Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Science Chapter 5 Answer উদ্ভিদৰ আহাৰ

Chapter 5

উদ্ভিদৰ আহাৰ

◻️ প্ৰশ্নাৱলী

(১) পত্ৰৰন্ধ্ৰ কি ?

উত্তৰঃ গছৰ পাতবোৰৰ তল পিঠিত কিছুমান নিচেই সৰু সৰু বিন্ধা থাকে এই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।

(২) গছৰ শিপাৰ কাম কি ?

উত্তৰঃ গছৰ শিপাৰ কাম হ’ল মাটিত খোপনি পুতি গছডাল ধৰি ৰখা আৰু মাটিৰ পৰা পানী আৰু সাৰ শুহি লোৱা।

(৩) শিপাৰবোৰ কেনেকুৱা বৰ্ণনা কৰা ।

উত্তৰঃ সকলো গছৰ শিপা একে নহয়। কিছুমান গছৰ গুৰিৰপৰা এথোপা সৰু, মিহি চুলিৰ দৰে শিপা ওলায়।যেনেঃ পিঁয়াজ, ঘাঁহ, ধান। কিছুমান গছৰ গুৰিৰ পৰা এডাল ডাঙৰ শিপা ওলায় এইডাল ঘাই শিপা। এই ঘাইশিপাৰ পৰা কিছুমান ডাঙৰ শাখা শিপা ওলায়। ঘাই শিপা আৰু শাখা শিপাৰ মূৰৰ পিনে কিছুমান সৰু, তেনেই মিহি শিপা ওলায় এইবোৰৰক চুলি শিপা বোলে। যেনেঃ ভেন্দি, জিকা, মটৰমাহ, আম আদিৰ শিপা।

(৪) গছৰ পাতত কি কি থাকে ?

উত্তৰঃ গছৰ পাতত পত্ৰহৰিৎ আৰু পত্ৰৰন্ধ্ৰ থাকে এই পত্ৰৰন্ধ্ৰৰ মাজেৰে গছৰ পাতত বায়ু সোমায়। গছৰ পাততে আহাৰ তৈয়াৰ হয়।

(৫) গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে। কিয় ?

উত্তৰঃ গছৰ পাতত সৰু সৰু বিন্ধা থাকে, ইয়াক পত্ৰৰন্ধ বোলে। পত্ৰৰন্ধৰ মাজেৰে গছৰ পাতত বায়ু সোমায়। বায়ুত অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন-ডাই-অক্সাইড আদি গেছ থাকে। পত্ৰহৰিতে সূৰ্য্য়ৰপৰা পোহৰ শক্তি শুহি ৰাখে।ইপিনে শিপাই শুহি লোৱা পানী পাতলৈ যায়। তাৰ পিছত পোহৰ শক্তি সহায়ত পানী আৰু কাৰ্বন-ডাই-অক্সাইড লগ লাগে। এই কামটো গছৰ পাততহে হয়। ইয়াৰ ফলত কাৰ্বহাইড্ৰেট নামৰ এবিধ পদাৰ্থ তৈয়াৰ হয়। ইয়েই হ’ল গছৰ খাদ্য় আৰু এই প্ৰক্ৰিয়াটো কেৱল গছৰ পাততহে হয়।

(৬) গছৰ কাম কি কি ?

উত্তৰঃ গছৰ কামবোৰ হ’ল-

১) গছৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শোহে।

২) এই পানী আৰু সাৰ গছৰ ডাল, পাত, ফুল, ফল সকলো অংগলৈ যায়।

৩) গছত ফুল ফুলে আৰু ফুলৰ পৰা ফল হয়।

৪) গছে পাতত আহাৰ তৈয়াৰ কৰে।

(7) ক্লৰ’ফিলৰ কাম কি ?

উত্তৰঃ গছৰ পাতত ক্ল’ৰফিল নামৰ এবিধ পদাৰ্থ থাকে। ক্ল’ফিলৰ অসমীয়া নাম পত্ৰহৰিৎ। ক্লৰ’ফিলৰ ৰং সেউজীয়া। সেইবাবে গছৰ পাতৰ ৰঙো সেউজীয়া হয়।ক্লৰ’ফিলে সূৰ্য্য়ৰ পোহৰ শক্তি ধৰি ৰাখে।

(৮) পাতত খাদ্য তৈয়াৰ হ’বলৈ কি কি বস্তুৰ প্ৰয়োজন ?

উত্তৰঃ পাতত খাদ্য় তৈয়াৰ হ’বলৈ সূ্ৰ্য্য়ৰ পোহৰৰ লগতে পানী আৰু কাৰ্বন-ডাই-অক্সাইড লাগে।

(৯) উদ্ভিদক শক্তি কিয় লাগে ? এই শক্তি ক’ৰ পৰা পায় ?

উত্তৰঃ উদ্ভিদক কাম কৰিবলৈ শক্তি লাগে।

            উদ্ভিদে শক্তি কাৰ্ব'হাইড্ৰেটৰ পৰা পায়।

(১০) অৰ্কিডৰ শিপাই ক’ৰ পৰা পানী আহৰণ কৰে ?

উত্তৰঃ অৰ্কিডৰ শিপাই বায়ুৰ পৰা জলীয় বাষ্প শুহি লয়।

(১১) এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ এবিধ ফুল নুফুলা উদ্ভিদৰ নাম হ’ল- ঢেঁকীয়া।

(১২) পত্ৰৰন্ধ্ৰৰ কাম কি ?

উত্তৰঃ পত্ৰৰন্ধ্ৰৰ মাজেৰে পাতত বায়ু সোমায় আৰু শিপাই বেছিকৈ শুহি লোৱা পানী পত্ৰৰন্ধ্ৰৰে ভাপ হৈ ওলাই যায়।

(১৩) খালী ঠাই পূৰোৱা ।

(ক) __ থকা বাবে পাতৰ ৰং সেউজীয়া ।

উত্তৰঃ পত্ৰহৰিৎ থকা বাবে।

(খ) গছৰ পাতত থকা বিন্ধাবোৰক __ বোলে ।

উত্তৰঃ পত্ৰৰন্ধ্ৰ বোলে।

(গ) ক্লৰ’ফিলে __ শক্তি ধৰি ৰাখে ।

উত্তৰঃ ক্লৰ’ফিলে সূৰ্য্য়ৰ পোহৰ শক্ত ি ধৰি ৰাখে।

(ঘ) পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম _

উত্তৰঃ কাৰ্বহাইড্ৰেট ।

(ঙ) পোহৰ নাপালে গছপুলি বাঢ়িব __

উত্তৰঃ নোৱাৰে।

(চ) গছে খাদ্য প্ৰস্তুত কৰিবলৈ __ গেছৰ প্ৰয়োজন ।

উত্তৰঃ কাৰ্বন-ডাই- অক্সাইডৰ গছৰ প্ৰয়োজন।

(১৪)তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে ?

এটা উদাহৰণ : আম ফল।

দুপৰটেঙা পাত।

মিঠা আলু শিপা।

সৰিয়হ গুটি।

কলগছ গা-গছ বা কাণ্ড।

গাজৰ শিপা।

বাদাম গুটি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects