Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Science Chapter 11 Answer আমাৰ আহাৰ

Chapter 11

আমাৰ আহাৰ

□  প্ৰশ্নাৱলী

(১) আমি কিয় আহাৰ খাওঁ ?

উত্তৰঃ আমি জীয়াই থাকিবলৈ আহাৰ খাওঁ। আহাৰে আমাক শক্তি যোগান ধৰে  আৰু শৰীৰৰ বিভিন্ন অংগ ঠিকমতে গঠন হৈ বাঢ়ি যোৱাত সহায় কৰে।

(২) পুষ্টিকৰ বস্তু কোনবোৰ ?

উত্তৰঃ পুষ্টিকৰ বস্তু  হ’ল প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বী।

(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?

উত্তৰঃ আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ হ’ল- প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বী।

(৪) আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত ?

উত্তৰঃআমাৰ আহাৰত প্ৰ’টিন এই কাৰণে দৰকাৰ  প্ৰ’টিনে আমাৰ শৰীৰৰ সকলো অংশ , যেনে- চুলি, তেজ, ছাল, হাড়, মাংসপেশী ইত্য়াদিবোৰ গঠনৰ বাবে প্ৰয়োজনীয় বস্তু যোগান ধৰে।

(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?

উত্তৰঃ কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ হ’ল- ভিটামিন বা খাদ্য়প্ৰাণ আৰু খনিজ পদাৰ্থ।

(৬) সুষম আহাৰ কি ?

উত্তৰঃ বয়স আৰু শৰীৰৰ অৱস্থা অনুসৰি পুষ্টিকৰ  বস্তুবোৰ ঠিক জোখত থকা আহাৰক সুষম আহাৰ বোলে।

(৭)  কেঁচুৱা আৰু বাঢ়ি আহা ল’ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা  উচিত ?

উত্তৰঃ কেঁচুৱা আৰু বাঢ়ি অহা ল’ৰা- ছোৱালীৰ আহাৰত প্ৰ’টিন, ভিটামিন আদি পুষ্টিকৰ বস্তুবোৰ  আনতকৈ বেছি পৰিমানে দিয়া উচিত।

(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম হ’ল- ছ’ডিয়াম, পটেছিয়াম, আইৰণ বা লো, আয়’ডিন, কেলছিয়াম ইত্য়াদি।

(৯) তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু  বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা ◼️

(ক) অমিতাঃ  ভিটামিনজাতীয় খাদ্য়।(খ) মূলাঃ খনিজ লৱণজাতীয় খাদ্য়।(গ) ডালিমঃ কাৰ্বহাইড্ৰট আৰু খনিজ লৱণজাতীয় খাদ্য়।(ঘ) কণীঃ প্ৰ’টিন আৰু চৰ্বীজাতীয় খাদ্য়।(ঙ) মাছঃ প্ৰ’টিনজাতীয় খাদ্য়।(চ) কলঃ কাৰ্বহাইড্ৰেটজাতীয় খাদ্য়।(ছ) আঙুৰঃ ভিটামিনজাতীয় খাদ্য়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects