Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Social Science Chapter 8 Answer মানচিত্ৰ অধ্যয়ন

Chapter 6

মানচিত্ৰ অধ্যয়ন

১। মানচিত্র কাক বােলে ?
উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ পাহাৰ-পৰ্বত, নদ-নদী, গাঁও-নগৰ, ৰাজ্য়-দেশ, সাগৰ-মহাসাগৰ আদি কথসমূহ একেলগে চাবলৈ এখন সমান কাগজত জোখ-মাপ কৰি যি চিত্ৰ অংকন কৰা হয়, তাকেই মানচিত্ৰ বোলে।
২। সাধাৰণ মানচিত্র কি ?
উত্তৰঃ যি মানচিত্ৰত পাহাৰ-পৰ্বত, নদ-নদী, সাগৰ-মহাসাগৰ আদি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বস্তুবোৰৰ লগতে মানুহে সৃষ্টি কৰা গাঁও-মগৰ, জিলা-ৰাজ্য় কল-কাৰাখনা আদি দেখুওৱা হয়, তাক সাধাৰণ মানচিত্ৰ বোলে।
৩। বিষয়ভিত্তিক মানচিত্র কাক বােলে ?
উত্তৰঃ যি মানচিত্ৰত ৰাজ্য় নাইবা দেশ এখনত কিমান জনসংখ্য়া আছে, যাতায়ত ব্য়ৱস্থা কেনেকুৱা, জলবায়ু কেনেকুৱা আদি দুই-এটা কথা, অৰ্থাৎ বিষয় বিশেষভাৱে দেখুওৱা হয় তাকে বিষয়ভিত্তিক মানচিত্র বোলা হয়।
৪। বিশেষ মানচিত্র কাক বােলে ?
উত্তৰঃ শিশুসকলৰ বাবে, নতুনকৈ মানচিত্ৰ অংকন কৰিবলৈ শিকা লোকৰ বাবে, অন্ধলোকসকলৰ বাবে কিছুমান মানচিত্ৰ বিশেষভাৱে অংকন কৰা হয়, তাকে বিশেষ মানচিত্ৰ বোলে।
৫। মানচিত্রত দেখুৱাব বিচৰা তথ্য অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি কি ধৰণৰ মানচিত্র অংকন কৰা হয় ?
উত্তৰঃ তিনি ধৰণৰ মানচিত্ৰ অংকন কৰিব পাৰি যেনেঃ সাধাৰণ মানচিত্র, বিষয়ভিত্তিক মানচিত্র আৰু বিশেষ মানচিত্র।
৬। মানচিত্র অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্রসমূহক কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰঃ প্ৰাকৃতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ভূ-তাত্ত্বতিক মানচিত্ৰ আদি।
৭। মাপনী কাক বােলে ? মানচিত্র অংকন কৰাৰ বাবে মাপনী কিয় ব্যৱহাৰ কৰা হয় লিখা ।
উত্তৰঃ যি অনুপাতত অৰ্থাৎ হিচাপত পৃথিৱী উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰত কম অৰ্থাৎ চুটি কৰি লোৱা হয় তাকেই মাপনি বোলে।
মানচিত্ৰ অংকনৰ বাবে মাপনী সহায়ত আমাৰ পৃথিৱীৰ আৰু ইয়াৰ যিকোনো অংশ এটাক গণিতৰ হিচাপত প্ৰয়োজন মতে সৰু কৰি দেখুৱাব পাৰি।
৮। মানচিত্র অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় ? এনে চিহ্নবােৰদ্বাৰা কি কি কথা বুজাব পাৰি লিখা ।
উত্তৰঃ সকলো ধৰণৰ মানচিত্ৰ পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা বস্তুবোৰ দেখুৱাবলৈ কিছুমান বিশেষ চিহ্ন ব্য়ৱহাৰ কৰা হয়।

৯। মানচিত্র অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনাে পাঁচটা কথা লিখা ।
উত্তৰঃ ক) মানচিত্ৰ অধ্য়য়ন কৰি দেশ-মহাদেশবোৰ ক’ত অৱস্থিত, সেইবোৰৰ সীমা, পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি, ঠাইবোৰৰ মাজৰ দূৰত্ব কিমান আদি কথা জনা যায়।
খ) মানচিত্ৰ অধ্য়য়ন কৰি ঠাই এখনৰ প্ৰাকৃতিক, ৰাজনৈতিক আৰু কল-কাৰাখানা, খেতি-বাতি, জনসংখ্য়া আদি কথীাসমূহৰ জ্ঞান লাভ কৰিব পাৰি।

গ) মানচিত্ৰ অধ্য়ন কৰিলে আংমাৰ পৃথিৱীখনৰ উপৰিভাগত, ভূ-গৰ্ভত হৈ থকা বিভিন্ন পৰিৱৰ্তনবোৰৰ কথা জানিব পাৰি।

ঘ) নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গ’লে মানচিত্ৰ চাই সেই ঠাইখনৰ ৰাস্তা-ঘাট, যাতায়ত ব্য়ৱস্থা, চাবলগীয়া বস্তু আদুৰ বিষয়ে সঠিকভাৱে জানিব পাৰি।

ঙ) মানচিত্ৰ অধ্য়ন কৰি কোনমবোৰ ৰাজ্য় আৰু আৰু দেশ কি কি বিষয়ত উন্নত নে অনুন্নত সেই কথাও জানিব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects