাক বোলে ?

উত্তৰঃ জীৱই মাংসপেশীৰে বল দিয়ে, ইয়াকে শৰীৰিক বল বোলে।

(৫) চুম্বকৰ দুটা বিশেষ গুণ লিখা ।

উত্তৰঃ চুম্বকৰ দুটা বিশেষ গুণ হ’ল-

১)চুম্বকে লোৰ বস্তু আকৰ্ষণ কৰে ,এই বলবিধৰ নাম চুম্বকীয় বল ।ই এটা চুম্বকৰ বিশেষ গুণ ।

২) চুম্বক এডাল ওলমাই দিলে ইয়াৰ এটা মূৰ সদায় উত্তৰফালে আৰু আনটো আনটো মূৰ দক্ষিণফালে মুখ কৰি থাকে, ই চুম্বকৰ আন এটা বিশেষ গুণ । 

(৬) সৰল সঁজুলি কি ? চাৰিবিধ উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ সঁজুলি বৈদ্যুতৰ দ্বাৰা চালিত নহয় সৈইবোৰ সঁজুলিক সৰল সঁজুলি বোলে।

    চাৰিবিধ সৰল সঁজুলি নাম হ’ল- বিচনী, দা, কটাৰী,কেঁচি আদি।

(৭) যন্ত্ৰ কি ? কেইবিধ উদাহৰণ দিয়া ।

উত্তৰঃ সহজতে বেছি কাম কৰা সঁজুলি বোৰক যন্ত্ৰ বোলে। যেনে- ফেন, গাড়ীৰ ইন্জিনটো, ছাইকেল, কম্পিউটাৰ আদি।        

(৮) কাৰ্য্য মানে কি ?

উত্তৰঃ কাৰ্য্য় মানে কাম। কাৰ্য্য় কৰা মানে কাম কৰা। উদাহৰণ স্বৰূপে- দৌৰা, জপিওৱা, কাপোৰধোৱা আদি প্ৰতিটোৱেই কাম ।

(৯) বলৰ কেতিয়া প্ৰয়োজন হয় ? দুটা উদাহৰণ সৈতে লিখা ।

উত্তৰঃ যিকোনো এটা কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে- টেবুলখন টনাটো এটা কাম। টেবুলখন টানিবলৈ বলৰ প্ৰয়োজন হয়।ছাইকেলখন পেডেল মাৰিবলৈ বলৰ প্ৰয়োজন হয়।

(১০) জীৱই কিহৰ সহায়ত কাৰ্য্য কৰে ?

উত্তৰঃ জীৱই বলৰ সহায়ত কাৰ্য্য কৰে ।

(১১) সঁজুলি কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ সঁজুলিৰে কাম সহজতে কৰিব পাৰি বাবে সঁজুলি ব্যৱহাৰ কৰে।

(১২) (ক) মাধ্যাকৰ্ষণ বল কি ?

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে ইয়াকে মাধ্যাকৰ্ষণ বল বোলে ।
(খ) বস্তু ওজন কিয় থাকে ?

উত্তৰঃ পৃথিবীৰ আকৰ্ষণৰ বাবেই বস্তুৰ ওজন থাকে।

(১৩) শুদ্ধ উত্তৰটোৰ ওপৰত(✓) চিন দিবা :

(ক)  বস্তু এটা লৰচৰ নকৰিলে কাৰ্য্য কৰা হয়/ নহয় ।

উত্তৰঃ নহয় ।

(খ) বিপৰীতফালে থকা সমান সমান বলে কাৰ্য্য কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে

(গ) বিপৰীতফালে থকা অসমান বলে কাৰ্য্য কৰিব পাৰে/নোৱোৰে  ।

উত্তৰঃ পাৰে ।

(ঘ) বলে বস্তুক গতি দিব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(ঙ) বলে বস্তুক বেগ বঢ়াব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(চ) বলে বস্তু বেগ কমাব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

← Previous Chapter NEXT Chapter →

কৰবী কাকতি 

Post ID : DABP005863

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects