Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Burha Burhi Aru Siyala Chapter 6 Answer কণ আৰু মন

Chapter 6

কণ আৰু মন

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) কন আৰু মনৰ মাজত কোন ডাঙৰ, কোন সৰু ?

উত্তৰঃ কণ ডাঙৰ আৰু মন সৰু আছিল।

খ) কন আৰু মনে কি কি বস্তু ভগাই লৈছিল ?

উত্তৰঃ কণ আৰু মনে ফটা কঁথাখন, গছ-গছনি, ক’লী গৰুজনী আদি বস্তু ভগাই লৈছিল।

গ) মনৰ দুখ-কষ্ট দেখি কোনে তাক বুদ্ধি দিছিল ?

উত্তৰঃ মনৰ দুখ-কষ্ট দেখি বুঢ়ী-আই সহায় কৰিছিল।

ঘ) কণহঁতৰ গাইজনীৰ ৰং কেনে আছিল ?

উত্তৰঃ কণহঁতৰ গাইজনীৰ ৰং ক’লী আছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) কণ আৰু মনে ক’লী গাইজনী কেনেদৰে ভাগ কৰিছিল ?

উত্তৰঃ কণ আৰু মনে ক’লী গাইজনী আগৰ ফাল টো মনক দিছিল আৰু পিছৰ ফাল টো কণে লৈছিল এনেদৰে ভগাই লৈছিল।

খ) ফটা-কঁথাখন কণে আৰু মনে কেনেদৰে ভগাই লৈছিল ?

উত্তৰঃ ফটা-কঁথাখন কণ আৰু মনে ৰাতি ভাগৰ সময় কণৰ আৰু দিনৰ ভাগৰ সময় মনৰ এনেদৰে ভগাই লৈছিল।

গ) বুঢ়ীৰ বুদ্ধিমতে মনে কি কৰিলে ?

উত্তৰঃ বুঢ়ীৰ বুদ্ধিমতে মতে মনে দিনত ফটা-কঁথা খন টিয়াই থৈ, কণে গছৰ ওপৰত থাকিলে মনে গুৰিটো কাটি থাকে , গৰুজনীৰ যেতিয়া খীৰাবলৈ ধৰে তেতিয়া এচাৰি এডাল লৈ তাইৰ কাণে-মূৰে কোব দিয়ে এনেদৰে কাম কৰিলে।

[৩] সঁচা নে মিছা লিখাঁঃ

ক) কণ হোজা ধৰণৰ আছিল, কিন্তু মন আছিল টেঙৰ স্বভাৱৰ ।

উত্তৰঃ মিছা।

খ) কণে গৰুজনী গাখীৰ খিৰাওঁতে মনে ঘাঁহ-পানী যোগান ধৰি দিছিল ।

উত্তৰঃ মিছা।

গ) কণ আৰু মনে শেষত মিলা-প্ৰীতিৰে থাকিবলৈ ল’লে ।

উত্তৰঃ সঁচা।

ঘ) মনক এগৰাকী যুৱতীয়ে বুদ্ধি দিছিল ।

উত্তৰঃ মিছা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects