Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 1 Answer খুৰী ছাগলী

Chapter 1

খুৰী ছাগলী

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁ ঃ

ক) মানুহজনে ছাগলীজনিক বাটতে কিয় এৰি গৈাছিল ?

উত্তৰঃ মানুহজনে ছাগলীজনীক বাটতে এৰি যোৱা কাৰণঃ ছাগলী জনীৰ উজুটি খাই পৰি যোৱা বাবে এৰি থৈ গৈছিল।

খ) দঁতাল হাতীৰ আগত ছাগলীজনী নিজকে কি বুলি চিনাকি দিছিল ?

উত্তৰঃ দঁতাল হাতীৰ আগত ছাগলীজনীয়ে নিজকে সিংহৰ মাহীয়েক বুলি চিনাকি দিছিল।

গ) ছাগলীজনীয়ে শিয়ালক কি কি খাঁও বুলি কৈছিল ?

উত্তৰঃ ছাগলীজনীয়ে শিয়ালক বাঘ খাওঁ, ঘোৱা খাওঁ আৰু হাতী খাওঁ বুলি কৈছিল।

[২] চমু উত্তৰ দিয়াঁ ঃ

ক) মানুহজনে ছাগলীজনী এৰি যোৱা ঠাইডোখৰ কেনে আছিল ?

উত্তৰঃ মানুহজনে ছাগলীজনী এৰি যোৱা ঠাই ডোখৰ ওচৰত মানুহৰ ঘৰ-বাৰী নাছিল আৰু বৰ অগাধ হাবি আছিল।

খ) সিংহই ছাগলীক কি বুলি অভয় দিছিল ?

উত্তৰঃ সিংহই ছাগলী তই কোনো ভয় নকৰিবি। তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই-বৈ ফুৰ। তোক কোনেও একো কৰিব নোৱাৰে বুলি অভয় দিছিল।

[৩] কোনে কৈছিল, কাক কৈছিলঃ

ক) “ব’লচোন চাওঁগৈ, সেইটোনো কি জন্তু ওলাইছেহি ?”

উত্তৰঃ ভালুকে শিয়ালক কৈছিল।

খ) “হে দেও, আপেনাক তুমি কৰি মাতিছোঁ, আপুনি কোন কওক ।”

উত্তৰঃ হাতীয়ে ছাগলীক কৈছিল।

গ) “গুয়ম গজেন্দ্ৰ ! তই মোক সিংহৰ ওচৰলৈ লৈ ব’ল ।”

উত্তৰঃ ছাগলীয়ে হাতীক কৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects