📖 Might Learn

AJB Class 4 Social Science Chapter 13 Answer যন্ত্ৰশিল্প বা উদ্যোগ

Chapter 11

যন্ত্ৰশিল্প বা উদ্যোগ

প্ৰাশ্নাৱলীঃ
১। উত্তৰ লিখা।
(ক) যন্ত্ৰ শিল্প কাক বোলে?
উত্তৰঃ যন্ত্ৰৰ সহায়ত যিকোনো বস্তু এটাক নতুন ৰূপ দিয়াকে যন্ত্ৰ শিল্প বোলে।
(খ) তেল শোধনাগাৰৰ কেঁচামাল কি?
উত্তৰঃ খাৰুৱা তেল।

(গ) সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি?
উত্তৰঃ প্ৰাকৃতিক গেছ।

(ঘ) মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা।
উত্তৰঃ ৰছী আৰু কাৰ্পেট।

(ঙ) অসমৰ প্রধান খনিজ সম্পদ কি?
উত্তৰঃ খাৰুৱা তেল।

(চ) অসমক কিয় পনীয়া সােণৰ দেশ বােলা হয়?
উত্তৰঃ খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়।

(ছ) ভাৰতৰ প্ৰথমটো তেল শােধনাগাৰ ক’ত স্থাপন কৰা হৈছিল?
উত্তৰঃ ডিগবৈ তেল শোধানাগাৰ।

(জ) কাগজ উদ্যোগৰ প্রধান কেঁচামাল কি?
উত্তৰঃ বাঁহ।

(ঝ) অসমৰ ক’ত মৰাপাট উদ্যোগ আছে?
উত্তৰঃ অসমৰ নগাঁও জিলাৰ শিলঘাটত নামৰ স্থানত মৰাপাট উদ্য়োগ আছে।

(ঞ) চিমেন্ট উদ্যোগৰ কেঁচামাল কি?
উত্তৰঃ চিমেন্ট উদ্য়োগৰ কেঁচামাল হৈছে চূণশিল।

২। খালী ঠাই পূৰ কৰা।

(ক) উদ্যোগত বস্তু উৎপাদনৰ বাবে কেঁচামালৰ ৰ প্রয়ােজন ।
উত্তৰঃ কেঁচামালৰ

(খ) অসমত ৪ টা তেল শােধনাগাৰ আছে।

(গ) কাৰ্বি আংলং জিলাৰ বোকাজান ত চিমেন্ট উদ্যোগ আছে।
উত্তৰঃ বোকাজানত।

(ঘ) ডিব্ৰুগড় জিলাৰ নামৰূপত ত সাৰ কাৰখানা আছে।

(ঙ) হাইলাকান্দি জিলাৰ পঞ্চগ্ৰাম ত কাগজ উদ্যোগ আছে।
উত্তৰঃ পঞ্চগ্ৰামত।

(চ) অসমত সৰু-ডাঙৰ প্রায় ১০১২ খন চাহ বাগিচা আছে।
উত্তৰঃ ১০১২ খন।

৩। বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ কাগজ উদ্য়োগ আৰু প্লাইউদ উদ্য়োগ।

৪। খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ গেছ প্লান্ট আৰু লো-তীখা উদ্য়োগ।

৫। কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা ।
উত্তৰঃ চাহ উদ্য়োগ আৰু আৰু মৰাপাটৰ উদ্য়োগ।

৬। উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্রয়ােজন হয়?
উত্তৰঃ উদ্য়োগ স্থাপনৰ বাবে কেঁচামালৰ প্ৰয়োজন। উন্নতমানৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হয়।

৭। অসমৰ তেল শােধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা।
উত্তৰঃ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলিগড়।

৮। চমু টোকা লিখা।
(ক) অসমৰ চাহ উদ্যোগ।
উত্তৰঃ অসম চাহ উদ্য়োগৰ বাবে বিখ্য়াত। ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধাভাগ চাহ অসমত উৎপাদন কৰা হয়। অসমত প্ৰায় আঠশখন সৰু-ডাঙৰ চাহ বাগিচা আছে। এই বাগিচাসমূহৰ পৰা চাহগছৰ কোমল পাত সংগ্ৰহ কৰি কাৰখানাত গুড়ি চাহ উৎপাদন কৰা হয়। ডাঙৰ-ডাঙৰ বাগিচাসমূহত এনে কাৰখানা আছে।

(খ) অসমৰ তেল শােধনাগাৰ।
উত্তৰঃ অসমত খাৰুৱা তেল পোৱা যায়। ই অসমৰ প্ৰধান খনিজ সম্পদ। খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বোলা হয়। এই খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত চাৰিটা তেল শোধানাগাৰ আছে। তেল শোধানাগাৰত ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেল শোধন কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়, যেনেঃ পেট্ৰ’ল, ডিজেল, কেৰাচিন, নেফ্থা, ফেনাইল, ৰন্ধন গেছ।
(গ) অসমৰ মৰাপাট উদ্যোগ ।
উত্তৰঃ অসমত মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে হয়। কৃষিৰ পৰা পোৱা মৰাপাটৰ পৰা মৰাপাটৰ উদ্য়োগত বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়। অসমৰ নগাঁও জিলাৰ শিলঘাটত এটা মৰাপাট উদ্য়োগ স্থাপন কৰা হৈছে। এই উদ্য়োগত ৰছী, থৈলা, কাৰ্পেট আদু বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰা হয়।

(ঘ) অসমৰ কাগজ উদ্যোগ ।
উত্তৰঃ অসমৰ জনবায়ু বাঁহ গছৰ বাবে উপযোগী। সেয়ে ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ হয়। বাঁহ গছৰ ওপৰত ভিত্তি কৰি অসমত প্ৰথমটো কাগজ উদ্য়োগ বঙাইগাঁও জিলাৰ যোগাঘোপাত প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্য়ে বৰ্তমান এই উদ্য়োগটো বন্ধ হৈ আছে। মৰিগাঁও জিলাৰ জাগীৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ দুটা কাগজ উদ্য়োগ আছে। এই উদ্য়োগ দুটাও সম্প্ৰতি অচল অৱস্থাত আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class