Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Social Science Chapter 7 Answer আকাশৰ কথা

Chapter 5

আকাশৰ কথা

প্ৰশ্নাৱলীঃ
১। আকাশ বুলিলে কি বুজা ?
উত্তৰঃ আমি ওপৰলৈ চালে আচলতে যি দেখোঁ তাকে আকাশ বোলে।
২। সৌৰজগতৰ গ্রহ কেইটা আৰু কি কি ?
উত্তৰঃ সৌৰজগতৰ গ্ৰহ ৮টা যেনেঃ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি আৰু শনি। আৰু বাকি থকা গ্ৰহ দুটা পৃথিৱীৰ পৰা দূৰত থকা বাবে ইহঁতক খালী চকুৰে দেখা নাযায়।
৩। সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ সূৰ্য্য় আৰু ইয়াৰ আঠটা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ীলটোকে সৌৰজগত বোলে।
৪। গ্ৰহ কাক বােলে ?
উত্তৰঃ নিজা পোহৰ নথকা জ্য়োতিস্কবোৰক গ্ৰহ বোলে।
৫। উপগ্ৰহ কাক বােলে ?
উত্তৰঃ নিজা পোহৰ নথকা জ্য়োতিস্কবোৰ যদি আনৰ গ্ৰহৰ চাৰিওফালে ঘূৰে তাক উপগ্ৰহ বোলে।
৬। নক্ষত্রমণ্ডল বুলিলে কি বুজা ?
উত্তৰঃ আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থূপ পাতি থকা দেখা যায়। এনেকুৱা তৰাৰ থূপক ‘নক্ষত্ৰমণ্ডল’ বোলে।
৭ | উল্কা বুলিলে কি বুজা ?
উত্তৰঃ কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে। হঠাতে আকৌ নাইকিয়া হয়। কেতিয়াবা মাটিত পৰেহি। ইয়াকে উল্কা বোলে।
৮। বহু বছৰৰ মূৰে মূৰে আকাশত ওলােৱা এটা ধূমকেতুৰ নাম লিখা ।
উত্তৰঃ হেলিৰ ধূমকেতু।
৯। সপ্তর্ষিমণ্ডল কি ?
উত্তৰঃ গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰফালে মুখ কৰিলে সাতোটা উজ্জ্বল তৰা একেলগে দেখা যায়। এই তৰা সাতোটাকে একেলগে সপ্তৰ্ষিমণ্ডল বোলে।
১০। ধ্ৰুৱ তৰা কোন দিশত ওলায় ?
উত্তৰঃ উত্তৰ দিশত।
১১। কোনটো গ্রহক ভােটা তৰা বুলি কোৱা হয় ?
উত্তৰঃ শুক্ৰ গ্ৰহক ভোটা তৰা বুলি কোৱা হয়।
১২। জ্যোতিষ্ক বুলিলে কি বুজা ?
উত্তৰঃ ৰাতি আকাশত থকা সকলোবোৰ উজ্জ্বৰ বস্তুকে জ্য়োতিস্ক বোলে।
১৩। আকাশখন কিয় নীলা দেখি ?
উত্তৰঃ সূৰ্য্য়ৰ পোহৰ মায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত ওপঙি থকা নানা ধূলি-বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। সেয়ে ফৰকাল আকাশৰ ৰং নীলা হয়।
১৪। দিগন্ত কি ?
উত্তৰঃ য’ত আকাশখনে মাটি চুই থকা যেন লাগে তাকে দিগবলয় বা দিগন্ত বোলে।
১৫। ৰামধেনু কি ?
উত্তৰঃ বৰষুণ বতৰত আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই সাতটা অংশত ভাগ হৈ যায়। এনেদৰে সৃষ্টি হোৱা সাতোটা ৰঙৰ বৰ্ণালীয়েই হ’ল ৰামধেনু।
১৬। হাতীপটি বুলিলে কি বুজা ?
উত্তৰঃ জুন-জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা-দক্ষিণাকৈ এছটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াৰ নামেই হ’ল হাতীপটি।
১৭। অমাৱস্যাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা ।
উত্তৰঃ দেৱালী আৰু কালী পূজা।
১৮। পূর্ণিমাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা ।
উত্তৰঃ ৰাস আৰু মক্ষ্মীপূজা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects