Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Assamese Chapter 6 Answer বকুল নাৱৰীয়া

বকুল নাৱৰীয়া

 Lesson 6

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ 

সুহৃদ    =    আপোনজন

উছন    =    ধ্বংস

অভ্যস্ত    =    অভ্যাস থকা

সাৰথি    =    সহায়; সংগী

লগী    =    নাও চলোৱা দীঘল বাঁহ

ভৰুণ    =    ভৰুপূৰ, পৰিপূৰ্ণ

সুৰুঙা    =    ফাঁক

উদ্যল    =    উৎসাহ

পকনীয়া    =  নৈৰ সোঁতৰ পাক, চাকনৈয়া  

কালান্তক    =    জীৱনৰ কাল শেষ কৰোঁতা, যম

স্বস্তি    =    সন্তোষ

[১] প্ৰথমে কোৱা, আৰু তাৰ পিছত লিখাঁ ঃ

ক) বকুল নাৱৰীয়া ক’ত বাস কৰিছিল ?

উত্তৰঃ বকুল নাৱৰীয়া কদমনি গাঁৱত বাস কৰিছিল।

খ) বকুলে গাঁওবাসীক কিদৰে সহায় কৰে ?

উত্তৰঃ নদীৰ দুয়োপাৰৰ মানুহক ইপাৰ-সিপাৰ কৰি বকুলে গাঁওবাসীক সহায় কৰে।

গ) বকুলৰ নাওখন কিহেৰে সজা ?

উত্তৰঃ বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা আছিল।

ঘ)  ‘লগী’ মানে কি ?

উত্তৰঃ নাও চলাবলৈ ব্যৱহাৰ কৰা দীঘল বাহকে লগী বুলি কোৱা হয়।

ঙ) কাৰ মাতত বকুল চক্ খাই উঠিছিল ?

উত্তৰঃ যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল।

চ) বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল ?

উত্তৰঃ বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন বান্ধি থোৱা ৰছী ডাল ছিঙি নদীৰ সোঁতত যোৱা দেখি জাপ মাৰিছিল। তাৰ পিছত সি  নাও খন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

[২] কোনে, কাক, কিয় কৈছিল ঃ

ক) ‘নহয়, মানে দাদাই, এই দিহিংখনৰ কথাকে ভাবি আছোঁ।’

উত্তৰঃ উক্ত কথাষাৰ বকুলে, যদু মাষ্টৰক কৈছিল।

খ) ‘হয়হে বকুল, তই ঠিকেই ভাবিছ।’

উত্তৰঃ উক্ত কথাষাৰ যদু মাষ্টৰে, বকুলক কৈছিল।

[৩]বাক্য সাজাঁ ঃ

ইপাৰ-সিপাৰ- নদী এখন ইপাৰ-সিপাৰ  হ’বৰ কাৰণে নাৱৰ প্ৰয়োজন।

 কেও- কিছু- বকুলৰ কেও-কিছু নাছিল।

 ইপদ-সিপদ- বকুলক গাঁৱৰ মানুহে ইপদ-সিপদ বস্তু দি সহায় কৰিছিল।

 বয়-বস্তু- কাৰোবাৰ বিপদৰ সময়ত আমি বয়-বস্তু দি সহায় কৰিব লাগে।

 অতিথ্য়- ঘৰলৈ অতিথি আহিলে অতিথ্য সেৱাৰ সামগ্ৰীসমূহ অধিক প্ৰয়োজন হয়।

 তেজ- মংহৰ আপোন- গাঁৱৰ মানুহবোৰ বকুলৰ তেজ মঙহৰ আপোন নহ’লেও বহুত ভাল পাইছিল।

অভ্যস্ত- নিতৌ ভাল অভ্য়স্ত কৰিব লাগে।

 আপোন পাহৰা- ৰীয়া হৈছে সকলো সময়তে এজনী আপোন-পাহৰা ছোৱালী।

 কালান্তক– বাৰিষা কালত দিহিঙে কালান্তক ৰূপ লয়।

[৪] বুজা আৰু লিখাঁ ঃ

গাওঁ    +    ৰ    =       গাওঁৰ          

মানুহ   +     এ    =    মানুহে         

নদী    +    ৰ    =         নদীৰ         

দিহিং    +    এ    =      দিহিঙে          

নাও    +    এৰে    =       নাৱেৰে         

দিহিং    +    অক    =           দিহিংক        

সিপাৰ    +    অলৈ    =    সিপাৰলৈ               

সোঁত    +    অত    =       সোঁতত          

পাৰ    +    অৰ    +    পৰা    =   পাৰৰ পৰা         

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects