Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Science Chapter 6 Answer গুটি বা বীজ

Chapter 6

গুটি বা বীজ

☐  প্ৰশ্নাৱলী

(১) ফুলৰ প্ৰধান অংশ কেইটা কি কি ? ছবি আঁকি দেখুওৱা ।

উত্তৰঃ ফুলৰ প্ৰধান অংশ কেইটা হ’ল- চুপহি, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। 

(২) কিছুমান গুটি নগজাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ কিছুমান গুটি নগজাৰ দুটা কাৰণ হ’ল-

১) অপৈনত গুটিৰ পৰা গজালি নোলায়।

২) পোক-পৰুৱাই খাই নষ্ট কৰিলেও গুটি নগজে।

(৩) গুটি গজিবলৈ কি কি লাগে লিখা ।

উত্তৰঃ গুটি গজিবলৈ পানী ,বায়ু আৰু তাপ লাগে। ইয়াৰি যিকোনো এটা জোখত নাপালে গুটি নগজে।

(৪) ফুল নোহোৱাকৈ গুটি হ’ব পাৰেনে ?

উত্তৰঃ ফুল নোহোৱাকৈ গুটি হব নোৱাৰে।

 (৫) পৰাগযোগ কাক বোলে ?

উত্তৰঃ পৰাগৰেণু গৰ্ভকেশৰত পৰাকে পৰাগযোগ বোলে।

(৬) গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি ?

উত্তৰঃ গুটিৰ ভিতৰত থকা অংশটোৰ নাম হ’ল- ভ্ৰণ।

(৭) পাঁচবিধ এটা গুটি থকা আৰু পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা ।
উত্তৰঃ 
 পাঁচবিধ এটা গুটি থকা ফলৰ নাম হ’ল- আম, জাম, লিচু, বগৰী, আমলখি।

পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম হ’ল- কঁঠাল, আপেল, কমলা, বিলাহি, বেল।

(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।

(ক) সকলো ফুলৰ ভিতৰত মৌৰস থাকে/নাথাকে ।

উত্তৰঃ নাথাকে।

(খ) পুংকেশৰৰ মূৰত ডিম্বক তৈয়াৰ হয়/নহয় ।

উত্তৰঃ হয়।

(গ) পৰাগৰেণু নহ’লেও গুটি হ’ব পাৰে/ নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

(ঘ) বতাহ উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে/ নকৰে ।

উত্তৰঃ কৰে।

(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায়/নোলায় ।

উত্তৰঃ নোলায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects