Chapter 13
বৰপোনাৰ হাট
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঃ
হাট = সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা বজাৰ
সস্তা = সুলভ; কম দামী
বজাৰ = বেচা-কিনা কৰা ঠাই; হাট
চৰু = মাটিৰ ৰন্ধা পাত্ৰ
চুচুক-চামাক = কোনো ঠাই বা লোকৰ আগলৈ যাবলৈ ভয় বা লাজ কৰি আগ-পাছ কৰা কাৰ্য
তৰ্জন-গৰ্জন = খং প্ৰকাশ কৰি গুজৰি-গুমৰি ডাবি দিয়া কাৰ্য
লেৰেলা = শুকান; মৰহা; ক্ষীণ
আঁচল = মূল; প্ৰধান; প্ৰকৃত; যথাৰ্থ
১। কবিতাটি মনত ৰাখা।
২। প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ
ক) বৰপোনাই হাটলৈ যাওঁতে হাতত কি লৈ ওলাল?
উত্তৰঃ বৰপোনাই হাটলৈ যাওঁতে হাতত এটা মোনা আৰু এটা ছাতি লৈ ওলাল।
খ) বাটত ভঁৰালী খুৰাই কি কিনিলে?
উত্তৰঃ বাটত ভঁৰালী খুৰাই বৰালি মাছ কিনিলে।
গ) বৰপোনাই সস্তাত কি কিনিলে?
উত্তৰঃ বৰপোনাই সস্তাত বাত দুটিমান কিনিলে।
ঘ) বৰপোনাই ভাগৰ লগাত ক’ত জিৰালে?
উত্তৰঃ বৰপোনাই ভাগৰ লগাত বাটতে বট গছ এজোপা তলত জিৰালে।
ঙ) মাকৰ ভয়ত বৰপোনাৰ কেনে অৱস্থা হ’ল?
উত্তৰঃ মাকৰ ভয়ত বৰপোনা উৰি যাও যেন জীউ অৱস্থা হল।
চ) মাকে খঙতে কি কি কৰিব বুলি বৰপোনাই ভাবিলে?
উত্তৰঃ মাকে খঙতে গালি-শপনি পাৰিব বুলি বৰপোনাই ভাবিলে।
ছ) বৰপোনাই আচল কথাটো কৈ দিয়াত মাকৰ কেনে অৱস্থা হ’ল আৰু মাকে তাক কি ক’লে?
উত্তৰঃ বৰপোনাই আচল কথাটো কৈ দিয়াত মাকৰ চকুপানী ওলাল আৰু মাকে তাক কলে পলম কৰিলেও আৰু গালি নাপাৰো, তই বৰ সৎ লৰা, সচাঁ কথা কৈ মোক বৰ সুখ দিলি।
৩। বাঁওফালৰ লগত সোঁ-ফাল মিলাই লিখাঃ
ছাতি বাৰ ছাতি – কাতি
বৰালি ভুকু বৰালি – খৰালি
মাৰ খৰালি মাৰ -বাৰ
চকু পৰত চকু – ভুকু
ঘৰত কাতি ঘৰত -পৰত
৪। অভিধান চাই অৰ্থ বিচাৰি লোৱাঃ
চাই- চোৱা
ছাই-
আচল-মূল
আঁচল- কাপোৰৰ আগ
বিশাল- ডাঙৰ
বিষাল-
৫। বাক্য ৰচনা কৰাঃ
অ’ত-ত’তঃ বস্তুবোৰ অ’ত ত’ত পৰি ঘৰটো লেতেৰা হৈ আছে।
গালি-শপনিঃ ৰমেন বজাৰৰ পৰা ঘৰলৈ আহি পোৱাত দেৰি হোৱাত মাকে গালি-শপনি পাৰিছে।
চুচুক-চামাকঃ বৰপোনাই চুচুক-চামাক কৈ ঘৰলৈ আহিছিল।
তৰ্জন-গৰ্জনঃ
৬। কবিতাটোৰ কথাখিনি নিজৰ ভাষাৰে কাহিনী হিচাপে লিখিবলৈ যত্ন কৰা।
৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰাঃ
লৰাঃ ৰমেনে আমৰ ডালবোৰ লৰাইছে।
ল’ৰাঃ ল’ৰা জন বৰ সৎ।
কলাঃ
ক’লা
বলঃ
ব’লঃ
৮। শিক্ষকক সুধি অৰ্থ জানি লোৱা। তাৰ পিছত একোটিকৈ বাক্য ৰচনা কৰাঃ
মেকুৰী-খোজঃ
কুকুৰ-লৰঃ
শহা-কণীয়াঃ
কুকুৰ-ধেমালীঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post