AJB Class 4 Burha Burhi Aru Siyala Chapter 10 Answer সৰবজান

Chapter 10

সৰবজান

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) ফৰিঙৰ ঘৈণীয়েকজনী কেনেকুৱা ভাবৰ তিৰোতা আছিল?

উত্তৰঃ ফৰিংৰ ঘৈণীয়েকৰ স্বভাৱ আপোনপটীয়া আছিল।

খ) ফৰিঙৰ কি খাবলৈ মন গৈছিল?

উত্তৰঃ ফৰিঙৰ পিঠা খাবলৈ মন গৈছিল।

গ) ৰজাৰ ঘৰৰপৰা কি বস্তু হেৰাইছিল?

উত্তৰঃ ৰজাৰ ঘৰ পৰা সোণৰ হাৰ এডাল হেৰাইছিল।

ঘ) সৰৱজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল নি ক’ত থৈছিলগৈ?

উত্তৰঃ সৰৱজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল ৰজাৰ হাতনিপেৰাত থৈ দিছিল।

[২] চমু উত্তৰ দিয়া ঃ

ক) ফৰিঙে পিঠাৰ ধান কেনেকৈ সংগ্ৰহ কৰিছিল?

উত্তৰঃ ফৰিঙে বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। এনেতে কুকুৱা বৰাধান, তাতে এৰীয়া কাপোৰ,ধানে কাপোৰখন তেনেই সি সি ধৰিলে এনেকে ফৰিঙে পিঠাৰ ধান সংগ্ৰহ কৰিলে।

খ) ৰজাৰ হেৰোৱা হাৰডাল ফৰিঙে কেনেকৈ উলিয়াইছিল?

উত্তৰঃ সৰবজানক ৰজাৰ ঘৰত জলপান খাবলৈ দিছিল সু আপোন-আপুনি ক’লে, “হা দৈ আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই।” সৰবজানে এনেকে কোৱাত ৰাণীয়ে ভাবিলে সৰ্বজামে মোক ধৰিলে। ইয়াকে ভাৱি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰিলে আৰু ক’লে মোৰ কথা আপুনি ৰডাক নক’ব তোমাক যি লাগে তাকে দিম। সৰবজানে গম পালে যে হাৰ ডাল ৰাণীয়ে চুৰ কৰিছে। সি গহীন মাতেৰে ক’লে আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াইন আনি ৰজাৰ হাতনিপেৰাত থৈ দিয়ক। সৰবজানে কুৱৰীয়ে কৰিলে আৰু পিছদিনাৰ ৰজাৰ আগত সৰবজানে ক’লে যে হাৰ ডাল আপোনাৰ হাতনিপেৰাতে আচে। এনেদৰে ৰজাৰ হেৰুৱা হাৰডাল ফৰিঙে উলিয়াইছিল।

গ) ফৰিঙৰ মৰণৰ কাল সৰৱজানে আচলতে কাৰ কথা কৈছিল?

উত্তৰঃ ফৰিঙৰ মৰণ কাল বুলি সৰৱজানে নিজকে কৈছিল।

[৩] কোনে কৈছিল, কাক কৈছিলঃ

ক) “আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবলৈ মন গৈছে।”

উত্তৰঃ ফৰিঙে তেওঁ ঘৈণীয়েক কৈছিল।

খ) “নঙলাতে মঙল, এছাৰিতে দেও।

তিনিকুৰি পিঠা খালে নাজানিলে কেও।”

উত্তৰঃ ফৰিঙে তেওঁ ঘৈণীয়েক কৈছিল।

গ) “হা দৈ আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই।”

উত্তৰঃ সৰৱজানে নিজকে কৈছিল।

ঘ) “মোৰ হাতৰ মুঠিত কি আছে?”

উত্তৰঃ ৰজাই সৰৱজানক কৈছিল।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top