Might Learn Logo Might Learn

AJB Class 5 Assamese Chapter 2 Answer জয়মতি কোৱৰী

জয়মতি কোৱৰী

  Lesson 2

ক্ৰিয়া কলাপ 

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

মৌন    =    নীৰৱ 

কীৰিতি =     যশ; খ্যাতি 

মুগ্ধ     =    মোহিত

আচল =     প্ৰকৃত; প্ৰধান 

নিৰ্মান    =    প্ৰস্তুত কৰা কাৰ্য 

অংগক্ষত =    শৰীৰৰ কোনো অংগত অস্ত্ৰ আদি লগোৱা বাবে হোৱা ঘুণ 

(১) প্ৰথমে কোৱা তাৰ পাছত লিখা ঃ

(ক) প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? এইখন কোনে  নিৰ্মান কৰিছিল? 

উত্তৰঃ প্ৰথম অসমীয়া চিনেমাখনৰ নাম জয়মতী। এইখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মান কৰিছিল।

(খ) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? 

উত্তৰঃ জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম জেৰেঙা।

(গ) গদাপাণি কোৱঁৰ কিয় নগা পৰ্ৱতলৈ পলাই যাৱ লগা হৈছিল?

উত্তৰঃ আহোম ৰাজ্যৰ নিয়মমতে নিঁখুত কোঁৱৰেহে ৰজা হব পাৰিছিল। এবাৰ স্বৰ্গদেউ চুলিকফাই নিজৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ বুলি ৰাজকোঁৱৰ সকলক অংগক্ষত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিলে। কথা বিষম দেখি গদাপাণি কোঁৱৰ নগা পৰ্বতৰ ফাললৈ পলাই যাৱ লগা হৈছিল।

(ঘ) জয়মতিক স্বৰ্গদেউৰ চাঙদাঙে কিয় শাস্তি দিছিল? সেই শাস্তিৰ পৰিণতি কি হ’ল?

উত্তৰঃ জয়মতীক স্বৰ্গদেউৰ চাঙদাঙে গিৰিয়েকৰ কথা উলিযাব নোৱাৰি শাস্তি দিছিল। সেই শাস্তি পৰিণতিত জয়মতীয়ে প্ৰাণ বিসৰ্জন দিলে।

(২) পাঠত থকা ‘কীৰিতি’ শব্দটো আহিছে সংস্কৃত  ভাষাৰ ‘কীতৃ’ শব্দৰপৰা ।তলৰ শব্দবোৰৰপৰা সৃৃষ্টি হোৱা অসমীয়া ভাষাৰ শব্দবোৰ লিখাঁ।  

কৰ্ম    —                 কৰম

ধৰ্ম     —                 ধৰম

গ্ৰাম   —                 গৰাম

হস্ত    —                 হসত

স্বৰ্ণ     —                 স্বৰণ

বৰ্ণ     —                 বৰণ

কৰ্ণ    —                  কৰণ

[] ‘লুইত’ মানে বহ্মপুত্ৰ। বহ্মপুত্ৰ নদীক লৈ বহুতো গীত আৰু কবিতা ৰচিত হৈছে। তেনে কেইতামান গীত আৰু কবিতা বিচাৰি উলিয়াই সংগ্ৰহ কৰাঁ।

[৪] আহোম যুগৰ আন এগৰাকী মহীয়সী নাৰী মূলাহগাভৰু। শিক্ষকৰ সহায়ত তেওঁৰ বিষয় জানি লোৱা আৰু চমুকৈ লিখাঁ।

উত্তৰঃ  মুলা গাভৰু হৈছে আহোম যুগৰ এগৰাকী সাহসী মহিলা। ১৫৩২ চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰাৰ সময়ত মুলা গাভৰু যুঁজদিবলৈ গৈছিল। গাঁও মহিলাই যুঁজ দিবলৈ যোৱা দেখি, জয় সোণোৱালে জয় আদিমৰ বিজয়েৰে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰা দেখি সকলো আদি সৈন্য দুগুণ উৎসাহিত হৈছিল। মহিলা মুলা গৰুৰ যুদ্ধৰ অংশীদাৰ আছিল। মুহিলা মুলা গাভৰু যুদ্ধৰ অংশীদাৰ আছিল। জয়ন্তী, পমিলা, ললিতা আদি ।

[৫] চমুটোকা লিখাঁ

ক) স্বৰ্গদেউ চুূলিকফাঃ  স্বৰ্গদেউ চুলিকফাক ল’ৰাৰজা নামেৰেও জনা যায়। যাৰ প্ৰকৃত নাম ৰত্নধ্বজ সিংহ। লাচিত বৰফুকনৰ জ্য়েষ্ঠ ভআতৃ লালোকসোলা বৰফুকনে আঘৰ ৰজা স্বৰ্গদেউ চুদৈফাক আঁতৰাই ১৪ বছৰীয়া কিশোৰ ৰত্নধ্বজ সিংহক ৰজা পাতে। স্বৰ্গদেউ চুলিকফা সৰু হৈ থকাৰ কাৰণে তেওঁৰ হৈ সকলোবোৰ কাম লালোকসোলা বৰফুকনে কৰিছিল। স্বৰ্গদেউ চুলিকফাই শাসন কৰি থকা অৱস্থাতেই লালোকসোলা বৰফুকনে বিভিন্ন ধৰণৰ কুকৰ্ম কৰিছিল। তাৰ ভিতৰত এটা কুকৰ্ম আছিল তেওঁ আহোম ৰাজবংশৰ কোঁৱৰসকলক অংগক্ষত কৰি পেলাইছিল।   তুংখুঙিয়া ফযইদৰ কুঁৱৰ গদাপানী পলাই গৈছিল কিন্তু তেওঁৰ পত্নী জয়মতীক চুলিকফাৰ সেনাই অত্যাচাৰ কৰিছিল আৰু জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিল। আদালতৰ বিবাদত লালুকচোলা বৰফুকনৰ হত্যাৰ পিছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল’ৰা ৰজাক আঁতৰাই এজন যোগ্য কুমাৰ ৰজা পতাৰ সিদ্ধান্ত লয়। সেই মৰ্মাত লুকাই থকা গদাপানীক আনি কামৰূপৰ ৰাণীৰ এলেকালৈ অনা হয়। চুলিকফাক নামৰূপলৈ নিৰ্বাসিত কৰা হৈছিল আৰু পিছত মৃত্যুদণ্ড দিয়া হৈছিল।

 খ) জেৰেঙা পথাৰঃ জেৰেঙা পথাৰ হৈছে শিৱসাগৰ জিলাত থকা জয়মতীক শাস্তি দিয়া পথাৰখন। জেৰেঙা পথাৰতে জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত জয়সাগৰ নামেৰে এটা পুখুৰী নিৰ্মাণ কৰিছিল।

গ) গড়গাওঃ  শিৱসাগৰ জিলাৰ পৰা প্ৰায় ৩ কিল’মিটাৰ আঁতৰত অৱস্থিত গড়গাও হৈছে আহোমৰ তৃতীয়খন ৰাজধানী। প্ৰাচীন কালত গড়গাৱৰ নাম হেমেনাবাৰী আছিল। গড়গাৱক প্ৰমত্ত সিংহই ইটাৰে নিৰ্মাণ কৰিছিল। 

 ঘ) ৰুদ্ৰসিংহঃ  ৰুদ্ৰসিংহ হৈছে সতী জয়মতী আৰু গদাপাণিৰ পুত্ৰ। ৰুদ্ৰ সিংহই বিভিন্ন ধৰণৰ দৌল, দেৱালয়, ৰাস্তা-ঘাট ইত্য়াদি নিৰ্মাণ কৰিছিল বুলি জানিব পৰা যায়। ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে জেৰেঙা পথাৰত ‘জয় দৌল’ আৰু ‘জয়সাগৰ’ পুখুৰী নিৰ্মাণ কৰিছিল।

৬) উদাহৰণত দেখুওৱাৰ দৰে নতুন শব্দ গঠন কৰা।

উদাহৰণঃ কোঁৱৰ – কুঁৱৰী

ৰজা- ৰাণী

ল’ৰা- ছোৱালী

মহান- মহীয়সী

বান্দৰ- বান্দৰী

অজলা- আজলী

অঁকৰা- আঁকৰী

কলা- কালৰী

[৭] ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ 

ক-অংশ             খ-অংশ

দঁতাল                    আইচু

বোন্দা                    চেঁউৰী

শৰ                         জলগুই

দমৰা                     মাখুন্দী

ঘঁৰিয়াল                 জাই

গোহাই                  ভেলেঙী

উত্তৰঃ  ক-অংশ              খ অংশ

                দঁতাল              মাখুন্দী

                বোন্দা             জাঁই

                শৰ                 ভেলেঙী

                দমৰা             চেঁউৰী

                ঘঁৰিয়াল         জলগুঁই

                গোহাঁই         আইচু


[৮] অভীধান চাই অৰ্থ উলিওৱাঁ ঃ

মচগুল- গভীৰভাৱে সোমাই পৰা

 উজ্জ্বল – পোহৰ

অভ্যাস- অহৰহ চেষ্টা কৰা

 বিসৰ্জন- ত্য়াগ কৰা

[৯] বাক্য ৰচনা কৰঁ ঃ

এখোজ-দুখোজকৈঃ ৰমেনে চহৰৰ পৰা এখোজ-দুখোজকৈ আহি  ঘৰ পালেহি।

 একে লেঠাৰিয়েঃ আঙুৰবোৰ গছত একে লেঠাৰিয়ে লাগি আছে।

উচ্চস্বৰেঃ ভদ্ৰ লোকে উচ্চস্বৰে কথা নকয়।

 মচগুলঃ ৰহিমে গান শুনি নাচি-বাগি মচগুল হৈ পৰিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects