Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Social Science Chapter 6 Answer অসমৰ প্ৰাকৃতিক সম্পদ

Chapter 4

অসমৰ প্ৰাকৃতিক সম্পদ

অনুশীলনীঃ
১। উত্তৰ লিখা ।
ক) সম্পদ কাক বোলে ?
উত্তৰঃ মানুহে ব্য়ৱহাৰ কৰা বস্তুবোৰকে সম্পদ বোলে।
খ) প্ৰাকৃতিক সম্পদ কাক বোলে ? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ সাধাৰণতে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেই সম্পদবোৰক প্ৰকিতিক সম্পদ বোলে।
গ) ঔষধি উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ উদ্ভিদৰ ৰোগ নিৰাময় কৰাা গুণ থাকে সেইবোৰ উদ্ভিদক ঔষধি উদ্ভিদ বোলে।
ঘ) বনাঞ্চল ধ্বংস হোৱাৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ ১) জনসংখ্য়া বৃদ্ধিৰ লগে লগে বসবাসৰ বাবে মানুহে ঘৰ-দুৱাৰ সাজিবলগীয়া হৈছে। ফলত ঘৰ সাজিবলৈ মানুহে বাবি-বননি ধ্বংস কৰা দেখা গৈছে।
২) আনকি মানুহে ঠাই অভাৱত পাহাৰত ঘৰ সাজিবলগিয়া হৈছে। ফলত হাবি-বননি ধ্বংস হৈ গৈছে।

৩) চোৰাং চিকাৰী আৰু চোৰাং কাৰবাৰীসকলে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে বনজ সম্পদৰ ওপৰত নানা লুণ্ঠন চলাই আহিছে।

ঙ) অসমত পোৱা খনিজ সম্পদবোৰ কি কি ?
উত্তৰঃ খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণ শিল।

চ) এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত, কোন চনত স্থাপন হৈছিল ?
উত্তৰঃ ডিগবৈত, আৰু স্থাপন কৰিছিল ১৯০১ চনত।

ছ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’ বোলা হয় ?
উত্তৰঃ অসম ৰাজ্য়ত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰে বাবে অসমক ‘পনীয়া সোণৰ ৰাজ্য়’ বুলি কোৱা হয়।

জ) কোনবিধ সম্পদক ‘ক’লা হীৰা’ বুলি জনা যায় ?
উত্তৰঃ কয়লাক ‘ক’লা হীৰা’ বুলি জনা যায়।

ঝ) কৃষিজ সম্পদ কাক বোলে ? উদাহৰণ লিখা ।
উত্তৰঃ কৃষিৰ যোগেদি উৎপাদন হোৱা সম্পদবোৰক কৃষিজ সম্পদ বুলি কোৱা হয়। যেনেঃ ধান, মাহ, সৰিয়হ, আলু, শাক-পাচলি আদি।

ঞ) অসম কৃষিৰ ক্ষেত্ৰত পিছপৰি থকাৰ ২টা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ ১) অসমৰ সেতিয়কসকলে খেতিপথাৰত প্ৰধানকৈ বছৰত মাত্ৰ দুবাৰহে খেতি কৰে। বছৰৰ বাকি সময়ছোৱাত খেতিপথাৰ এনে থাকে।
২) অসমৰ কৃষকসকল এতিয়াও পুৰণিকলীয়া কৃষি ব্য়ৱস্থা, আঁসোৱাহপূৰ্ণ ভূমি ব্য়ৱস্থা, বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱ, উপযুক্ত বজাৰৰ অভাৱ আদিয়ে অসমৰ কৃষকসকলৰ দুৰৱস্থাৰ কাৰণ।

২। চমু টোকা লিখা।

ক) বনজ সম্পদ ।
উত্তৰঃ আমি ব্য়ৱহাৰ কৰা যিবোৰ সম্পদ জন্মে বা আমি আমাক লগা যিবোৰ সম্পদ বনৰ পৰা পাওঁ, সেইবোৰ সম্পদকে বনজ সম্পদ বোলে। বনজ সম্পদ বুলি ক’লে বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি আদি সকলোকে বুজা যায়।

খ) খনিজ সম্পদ ।
উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত থকা খনিবোৰৰ পৰা আহৰণ কৰা সম্পদবোৰকে খনিজ খম্পদ বোলে। অসমত পোৱা খনিজ সম্পদবোৰ হ’ল- খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণশিল।

গ) জলজ সম্পদ ।
উত্তৰঃ পানীৰ পৰা আমি যিবোৰ সম্পদ আহৰণ কৰো সেই সম্পদবোৰক জলজ সম্পদ বুলি কোৱা হয়। জলজ সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ মাছ, কাছ নানা ধৰণৰ উদ্ভিদ আদু প্ৰধান।

ঘ) কৃষিজ সম্পদ ।
উত্তৰঃ কৃষিৰ যোগেদি উৎপাদন কৰি পোৱা সম্পদবোৰক কৃষিজ সম্পদ বোলে। অসমৰ প্ৰায় ৭০ শতাংশ লোক কৃষিজীৱী। অসমৰ প্ৰায়ভাগ লোকৰ প্ৰধান জীৱিকা হৈছএ কৃষি। ধান, মৰাপাট, কুঁহিয়াৰ, ঘেঁহু, চাহ ইত্য়াদি কৃষিজ সম্পদৰ ভিতৰত পৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects